কবিতা

এডাল বিবৰ্ণ সূতা --- কিশোৰ বড়ো

এই গাওঁখনৰ ওপৰেৰে
ধেনুভিৰীয়াকৈ গুছি গ’ল সূৰ্য্য
ধুৱলি কুঁৱলি ধোঁৱাৰে
বগুৱা বাই আহিল
শংকাৰ জয়াল ছাঁ

মেঘাছন্ন ৰাতি
নল খাগৰিৰ মাজত
টেপেৰী বাই শেষবাৰৰ বাবে
চুমিছিল মাটি
হাছমৎ ভাইৰ ঘৰত জুই জ্বলিছিল
মাইহাং বাতিত হিংসাৰ আপং এবাতি খাই
খাম্ফা কাই আগবাঢ়ি গৈছিল

চেৰজাৰ তাঁৰৰ আঙুলিত ধৰি
ফেনে ফোটোকাৰে বাঢ়িছিল
চিতাৰ জুইৰ নদী

ফৰকাল ৰাতিপূৱাৰ পোছাক পিন্ধি
ছাইৰেণ বজাই ৰজা আহিছিল
দুচকুত ঘঁৰিয়ালৰ চচমা এযোৰ পিন্ধিছিল

নদীটোৱে যাৱৰ পৰত খুলি থৈ গ’ল
শেঁতা সাজ যেন মৰুভূমি

সুখবোৰ এইবাৰ নিলামত দিলো --- ডিম্বেশ্বৰ কোচ

নিশাৰ

গভীৰতা বঢ়াদি বাঢ়ি আহে দুখবোৰ ,

নিৰৱে দি যায় যান্ত্ৰণা ৷

জোনটোলৈ হাত মেলি দিও

লিৰিকি বিদাৰি খুচৰি থাকো অতীত ,

বৰ্তমান আৰু ভৱিষ্যত ৷

সেয়ে এই বহাগত দুখৰ কবিতা লিখিম

সুখবোৰ এইবাৰ নিলামত দিলো ৷৷৷

খৰিকাজাই ফুল --- পলাশ প্ৰান্তিক

তুমি হীনতাৰ দুখত
ওৰে ৰাতি সুৰাৰ ৰাগিত মাতাল হ’ম
বিষাদৰ দুপাল পিতা বৰষুণত তিতিম

তুমি হীনতা দুখ - ষ্মৃতিৰ এখিলা উকা কাগজ
তুমি হীনতাৰ দুখ - ৰাতিফুলা খৰিকাজাই ফুল
তুমি হীনতাৰ দুখ - তেজৰ লুনীয়া নৈ

আজি মোৰ শুভ জন্মদিনত
এবুকু নিঃসংগতাই মেৰিয়াই বান্ধিচে
ভালপোৱা জোনাক বিছাৰি আকাশলৈ চাব পৰা নাই

তুমি হীনতাৰ দুখত
দায়েৰীৰ পৃষ্ঠাত বাৰে বাৰে লিখিচো
হৃদয় হেৰুৱা বিলাসী যন্ত্ৰণা

আজি মোৰ শুভ জন্মদিনত
তোমালৈ বৰকৈ মনত পৰিছে .........

