কবিতা

কবিতা :: আকৌ আহিছে ফাগুণ --- সাগৰ সঞ্জীৱ

আকৌ আহিছে ফাগুণ
ধূলিকণাবোৰ উৰুৱাই, ডেউকা মেলি,
নষ্টালজিক কবিতাবোৰৰ সৈতে
চন্দ নিমিলা মোৰ জীৱনলৈ ।।

আকৌ আহিছে ফাগুণ
মোক বলিয়া কৰিৱলৈ,
বিষাদৰ ৰংবোৰত মতলীয়া হৈ
জীৱন পাহৰাৰ অভিনয় কৰাৱলৈ ।।

আকৌ আহিছে ফাগুণ
মোৰ নিৰস পৃথিৱীখনত
বসন্তৰ আগজাননী লৈ,
প্ৰেমৰ সুৱাস বিলাৱলৈ;
মৰমৰ ধূমূহাজাকেৰে
বেইমান কলিজাটো ৰাঙলী কৰিবলৈ,
আকৌ আহিছে ফাগুণ
আকৌ আহিছে ফাগুণ ।।

কবিতা :: হেপাহৰ বৰষুণ --- মন্জুষা দেৱী

মুকুতা সৰা দুপৰবোৰৰ সেউজীয়া সপোন হৈ আহিছে বৰষুণ এজাক

পুনৰাই মোৰ হেপাহৰ বৰষুণ ।

বৰষুণ মোৰ অনুভৱত, বৰষুণ মোৰ হৃদয়ত

উন্মাদ বৰষুণৰ টোপাল বোৰ

মুকুতা যেন জিলিকি উঠে ।

বৰষুণ জাকৰ মাজত মই আৰু মোৰ উন্মনা মই

নাচনী হৈ নাচিছো বৰষুণজাকক বুকুত সাৱটি লৈ ...

কবিতা :: গুৱাহাটীত এদিন --- শেখৰ ভট্ৰাচাৰ্য

আমি গৈছিলো হালাকুৰাৰ পৰা গুৱাহাটীলৈ

মই-ৰাহুল-বিশ্ব

এখন ৰেলত আমি সকলো সহযাত্ৰী

আৰু পৰিপূৰক সকলো সকলোৰে

ওৰে বাটটো আমি হাঁহিছিলো

খুহুতীয়া কথাৰে,

খাইছিলোঁ বহুতো পিঠা-বিস্কুট-কণী

খেলিছিলোঁ অন্তাক্ষৰী

গাইছিলোঁ প্ৰেমৰ গান,

চাইছিলোঁ ৰেলত থকা ছোৱালীবিলাক ,

ইজনে সিজনৰ ওচৰৰ পৰা

আৰু আৱিষ্কাৰ কৰিছিলোঁ

আমাৰ মাজত আমিয়েই

আগতে নোপোৱা একো একোটা পৰিচয় ।

জীৱনত প্ৰথমবাৰ গৈ পাইছিলোঁ

এখন অপৰিচিত চহৰত ,

উঠিছিলোঁ চিটি বাছত ,

থিয় হৈ আছিলো লেডিজ ছীটৰ কাষত ,

কবিতা :: হৃদয়ৰ ৰক্তলাল গান --- দলিল আহমেদ

সমীৰৰ মৃদু হিল্লোলত

ফুলৰ গোন্ধ বিয়পায় হৃদয়ত,

তেজ ৰঙা জবা নে ৰক্তলাল গানত

তোমাৰ স্নিগ্ধ সুৰীয়া ঢৌত

স্বৰ্গ – মৈৰ্ত আনন্দত মচগুল ।

মৌপিয়া আৰু ভোমোৰাৰ লগত

তোমাৰ নিৰৱ প্ৰণয়ত,

স্পৰ্শহীন সৌন্দৰ্যত

জ্বলিছে আত্মাৰ সুৰভি ।

হৃদয়ৰ ৰাগিনীয়ে

চৌদিশ কৰি তুলে জীপাল,

কাৰ, কি,ক’ত হেৰায়,

স্মৃতি সজাগ হয়

আৰু

প্ৰকৃতিও যেন থমকি ৰয় ।

------------------------
(ৰচনা কাল - ৪ এপ্ৰিল ২০১৬)

