আমাৰ গাঁও

"আমাৰ গাঁও" শিতানটিৰ মাধ্যামেৰে আমি পৰিচয় কৰাই দিব বিচাৰিছো আমাৰ অতিকে মৰমৰ গাঁও সমূহক , ইয়াৰ বুৰঞ্জীক ৷ আপোনালোকেও এই শিতানটিলৈ আপোনাৰ গাঁওখনৰ বিৱৰণি লিখি পঠিয়াৱ পাৰিব আৰু বিশ্ববাসীৰ আগত আমাৰ ৱেব' ছাইটটিৰ মাধ্যমেৰে আপোনাৰ ধুনীয়া গাঁওখনিৰ পৰিচয় দাঙি ধৰিব পাৰিব , প্ৰয়োজন অনুসৰি দিব পাৰিব আলোকচিত্ৰ ৷

"আমাৰ গাওঁ শুৱনি গাওঁ প্ৰগতিৰে শান্তিৰে আমি আগুৱাওঁ ৷ জাতি-ধৰ্ম নিৰ্বিশেষে আমি ভাই-ভাই জীৱন গঢ়িবলৈ ক'তোৱেই নাই ইয়াতকৈ পূণ্য ঠাই ৷৷" প্ৰাকৃতিক সৌন্দৰ্যবোৰ আমি নিজৰ নিজৰ গাওঁ সমূহতে কম-বেছি পৰিমানে দেখা পাওঁ ৷ মোৰ গাওঁখনিও প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ৷ মই যিখন গাৱত বসবাস কৰোঁ সেইখন শিক্ষাৰ নৱদীপ নলবাৰী জিলাৰ বাঁহজানী মৌজাৰ অন্তৰ্গত ৷ মোৰ গাঁৱৰ নাম হ'ল জাহা ; যিখন নলবাৰী চহৰৰ দক্ষিনে প্ৰায় ৯ কিঃমিঃ নিলগত অৱস্থিত ৷ খেতি-বাতিৰ ক্ষেত্ৰত আগবঢ়া এই গাওঁখনি শিক্ষাৰ ক্ষেত্ৰতো যথেষ্টখিনি আগবঢ়া ৷ কেৱল হিন্দু ধৰ্মাৱলম্বী লোকৰ বাসস্থানথলী এই গাঁৱৰ ৮০-৯০% লোকেই শিক্ষিত ৷ পুৰুষৰ লগতে মহিলাসকলেও প্ৰায় সমানে বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি গৈছে ৷ সৰহ সংখ্যক মহিলাই স্বাৱলম্বী হ'বলৈ আত্মনিৰ্ভৰশীলতাৰ সুপথ বাচি লৈছে ৷ মূলতঃ আত্ম সহায়ক গোটৰ লগত জড়িত হৈ নিজকে কৰ্মমুখী কৰি .........

   October 15, 2017
 

সচাঁকৈয়ে আমাৰ গাঁওখন এক শান্তিৰ পৰিবেশ ৷ সকলোৱে মিলি একতাৰে বাস কৰা এক শৃংখলাবদ্ধ গাঁও ৷ আমাৰ গাঁওখনত হিন্দু-মুছলমান একেলগে মিলি যিকোনো উৎসৱ পালন কৰো ৷ বিহুৰে বতৰত, উখল-মাখল পৰিবেশ দুয়ো সম্প্ৰদায়ৰ মিল ৷ কোন হিন্দু, কোন মুছলমান- নাই কাৰো তাৰ চিন ৷ আমাৰ গাঁওখনৰ নাম পাখিৰীগুৰী ৷ কৃষ্ণই চহৰৰ পৰা দুই কি.মি ৷ প্ৰায়ভাগ মানুহে খেতিৰ লগত জড়িত ৷ গাঁওখনৰ গোটেই ৰাস্তাৰ কাষত আহল-বহল ধাননি পথাৰ ৷ খেতিৰ বতৰত গোটেই গাঁওখন সেউজীয়া ৰঙেৰে ভৰি পৰে ৷ বয়সীয়াল লোকসকলৰ মতে গাঁওখনত আগতে পাহিৰি নামৰ কিবা গছ আছিল , সেইবাবে ইয়াৰ নাম পাখিৰীগুৰী হৈছে ৷ আমাৰ গাঁওখনত দুখন প্ৰাথমিক বিদ্যালয় আৰু এখন পানী যোগান আচনিৰ টেংক আছে ৷ সচাঁকৈয়ে ই এক শান্তিৰে বসবাস কৰা ধুনীয়া ঠাই ৷ .........

