"আৰম্ভণি " উদ্দেশ্য

অমল কলিতা
বিকাশ কলিতা
আৰম্ভণি - অসমীয়া ভাষা - সাহিত্য - সৃষ্টিৰ এক অভিনৱ প্ৰয়াস ...

এটি প্ৰয়াস অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিক ইন্টাৰনেটৰ মাধ্যমেৰে বিশ্ববাসীৰ মাজত জিলিকাই তোলাৰ ৷ এটি তথ্যৰ ভাণ্ডাৰ য'ত আপোনালোকে পঢ়িব পাৰিব অসমীয়া সাহিত্যৰ ন - পুৰণি লেখক, কবি , প্ৰৱন্ধকাৰ আৰু সাহিত্যক সকলৰ অমূল্য ৰচনাৱলী ৷ যিবোৰে অসমীয়া ভাষা - সাহিত্যক সদায় সজীৱ কৰি ৰাখিছে ৷

আৰম্ভণিৰ মাধ্যমেৰে আপোনালোকৰ লিখনি সমূহ অতি সহজতেই আমাৰ পাঠক - পাঠিকা সকলৰ আগত উপস্থাপন কৰিব পাৰিব ৷

" সময়ৰ সোঁতত " শিতানটিত আমি সংৰক্ষণ আৰু সজীৱ কৰিব বিচাৰিছো অসমীয়া সাহিত্যত বিশেষ বৰঙণি যোগাই থৈ যোৱা বিশিষ্ট সাহিত্যক সকলৰ জীৱনী আৰু কিছু ৰচনাৱলী যিবোৰ সংৰক্ষণৰ অভাৱত এতিয়া প্ৰায় লুপ্ত অৱস্থাত ৷ এই শিতানটিলৈ আপোনালোকৰ সহায় - সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছো ৷

" মতামত " শিতানটিত আমি আলোচনা কৰিব বিচাৰিছো অসমীয়া সমাজৰ কিছুমান জলন্ত সমস্যা আৰু এইবিলাকৰ সমাধানৰ বিষয়ে ৷ এই শিতানটিলৈ আপোনালোকে লিখি পঠিয়াব পাৰে আপোনালোকৰ মূল্যৱান মতামত সমূহ ৷

" আমাৰ গাঁও " শিতানটিৰ মাধ্যামেৰে আমি পৰিচয় কৰাই দিব বিচাৰিছো আমাৰ অতিকে মৰমৰ গাঁও সমূহক , ইয়াৰ বুৰঞ্জীক ৷ আপোনালোকেও এই শিতানটিলৈ আপোনাৰ গাঁওখনৰ বিৱৰণি লিখি পঠিয়াৱ পাৰিব আৰু বিশ্ববাসীৰ আগত আমাৰ ৱেব' ছাইটটিৰ মাধ্যমেৰে আপোনাৰ ধুনীয়া গাঁওখনিৰ পৰিচয় দাঙি ধৰিব পাৰিব , প্ৰয়োজন অনুসৰি দিব পাৰিব আলোকচিত্ৰ ৷

বৰ্তমান সময়ত বিশ্বত যিটো ই (Electronic) - বিপ্লৱৰ সূচনা হৈছে , তালৈ লক্ষ্য ৰাখিয়েই অসমীয়া ভাষা আৰু সাহিত্যক বিশ্ববাসীৰ মাজত ইন্টাৰনেটৰ মাধ্যমেৰে জনপ্ৰিয় কৰি তুলাটোৱেই "আৰম্ভণি " মূল উদ্দেশ্য ৷ ইয়াৰ বাবে পাঠক - পাঠিকা আৰু শুভাকাংশী সকলৰ সহায় আৰু সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা
শিতান: আমাৰ গাঁও
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা