কবিতা

দুখ-২ --- জগদীশ কলিতা

আকৌ সোমাই আহিছে তুমি দি যোৱা দুখবোৰ
নিৰলে মোৰ মনৰ কোঠালিত ৷

নিষ্ঠুৰ সময়ৰ সংগীহীনতাত
দুখক যে কৰিব নোৱাৰি সংগী ৷

নতুনকৈ সজাব খোজা মনৰ কোঠাটো
ভাঙিব নোৱাৰি আকৌ দুখৰ ধুমুহাৰে ৷

ডাইনী --- কিশোৰ বড়ো

মাজৰাতি গাওঁখনৰ আকাশত জোনহৈ জ্বলে

এটা গুজব

(যিটো গুজবটোকে জোন বুলি ভাবে)

মানুহবোৰৰ মুখে মুখে বাগৰি আহে

গুজবটো হয়হি গগন ফালি যোৱা আৰ্তনাদ

যাৰ মন্ত্ৰৰ শব্দত গধুৰহৈ পৰা বুলি ভাবে

গাওঁৰ বুকুৰ বতাহ,গাওঁৰ শ্বাসৰুদ্ধতা

যিয়ে উৰি উৰি জপিয়াই জপিয়াই যায় চুলি মেলি

কেতিয়াবা অকল মূৰটো ঘূৰি ফুৰে এন্ধাৰৰ আবৰণ ফালি

(সন্দেহবশতঃ )

গভীৰ ৰাতিটো বেছি জয়াল কৰি মেলি দিয়ে

অচিন বেমাৰৰ ভয়ংকৰ সুঁতি

অন্ধবিশ্বাসৰ হাতত ধৰি গুছি যায়

অচিন এন্ধাৰৰ বাট

বাটে ঘাটে বাজে তেজৰ কৰুণ বাঁহী

দুখ চাব বিচাৰে যদি আহিব'চোন মোৰ চুবুৰিলৈ --- দাদুল ভূঞা

দুখ চাব বিচাৰে যদি আহিবচোন মোৰ চুবুৰিলৈ । তাত জোনাক নানামে, জোনাকৰ ৰাতি ।

শুকুলা মেঘবোৰ আকাশৰ মোহনাত কলীয়া মেঘ হৈ ডোলে । সকলো দুখী মানুহ তাত জীয়াই থাকে। সুখী মানুহৰ অভাৱ।

কাতিৰ কঙালি পোচাকজোৰো আঘোণত খুলি থব নোৱাৰে তেওঁলোকে ।

উদং ভঁৰালত শূন্যতাৰ অবলোকন কপালৰ ঘাম সৰা মাটি অথলে গ'ল আপদীয়া বানত ।

এইবেলি ভোগালী পথাৰত নাসাজিলে ভেলাঘৰ নজ্বলিল ওখ ওখ মেজি ।

সকলোৱে কান্দিলে ভোগালী ৰাতি আনন্দৰ ভোগালী হ'লগৈ দুখৰ । তেওঁলোকে শুকান পথাৰ খনলৈকে নিথৰ হৈ চাই থাকিল উৰুকা নিশা সকলো একেলগে তিতিলে দুখত ।

তগৰ --- কিশোৰ কুমাৰ গগৈ

সুবিমল সৌৰভৰ

সূগন্ধিত তগৰ ফুলে।

তোমাৰ আমাৰ মন

জুৰাই তোলে।।

ব্যাপিত জ্যোস্নাৰ

ৰাত্ৰি তগৰৰ সুৱাসত।

উপবন জকমকায়

ফুলিছে শুভ্ৰ তগৰ দুৰ্গন্ধ আতৰায়।।

আতৰাই দুখ ক্লেশ পৃথিৱীৰ

ফুলিছে নিবোল নিৰ্মল তমসাত।

আমোল মোলাইছে চৰাচৰ

সদানন্দ মনে কাল তমসাত।।

ব্যৱহৃত হৈছে তগৰ

নৱ-বৰষৰ পূন্য পূজ্যত।

লগতে কৰিছে শুৱনি

কলডিলীয়া বহাগী ৰমণীৰ খোপাত।।

অন্তত মোলান পৰিছে পুষ্প তগৰ

সমাপ্তিও ঘটিছে শ্যামলী কালৰ।

নোহোৱা হৈছে সুবিমল সৌৰভৰ

সুগন্ধই সুগন্ধিত ফুল তগৰৰ ।।

প্ৰিয়া --- বিপুল চন্দ্ৰ আৰ্য্য

মোৰ হিয়াৰ মাজত

তাইৰে প্রতিচ্ছবি,

তেজৰ মঙহে মঙহে

হাড়ে হিমজুবে

মাথো তাই ।

স্বর্গৰ পৰা মর্তলৈ যেন

তাই মোৰেই বাবেই আহিছে,

আকাশ নীলা দুচকু,

অন্তৰ তাইৰ সাগৰ গভীৰ ।

মুখমণ্ডল পূণীমাৰ জোন ,

চকুৰ চেলাউৰী ৰামধেনু ,

দাঁতবোৰ দালিম গুটি ।

হাঁহিত সৰগখন ভাগি পৰে,

মাতত অমৃত বৰষে ,

ব্যৱহাৰত অমায়িক

শুখ দুখৰ লগৰী ।

জনমে জনমে যেন

তাকেই পাঁও ।

প্রতিটো কামতে হয়ভৰ দিয়ে

প্রেৰণা উচ্ছা উদ্দীপনা দি

মোৰ জীবনটো কটায় ।

মাথো মৰম-ভালপোৱা ।

জোনাকী --- মৃণালৰাজ কলিতা

জোনাকী তুমি ইমান উতলুৱা

একে ঠাইতে কিয় বাৰু নৰোৱা,

পচোৱাৰ লগত মিলিব খোজা

ক’ই দুয়ো-দুয়োৰে মনৰ বতৰা,

আকাশত জিলিকা তৰাৰ দৰে

তুমিয়ো জিলিকিব খোজা

বিৰিখৰ পাতে পাতে......

দিনৰ দিনটো থকা দুবৰিত বাগৰি

গধূলী হ’লেই অহা পথাৰ উপচি

তোমাক দেখিলেই মোৰ

উভতি আহে ল’ৰালি,

তোমাৰ লগত থকা

উমলি-জামলি ।

কোৱাচোন বাৰু

আজিওঁ উমলিবানে

হাতে হাত ধৰি

তোমালৈ ৰৈ আছো

মই নিশব্দে, নিৰৱে.........

হৃদয়ৰ হাবিয়াস --- মৃণালৰাজ কলিতা

হৃদয়ৰ হাবিয়াস
পৰ্ব্বতৰ শিখৰ
দূৰণীৰ মনোমহা ছবি,
সেমেকা ওঠত
জিলিকি উঠে
সপোন কাজলনৰঙী ।।

উজাগৰি ৰাতিৰ
স্নিগ্ধ সপোন
জোৱাৰৰ অতব্য ধবনি,
আলফুলীয়া দুহাত
বিলয়ৰ হেঁপাহ
ব্যাকুল হৃদয়-বাণী ।।

ওখৰা-মখৰা
কাঁইটীয়া বাট
খোজে প্রতি অসহায়ী,
পথভ্রষ্ট্য পথিক
সংগীবিহীন চগা
ব্যৰ্থ মন-অনুৰাগী ।।

প্রচন্দ ধুমুহা
নিঃসংগ আকাশ
ল’বানে জোনৰ ওৰণি,
একাজলি মৰমৰ
একাজলি চেনেহৰ
মাথোন তুমিয়েই শুভাকাংশী ।।

আহিন --- মৃদু জোনাক পয়োভৰ

নাগাজান অভিমুখী wingerৰ পৰা ,

এই মাত্ৰ নামিছে আহিন |

পৰ্দাপন কৰিছেহি,

বকুলৰ মজিয়াত |

দুচকুত sun glass

পিঠিত college bag

ডালিমগুটিয়া হাঁহিৰে যেন,

এটা ঝাকাছ ডেকা |

হাতত জলন্ত চিগাৰেট

ক্ৰমাত আগবাঢ়িছে বকুলৰ ভিতৰলৈ..

দুয়োকাষে বৰষিছে পাতল কুঁৱলীজাক..

পথাৰৰ সোণগুটিয়ে তাৰ আগমনত,

হেঁপাহেৰে মূৰ দাঙিছে

গছ লতা বিৰিখেও আনন্দত

হালিছে জালিছে...

মনত এহেজাৰ প্ৰশ্নৰে মইয়ো দৌৰিছো,

লগ পোৱাৰ হেঁপাহতে...

পূবৰ ধলফাটত বিলীন হল সি,

পাৰ হৈ গল বকুলৰ দেওনা...

বৰষুণ ভালপোৱা ছোৱালীজনীৰ নাম সূৰ্যমূখী --- কুমুদ কলিতা

সূৰ্যমূখী
তুমি মৃতদেহত দিব পাৰা জান,
কোচত লৈ ফুৰা পোহৰ,
সূৰ্যমূখী
তুমি কিয় ভালপোৱা সাগৰ ?
তোমাৰ হৃদয়তো সাজে নেকি প্ৰেম চৰাইয়ে ঘৰ,.!

মোক এখন আকাশ দিয়া,
পাৰা যদি দিয়া অলপ ৰ'দ,
তুমি বৰষুণ ভালপোৱা ছোৱালী
মোকো দিয়া তোমাৰ প্ৰিয় বৰষুণ
উটি যাওক মোৰ কলিজাৰ অসূখীয়া তেজৰ চেকুৰা..

সূৰ্যমূখী
তুমি যে সুধিছিলা
নদী হ'ব খুজিও কিয় হব নোৱাৰিলো ৰঙা, নীলা, হালধীয়া

এক জানুৱাৰীৰ বৰষুণ --- কিশোৰ বড়ো

ঘড়ীৰ কাটাৰে

কেলেণ্ডাৰৰ পাতেৰে

পাৰ হ’ল বাৰটা মাহ

প্রতিনিতে পলে-অনুপলে নৰ তেজেৰে

সময়ে জুৰুলি জুপুৰি হ’ল

চৌদিশৰ চুকে কোনে

নাৰী নিৰ্যাতন হত্যা ধৰ্ষণ চলিল

পদবীৰ বাবে নেতা পালিনেতাৰ খোৱা কামোৰা

বোম বাৰুদৰ তেজৰ অবৰ্ণনীয় খেল

এডোখৰ মাটিৰ বাবে

ভাইয়ে ভাতৃৰ তেজেৰে গা ধুলে

প্রকৃতিৰ বৰ্বৰ ধংসলীলা চলিল

ভেৰোণীয়া জাকৰ অত্যাচাৰত

ক’ত নৰ-নাৰী আবাল-বৃদ্ধ ঘূণীয়া হ’ল

বহু মাতৃৰ কোলা উদং হ’ল

কিমান শুনিবি আৰ্তজনৰ চিৎকাৰ

কিমান শুনিবি বুকু ভঙা ক্ৰন্দন

আহাঁ এক জানুৱাৰীৰ বৰষুণ

ছবি --- কিশোৰ বড়ো

কঁৱলীয়ে আৱৰা দুপৰীয়া এটাত

কঁপি থাকে আতংকিত হৃদয়বোৰ

বৰফতকৈওঁ শীতলতাৰ দুহাত মেলি

তৃষ্ণাতুৰ তেজাল শব্দ বাজি থাকে

আকাশৰ ৰশ্মিবোৰ হেৰায় আবেলিৰ হেঙুলীয়াত

দগ্ধ বাস্তৱৰ ৰং তুলিকাৰে

ইতিহাসৰ কেনভাছত গজে

ছবিৰ ওপৰত আন এটা ছবি ।

ঠিকনা --- সত্যম কুমাৰ চাহু

মোক বিছাৰি হাবাথুৰি নাখাবা

মোৰ সেই একেই ঠিকনা

যিদিনা তুমি মোক প্ৰথম লগ পাইছিলা

হয়তো এই খেলিমেলি পৃথিৱী খনৰ পৰা

কেতিয়াবা আতৰি জাবৰ মন যায়

কিন্ত্ত সকলোতে একেই

সেই একেই কৃ্ত্ৰিমতা,একেই জটিলতা

সৰলতা আৰু প্ৰবিত্ৰতাত ব্ৰতি হলে

সচাকৈয়ে কষ্ট হয় নেকি

এই মানুহ বোৰনো বাৰু

কেতিয়াৰ পৰা ইমান জটিলহৈ পৰিল

নিজকেই পাহৰি পেলাইছোন

স্বাৰ্থৰ পাছতনে, দূখৰ পাছত দৌৰে

কেতিয়াজে বুজি পাৱ

মিছা কথাৰে মিছা কথা লোকুৱাই

আৰু কিমান যন্ত্ৰনাত ছটফটাব

মই হেৰাই যোৱা নাই

মোৰ সেই একেই ঠিকনা

জীয়া মাছ --- দাদুল ভূঞা

পানী নাইকীয়া পুখুৰীত জীয়া মাছৰ
চটফটনী । দুখৰ পাৰত বহি চাই
আছো জীৱন ।

এনেদৰে আৰু কিমান দূৰ আগুৱাবি....!

সুখৰ পিয়লাত চুমক
দিবলৈ আছে জানো তোৰ লগৰী ?

পুখুৰীত পানী শুকাল,নদীখনৰ মৃত্যু
মৰুভূমিৰ বুকুত ।

এজাক ধাৰাসাৰ বৰষুণত তিতিলে পুখুৰীত
সুখ , নদীত নামিব বলীয়া ঢৌ।
মাছবোৰে ৰ'দৰ কাচলিত ক'মাব ।

দুখৰ পাৰত বহি তই চাই থাকিবি জীৱন ,
চকু পানীৰ উজান উঠিব ।

বিষাদৰ
বাগিছাত ফুলিব মদাৰ ।

শেতা পৰা কলিজাত বাহ লব কর্কট ।

তোক খুলি খুলি চুহি চুহি নিশেষ কৰিব;

পাখিমেলা সময়ে তোক আহি ৰিঙিয়াই
মাতিব ।

নিৰৱতা --- মুনমি ভট্টাচাৰ্য

হায় নিৰৱতা !

ক'ত হেৰাই গ'ল

তোৰ সেই স্নিগ্ধ সৰলতা ।

মনৰ পঁজাঘৰত নিৰলে

বিচৰণ কৰা মূহূৰ্তবোৰ

নিৰৱে আঁতৰি গ'ল ।

থাকি গ'ল মাথো

এমুঠি যন্ত্ৰণা,

যান্ত্ৰিকতাৰ ।

বেদনাৰ ধুমুহাই গাজিছে

ক্ৰংকিটৰ মাজত ।

নিসংগ- নিৰ্জন নিশাটিতো

দেখোন কোলাহল ।

মানৱ হত্যাৰ কিৰিলীৰ কোলাহল ।

হায় নিৰৱতা !

বিজ্ঞানৰ জোৱাৰৰ গৰাহত

তই দেখোন পৰাজিত

কোনেও তোক আৱিষ্কৃত নকৰে

নিৰৱতা ! তই সঁচাই দুৰ্ভগীয়া ।

উজাগৰি নিশাৰ কবিতা --- পল্লৱ কুমাৰ নাথ

বৰফৰ দৰে চেঁচা হৈ থাকে তাৰ মনটো

সি শুব নোৱাৰে ...

চকুদুটা মুদি ওপৰলৈ চাই শুই পৰে,

টোপনি নাহে, সি শুব নুৱাৰে !

তাৰ দুচকুৰ তন্দ্ৰাত ভাহি আহি সমস্ত সেউজীয়া !

সি খিৰিকীখন খুলি আকাশলৈ চাই

বোবা হৈ যায় তাই চাৱনি

হৃদয়খন কঁপি উঠে !

আকাশত জোনটোৱে জিলিকি থকে তৰাৰ মাজত

তাৰ এবাৰ চুই চাবলৈ মন যায় বুকুৰ আমঠু !

সি দুৱাৰখনলৈ চাই সপোনে টোকৰ দিয়াৰ আশাত !

সি আকৌ শুই পৰে

টোপনি নাহে, সি শুব নোৱাৰে !

সি মাথো ৰৈ থাকে

উজাগৰি কবিতাৰ ছন্দ মিলাই

এটা নতুন পুৱা লৈ বাট চাই !

বেদনা -- বিকাশ কলিতা

যেতিয়া হাঁহিব বিচাৰো

তেতিয়া কোনো বিষয় বিচাৰি নাপাও

কিহৰ বাবে হাঁহিম ।

প্রেমৰ জুই কেনেকৈ বাৰু নুমাব,

প্রেম বাৰু ইমান কিয় বিশাক্ত হয় ।

এই বিশাক্ত বেদনা পোৱাৰ বাবে

কাৰোবাক ভাল পাইছিলো নেকি.......???