কবিতা :: তুমি পাৰস্মিতা শৰ্মা --- শেখৰ ভট্ৰাচাৰ্য

কলেজৰ ইউনিৰ্ফম আৰু

কিতাপৰ বোজাৰ মাজত

তুমি পাৰস্মিতা শৰ্মা ।

কলেজৰ কেমপাছত

গহীন খোজ

মায়াভৰা দুচকুত মানুহ

হোৱাৰ সপোন

লগৰীয়াৰ উচ্ছৃংখল হাঁহিৰ মাজতো

মিচিকিয়া হাঁহিয়েই

তোমাৰ পৰিচয়

তুমি পাৰস্মিতা শৰ্মা ।

এডাল ৰঙা ৰঙৰ ছাতি লৈ

আনৰ দৰে খট খট কৰি

হিলৰ শব্দ নুতুলিলেও

তুমি উপভোগ কৰা

কলেজীয়া জীৱন

এহাতত সময়ৰ হিচাপ

আনটো হাতত অসমীয়া অৰ্নাছৰ কিতাপখন

প্ৰতিটো শ্ৰেণীকোঠাতে

বিয়পি পৰে

তোমাৰ সুগন্ধ ।

অকল সোনালী চুলিকোছা

এৰি দি ,

কবিতা :: প্ৰাৰ্থনা --- প্ৰভাকৰ শৰ্মা নেওগ

মন গহনত ৰিণি ৰিণি জ্বলি থাকাঁ তুমি
এটি শিখা হৈ ।

তোমাক বিচাৰি পোৱাৰ উচ্চাকাংখা মোৰ নাই।
তথাপিও থাকিব বিচাৰোঁ তোমাতে বিলয় হৈ।
এটি ঘনঘোৰ নিশাৰ পথদৰ্শা হৈ তুমি জ্বলি উঠাঁ যেন মোৰ মনত
এটি শিখা হৈ ।

পুৱতি ফেঁচাৰ ৰুণ হৈ ধৰা দিয়াঁ যেন তুমি মোৰ দুৰ্বাৰ নিশাত
এচাটি মৰমৰ মলয়াৰে সাৱতি ধৰি মোৰ ক্লান্ত মন
শীতৰ নিশাত দুৰণিৰ উম যেন তোমাক খামুচি ধৰিব খোজোঁ বুকুৰ মাজত-
জ্বলি থাকাঁ যেন তুমি মোৰ মনত
সেই শিখা হৈ ।

কবিতা :: নীলা নীলা বেদনা --- ৰতন ভট্টাচাৰ্য

এতিয়া গভীৰ নিশা

মই তোমাৰ কথাই ভাবি আছো

তুমি যে মোক স্নিগ্ধ জোনাকভৰা

সান্নিধ্য দিছা

তুমি নামি আহিছা

এটুপি মিঠা বৰষুণৰ দৰে

হৃদয়ৰ নিভৃতি কোনত

মই তোমাক আলফুলে ৰাখিব খুজিছিলো

কিন্তু হঠাতে তুমি ক’ত হেৰাই গলা.....

এতিয়া যে মই যন্ত্রনাপ্রীত

মোৰ জীৱনলৈ আগ বাঢ়িছো

অকলশৰীয়া ভাবে

তুমি মোক কৈছিলা

তৰাবোৰ যে ইমান তিৰবিৰাই

কিন্তু মই দেখো অকলশৰীয়া সাগৰৰ দৰে হৈ গৈছো

নীলা নীলা বেদনাই মোক

খামুচি ধৰিছে ঢৌ হৈ

তথাপিও মই বহি আছো

ৰাতিপুৱা হ’বলৈ ধৰিছে

কবিতা :: আইৰ নাঙঠ বুকুত ভোকৰ উঁইহাফলু --- দাদুল ভূঞা

সেইদিনাখন আয়ে কান্দো বুলিও কান্দিব পৰা নাছিল
আলিটোৰ সিপাৰে তেতিয়া সূৰুযে মেলানি মাগিছিল

কৰ পৰা জানো বতাহ এজাক আহি
খুলি পেলাইছিল আইৰ বুকুৰ আঁচল

আইৰ বুকুৰ তলত লুকাই আছিল শুকান কামিহাড়
আৰু ভোকৰ লেলাউটিত লুকাইছিল লাজ আৰু সময়

আলিকেকুৰিটোতে আই বাগৰি পৰিছিল
ভোকাতুৰ কুকুৰ এজাক সান্ধ্যভ্ৰমনত আহি থমকি ৰৈছিল
আৰু আইৰ শুকান স্তনত মুখ গুজি টোপনি গৈছিল

আইয়ে জানিছিল
আইৰ দৰে সিহঁতৰ বুকুতো প্ৰতিদিনেই গজিছিল
ভোকৰ উঁইহাফলু

কবিতা :: সেন্দুৰীয়া সন্ধিয়াৰ শেষত --- ৰতন ভট্টাচাৰ্য

সেন্দুৰীয়া সন্ধিয়াৰ শেষত

তুমি যেতিয়া নদীৰ পাৰলৈ গৈছিলা

মোৰ নেদেখা হ'ল

এটি দুটি তৰাৰ ভূমুকি

চৰাইবোৰ উৰি উৰি গৈ হেৰাই গ'ল

কি নামেৰে মাতিম তোমাক

দেখা পালে কি ক'ম

সচাঁকৈ ভবাই নাই

এতিয়াও নদীৰ ওচৰত ফুৰি আছোঁ

বুকুত এডৰা বনছাই দুখ ঢাকি থোৱাই

কেনেকৈ বুজিব পাৰিম

তুমি মোৰ অফুৰন্ত প্ৰেৰণাৰ উৎস

হাচনাহানাৰ স্নিগ্ধ সুবাসেৰে

সঞ্জীৱিত কৰি ৰাখা তুমি মোক

আৰু মোৰ কবিতাৰ শস্যভূমি

তুমি নদীলৈ ফুৰিব গ'লে

মইও নদীলৈ যাওঁ

মই নদী হ'বলৈ সপোন দেখোঁ

কবিতা :: ভালপোৱাৰ ৰামধেনু ৰঙ আকাশত --- ৰতন ভট্টাচাৰ্য

ভালপোৱাৰ ৰামধেনু ৰঙ আকাশত

সাঁচিছিলো বুকুত আৰু মোৰ দুচকুৰ জুইত ,

গোলাপৰ দৰে ৰঙবোৰ গাঢ় হৈছিল মনত

বসন্তৰ পথাৰত সেউজীয়া প্ৰকৃতিৰ আঁচলত !

মই তোমাক পাম ভাৱি ফুৰিছিলো বাগিছাখনত

মনে যে সুধিছিল তুমি ক'ত, তুমি ক'ত ;

তুমি মোৰ কবিতাৰ সেউজীয়া চৰাই যেন মোৰ হৃদয়ত

সেই যে ফুৰি থাকা ! জনা অজানা বাটত

সিপাৰৰ তেনে অজান নদীৰ ঘাটত !

গোলাপৰ দৰে বসন্তৰ ৰঙবোৰ মোৰ মনত

তুমি আহিবা এটি কবিতা হৈ মোৰ কলমৰ আগত !