বৰদৈচিলা --- আৰাধনা অধিকাৰী

খোজে প্ৰতি সৰিছে নিয়ৰ নিয়ৰ

মুকুতাবোৰ

দুহাতৰ মুঠিত ৰাখিছো দুখৰ নিজৰা

দুপৰ নিশা যেতিয়া বৰদৈচিলা আহিছিল

বিজুলি চমকেৰে

মাৰ বুকুত মুখ গুজি সাৱটি ধৰিছিলো

বুকুৰ মাজতে ৰাতিপুৱালে

চোতাল ভৰি সৰাপাত, ডালবোৰ সিঁচৰিত

হৈ আছিল

দুই এদাল গছ ভাঙি পৰি আছিল সন্মুখৰ

আলিটোত

বোকাৰে ওপচি পৰিছিল চোতালখন

সৰু চৰাইজনীৰ বাঁহটো কেতিয়াবাই

ভাঙি চুর্চুমৈ হৈছিল

পিৰালিটোও

পানীৰে চিপ্চিপিয়া হৈ আছিল

পিতায়ে গৰুহালক

পিৰালিতে আনি বান্ধিছিল

আইতাই মূৰে কঁপালে হাত

দি পিৰালিতে বিনাইছিল

খোজ --- পলাশ প্ৰান্তিক

নীলা !
তুমি যাওঁ বুলিয়ে গ’লাগৈ
বোৱতী নদীৰ দৰে
আৰু মই ঘাটোৱৈ হৈ
তোমাৰ অপেক্ষাত ৰৈ গ’লোঁ

দিনবোৰ হেৰাই কেলেন্ডাৰৰ পাতত
মাহবোৰ হেৰাই বছৰৰ বুকুত
সাক্ষী থাকে জোন তৰা প্ৰাচীন অৰণ্য

মই জানোঁ -
এদিন হ’লেও তুমি উভতি আহিবা
জীৱনৰ বালি চাপৰিত
হেৰুৱা সপোনৰ ঠিকনা বিছাৰি

বসন্তৰ দলিচা --- আৰাধনা অধিকাৰী

বৰষা আহিব আজি শুকান আৰু ধূলিময় পঁজাটিত,

সপোনবোৰ জীপাল হৈ উঠিব,

প্ৰথম সূৰুয ৰশ্মিতে জিলিকি উঠিব আগচোতাল,

শালিকি জাঁকি উৰিব উলাহতে সতেজ পুৱাৰ সুবাসত,

বগলী জাঁকি উৰিব নৈ পাৰে পাৰে,

কুঁহিপাতে হুমুনিয়াহ লৈ জিলিকি উঠিব,

সৰাপাতবোৰ বৰষুণজাকত বৈ যাব জুৰিৰ বুকুলৈ,

তৰাবোৰে পিছদিনা সাজলাগি ধিমিকি উঠিব,

ফুলবোৰে মিচিকিয়াই হাঁহিব বৃষ্টিৰ পৰশত,

অনাবিল সুখে শুভ্ৰ চাদৰ এখনেৰে মেৰিয়াই ধৰিব মোৰ দেহে মনে....

ফাগুন আৰু নিদিবা আমনি তোমাক বুকুত সাৱটিলেই খহি খহি পৰে সপোনবোৰ

জিৰিজিৰি কি নামিছে বুকুত,

বসন্ত নে বাৰিষা,

জীৱন নামৰ ফ্লিমখন --- বিকাশ কলিতা

কি হয় এই জীৱন......
কেনেকৈ তাক বুজাব পাৰি......
কেনেকৈ জানো সফলতা পাম......
আপোনালোকে ক’ব পাৰিব নে ?
মই কওঁ শুনা
মই অনুভৱ কৰা মোৰ
জীৱনৰ দুটিমান কথা...
পৃথিবীৰ বুকুত যেতিয়া চকু মেলিলো...
অলপ জিৰণী লৈ
পেলালো জীৱনৰ প্রথমতি খোজ...,
উঠাই ল’লো হাতত পেঞ্চিল
আঁকিবলৈ ল’লো জীৱনৰ ছবিবোৰ......
আগুৱাই গ’লো জীৱনতো লৈ
হেৰাই গ’ল জীৱনৰ লাগতিয়াল শিক্ষাবোৰ ।
পিছে পাহৰিব নোৱাৰিলো ছবিক......
এৰিব নোৱাৰিলো পেঞ্চিল ।
তথাপিও চেষ্টা কৰিছো সফল হোৱাৰ
ৰাখিছো মনত আশাৰ টোপোলা বান্ধি ….