কিয় বাৰু বুজি নাপায়লে তাই

কিহৰ বাবে ইমান ভাল পাইছিল,

কিয় ইমান মৰম দিছিলে

যাক এতিয়া ও পাহৰিব পৰা নাই

এই বিশাক্ত বেদনা লৈ

এতিয়াও জীয়াই আছো

তোমাৰ আশাত…….।

------------------------------------------------------------------------

বিপ্লৱ --- কিশোৰ বড়ো

পথাৰৰ বেনাৰত ঢৌমেলা সপোনৰ নৈ

সৰু সৰু আলিৰ মাজত গজি উঠে

আশাৰ বাতৰি কঢ়িয়াই

দুৰ্দিনৰ ৰাতিৰ পিছত বেলিটো সাৰ পায়

তেজে ধুই নিয়া বেদনাসিক্ত দিনবোৰত

যান্ত্ৰিকতাই উশাহ চেপি ধৰা সময়ত

বজ্রকঠিন হাতেৰে তুলি লয় নাঙল,কোৰ

উফৰাই পেলাবলে’ ভোকৰ শাসন

বিদ্রোহৰ জুইত কুণ্ডলী পকাই উৰে ধোঁৱা

ধোঁৱাবোৰ ডাৱৰহৈ আকাশ আৱৰে

তেওঁলোকেই দিয়ে হেৰোৱা আকাশখনৰ

এটা নতুন ঠিকনা

তেওঁলোকৰ বিপ্লৱৰ বাবে

মাটিয়ে পিন্ধে সেউজীয়া

সেউজীয়াৰ পৰা সোণালী

এসাজ নখোৱাৰ একতাৰ চানেকী

এতিয়া গোটেই পথাৰখনত

হালধীয়াৰ আচ্ছাদন

শিল আৰু শিল্প --- ৰাজীৱ কায়স্থ

নগৰবোৰ হেনো
প্ৰাক প্ৰাচীনতাৰ
খণ্ডিত, বিখণ্ডিত
শিল ।
_
এই শিলৰ টান
জৰায়ু বাটেৰে শিল্প
শৈলিকতাৰ জন্ম ।
_
শিলৰ হাতবোৰে
যেতিয়া শিলবোৰৰ
গুপ্তাংগ চাবলৈ
সিহঁতক উলংগ
কৰিছিল নৈশ
এন্ধাৰত;
_
ভগ্নস্তূপৰ ছাইৰঙী
পখিলাবোৰ জাকি
মাৰি উৰি গৈছিল
বুটা বছা
আকাশখনলৈ ।
_
পোহৰ নামৰ বহু
স্বপ্নই জোনাকত
জলকেলি কৰি কৰি
মোক মাতি আছিল
সিহঁতৰ সতে
উমলিবলৈ ।
_
অটোপনিৰ গবাক্ষ
মেলি মই চাই
আছিলো পাহাৰৰ
সেউজীয়া চুলি,

তোমাৰ বুকুৰ ছাঁত বুকু থৈ --- কিশোৰ বড়ো

কলেজ হোষ্টেলৰ চাদত বহি

তুমি ভালপোৱাৰ সেউজীয়া চুৱেটাৰ গুঠিবা

মই গোটেই মানুহজন হৈ যাম সেউজীয়া

তাৰপিছত…………..

তোমাৰ বুকুৰ ছাঁত বুকু থৈ

প্রাৰম্ভিম সেউজীয়া বিপ্লৱৰ আখৰা

জুইফুলেৰে ফুলি থকা পদূলি

কাউৰীয়ে খাপপিটি থকা বাট

কেৰ্কেটুৱাই কুটি খায় বুকুৰ বৰ্ধিত সপোনৰ তামোল

আপদীয়া বৰষুণে ধুই নিয়ে

নিবন্ধ বুকুৰ গজলীয়া আঘোণ

তোমাৰ বুকুৰ ছাঁত বুকু থৈ

মই পাৰ হ’ব বিছাৰো ভালপোৱাৰ জাহাজেৰে

দুৰ্দিনৰ হেলিস্পট সাগৰ

পানী অবিহনে দাবি কৰিব নোৱাৰে সাগৰে

তাৰ মায়াবী গভীৰতা

পথাৰে পানী অবিহনে পিন্ধিৱ নোৱাৰে

মোৰ হৃদয় --- ডিম্পল গগৈ

মোৰ হৃদয়ৰ মাজত আছে
এবুকুৰ মৰম ভালপোৱা
ৰাখিছো কেৱল তোমাৰ বাবে

মোৰ দুচকুৰ মাজত আছে
তোমাৰ হাঁহিৰ প্ৰতিচ্ছবি
মনত পৰে চিৰজীৱন চিৰদিন

মোৰ হৃদয়ত সিঁচি ৰাখিছা
তোমাৰ প্ৰেমৰ আলিংগনা
দান কৰিম হৃদয়ৰ ভাওনা
থাকিব তাত নিৰ্মল ভালপোৱা |