কবিতা :: জীপাল অনুভৱ ফাকুৰ আকাশত --- ৰতন ভট্টাচাৰ্য

ফাকুৰ উজ্জ্বল আকাশত

ৰামধেনুৰ উজ্জ্বলতা

ভিন্ন হেঙুলীয়া ফাকু উপচি থাকে

মোৰ চিত্তত উপচি পৰা গান

শিৰাই শিৰাই তেজৰ কণিকাতে

এই সোনোৱালী সুৰ

যদিহে অচিনাকি হঁও

ৰঙীন সপোন দেখো মই

বাটে বাট ফুৰি তোমাৰ লগ নেপালে

তোমাৰ লগত কথা নেপাতিলে

এপাহি সোনাৰু নুফুলে হৃদয়ত

বুকুৰ গভীৰত আধা অঁকা হৈ থাকে

তোমাৰ প্ৰতিচ্ছবি

ৰামধেনু ৰঙেৰে ৰঙীন যে হৈ

দেখো মই খোজত প্ৰতি খোজে

বাটে বাটে অব্যক্ত কথাৰে

আঁচলতে তুমি নাথাকিলে

নেথাকে ফাকুৰ ৰামধেনু ৰঙ

শব্দবোৰ বুকুত উকমুকাই থাকে

কবিতা :: তুমি কৈছিলা --- ৰতন ভট্টাচাৰ্য

তুমি কৈছিলা

ফুলবোৰৰ এটা বেলেগ সৌৰভ আছে

কেতিয়াবা দুখ পাহৰি যাওঁ ফুল চালে

তুমি কৈছিলা আকাশত নীলা নীলা ঢৌ আছে

নীলা আকাশ চালে দুখবোৰ নাথাকে

এতিয়া তুমিও নাই

ফুলবোৰো নাই

নাই নীলা আকাশ আৰু নীলা নীলা ঢৌ ।

কবিতা :: তুমি দুবন্ত সূৰ্যৰ ৰক্তিম আভা --- ৰতন ভট্টাচাৰ্য

তুমি মোৰ আধা অংশ প্ৰতিচ্ছবি

দিগন্তৰ সীমাৰ সিপাৰে

দুবন্ত সূৰ্যৰ ৰক্তিম আভা

আৰু মইও সেউজীয়া সপোনৰ ৰং লৈ

আঁকি আছো তোমাৰ ছবি

মই ৰৈ যাম তোমাৰ বুকুৰ নদীত

যিদিনা প্ৰথম লগ পালো তোমাক

গম পালো তোমাৰ হৃদয়ত

জ্বলি থকা জুই

আৰু তোমাৰ দুচকুৰ আঁৰত

মই

আৰু

মোৰ প্ৰেমৰ এটা উজ্জ্বল প্ৰতিচ্ছবি

তুমিও আধা আঁকিছা

আমি দুজনে আঁকিম ছবিটো

আধা প্ৰতিচ্ছবি

যিদিনা তুমি মোক লগ পালা, আৰু মই তোমাক

আধা প্ৰতিচ্ছবি হৃদয়ৰ গভীৰত পূৰ্ণ

হৈ আছে _ _ _ _

এতিয়া একে লগত আঁকিম ছবিটো ।

কবিতা :: তোমাক পাই --- শেখৰ ভট্ৰাচাৰ্য

ৰাতিৰ জোনাকীৰ পোহৰত

এবাৰেই পালো লগৰীয়াক

উজনিৰ চাহ বাগিছাত ।

দিছিল সৰ্বস্ব উজাৰি

মোৰ দুহাতত

হাত থৈ

পৰম নিৰ্ভয়ত ।

পূৰ্ণিমা এতিয়াও আহে

লাহে লাহে

প্ৰতি মাহে মাহে

মোৰ স্মৃতিবোৰ জাগি উঠে

ডাৱৰৰ দৰে আঁতৰি

যায় লাহে লাহে ।

বুজি পাওঁ

অবিৰাম যাত্ৰাৰ ওভতনি নাই

সময়ৰ বালিত পথ যায় হেৰুৱাই

পোৱাৰ অপেক্ষাত আছো জীয়াই

গৌৰৱময় হ’ল জীৱন

তোমাক পাই ।

কবিতা :: সময়ৰ উত্তৰ --- মুনমী ভট্টাচায্য

মেঘে ক’লে আকাশক,

মোৰ উপস্থিতিত তুমি অস্তিত্বহীন ৷

আকাশে উত্তৰ দিলে,

মোৰ অস্তিত্বইহে তোমাৰ সঞ্জীৱনী ৷

কাপুৰুষে বিচাৰে

পত্নীৰ উন্মুক্ত আঁচল,

নাৰীৰ আকুল হৃদয়ে সঁহাৰি দিয়ে,