   January 14, 2016
 

শোণিতপুৰ জিলাৰ শ্বহীদ নগৰী ঢেকীয়াজুলীৰ পৰা সাত কিলোমিটাৰ পূৱত বেলশ্ৰী নৈৰ পূৱ পাৰে '৪২ ৰ শ্বহীদ দয়াল পনিকাৰ গাওঁখন অৱস্থিত, আমাৰ মৰমৰ গাঁওখন অৱস্থিত, নাম "কাঠনিবাৰী" । আমাৰ গাওঁখন যদিও ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ গাতে লগা, ঢেকীয়াজুলীৰ ওচৰত তথাপি বহু পিছপৰা । আমাৰ গাঁৱখনৰ পূৱত কোঁচগাঁও, কাটনীগাওঁ, ভেড়গাওঁ পশ্চিমত বেলশ্ৰী নৈ উত্তৰত বৰডুবি আৰু দক্ষিণত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ, ৰোহিনীবিল । । ওচৰত নদী থকাতো বিশুদ্ধ খোৱা পানীৰ অভাৱ , চাফ চিকুণ আছে যদিওবা আৰু প্ৰয়োজন । কৃষি প্ৰধান গাঁওখনত বিভিন্ন সমস্যা আৱৰি আছে । কৃষি সামগ্ৰী কঢ়িয়াবৰ বাবে সময়ে সময়ে গাঁওবাসীয়ে পকি ৰাস্তাৰ বাৰুকৈয়ে অভাৱ অনুভৱ কৰে । আমাৰ গাঁৱত মিলা প্ৰীতিৰে হিন্দু মুচলিম ধৰ্মালম্বী লোকে বাস কৰে । বিহু পূজা ঈদ গাঁওবাসী উৎযাপন কৰে । আমাৰ সৰু গাঁওখনত তিনিটা দূৰ্গা পূজা মণ্ডৱ আছে । পূজাৰ সময়ত এই ম.........

   October 17, 2014
 

ভৌগোলিক অৱস্থান :- মাদুৰি হৈছে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত জোকতলি মৌজাৰ এখন গাঁও । নাজিৰা নগৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ পশ্চিমে অৱস্থিত। মাদুৰি নামৰ উৎপত্তি :- মাদুৰি নামৰ এবিধ বন থকাৰ বাবে ঠাইখনৰ নাম হল বুলি জনা যায়। মাদুৰি হৈছে এবিধ চোকা ধাৰৰ ক্ষুৰ সদৃশ পাতৰ উদ্ভিদ । এই অঞ্চলৰ পূৱখণ্ডত এখন বিল আছে আৰু ইয়াৰ কাষৰ হাবিত এনে ধৰণৰ বন প্ৰচুৰ পৰিমাণে পোৱা গৈছিল । হাবিৰ মাজত ছেগা -চোৰোকাকৈ এজোপা দুজোপা প্ৰায় ৭০ বছৰমান আগলৈকে দেখা গৈছিল যদিও আজিকালি এই বন একেবাৰেই নাইকিয়া হৈ গৈছে । এই মাদুৰি বনৰ উৎপত্তিৰ কথা মহাভাৰত উল্লেখ পোৱা যায়। আহোম ৰজাৰ দিনত এই মাদুৰি বনেৰে সজা কথ বৰ আপুৰুগীয়া বুলি পৰিগণিত হৈছিল । জিকিৰত এই সম্পৰ্কে উল্লেখ পোৱা যায় ---- সৰাগুৰি চাপৰি দিখৌ নৈ কাষৰি ৰজাই বন্ধাই দিয়া মঠ। ছকুৰি ভকতে লয় আল্লাৰ নাম মাদুৰি বনৰে কঠ॥ বুৰঞ্জী :- ম.........

   July 09, 2014
 

চিৰচেনেহী অসমীৰ বুকুত বহুতো জাতি-জনজাতিৰে পৰিপূৰ্ণ হৈ আছে । সেই জাতি-জনগোষ্ঠীৰে ভৰপূৰ অসমত নতুনকৈ গঠিত হোৱা বাক্সা জিলাৰ (বি. টি. চি.) মধ্যম বাক্সা মৌজাৰ অন্তৰ্গত এখন সৰু ভিতৰুৱা গাওঁ । আমাৰ গাওঁখনৰ নাম ‘সুৱণখাটা’ । ‘সুৱণখাটা’ নামটো কেনেকৈ বা কি শব্দৰ পৰা সৃষ্টি হৈছিল তাৰ সঠিক তথ্য পোৱা নাযায় । তথাপিওঁ, আইতাহঁতৰ মূখৰ পৰা জানিব পৰা মতে দুটা তথ্য দাঙি ধৰিব পাৰি । প্রথম হ’ল, তাহানি যেতিয়া জনবসতি হ’বলৈ ধৰিছিল তেতিয়া গোটেই সুৱণখাটা অঞ্চলটোত ‘সজনকাটা’ নামৰ এবিধ গৰুৱে খোৱা ঘাঁ জাতীয় বন ইমান বেছিকৈ আছিল যে পায়জামা, ধুতি, গামোচা, শাৰি আদি দীঘল কাপোৰ পিন্ধি বাটত বা পথাৰত খোজ দিয়াৰ লগে লগে কাপোৰবোৰত খামোচ খাই ধৰিছিল । সেইবাবে আমাৰ গাওঁখনৰ নাম ‘সুৱণখাটা’ শব্দৰ অপভ্রংশ হৈ সুৱণখাটা হোৱা বুলি প্রবাদ আছে । দ্বিতীয়টো হ’ল, আমাৰ সুৱণখাটা অঞ্চলটোত বহুত বেছিকৈ শিল আৰু ব.........

   December 28, 2013
 

শুৱনি আমাৰ গাওঁখনি অতি শুৱনি গছেৰে ভৰা ডাল ভৰি ভৰি ফল ফুল লাগে কত পাঁও তলসৰা...... সচাঁকৈ উক্ত কবিতাকেইফাকি যেন আমাৰ গাঁৱখনৰ বাবে সৃষ্টি হৈছিল । বাৰু সি যি কি নহওক আমাৰ গাঁওখন ডিব্রুগড় জিলাৰ পূব দিশত অৱস্হিত আৰু ডিব্রুগড় চহৰৰ প্ৰায় ৪৯ কিঃ মিঃ আতৰৰ ৰহমৰীয়া অঞ্চলৰ এখন সৰু গাঁও। আৰু আমাৰ গাঁওখনৰ নাম হৈছে 'খাগৰিমাইজান ' । আমাৰ গাঁওখন প্ৰায় ৩ বৰ্গ কিঃমিঃ ঠাইৰে আগুৰা । গাঁওখনৰ সন্মুখতে খেতিপথাৰখন আৰু ইয়াৰ উপৰি আমাৰ গাঁও খনক চাৰিখন চাহ বাগিছাই আগুৰি আছে । আমাৰ ককাসকলৰ মতে আমাৰ গাঁওখন পূৰ্বতে এখন জান আৰু খাগৰিৰ বননি আছিল আৰু সেই ফলস্বৰূপেই আমাৰ গাঁওখনৰ নাম খাগৰিমাইজান হলগৈ । তথাপিও বহু লোকৰ মতবিৰোধৰ ফলত আমাৰ গাঁওখনিক কিছুলোকে মাইজান কিছুৱে ভাটি মাইজান আৰু অতি দুখৰ কথা বৰ্তমান সময়ত আমাৰ নৱপ্ৰজন্মই তেওঁলোকৰ ব্যক্তিগত প্ৰমান পত্ৰ সমূহত খাগৰিমাইজানৰ পৰিৱৰ্তে.........

   October 25, 2013
 

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা