কবিতা

 
 

আমি বেকাৰ ল'ৰাবোৰ একো একোজন গুণ্ডা এই ভদ্ৰ সমাজৰ চকুত । পেট্ৰল-ডিজেলৰ দাম বৃদ্ধি বিদ্যুতৰ মাচুল বৃদ্ধি সাধাৰণ মানুহক হাৰাশাস্তিৰ ফলত আহ্বান কৰা অসম বন্ধৰ বাবে আমি বেকাৰ ল'ৰাবোৰ গুণ্ডা চৰকাৰ আৰু প্ৰশাসনৰ চকুত । ধুনীয়া ছোৱালীক প্ৰপোচ কৰাই আমাৰ নিচিনা বেকাৰ ল'ৰাবোৰৰ কাম সেইবাবে আমি গুণ্ডা ছোৱালীহঁতৰ দেউতাৰ চকুত , পকেট খালি হ’লে দামী উপহাৰ দিব নোৱাৰিলে DSLR আৰু বুলেট নথকা হ'লে আমিবোৰ হৈ পৰো অসভ্য ল'ৰা ছোৱালীহঁতৰ চকুত । আন্দোলন কৰিলে কমিউনিষ্ট সমালোচনা কৰিলে বিৰোধী , আমি বেকাৰ ল'ৰাবোৰ প্ৰতিদিনে একো একোটা নতুন পদ পাইয়ে থাকোঁ । তথাপি কিয়বা ভাল লাগে গুণ্ডা হ’বলৈ দুৰ্নীতি দেখিলে প্ৰতিবাদ কৰিবলৈ, সৰু সৰু কথাত দীঘলীপুখুৰী কপাবলৈ , ভাল লাগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছোৱালীৰ লগত প্ৰেম কৰিবলৈ , ভাল লাগে নেহৰু পাৰ্কত তাইৰ লগত সন্ধিয়া কট.........

   December 31, 2017
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 

পৰেনে মনত আঁহতগুৰি ঘাটলৈ পুৱাৰ পৰা গধূলিলৈ ব'ঠাৰ মাৰি মাৰি গোৱা হলঘৰ ককাই গীতৰ সুৰটিলৈ অপেক্ষা কৰিছিল তেওঁৰ সৈতে বহু নাৱৰীয়াই ভাল এটি দিন অহালৈ....... . লগ হৈছিলো আমি সমনীয়াৰ স'তে হাতত কিতাপ ফলি লৈ সেই নৈ ঘাটতে অপেক্ষা কৰিছিলো লগতে ইপাৰৰ পৰা অহা নাওঁখনিলৈ..... . নৈ ঘাটৰ মুকলি পথাৰত কুট-কুট কাবাদী চুৱা-চুই খেলিবলৈ আমি অপেক্ষা কৰিছিলো একেলগে দেওবাৰ দিনটো অহালে.......... . এদিন তেওঁ সেই ঘাটে পাৰ হৈ গ'লাগৈ চাইছিলো নিৰলে তেওঁলৈ বহু কথা থাকি গ'ল কবলৈ সাবটি আছোঁ প্ৰতিচ্ছবি এখন হৃদয়ত আঁকিলৈ . সেই নৈৰ ঘাট আজি হেৰাই গ'ল নকৰে অপেক্ষা কোনেওঁ এখন পকি দলং হ'ল ডাঙৰ আঁহতজোপাও নৈ সোঁতত উটি গ'ল মাথোঁ অতীত বোৰ স্মৃতি হৈ ৰ'ল...... . এতিয়া মই নিসংগ ভাৱে প্ৰতিটো পুৱা গধূলি নৈ ঘাটতে অপেক্ষাত বহো মাথোঁ তেওঁ অহাঁলৈ...।। .........

   December 23, 2017
 
 
 

কথাৰ মাজতে সুধিছিলা হঠাৎ 'জীৱনটো কিয় ইমান বিষময় ?' যি আছিল অপ্ৰত্যাশিত প্ৰেমালাপৰ মাজত ! মই কৈছিলো, ' আমিয়েইতো বিষ ৷ জীৱনক দোষীছা কিয় ?' এজাক নীৰৱতাই পৰশি গ'ল এই মাত্ৰ........... তুমি কৈছিলা, ' তোমাৰ পৰা মই সদুত্তৰ নাপাওঁ, কিয় ইমান বেকাঁ তোমাৰ কথাবোৰ ?' 'আমিয়েই বেকাঁ....... মোক দোষী লাভ কি ?' ----মোৰ স্বভাৱ সুলভ উত্তৰ, যি তোমাৰ প্ৰত্যাশিত ৷ 'তথাপিও তুমি পোন হৈ থকাৰ অভিনয় কৰা ৷ কিন্তু..... কিয়......?' 'এইয়া মুদ্ৰা দোষ'---মই ক'লো ৷ 'মুদ্ৰা দোষ...? কেৱল তোমাৰেই কিয় ? আন কাৰোবাৰো তো থাকিব পাৰে ?' 'মই কোৱা নাই যে মোৰেই কেৱল......' তুমি সুধিছিলা... 'তেন্তে কেনেকৈ ধৰি ল'লা সেইয়া যে মুদ্ৰা দোষ ? অন্য কিবাও তো হ'ব পাৰে.....' মই কৈছিলো.... 'ইয়াৰ অভিনয় ইমান নিখুত যে ধৰিব নোৱাৰি; প্ৰকৃতত সেইয়া কি ? অভিনয় কৰোঁতে কৰোঁতে ই স্বভাৱৰ ৰূপ পালে !' 'এনেকুৱা হ'বই নোৱাৰে',.. তুমি চিঞঁৰি উঠিছিলা ৷ .........

   December 22, 2017
 
 
 
 

তেতিয়া নৱেম্বৰ মাহ শাৰদীয় বতৰ ৰুণজুন ৰুণজুন সপোনৰ মহা আয়োজন শিমলু হৈ উৰিছিল ছোৱালীজনী ফাগুনৰ ৰঙ তাইৰ দুচকুত মুখত হাঁহিৰ নিজৰা নিৰৱধি অনামী পছোৱাৰ ঢৌত চিৎ পখিলী হৈ বাৰে বাৰে পৰিছিল মোৰ সপ্নৰ নিলিম উদ্যানত তাই মোক ভালপাইছিল নেকি ? উহ! অসহ্য যন্ত্ৰণা অংকৰ স্নাতক হোৱাৰ পিছতো জীৱনৰ ক্ষুদ্ৰ অংকত ব্যৰ্থ কি হ’ল কলেজত নোযোৱা সময় হ’লেই দেখোন উচপ খাই উঠো ভাৱনা জগতৰ পৰা তাই বাৰু কিয় ভাৱে ইমানেই মোৰ কথা আ-চ-ল-তে তাই মোক ভালপায় ওহোঁ ! নহয় তাই বাৰু কিয় ভালপাব মোক মোৰ দেখোন একোৱেই নাই জুই জ্বলিছে যৌৱনৰ জুই ফাগুনৰূপী তাইৰ দুচকুৱে তাকেই কৈছে কি ? হ’বও পাৰে হ’বও পাৰে তাই মোক ভালপাইছিল নেকি অংকৰ স্নাতক হৃদয় মোৰ এতিয়াও কিন্তু নিমাত । .........

   December 21, 2017
 
 
 

Pages

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা