কবিতা

মোৰ হৃদয় --- ডিম্পল গগৈ

মোৰ হৃদয়ৰ মাজত আছে
এবুকুৰ মৰম ভালপোৱা
ৰাখিছো কেৱল তোমাৰ বাবে

মোৰ দুচকুৰ মাজত আছে
তোমাৰ হাঁহিৰ প্ৰতিচ্ছবি
মনত পৰে চিৰজীৱন চিৰদিন

মোৰ হৃদয়ত সিঁচি ৰাখিছা
তোমাৰ প্ৰেমৰ আলিংগনা
দান কৰিম হৃদয়ৰ ভাওনা
থাকিব তাত নিৰ্মল ভালপোৱা |

তেওঁ এটা গানৰ কথা কয় --- কিশোৰ বড়ো

মিঠা মিঠা কৰ্পূৰ ভাষেনেৰে

তেওঁ এটা গানৰ কথা কয়

আকাশত চাং পতাৰ প্রতিশ্রুতিৰ কথাৰে

বিষাক্ত সাপবোৰ ভেকুলীহৈ ওলায়

এশ টকাৰ মজুৰি দি আদায় কৰে

আগন্তুক ৰজা হোৱাৰ অভিনৱ কৌশল

তেওঁ সদায় এটা গানৰ কথা কয়

মাজে মাজে আমাৰ মিছিল

ৰাজপথত,খেলপথাৰত নাইবা ৰজাৰ চোতালত

তেওঁ গানটোৰ মাজেৰেই

বিলাই দিয়ে সূতা-কম্বল,তিনি টকীয়া চাউল

ক্ষোভবোৰ বিক্ষোভৰ পৰা

আলেঙে আলেঙে বাট কাটে

সোমাই পৰে এটা গণ্ডীত

তেওঁ সদায় এটা গানৰ কথা কয়

যি গানে আনে বিভৎসতাৰ বান

বানে উটুৱাই নিয়ে আঘোণী পথাৰৰ ধান ।

সেই ক'লা মানুহজন --- দাদুল ভূঞা

বৰ্ণ বৈষম্যবাদৰ অন্ত পেলাই সেই

ক'লা মানুহজন গ'ল,

তেওঁৰ বুকুত ভোকৰ স্বাধীনতা,

সমতা বিচাৰি দীৰ্ঘদিনীয়া কাৰাবাস ।

জনতাৰ হৈ নিগ্রোজনে আফ্রিকাত

চিঞৰি চিঞৰি কলে 'আমাক

সমতা লাগে,আমাক স্বাধীনতা লাগে,

বৰ্ণ বৈষম্যবাদৰ ওৰ পৰিব লাগে ?'

এদিন সেই সাহসী মানুহজন সফল হৈছিল ।

তেওঁৰ বুকুত তেওঁ বিচৰা স্বাধীনতা

ফুল হৈ ফুলিছিল ;

অন্ত হৈছিল ক'লা মানুহৰ দেশত বৰ্ণ

বৈষম্যবাদ ।

তেওঁৰ বিদায়ৰ পৰত কান্দিছে আফ্রিকাই,

জোহান্সবার্গ চহৰ ভাগি পৰিছে শোকত,

সমগ্র পৃথিবীয়ে জনাইছে শেষ শ্রদ্ধা তেওঁ

অমৰ হওক ।

তেওঁ মোৰ প্রিয় কবি --- কিশোৰ বড়ো

প্রখৰতকৈওঁ প্রখৰ ৰ’দ উপেক্ষা কৰি

তেওঁ লিখি যায় শব্দৰ শাৰী

(বুকু ভঙা কান্দোনৰ চকুপানী বুটলি)