একুৰিয়াম --- অৰুণাভ কুমাৰ নাথ

কাচৰ স্বচ্ছ দেৱালত বাৰে বাৰে ঠেকা খাই জীৱনৰ ছন্দময় গতি
দুৰ্ভাগ্য আৰু বিপৰ্য্যয়ৰ পাত্ৰপুৰ্ণ জলৰাশিৰ মাজত চকুলো টোকে সিহঁতে
সেয়া সিহঁতৰ বিধস্ত সময়, শতধাবিদিৰ্ণ জীৱনকাল
অনিশ্চয়তা আৰু বিশ্বাসহীনতাই নিমিজ্জিত কৰিলে জীৱন ৷

এক সৰ্বনশীয়া মুহুৰ্তত প্ৰৱেশ ঘটিছিল সিহঁতৰ
নিৰ্মম বান্ধোনেৰে বন্দী কৰি নিক্ষেপ কৰিছিল
ভাগ্যৰ অমোঘতাৰ চকৰীত জীৱন ধাৱিত হয় তাত
প্ৰচণ্ড বহ্নিহম ক্ৰোধ ক্ষণে ক্ষণে প্ৰকাশিত হয় সিহঁতৰ মুখমণ্ডলত৷
উত্তেজনাৰ বশীভূত হৈও সিহঁতি প্ৰতিবাদ কৰিব নোৱাৰে, সিহঁত বোবা ৷

মাইহাং --- পলাশ প্ৰান্তিক

দিচাং দিখৌ কলং কপিলী
পাগলাদিয়া পাৰৰ কত গাভৰুৰ সতে
সুখৰ ডঁৰিকনা ধৰি
মুখৰ কৰিলো হৃদয়ৰ চৌপাশ
তাৰ কোনো হিচাপ নাই

এতিয়া জোনাকত
তপত গাভৰুৱে বুকুত মেখেলা পিন্ধি
গা ধুৱা দেখিলেও
ওচৰলৈ নাযাওঁ ,কথা নাপাতো
মিচিকিয়াই নাহাঁহো

গাভৰুৰ সতে হিয়া দিয়া নিয়া
মাইহাং বাটিত মাতাল হোৱা
জোৱাৰ আদ্দাত হাৰি যোৱা
একেই কথা

বিষাদৰ বৰষুণ --- ৰঞ্জিত নাথ

তুমি যোৱাৰ পথত...

এতিয়া মোৰ চাৰিওফালে

বিষাদৰ বৰষুণ

আহিবানে তিতিবলৈ মোৰ সৈতে

সেইজাক বৰষুণত...

অ’ পাহৰিছিলোয়েই এটা কথা

ক’তনো আহিবা তুমি...

তুমিতো ভাল নোপোৱা

বিষাদৰ বৰষুণ

যাৰ বাবেই আতৰি গৈছিলা

এদিন হঠাতে...

মোৰ দৰেইতো তোমাৰ দুখ

হোৱা নাই কাহানিও

বিষাদৰ বৰষুণত জাহ যাবলৈ ।।

"পৰাশৰ" অনুভৱৰ শব্দ --- নবজ্যোতি মিশ্ৰ (চিকু)

উজাগৰী নিশা
শংকিত ভাৱত
উচ্ছাৰিত হয় "পৰাশৰ",
হৃদয়ৰ এক নিবৃত কোনৰ পৰা !
ভাৱৰ বিনিময় কৰিব নোৱাৰি
উচুপি উঠে কলিজা !
ডাষ্টবিনত পেলাই থোৱা বাৰ্তাকেইটা
হ'ব পাৰে ইলেকট্ৰনিক
নেটৱৰ্কিং দুনিয়াৰ বাবে হ’ব পাৰে
সামান্য....

তথাপি......
সময় পালে খুলি চাবা
ডাষ্টবিন বুলি ভবা ইনবক্সটো !
ইলেকট্ৰনিক কলমৰ শব্দবোৰত
হয়তো বিচাৰি পাব পাৰা
সঁচা অনুভৱৰ
নীলা চিঞাহীৰ গোন্ধ...!!

হেৰুৱা সপোনৰ তিনিটা স্কেছ্ --- পলাশ প্ৰান্তিক

(১)

চিগাৰেটৰ ধোঁৱাৰ কুন্ডলিৰ পাকত
মই আঁকি যাওঁ
তোমাৰ ধুনীয়া চুলি ,নাক
চকুৰ চেলাউৰি
জেতুকা বুলিয়া ওঁঠ

(২)

তোমালৈ আজি বৰকৈ মনত পৰিছে
তপত তেজৰ লুনীয়া সোঁতত
উজাই ভটিয়াই বঠা মাৰি মাৰি
বিছাৰি ফুৰিছো
হেৰুৱা সপোনৰ ঠিকনা

(৩)

এদিন কানিমুনি পৰত
গেজেপনি মৰা বাঁহনিডৰাৰ তলতে
তোমাক লগ পাইছিলো
তোমাৰ ওঁঠৰ ৰুমালেৰে মচি দিছিলা
মোৰ সমস্ত দুখ

জোনাক নিশাৰ কল্পনা --- টিপুল ৰাজবংশী

শৰতৰ কোনোবা এটা ধুনীয়া জোনাক নিশাত

তুমি যদি আমাৰ শেৱালী জোপাৰ তলত আহিলাহেতেন -—----

শেৱালীৰ সূৱাস আৰু জোনাকৰ ৰমান্তিকতাৰ

মাজত পৰি তুমি হয়তো নিজকে পাহৰি গ'লাহেতেন ৷

হয়তোবা --------

শৰতৰ মায়াবী জালত বন্দী হৈ তুমি

উজাৰি দিলাহেতেন তোমাৰ সমস্ত ভালপোৱা ৷

আৰু মোৰ হৃদয়ৰ উম লাগি তোমাৰ বুকু

হৈ পৰিলহেতেন মৰুভুমিৰ বালিৰ দৰে উমাল ৷

শৰতৰ কোনোবা এটা ধুনীয়া জোনাক নিশাত

তুমি যদি আমাৰ শেৱালী জোপাৰ তলত আহিলাহেতেন --—------- ৷

এখন বৰভোজ --- ধনঞ্জয় কুৰ্মী

কেইটামান কুকুৰৰ দল
খুৱা কামোৰা লাগিছে
নিচ্চ বুলি ভাৱে
এতিয়া
ভগৱান সাজি টানা-আঁজুৰা কৰিছে ।

চাৰিওফালে মাথোন এতিয়া ভূক ভূকনি । ।
তেওঁলোকৰ ষষ্ঠ ইন্দ্ৰীয় বৰ তাকত
তেওঁলোক দলবদ্ধ ধৰ্ষণ কৰিছে
স্বাধীনতা মানবতা
যেন বাকীবোৰ প্ৰাণী
তেওঁলোকৰ
জিভাৰ লেলাৱতী..

সপোনৰ চাকনৈয়া --- পলাশ প্ৰান্তিক

লাই হালে জালে ফুল চন্দন তুলসী
মাহ হালধীৰ কেঁচা গোন্ধই
মাতাল কৰে শিতানৰ গাৰু

শাওন-ভাদৰ বাৰিষাৰ মেটেকা ফুলে
শইচৰ পথাৰ হালধীয়া নকৰিলে
মাঘত সপোনে পাহি মেলিব

বিধিৰ বিধান কোনে খন্দাব
আকাশত মেঘবোৰে চেৰাপুঞ্জী হৈ
ফেপেৰি পাতিছে সপোনৰ প্ৰদেশত

গাঁৱবোৰ ক্ৰমশঃ
আশ্ৰয় লৈছে মাথাউৰিত
বাৰিষা গেলা পানী খাই
আই নৰীয়া পাটিত
ডাক্টৰ নাই,ঔষধ নাই
শ্মশানত এককাল এবুকু পানী
সপোনৰ চাকনৈয়াত সুখ হেৰুৱা দুখ

বানে কবৰ দিয়া
আহিনৰ বিষন্ন ওঁঠত
জীৱনৰ অভিনৱ কোচকাৱাজ

সপোন দুৰলৈ যা ........