স্বামীৰ আদেশ মোৰ আঁচলৰ ধন ৷

তপ্ত সুৰু্যৰ জ্বলনে অৰ্হনিশে

শিৰৰ মুকুট উজ্বলাই ৷

ব্ৰিটিছ চিপাহীৰ হুঙ্কাৰ

আগ নাবাঢ়িবা অসম জীয়ৰী,

কিশোৰী কনকলতাৰ মিচিকীয়া উত্তৰ,

ভেদি দিয়া মোৰ তেজাল কলিজা

সময়ে ফেহুঁজালি দিবই ৷

জেৰেঙা পথাৰৰ গাভৰু দেহাত

ৰক্তৰ ফুলনি আৰু

কিংবাদন্তি নাৰীৰ নিৰ্ভীক মৌনতা ৷

ইতিহাসে কৈ যায় বহু

কবিতা :: আৰু কিমান --- শেখৰ ভট্ৰাচাৰ্য

আৰু কিমান ৰাতি

কিমান ৰাতি

কটাম অকলে অকলে

তোমাৰ কথা ভাবি ,

আৰু কিমান সন্ধিয়া

ব্যৰ্থ হ’ম

তোমাৰ সঁহাৰি নাপাই ।

আৰু কিমান

জোনাকী নিশা

অমানিশা হৈ ৰ’ব

মোৰ বাবে ,

মই নীৰবে কান্দিছো

গোপন চকুলোৰে ।

দুচকুৰ পলকত মোৰ

প্ৰেমত সঁহাৰি তোমাৰ ,

আৱেগ অনুভূতিৰ

হৃদয়ভৰা সংমিশ্ৰণ ।

ইয়াতকৈ বেছি বিচৰা নাই

তোমাৰ মৰম ,

তোমাক ভালপোৱাৰ বাবেই

আজি হেৰাই গৈছো

মই নিজেই নিজৰ মাজত ।

সপোনত সপোন --- শেখৰ ভট্ৰাচাৰ্য্য

নিৰ্জান ৰাতি গভীৰ নিশাত

দিঠকত পোৱা সপোন ,

মোৰ আধাতে শেষ হৈ ৰ’ল ।

মোৰ মনৰ মানুহ

তাইক মই সপোনতে দেখিছিলো,

তাইক মই বৰ মৰম

কৰিবলৈ ইচ্ছা আছিল

কিন্তু নোৱাৰিলো ।

তাই সদায় মোৰ

সপোনত ,

দিঠকত আহি

আমনি কৰে ,

চুব গ’লে আতঁৰি যায় ,

বিভিন্ন ৰঙীন খেল

খেলে মোৰ লগত ।

সেই আতঁৰি যোৱা

এদিন সঁচা হ’ল ,

এজাক ধুমুহাই

তাইক মোৰ পৰা ,

মোৰ মনৰ পৰা

আৰু মোৰ সপোনৰ

পৰা সঁচাকৈয়ে আতঁৰি

লৈ গ’ল ।

তাইক বাৰে বাৰে মাতিও

উভতাই আনিব

বৰষুণ --- মন্জুষা দেৱী

এজাক বৰষুণ পুণৰবাৰ

মোৰ হেঁপাহৰ বৰষুণজাক

কিন্তু এইবাৰ আহিল ধ্বংসকাৰী ৰূপ লৈ

আকাশৰ পৰা নামি আহিল নিঃশব্দে এজাক ৰূপালী বিষাদ

তোমাৰ মনৰ বাৰীৰ পুখুৰীত হাঁহ হৈ নাচিবৰ মন

তোমাৰ হৃদয়ৰ দুখ বৰষুণ হৈ ধুই নিয়াৰ মন

তোমাৰ ৰিঙা ৰিঙা মনত

প্ৰেমৰ সাতসৰী সপোনবোৰ গুজি দিয়াৰ মন

কিন্তু সেইজাক বিষাদে কাঢ়ি লৈ গল মোৰ জীয়া সপোনবোৰ ...

হেঁপাহৰ বৰষুণে দিলে বিচ্ছেদৰ জাননী

ফাগুন দিলোঁ তোক বিদায় --- মন্জুষা দেৱী

ফাগুন দিলোঁ তোক বিদায়

গছৰ সৰাপাতে দিয়ে তোৰ উদঙনতাৰ প্ৰমাণ

কৃষ্ণচুড়াই মিছিকিয়াই কয় মই নহলে ফাগুন তইঅকলশৰীয়া

ফাগুন কিন্তু নিলাজ

নিজৰ হাহিৰ কোবত গাভৰুৰ আচল উৰুৱাই ৰঙ চাই ফুৰে

গছৰ কাপোৰ আতৰাই আমোদ লভি থাকে

তোৰ হাঁহি আৰু নালাগে মোক

বিভ্ৎস সেই পছোৱাৰ হাঁহি

অত্যাচাৰী ফাগুন তই.....