ধাৰাষাৰতকৈওঁ ধাৰাষাৰ বৰষুণ নেওচি

তেওঁ ৰচি যায় মানবতাৰ চিম্ফনী

তেওঁৰ শব্দৰ শাৰীত নাচে দেওধনী নৃত্য

তেওঁৰ চিম্ফনীত চিফুঙৰ গুণ গুণ প্রতিধ্বনি,বুকুজুৰি

তেওঁ মোৰ প্রিয় কবি ।

মৰণকাতৰ চিঞৰ --- কিশোৰ বড়ো

লঠঙা গছডালত এটা কাউৰী

পানীৰ ওপৰেৰে বিয়পে মাত

পাহাৰৰ মূধচত মেঘৰ সমদল

গাওঁখনত বৰষুন পৰিছিল বৰদৈচিলাৰ স’তে

গছৰ ডাল ভঙাৰ শব্দ শুনিছো

এয়া জয়াল ৰাতিৰ গৰ্ভত

গুলিবিদ্ধ হৰিণাৰ মৰণকাতৰ চিঞৰ ।

অবিশ্বাস --- হীৰক জ্যোতি নাথ

তোমাক যিদিনা ভালপাম

সেইদিনা মোৰ মৃত্যু হ'ব

মোৰ মৃত্যু হ'ব তোমাৰ হৃদয়ত

এটি অসহ্য মৃত্যু যাতনাত

পৃথিৱীৰ সমষ্ট উপৰিভাগ

হালধীয়া পৰিব

আকাশে কান্দিব

চিনাকী শালিকীহালে নীড় হেৰাব

কিন্তু, তেওঁ সাৰে থাকিব

নীলকন্ঠৰ ৰূপত

তোমাক যিদিনা ভালপাম

সেইদিনা মোৰ মৃত্যু হ'ব ।।

ডিঙা বাই ভতিয়াই যাও তাইৰ দিগন্তলৈ --- আব্দুল কুদ্দুচ

তাইৰ দুচকুত স্বৰ্ণময় পৰ্বত
মই কোনোকালে দেখা নাই
দেখিছো কনা-শিমলুৱে আৱৰা
সেইজীয়া সমভূমি

আঁঠুলৈ মেখেলা কোচাই ঘূৰি ফুৰে তাই
সেউজীয়াৰ কোমল তলুৱাত
ৰূপোৱালী বগা গোৰোহাত লাগি আহে
গভীৰ ভাৱৰ কিছুমান শব্দ
আৰু শাৰী পাতি থিয় হয়__সেউজীয়া কবিতাত

তাইৰ এখন নৈ আছে য'ত
সদায় আবেলি সূৰ্য আহে-গা ধুবলৈ
আৰু গোটেই নিশা গা ধুৱে
ঘহি ঘহি গুচাই দিনৰ লেতেৰা
আকৌ ধলপুৱাতে উভতি আহে পূব আকাশলৈ