তেওঁ এটা গানৰ কথা কয় --- কিশোৰ বড়ো

মিঠা মিঠা কৰ্পূৰ ভাষেনেৰে

তেওঁ এটা গানৰ কথা কয়

আকাশত চাং পতাৰ প্রতিশ্রুতিৰ কথাৰে

বিষাক্ত সাপবোৰ ভেকুলীহৈ ওলায়

এশ টকাৰ মজুৰি দি আদায় কৰে

আগন্তুক ৰজা হোৱাৰ অভিনৱ কৌশল

তেওঁ সদায় এটা গানৰ কথা কয়

মাজে মাজে আমাৰ মিছিল

ৰাজপথত,খেলপথাৰত নাইবা ৰজাৰ চোতালত

তেওঁ গানটোৰ মাজেৰেই

বিলাই দিয়ে সূতা-কম্বল,তিনি টকীয়া চাউল

ক্ষোভবোৰ বিক্ষোভৰ পৰা

আলেঙে আলেঙে বাট কাটে

সোমাই পৰে এটা গণ্ডীত

তেওঁ সদায় এটা গানৰ কথা কয়

যি গানে আনে বিভৎসতাৰ বান

বানে উটুৱাই নিয়ে আঘোণী পথাৰৰ ধান ।

সেই ক'লা মানুহজন --- দাদুল ভূঞা

বৰ্ণ বৈষম্যবাদৰ অন্ত পেলাই সেই

ক'লা মানুহজন গ'ল,

তেওঁৰ বুকুত ভোকৰ স্বাধীনতা,

সমতা বিচাৰি দীৰ্ঘদিনীয়া কাৰাবাস ।

জনতাৰ হৈ নিগ্রোজনে আফ্রিকাত

চিঞৰি চিঞৰি কলে 'আমাক

সমতা লাগে,আমাক স্বাধীনতা লাগে,

বৰ্ণ বৈষম্যবাদৰ ওৰ পৰিব লাগে ?'

এদিন সেই সাহসী মানুহজন সফল হৈছিল ।

তেওঁৰ বুকুত তেওঁ বিচৰা স্বাধীনতা

ফুল হৈ ফুলিছিল ;

অন্ত হৈছিল ক'লা মানুহৰ দেশত বৰ্ণ

বৈষম্যবাদ ।

তেওঁৰ বিদায়ৰ পৰত কান্দিছে আফ্রিকাই,

জোহান্সবার্গ চহৰ ভাগি পৰিছে শোকত,

সমগ্র পৃথিবীয়ে জনাইছে শেষ শ্রদ্ধা তেওঁ

অমৰ হওক ।

তেওঁ মোৰ প্রিয় কবি --- কিশোৰ বড়ো

প্রখৰতকৈওঁ প্রখৰ ৰ’দ উপেক্ষা কৰি

তেওঁ লিখি যায় শব্দৰ শাৰী

(বুকু ভঙা কান্দোনৰ চকুপানী বুটলি)