বিদায় তোমাক --- মনজিল ইছলাম

তোমাৰেই শপত আজিৰ পৰা পাহৰি যাম তোমাক…

নিশা তোমাৰ বিৰহত আৰু কেতিয়াও নিলিখো বিষাদৰ অকবিতা ৷

ফেচবুক অথবা হোৱাটচ্ এপতো ষ্টেটাচ দি ট্ৰেজেদি নাফালো যে

-" মই কিমান কান্দিলে তুমি সুখী হ'বা ?"

মোৰোটো এটি জীৱন আছে

মই কান্দি কিয় তোমাক সুখী কৰিম ?

নাকান্দো…আৰু কেতিয়াও নাকান্দো

মোক বেয়া পোৱা সকলৰ বাবে

কোনোদিন এটোপাল চকুলো নষ্ট নকৰো ৷

আজি বিষাদবোৰৰ লগতে তোমাক বিদায় দি

মই বহুত বেছি সুখী হ'ম ,

আজি পুনৰ বাৰ নিজৰ প্ৰেমত পৰিম,

আৰু তুমিহীন ভাবে সুখী হোৱাৰ আখৰা কৰিম…৷

কথা দিলো- আজিৰ পৰা তোমাক পাহৰি যাম ৷

নাৰী দিৱস --- শেখৰ ভট্ৰাচাৰ্য্য

আজি নাৰী দিৱস

আচলতে এয়া এটা সপোন ,

কোনেও কব পাৰিব

আমাৰ দেশত নাৰী

সুৰক্ষিত ?

প্ৰতিদিনে প্ৰতিঘন্টাত

কিমান নাৰী লাঞ্চিত ,

বঞ্চিত, ধৰ্ষণ হ'ব লগা হৈছে

আৰু মৃত্যুমুখত পৰি আছে

তাৰ কোনো হিচাপ নাই,

কিন্তু বছৰত এটা দিনত

আমি সকলোৱে মিলি

নাৰী দিৱস পালন কৰো ।

গোটেই বছৰত সময়

নোপোৱা যেন লাগে ।

কিয় এনে অৱস্থা

কেতিয়া নাৰীয়ে পাব

স্বাধীনতা ?

কেতিয়া নাৰীয়ে

মুক্তমনে ৰাজপথত

ফুৰিব পাৰিব ?

তেতিয়া হ'ব আচল

নাৰীদিৱস ।

ফাগুন আহিব বুলি --- অনুপ হাজৰিকা

ফাগুন আহিব বুলি বাট চাই আছিলোঁ

এজাক প্ৰকাণ্ড পচোৱাই আগমন ঘটালে ফাগুনৰ

মদাৰৰ ফুলবোৰ আনন্দত মতলীয়া হৈ

গছৰ পৰা সৰিছিল.....

শিমলুৰ ফুলবোৰ শকত হৈ উঠিছিল!

মই নাজানিছিলো ফাগুন আহিলে

পলাশবোৰ ইমানেই ৰঙা হয় বুলি...!

ঘা লগা গছবোৰৰ ঠেঙুলিত

সিহঁতে লুকা-ভাকু খেলে!

চৌপাশে ফাগুনৰে ঢৌ!

আহিছে ফাগুন গৈছে ফাগুন!

ফাগুন মানেই গান, ফাগুন মানেই কবিতা..

ফাগুনেই সিচিঁ দি যায় এক নৱ ঋতুৰ বীজ...

য'ত গজি থাকিব ভবিষ্যতৰ ফাগুন..!

ব্যৱধান --- অনুপ হাজৰিকা

দিনে নিশাই বেগাইছো

তোমাৰ কাষ পাবলৈ...

অহৰহ যাত্ৰা ধুলিয়ৰি পথেৰে

কঢ়িয়াই লৈ ফুৰিছো ৰক্তহীন মঙহেৰে ভৰা

এটি ৰুগীয়া শৰীৰ...!

য'ত লুকাই থাকে মোৰ ভালপোৱাৰ সেউজীয়াবোৰ.....