প্ৰতাৰণা --- টিপুল ৰাজবংশী

কেতিয়াবা কৰবাত লগ পালে

তুমি ভুলতো নুসুধিবা কেনে আছা বুলি ৷

দৰকাৰ হ’লে দুৰৰ পৰা আঁতৰি যাবা

তথাপি নাহিবা মোৰ কাষত ৷

মোৰ ৰিক্ত হৃদয়ত এতিয়া কোনো ঠাই নাই

তোমাৰ সেই চলনাময়ী মিঠা মিঠা শব্দৰ টুকুৰাবোৰৰ ,

যিবোৰ টুকুৰাই নিজান পৰত এতিয়া মোক ভয় খুৱায় ৷

কেতিয়াবা লগ পালে ভুলতো নকবা

বাৰীৰ পিছফালে থকা বকুলজোপাৰ কথা ৷

সাতুৰি নাদুৰি একেলগে ডাঙৰ হোৱা

নৈ খনৰ কথাও নুসুধিবা ---৷

কাৰণ তোমাৰ সৈতে সজা সোপোনৰ বালিঘৰটো

এদিন তুমিয়ে ভাঙিছিলা ....

বহাগী --- শ্ৰী ভাস্কৰ জিৎ নাথ

কুলি জনীয়ে বাৰীৰ ধাপত বঢ়ি বহাগৰ গীত গাইছে,
তাইৰ মাতত মোৰ উৰুখা প্রজাত বহাগৰ সুগন্ধি বিয়পি পৰিছে । কিন্তু তাইতো
নাজানে প্রজাটোত বিহুৰ যা যোগাৰ কৰোতা কোনো নাই..
যান্ত্রনাই পুৱাই উঠি সদাই বৰগীত গাই ।
তাইতো নাযানে নিসংগতা, অমানিশা, প্রজাতোৰ একমাত্র লগৰীয়া,

সপোন দেখো মাজে মাজে মাজে,
বহাগৰ স্মৃতি যুগমীয়া কৰিম..
সুখ শান্তিৰ সমাহাৰে ব’হাগৰ কোঠাতি উজ্বলাই তুলিম, কিন্তু সাৰ পালেই
যাত্রা কৰো দিনযোৰা পৰিশ্রমৰ মাজেৰে সপোন বিচাৰি আন্ধাৰ দেশলৈ ।

ফাগুনটো উকা হৈ গ'ল,
তোমাৰ অপেক্ষাত ক্লান্ত কপৌফুলো যেন অপৈনত হৈ ৰল ।

এটায়ে সুৰুয এটায়ে পোহৰ --- জোন কলিতা

আছে আমাৰ
এটায়ে সুৰুয এটায়ে পোহৰ,
বিলাবলৈ ৰ’দ – কাঁচলি আমাক ৷
যি যোগাই ধৰণীক
সুপ্ত মগজু,
সেউজীয়া মন আমাৰ ৷

যি সচাঁ সদায়ে সচাঁ,
মিছা প্ৰলেপ সানি
কোনো নাভ নাই ৷
সুৰুযে দিব পোহৰ
সুৰুযক ঢাকি লাভ নাই ৷
ৰংচঙীয়া আচ্ছাদন বোৰ মছি পেলা সিহঁতৰ,
যি কৰে মিছাক সচাঁ সচাঁকো মিছা ৷
যি সজাই বেয়াক ভাল ভালক বেয়া ৷

কথা দিলো --- অৰুণাভ কুমাৰ নাথ

কথা দিলো মই পুনৰ উভতি আহিম
মোৰ প্ৰেমেৰে জীপাল কৰিম তোমাক
মোৰ অবৰ্তমানত মোৰ অনুভৱৰ সৈতে সংগোপনে থাকিবা তুমি
মোৰে শপত নাকান্দিবা তুমি,
নিৰন্তৰ নিৰৱিচ্ছিন্ন যাত্ৰাৰ অন্তত মই উভতি আহিম
কথা দিলো তোমাক

জীৱনৰ দ্বাৰা লাঞ্চিত হৈছো বহুবাৰ
তথাপিতো পৰাজয় স্বীকাৰ কৰা নাছিলো মই,
ব্ৰজ্ৰসম দৃঢ় সংকল্পৰে পাষাণৰ দৰে দৃঢ় হৈ
মই মোৰ জীৱন ইতিহাস নিৰ্মান কৰিব বিচাৰিছিলো
কাৰণ ময়েই মোৰ ঈশ্বৰ, ময়েই মোৰ গুৰু
আৰু ময়েই হৈ পৰিলো মোৰ ধ্বংসৰ কাৰণ ৷