ধাৰাষাৰতকৈওঁ ধাৰাষাৰ বৰষুণ নেওচি

তেওঁ ৰচি যায় মানবতাৰ চিম্ফনী

তেওঁৰ শব্দৰ শাৰীত নাচে দেওধনী নৃত্য

তেওঁৰ চিম্ফনীত চিফুঙৰ গুণ গুণ প্রতিধ্বনি,বুকুজুৰি

তেওঁ মোৰ প্রিয় কবি ।

মৰণকাতৰ চিঞৰ --- কিশোৰ বড়ো

লঠঙা গছডালত এটা কাউৰী

পানীৰ ওপৰেৰে বিয়পে মাত

পাহাৰৰ মূধচত মেঘৰ সমদল

গাওঁখনত বৰষুন পৰিছিল বৰদৈচিলাৰ স’তে

গছৰ ডাল ভঙাৰ শব্দ শুনিছো

এয়া জয়াল ৰাতিৰ গৰ্ভত

গুলিবিদ্ধ হৰিণাৰ মৰণকাতৰ চিঞৰ ।

অবিশ্বাস --- হীৰক জ্যোতি নাথ

তোমাক যিদিনা ভালপাম

সেইদিনা মোৰ মৃত্যু হ'ব

মোৰ মৃত্যু হ'ব তোমাৰ হৃদয়ত

এটি অসহ্য মৃত্যু যাতনাত

পৃথিৱীৰ সমষ্ট উপৰিভাগ

হালধীয়া পৰিব

আকাশে কান্দিব

চিনাকী শালিকীহালে নীড় হেৰাব

কিন্তু, তেওঁ সাৰে থাকিব

নীলকন্ঠৰ ৰূপত

তোমাক যিদিনা ভালপাম

সেইদিনা মোৰ মৃত্যু হ'ব ।।

ডিঙা বাই ভতিয়াই যাও তাইৰ দিগন্তলৈ --- আব্দুল কুদ্দুচ

তাইৰ দুচকুত স্বৰ্ণময় পৰ্বত
মই কোনোকালে দেখা নাই
দেখিছো কনা-শিমলুৱে আৱৰা
সেইজীয়া সমভূমি

আঁঠুলৈ মেখেলা কোচাই ঘূৰি ফুৰে তাই
সেউজীয়াৰ কোমল তলুৱাত
ৰূপোৱালী বগা গোৰোহাত লাগি আহে
গভীৰ ভাৱৰ কিছুমান শব্দ
আৰু শাৰী পাতি থিয় হয়__সেউজীয়া কবিতাত

তাইৰ এখন নৈ আছে য'ত
সদায় আবেলি সূৰ্য আহে-গা ধুবলৈ
আৰু গোটেই নিশা গা ধুৱে
ঘহি ঘহি গুচাই দিনৰ লেতেৰা
আকৌ ধলপুৱাতে উভতি আহে পূব আকাশলৈ

জাৰৰ এই দিনবোৰ --- বিপুল চন্দ্ৰ আৰ্য্য

জাৰৰ এই দিনবোৰত

দেখো হেজাৰ বিজাৰ স্বপ্ন

প্রিয়তমা আৰু মই

এক অবুজ বেদনা আৰু শিহৰণ ।

গা জিকাৰ খাই উঠে

কষ্ট আৰু যন্ত্রণাত

দিনবোৰ পুবায় ।

সিক্ষিত নিবনুবা আমি

চাকৰি বাকৰিৰ হাহাকাৰ,

বিচনেচত চৰম বেমেজালি ।

তাৰ মাজতে জীবনটো পাৰ হয়,

প্ৰেয়সীক চাই চাই

ৰঙীন স্বপ্নৰ মাজেৰে ।

দেশৰ যি অবস্হা

শোষণত প্রিতি প্ৰেম

নেতা আৰু মালীকবোৰ ।

তথাপিতো দেখো স্বপ্ন

জাৰ গুছি জহ হব

আমাৰ সপোনও বাস্তব হব

সোণালী ধানৰ পথাৰে জিলিকিব ।

মাথো চেষ্টা আৰু আশাৰে ।

স্তৱক --- কৰবী ফুকন নাথ

কেতিয়াবা কেতিয়াবা

জোনাক স্নাত মায়াবী নিশাত

নিঃসহ মন মোৰ

সপোন সপোন কুৱঁলী কুৱঁলী স্মৃতিৰ মাজত

ভাহেঁ হাহেঁ কথা পাতে

আকাশৰ মৌনতা সানি তোমাৰ কথা

মোৰ মনত পৰে ৷৷৷৷

ভোক --- কিশোৰ বড়ো

লহপহকৈ বাঢ়ি আহিছে ভোক

গোটেই নদীখনত প্ৰবাহিত শোক

পৰীক্ষা কৰা হয় তেজৰ ৰং

মৃত্যুৰ পৰীক্ষাগাৰত

জোখা হয় সতীত্বৰ ওজন

সম্ভোগৰ তুলাচনীত

এতিয়া গৰ্ভৱতী সময়

প্ৰসৱ কৰে ভোক আৰু শোক ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,805
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:994
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,084
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:310
শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:1,555