জাৰৰ এই দিনবোৰ --- বিপুল চন্দ্ৰ আৰ্য্য

জাৰৰ এই দিনবোৰত

দেখো হেজাৰ বিজাৰ স্বপ্ন

প্রিয়তমা আৰু মই

এক অবুজ বেদনা আৰু শিহৰণ ।

গা জিকাৰ খাই উঠে

কষ্ট আৰু যন্ত্রণাত

দিনবোৰ পুবায় ।

সিক্ষিত নিবনুবা আমি

চাকৰি বাকৰিৰ হাহাকাৰ,

বিচনেচত চৰম বেমেজালি ।

তাৰ মাজতে জীবনটো পাৰ হয়,

প্ৰেয়সীক চাই চাই

ৰঙীন স্বপ্নৰ মাজেৰে ।

দেশৰ যি অবস্হা

শোষণত প্রিতি প্ৰেম

নেতা আৰু মালীকবোৰ ।

তথাপিতো দেখো স্বপ্ন

জাৰ গুছি জহ হব

আমাৰ সপোনও বাস্তব হব

সোণালী ধানৰ পথাৰে জিলিকিব ।

মাথো চেষ্টা আৰু আশাৰে ।

স্তৱক --- কৰবী ফুকন নাথ

কেতিয়াবা কেতিয়াবা

জোনাক স্নাত মায়াবী নিশাত

নিঃসহ মন মোৰ

সপোন সপোন কুৱঁলী কুৱঁলী স্মৃতিৰ মাজত

ভাহেঁ হাহেঁ কথা পাতে

আকাশৰ মৌনতা সানি তোমাৰ কথা

মোৰ মনত পৰে ৷৷৷৷

ভোক --- কিশোৰ বড়ো

লহপহকৈ বাঢ়ি আহিছে ভোক

গোটেই নদীখনত প্ৰবাহিত শোক

পৰীক্ষা কৰা হয় তেজৰ ৰং

মৃত্যুৰ পৰীক্ষাগাৰত

জোখা হয় সতীত্বৰ ওজন

সম্ভোগৰ তুলাচনীত

এতিয়া গৰ্ভৱতী সময়

প্ৰসৱ কৰে ভোক আৰু শোক ।

বিভাজন --- কিশোৰ বড়ো

অনেক প্রজাতিৰ মাছ

পুঠি,খলিহনা,শিঙি,বৰালী,কাৱৈ……

মাছেই মাছৰ অধিকাৰ আজুৰে,কৰে প্রতাৰণা

মাছেই মাছৰ জীৱনলৈ নমায় ঘোৰ অন্ধকাৰ

মাছৰো আছে ৰজা,নেতা-পালিনেতা

সুকীয়া পানীৰ সামাজ্যৰ দাবীত কঁপে পানীৰ আকাশ

নতুবা মুখৰিত জিন্দাবাদ-মুৰ্দবাদ ধ্বনি

বন্ধত স্তব্ধ প্রবাহিত পানীৰ গতি

যিমানেই সুকীয়া পানীৰ সামাজ্যৰ দাবীত মত্ত্ব নহওঁক

পানীৰ দেশতেই মাছৰ জীৱন ।

কলচি লৈ থমকি ৰ'ব তাই --- আব্দুল কুদ্দুচ

বহুতেই কয় মই হেনো চিপচ

দৰাচলতে মই চিপচ নহয় - দৰিদ্ৰ

তৰপে তৰপে দেহত দৰিদ্ৰতাৰ ধোঁৱাবৰণীয়া মলি

ভাবো বৰষুণ এজাক আহি ধুই নিব মলিনতা

সেউজীয়া হ'ব দেহ

বুকুৰে বৈ যাব সেউজীয়া নৈ

সুখৰ কোলাহলত কলচি লৈ থমকি ৰ'ব তাই

সেউজীয়া ঘাটত

কিন্তু বৰষুণ অহা নাই এতিয়ালৈ

হাল লৈ খেতিয়ক ৰৈ আছে সেউজীয়া হোৱা নাই মাটি

সেউজীয়া হোৱা নাই মোৰ দেহ |

একান্ন --- আব্দুল কুদ্দুচ

তাই পাগলী
মই পাগল
একান্ন

আনেকৰ ভিতৰত এটা
অমিল
পৰিয়াল

এইবেলি দুয়োৱে এজুপি ফুলগছ ৰোৱাৰ কথা
ফুলবোৰ এইৰূপে নুফুলিলে হয়!

বিষাদ --- বিপুল চন্দ্ৰ আৰ্য্য

যৌবনৰ দুবাৰত তাই
প্রেমত জিকিলে
ৰঙীন সপোন আৰু আশা
নিমিষতে হেৰালে ।
এতিয়া তাইৰ ভৰ বাৰিষা
আহুকাল আৰু ভবিষ্যতৰ সপোনে,
হানি-খুচি থাকে, মাথো দিয়ে জ্বালা যন্ত্রনা, দুখ, চকুলো ।
সৈদিনাৰ বিষ্ফৰণত তাইৰ
মানুহজন আৰু ঘুৰি নাহিল,
চাৰিয়পিনে অৰাজকতা আৰু আন্ধাকাৰ ।
কেবল লুণ্ঠন, হত্যা, অপহৰণ
এইবোৰ কোনে আৰু কিয় কৰে,.?
স্বাধীন দেশ হইয়ো আমি পৰাধীন ।
নিৰাপত্তাৰ নামত পাওঁ কি..?
অনুগ্রহ কৰি এইবোৰ বন্ধ কৰা,
শান্তিত থাকি আমাকো শান্তিত থাকিব দিয়া ।
ৰাইজ চকু মেলি সজাগ হোবা,
অন্যায়-অচাৰৰ বিৰুদ্বে জুযা ।