নাৰী বিজ্ঞাপন জগতৰ সস্তীয়া সামগ্ৰী নহয় --- পলাশ প্ৰান্তিক

নদী আৰু নাৰী
এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ দৰে
নদীয়ে সভ্যতা গঢ়ে
নদীয়ে প্লাবিত কৰে দেশ চহৰ
সেইজীয়া পথাৰ

নাৰীয়ে সৃষ্টি কৰে সমাজ-পৰিয়াল
নাৰীৰ সামূহিক সস্নেহত
জীপাল হৈ পৰে
দেশৰ আৰ্থ সামাজিক ভেটি
নাৰীয়ে ধ্বংস কৰে টয় চহৰ
নাৰীৰ পৰকীয়া প্ৰেমত
নিঃশেষ হৈ পৰে সুখৰ সংসাৰ

বৈদিক যুগৰ পৰা বিশ্বয়ায়নলৈ
সকলো স্তৰতে
নাৰী লাঞ্চিতা বঞ্চিতা আৰু নিৰ্যাতিতা
নিজ পিতৃৰ হাতত ধৰ্ষিতা
নিজ কন্যা
দাইনী সন্দেহত
যৌতুকৰ আতিশাৰ্যত
পশুসুলভ দৃষ্টিৰে হত্যা কৰে নাৰীক

আধৰুৱা সোপোন --- টিপুল ৰাজবংশী

বাৰে বাৰে চেষ্টা কৰিয়ো

আঁকিব পৰা নাই তোমাৰ ছবিখন

মোৰ হৃদয়ৰ বাগিছাত ৷

মই আকিব পৰা নাই তোমাৰ

আধৰুৱা ছবিখন —-----

বাৰে বাৰে মই পিছলি পৰিছো

জীৱনৰ ওখৰা মখৰা পিছল বাটত ৷

তোমাক লৈ দেখা সোপোনবোৰ আজি

যেন ধুলি কনা হৈ বতাহত উৰি গৈ আছে ৷

তোমাৰ সৈতে সাজিব ধৰা সোপোনৰ

বালিঘৰটোও যেন লাহে লাহে ভাঙিব ধৰিছে ৷

জীৱন যাত্ৰাৰ মই যেন

এজন আধৰুৱা যাত্ৰী —

মই নাজানো মোৰ ঠিকনা

কি হব ৷

জীৱনৰ পোৱা নোপোৱাৰ বাটত

কেতিয়াবা যেন মই হেৰাই যাম অজস্ৰ ধুলিকনাৰ

তোমাক ভাল নোপোৱা হ’লেই সুখী হ’লো হেতেন মই --- ৰঞ্জিত নাথ

বিশ্বাস কৰা সাগৰিকা....

তোমাক ভাল নোপোৱা হলেই

সুখী হ’লো হেতেন মই

তোমাক ভাল পায়ে হেৰাই

পেলালো সকলো

“সুখ-দুখ-যন্ত্ৰ-যাতনা”

আনকি সকলোবোৰ কান্দোন.....

হেঁপাহৰ ৰামধেনু --- পলাশ প্ৰান্তিক

ক্লান্ত বিবৰ্ণ অস্হিৰ চিন্তা ভাৱনাত
চিগাৰেটৰ ধোঁৱাৰ দৰে কুন্দলি পকাই পকাই
শূন্যতে নিঃশেষ হৈ পৰে ভৰ যৌৱন

প্ৰাপ্তি অপ্ৰাপ্তি ক’লাজৰ খন্ডচিত্ৰত
অনুশোচনাৰ ছাই ৰঙি সপোনে
জীৱন যন্ত্ৰণাৰ চিতাৰ জুইত
ফনিস্কৰ পখীৰ নিচিনাকৈ
চট্ ফটাই মৰে

পৃথিবীত জীয়াই থকাৰ সপোনত
প্ৰত্যেকজনেই বিচাৰে
প্ৰেয়সীৰ মৰম ভালপোৱাৰ
আৰু অফুৰন্ত প্ৰেৰণা
কিন্তু,
কিমানজনৰ সুভাগ্যত উদয় হয়
হেঁপাহৰ ৰামধেনু !

তথাপিও মানুহে সপোন দেখে
সপোনৰ সোপানেদি পাৰ হৈ যাব বিচাৰে
জীৱনৰ আলি কেকুঁৰি !!

তোমাৰ স্মৃতি --- চন্দন কুমাৰ গগৈ

বহু দিন হ’ল তুমি আতৰি যোৱাৰ

মনত বাৰু পৰেনে এতিয়া মোক

তুমি আৰু মই কটোৱা নিবাড় ক্ষণবোৰ

কেতিয়াবা…

শৰতৰ সুবাসৰ সৈতে আহিছিলা তুমি

মৰম ল’বলৈ – মৰম দিবলৈ,

তোমাৰ ওঁঠে ৰ্স্পশ কৰিছিল মোক

সেই নিশাৰ সাক্ষী আছিল

শৰতৰ পুৰ্ণিমা ৰাতিৰ জুনটো ।

জুনৰ মায়বি পোহৰ বোৰ যে

ছিটিকি পৰিছিল –

তোমাৰ গালে – মুখে ।

মনলৈ বাৰু আহেনে তোমাৰ

তৰা ফুলা নিজম নিশা

তোমাৰ উমাল উশাহত উজ্জীবিত হোৱা

সেই সোনোৱালী দিনৰ কথা ।

বহু দিন হ’ল তুমি আতৰি যোৱা

এতিয়া আকৌ নাহা ওলতি

মোৰ পৰা বহু পৰিক্ৰমাৰ অন্ততহে

কাঁইটেৰে আৱৰা হৃদয় --- পলাশ প্ৰান্তিক

বুকুত আলফুলে শুই থকা
গোলাপৰ কলিটিয়ে
কেকটাছ হৈ ফুলিব
সেই কথা কোনো দিন কল্পনাই
কৰা নাছিলো

এতিয়া,
ইচ্ছা থাকিলেও চুব নোৱাৰো
কাঁইটেৰে আৱৰা হৃদয়

হৃদয় হেৰুৱাৰ দুখত
শোকৰ কামিজটো পিন্ধি
গোলাপ দেশৰ পৰা আঁতৰি আহো
দুৰলৈ,বহু দুৰলৈ .........

নৈশব্দৰ হুমুনিয়াত
ক্ষন্তেক ৰৈ
ষ্মৃতিৰ পাতত লিখিছো
ৰামধেনুতকৈ ধুমুহাই ভাল
পোহৰতকৈ এন্ধাৰে ভাল

যি প্ৰয়োজন --- ধনঞ্জয় কুৰ্মী

কবি বন্ধু এজনক সুধিছিলো.....
কবিতা লিখিবৰ বাবে
কি কি লাগে
কিহৰ প্ৰয়োজন হয় । । । ।

হীমপ্ৰিয়া.....
কি আচৰিত,
তুমিতো
দুখ দিয়াই
তুমিতো
হিয়াত মোৰ যন্ত্ৰণা সানাই,

আৰু
তুমিতো
মৰমৰে মৰমো বুলাই দিয়া
দুচকুত.....