ক্ৰমশঃ হাড়বোৰ নাঙঠ হ'ব খোজে...

নোপোৱাৰ যাতনাত শৰীৰৰ আৰ্তনাদ !

হঠাত স্তব্ধ হয় হৃদয়ৰ ধপধপনি !

ক্ৰমে গ্ৰাস হ'ব খোজো মই...

হয়তো এয়াই যাত্ৰাৰ অন্ত,

য'ত তোমালৈ আৰু ব্যৱধান নাই !

মোৰ হেঁপাহৰ বৰষুণ --- মন্জুষা দেৱী

বৰষুণ ভালপাওঁ তোমাক বহুত

আজি বৰষুণ এজাক আহিল

মোৰ সপোনৰ বৰষুণ

অপেক্ষাৰ যেন অন্ত পৰিল,

ৰুদ্ধ ফাট মেলি থকা বসুমতীৰ আইৰ কোলাত

বৰষুণ আহিল আশাৰ বতৰা হৈ!!!

মোৰ মনৰ ভিতৰত লহপহকৈ বাঢ়ি থকা বিষাদৰ জুইক নুমাবলৈ

আজি আহিল হেঁপাহৰ বৰষুণ

সৌৱা দূৰত নিজৰা

বৰষুণৰ আগমনত হৈ পৰিল

প্ৰাণচঞ্চলা

মোৰ স্বপ্নাতুৰ দুচকুত সপোনবোৰৰ আগমনী

বতাহত ভাহিছে সোণাৰুৰ সুগন্ধি

আজি মোৰ অপেক্ষাৰ অন্ত পৰিল

এজাক হেপাহৰ বৰষুণত মন বোৰ জীপাল হৈ পৰিল ।

ছায়ামূৰ্তি --- পলাশ পৱন

আপোনাৰ কবিতাৰ শেষৰ শাৰীটো তিতিছে নেকি বৰষুণত

নে শব্দবোৰৰ নিসংগ যাত্ৰাত

আপুনি সাধুকথাৰ এটা বাটেৰে ঘূৰি ফুৰিছে

দুডোখৰ হৈ ভাগি পৰা এজোপা গছৰ ছাঁৰ তলত

আপুনি নিহত হৈছে নেকি

নে ক্ৰমশ: বাঙ্ময় হৈ উঠা বতাহজাকত

উৰুৱাই দিছে নষ্ট নগৰৰ মাইল মাইল অতীত

আপোনাৰ ছায়াহীন চুলিৰ বেঁকাৰেখাৰ তলত মই ডুব যাওঁ

আপোনাৰ আত্মাৰ তালে তালে মই নাঁচি উঠোঁ

প্ৰাচীনৰো প্ৰাচীন যন্ত্ৰণাৰ পৃষ্ঠাত মই

হাঁহোঁ কান্দো চিঞৰোঁ চুঁচৰোঁ বাগৰোঁ_

আৰু আপুনি, মোক বিচাৰেণে; আপোনাৰ কোঁচ খোৱা হাতৰ তলুৱাত

নাইবা দুচকুৰ স্তূপীকৃত ভৌতিক ভাৱনাত

অপ্ৰেম --- মন্জুষা দেৱী

হৃদয়ৰ ভিতৰত কোনেও কাকো চুব নোৱাৰে

মই সুখী নে অসুখী কোনেও জুখি চাব নোৱাৰে

মোক তুমি ভালপোৱা নে ভালপোৱাৰ অভিনয় কৰা কোনেও খুলি কব নোৱাৰে !!

স্বপ্ন বিভোৰ যৌৱনৰ জোনাকী নিশা

তুমি জীপাল কৰি তুলিবা নে

মোৰ উকা কোমল হিয়া ??