নিচা --- কিশোৰ বড়ো

সুস্থ মানুহ মানেই নিচাসক্ত

নিচাৰ একুৱাৰিয়ামত সকলো বন্দী

নিচাৰ কাৰণে এই ঘৰ,এই ফুলনি

নিচাৰ কাৰণে এই গাড়ী,এই বিচনা

নিচাৰ কাৰণেই ঘৰৰ আচবাববোৰ

নদীবোৰো নিচাসক্ত বাবে বৈ যায় নিৰন্তৰ

খেতিয়কৰ নিচাৰ বাবে পথাৰ সেউজীয়া

গছবোৰো নিচাসক্ত বাবে আকাশ ধীয়ায়

নিচা ,নিচা ,নিচা

বিথোভেনৰ অমৰ চিম্ফনী

তাজমহল,দ্যা ডিভাইন কমেডী

সকলো সৃষ্টি নিচাৰ গণ্ডীৰ পৰা

কোনোৱে ক’ব নোৱাৰে নিচা জীৱনৰ সুদূৰ পৰাহত

ধৰ্মৰ উত্থান-পতন,দ্বন্দ-খৰিয়াল,ধনী-দুখীয়া

আফগানিস্থান,ইৰাক,হিৰোচিমা-নগাচাকি

বিৰক্তিৰ আৰ্তৰাও --- আব্দুল কুদ্দুচ

দূৰৈৰ পৰা দেখিছো কিশোৰীৰ আধালিকা শৰীৰ,

অপৈনত চকুহালত ধূৰ্ত নৰকংকালৰ প্ৰতাৰণা,

দুখৰ কান্দোনত নিগৰি সমাপ্ত হৈছে চকুলো,

আশ্ৰিতা জোনৰ বোকোচাও আজি ভাৰসাহীন,

শব্দবোৰে জোনাক পোৱা নাই।

বৰ ব্যস্ত আজি বতাহজাক দুখৰ সমুদ্ৰলৈকে,

ঈশ্বৰৰ নাম সুঁৱৰি তাইৰ আজি বিৰক্তিৰ আৰ্তৰাও।

ডি.এন.এ. --- ৰাজীৱ কায়স্থ

সেই আৰণ্যিক পথটো কৃষ্ণাংগ জালত ওলমি আছিল বাদুলি এটাৰ টোপনিৰ দৰে....

নেদেখি নমনি মাথোঁ অনুভৱ হয় তাত যে এটা পথ আছে কজলা আঁচলক সাবটি ।।

প্ৰাচীন মানুহ এজন ৰৈ আছিল তাত নামহীন উপাধিহীন ধৰ্মহীন জাতিহীন

ঠিক পথটোৰ দাঁতিত মানুহজন আৰু হাতত দুছটা শিল....

শিলৰ সহবাসত হালধীয়া ভ্ৰুণঃ
"জুই" ।

জুই পোহৰি গুহা, গুহা পোহৰি সভ্যতা তেজত তেজ সী
ডি.এন.এ. সম্প্ৰসাৰিত সভ্যতা ।

নাম আৰু
উপাধিযুক্ত জাতি আৰু ধৰ্মযুক্ত
সকলো বিভক্ত এতিয়া ।

অসুস্থ ডি.এন.এ. বোৰ মোৰ চহৰৰ
বহুধা ব্যাধি....!

উৰুঙা সন্ধিয়া --- আব্দুল কুদ্দুচ

নল-বাঁহনি ডৰা পাৰ হৈয়েই কেঁকুৰিটো
তাত এদিন মোৰ শৈশৱৰ সন্ধিয়াবোৰ সৰি পৰিছিল,
প্ৰেম গজাঁলি মেলিছিল,
কান্ধত জোলোঙা ওলমাই বৰাগী ককাই
আহি ৰৈছিলহি তাত,
তেওঁৰ পিছে পিছে বতহিয়া এন্ধাৰ ।

প্ৰতিদিনাই তেওঁ বাটকুৰি বাই লৈ আনিছিল
এন্ধাৰবোৰ আৰু বন্দৱস্ত কৰিছিল নিশাবোৰ
গাওঁবাসীৰ সতে ।
এতিয়া তাত উৰুঙা উৰুঙা প্ৰতিটো সন্ধিয়া,
উকা কেঁকুৰিটো দেখিলেই বুকুৰে চুঁচৰি যায় বিষাদ এপিয়লা ।

তাই --- আব্দুল কুদ্দুচ

নল সাগৰিৰ বুকুৰে বগুৱা বাই সুখ

তাই নৈ ঘাটলৈ যায়

নল সাগৰি কপাই

বুকুত মেঠনি

ককাঁলতবকৰধনি

ওঁঠত লৈ যায় এটি মৌ বৰষা হাঁহি

তাইৰ মৃতসঞ্জীৱনী ৰূপত

উচাট মাৰি সাৰ পাই

তাহানিৰ মূৰ্ছিত সপোন

কিযে ৰূপৱতী পট্টমহিষী তাই...