হীমপ্ৰিয়া
তুমিয়েইচোন মোৰ প্ৰেম ।।।

ব'হাগৰ প্ৰথমজাক বৰষুণ --- জোন কলিতা

তোমাৰ ভৰা যৌৱনত আপ্লুত মোৰ হিয়াঁ,

অবিৰাম গতিত বৈ আছে মোৰ দেহৰ তেজৰ কণিকা ৷

তোমাৰ ভৰা দুগালত মই অনুভৱ কৰিছোঁ,

অংকুৰণ মোৰ হেজাৰ চুমা ৷

সিৰা ধমনীত তোমাৰেই স্পন্দন,

হিয়াঁৰ মণিকোঠাত মোৰ তোমাৰ বাতাবৰণ ৷

চলন্ত মোৰ হ'ৰমন নলিকা,

চিৰ প্ৰবাহ মান মোৰ ৰক্ত শিখা ৷

ঘনীভূত তোমাৰ আৱাহন,

উৰন্ত মনত তোমাৰেই আলোড়ন ৷

প্ৰেমৰ আচল উৰুৱাই , আউলি - বাউলি তোমাৰ ভিজা চুলি ,

সমীৰো হ'ল বলিয়া, তোমাৰ সংগ লাগি ৷

তগৰ ফুলাৰ বতৰত তোমাক মাতো,

প্ৰথম প্ৰেমৰ পোহৰত গান গাবলৈ ৷

বুকুৰ পৰা সেই সময়ত কলিজাটো সোলকাই,

সাঁকো --- পলাশ প্ৰান্তিক

এখন নৈত
এডাল বাঁহৰ সাঁকোৱে
সমন্বয় গঢ়ে
ইপাৰ-সিপাৰৰ মাজত

সাঁকোৱে দুখ কমাই
সাঁকোৱে সুখ বঢ়াই
সাঁকোৱে প্ৰেৰণা দিয়ে
সময়ৰ শৰ সময়ত মাৰিবলৈ

সাঁকোৱে নিবিছাৰে জাতি
সাঁকোৱে নুবুজে ভাষা
মাথোঁ জানে –
ঐক্য,শান্তি,বিশ্ব,ভাতৃত্ববোধ
কৃষ্টি-সংস্কৃতি,ঐতিহ্য পৰম্পৰা

আহক, আমি সকলোৱে মিলি
এডাল সাঁকো হৈ
প্ৰীতিৰ চানেকী দাঙি ধৰো
সুন্দৰৰ পৃথিৱীত !

এটি নষ্টালজিক কবিতা --- ৰঞ্জিত নাথ

আজি ৰাতি খুলি ৰাখিবি

তোৰ হৃদয়ৰ সমস্ত

দুৱাৰ খিৰিকি বোৰ ...

মই মাতাল হৈ

চিলিং বগাই

তোৰ বুকুৰ পিৰালীত

খোজ পেলাম...

তাৰ পাছত

বুকুত বুকু থৈ

ওঠত ওঠ লগায়

গোপনে কথা পাতিম

তোৰ সৈতে

বুকুৰ মেটমৰা আৱাৰণ খুলি

পান কৰিম তোৰ হৃদয়

আৰু তাৰ পাছত

উজাগৰে কটাম

হাজাৰটা নিঃসংগ ৰাতি ।।

-----------------------------

( মোৰ কবিতা ভালপোৱা 'নষ্টালজিক' প্রেমিকাৰ হাতত ......@ ৰঞ্জিত নাথ )

মৰমৰ এটি চুমা --- পলাশ প্ৰান্তিক

তুমি মোলৈ ফোন নকৰিবা
মন গ’লে চিঠি এখন লিখিবা
চিঠিৰ খামত পঠিয়াবা
আচুঁ সূতা গামোচা
কেতেকী চৰাইৰ মাত
উষ্ণ স্তনৰ সুখৰ অনুভূতি

তোমাৰ চিঠি পালে মইয়ো লিখিম
মৰমৰ –
মন ফাগুণত প্ৰথম মেঘৰ মাদল বাজিছে
ৰঙা মদাৰৰ ডালত কলিজা ৰঙা কৰি
নিৰস পথাৰখন হৈ পৰিছে
হেঁপাহৰ পালতৰা নাও

তুমি চাগে মোৰ চিঠিখন পালে
পছোৱা বতাহ এচাতি হৈ আহিবা
মইয়ো তোমাৰ অপেক্ষাত
খিৰিকীখুলি ৰৈ থাকিম
উৰে ৰাতি গোলাপৰ বাগিচা এখন
বুকুত সাৱতি আমি দুয়ো শুই থাকিম
মন গ’লে এপাহ এপাহকৈ খুলিম
ৰজনীগন্ধা ফুলৰ পাহি

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,189
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,805
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:994
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,084
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:310
শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:1,555