মই মৰিশালিৰ পৰা কৈছোঁ --- চাৰু প্ৰসাদ শৰ্মা

মই যিটো বাটেৰে গৈ আছিলো
গৈ গৈ শেষত পাইছিলো এখন মৰিশালি
য'ত উভতি অহাৰ পথ হেৰাই পেলাইছিলো

সিদিনালৈকে যিবোৰ মোৰ বুলি,
আনৰ পৰা জোৰ কৰি কাঢ়ি আনি হ'লেও
নিজৰ বুলি দাবি কৰিছিলো

সেই সকলোবোৰ এৰি থৈ আহিছো |

এই দুখন হাতেৰে কিমানৰ কাঢ়িছো যে,
পেটৰ ভোক
তাৰ হিচাপ মই ৰখা নাছিলো
আনকি হাতখনো কঁপা নাছিলে মোৰ
আনৰ সুখৰ ঘৰবোৰ জ্বলাই গৈ থকাৰ সময়তো

ৰাখিব লগীয়াজনে ৰাখিছিলে মোৰ
কৰ্মৰ হিচাপ ৷ দিছিলে ফল ৷

এতিয়া মই সকলোবোৰ দেখিও নেদেখা ,
চিঞৰি চিঞৰি কান্দি ৰওঁ
য'ত উভতি অহাৰ পথ হেৰাই পেলাইছিলো ৷

ফাগুন --- মন্জুষা দেৱী

ফাগুন

উন্মনা ফাগুন

বাহিৰত পলাশৰ জুই

বুকুৰ ভিতৰত বিষাদৰ জুই

দুয়োটাৰে ৰঙ ৰঙা

পলাশৰ জুইয়ে হৃদয় জ্বলাই

বিষাদৰ জুইয়ে কলিজাই জ্বলাই ।

আজি পুৱতি নিশা খিৰিকীৰ কাষত ৰৈ

সৌ দূৰৈৰ তৰাজাকৰ মাজত নিজকে বিচাৰি চাওঁ

মই বাৰু কত??

মোৰ অস্তিত্ব কি??

মোৰ জীৱনটো এটা বৃত্তৰ পৰিধি মাথোঁ

জীৱন মাথোঁ শূন্যতা

এৰা, শূণ্য ও এক পৰিপূৰ্ণ বৃত্ত

শান্তনা দিওঁ নিজকে নিজে

মোৰ বুকুৰ ভিতৰৰ নিৰ্জনতাক গিলি

সাৰে থাকে হুমুনিয়াহ

মই জীৱনৰ নিগনি দৌৰত দিকভ্ৰান্ত পথিক !!!

এটা সপোন আছিল --- অৰুপ কুমাৰ বৈশ্য

এটা সপোন আছিল,
ওলমি ৰ'ল সি পশ্চিম আকাশত ।

আজি আইৰ বুকুত নসৰে
শৰতৰ তল সৰা শেৱালী,
জোনাকে আন্ধাৰ সাবতি শুই থাকে
মৃত এটি কৱৰ স্থানত ।
আন্ধাৰৰ বুকুত ঢিপ ঢিপ কৈ জ্বলি থাকে
মাথো এটি
উশাহৰ অন্তৰাল ।

আৰু কিমান দুৰ
ফাগুনে উলংগ কৰা তোমাৰ হৃদয়লৈ ।
তোমাৰ আঁচল সহিব নিদিবা,
তাতেই লুকাই আছে
যৌৱনৰ হাজাৰটা সপোনৰ জীয়াঢল ।

আস্
এয়াই ছাগে প্রেম,
ৰঙা আচলৰ তলেৰে সৰকি পৰা
তোমাৰ হৃদয়ৰ এটোপাল মৰমৰ উক্ মকনি ।

এই সময় --- নেকিবুৰ ৰহমান

ক)
শিলবোৰক টুকুৰা টুকুৰ কৰি
গছবোৰক আঠুকঢ়াই থোৱা হৈছে,
জল্লাদ পৃথিৱী !

খ)
খোজকাঢ়িলেই উজুতি খাওঁ
মৰাশবোৰত,
শশ্মান পদদাঁতি ৷
নিকৃষ্ট মানৱ তুমি ৷

গ)
ভুৱা প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰী,
ৰক্ষকৰ কৱজত ভক্ষক তুমি,
বেইমানৰ ৰাজনীতি ৷

ঘ)
একেখন চোতালতে হত্যাৰ দাবদল,
২৪×৭
মৃত্যুৰ কোলৰল ,
বিকৃত মানসিকতাৰ উদাহৰণ ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:231
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:936
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,960
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,459
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:217
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:208