সীমাৰেখা --- ৰাজীৱ কায়স্থ

এইফালে এডাল সীমাৰেখা আছে দৃশ্যপটৰ দলিচাত অদৃশ্য হৈ,

এইফালে এডাল সীমাৰেখা আছে বৈসাদৃশৰ মাজতো অৰ্থৱহ হৈ ।

সীমাৰেখা ডালৰ
পূৱ প্ৰান্তৰ ব্যায়বহুল পথটোত বৰ বৰ অট্টালিকাৰ গপছ আৰু
খিলখিল হাঁহি ।।

তাত অভাৱৰ চকুহালত নাৰণিৰ পথাৰৰ দৰে অশুৱনিৰ লেখমানো চিন নেথাকে,

থাকে বেহুচ মদিৰাৰে মাতাল ।

সীমাৰেখাৰ
পশ্চিমি প্ৰান্তত
বিধৱা আকাশখনত দুলি থাকে দুখ

মেঘেৰে সৰি পৰে বতাহৰ বঙহ খোৱা এডোঙা তেজ তৰলীকৃত ঘড়ীৰ ৰাজহাড় ।

পূৱৰ জাঠি বুকুত বিন্ধাই জহি খহি ধলি পৰে ৰক্তিম বেলি পশ্চিমত ।

বিচ্ছেদৰ প্ৰথম নিশা --- পল্লৱ কুমাৰ নাথ

সিদিনা আকাশৰ তৰাবোৰ

বেদনা হৈ সৰি পৰিছিল

মোৰ প্ৰজাটিত,

স্বপ্নবিভূৰ দুচকুৰ পতা

ক্ৰমশঃ আবস হৈ আহিছিল !

কেতিয়াওঁ আঁকিব বিচৰা নাছিলো মই

বিচ্ছেদিত যন্ত্ৰণাৰ প্ৰতিচ্ছবি !

মই এতিয়াওঁ দৃঢ়তাৰে কব পাৰোঁ

তোৰ হৃদয়ৰ সুগভীৰ গৰ্ভত

আজিওঁ গৰ্ভস্থ মোৰ প্ৰগলভ প্ৰেমৰ কবিতা ।

মায়া --- আব্দুল কুদ্দুচ

কেতিয়াবা জীৱিকাৰ দুখে বুকুত আঁচোৰে

দুপৰ নিশাওঁ মোৰ টোপনি নাহে।

এলান্ধুকলীয়া কিছুমান সপোনৰ আমনিত

সাৰ পাই উঠি বহো,

আঘোনৰ কুৱলীয়ে উৰুখা চাল ভেদি শেতেলী তিয়াই...

মায়াপূৰ্ণ এই জীৱন । মায়াৰ কোনো পৰিমিতি নাই ।

দুখে মৰিয়াই মোৰ দুপৰনিশাৰ

টোপনিক ।

দুখ --- জগদীশ কলিতা

তাই জোনাকী ৰাতিৰ নিশব্দতাত চলাথ কৰিছে

আজি হঠাত অচিনাকী হোৱা এটা হাঁহি ৷

নাই সি যে বাট নাচালে

সাতমহীয়া হৈ লহপহকৈ বাঢি অহা

তাইৰ পেটৰ কলিটিৰ মূখখন ৷

বুকুৰ সপোন উজান নদীখন শুকান কৰি

এখিলা পাঁত হৈ খহি পৰিল সকলো

তৰাবোৰে তাইলৈ চাই কিজানি উচুপিচে,

নিয়ৰ সৰিছে কপাঁ কপাঁ দুহাতত ৷

শীতৰ পুৱা --- আব্দুল কুদ্দুচ

উপজি পুৱাই পূব প্ৰান্তৰৰ কপালত

তেলতেলীয়া সুৰুয ।

এন্ধাৰবোৰক ফাঁচি দি

দিনটোৰ বাবে পোহৰ মেলি দিয়ে-গাওঁ,নগৰ সকলোতে ।

যেন শইচ কল্যানৰ উপঢৌকন ।

ক্ৰমশ:শীতত পচা পৃথিৱীৰ ঘাডোখৰ পশম হয় ।

এটি শীতৰ উম ভৰা পুৱা!

শস্য-গৰ্ভা সৌন্দৰ্য --- আব্দুল কুদ্দুচ

ধানৰ অফুৰন্ত গোন্ধে হৰিলে
জগতবাসীৰ কলিজা
পকাধানৰ গোন্ধ মোৰ গোপনীয় বন্ধু ।

...জীৱনৰ বিলোপন হেৰাই
পুনৰাই লহ পহকৈ বাঢ়ে সুখ
হাঁহি হাঁহি শইচৰ পথাৰত
বিপুল শস্য-গৰ্ভা সৌন্দৰ্য ।

ধান তোমাৰ প্ৰতিটো গান
মোৰ জীৱনৰ এখলপ
আস্! সেই খলপত খোজ দি
ওঁঠত মোৰ সুখৰ
বীজয়োল্লাস ।

প্ৰিয়া --- বিপুল চন্দ্ৰ আৰ্য্য

অর্থভৰা হাঁহি তাইৰ

প্রতিখোজতে প্রৰণা দিয়ে ।

অজশ্র মৰমেৰে জীৱন পথত,

আগুবাই লৈ আহে ।

সন্ধিয়াৰ ৰঙা বেলিৰ দৰে

অত্যন্ত ধীৰ, গুনি, শুৱনি ।

জোনাকৰ দৰে বুজনি,

নীলাকাশ চকুজুৰি, অমিয়া মাত,

বসন্তৰ কুঁহিপাতৰ দৰে,

অতি মোহিনী ।

মলয়া বতাহেও চুলিকোচা উৰুৱায়,

যাব খুজিয়ো ভৰি পিছুৱায় ।

যেন স্বৰগৰ দেবী তাই, মই দেবতা,

ভাগ্যৰ বলতে পালোযেন বিধাতা ।

জনম জনম যেন তাকেই পাওঁ,

কাহানিয়ো যেন মই তাইক নকন্দাও ।

পুষ্পবৃষ্টি তাইৰ পৰস

মুকুতাৰ শুভ্রমালা শ্যামল পাটীত,

সংগীতৰ হিল্লোলত প্রেমৰ আধাৰ ।

বিশ্বাস --- দাদুল ভূঞা

তোমাৰ আলফুলীয়া হাতৰ পৰশ পালে ,
মোৰ বুকুত ফুলি উঠে কৃষ্ণচূড়া ফুল ।
আঘোণ আহিলে পিতাইৰ বুকুত,
হেঁপাহবোৰে ;
দেওধনী দি নাচে,
আইৰ বুকুত সোন গুটি যেন ধানে
হালধীয়া সপোন হৈ পোখা মেলে।
আই, পিতাইৰ দৰেই তুমিও
মোৰ কঙাল হৃদয়ত
দি যোৱা এমুঠি সেউজীয়া সপোন ।
তুমি আহিলে মোৰ ওদং বুকুত
জোনাকে নাচি উঠে
সপোনৰ ৰিমজিম বৰষুণ সৰে ।
কলীয়া কৃষ্ণৰ দৰে,
বাঁহী বজায় ,বজায়
হিমসৰা ৰাতি এটা উদযাপন
কৰো তোমাৰ সৈতে ।
তোমাৰ স্নিগ্ধ সুবাসত
পেখমধৰী নাছে মন ময়ূৰে,
আশাৰ এমুঠি জোনাক তৰাফুল হৈ সৰে ।

গতানুগতিক --- কিশোৰ বড়ো

যাওঁ বুলিওঁ যাব নোৱাৰি

এটা বৃত্তৰ পৰিধি ভাঙি

একেটা কক্ষপথতে

ঘূৰি ঘূৰি জীৱন চকৰি

সকলোৱে অভিনয় কৰে গ্রহ নাইবা নক্ষত্ৰৰ

তাতেই বা কিমানৰ লালসাৰ

পাহাৰ সজাৰ বাসনা

বুকুত দ’খায় অলীক কল্পনা

ককা-আজোককা,মা-দেউতা

সকলোৱে ঘূৰে একেটা বৃত্তত

অনাগত প্রজন্মও………………।

কেনেদৰে ক’লে --- কিশোৰ বড়ো

আত্মস্বাৰ্থৰ জালত সোমাব নোৱাৰো বাবেই

তোমাৰ বুকুত থওঁ মোৰ অসহায়ি বুকু

অথচ বৰ স্বাৰ্থপৰৰ দৰেইটো

বিগত-অনাগতৰ স্মৃতিৰে চিঙি পেলাওঁ

মোৰ নিসংগতা

মাটিৰ স’তে মিলিব নোৱাৰ নিৰন্তৰ বেদনাত

আকাশে চকুলো টোকে

আৰু মৰানদীখনৰো মৰহি যায় বুকুত

সাগৰৰে মিলিব বিছৰা কেচাঁ হেপাহ এটা

মই নাজানো

কেনেদৰে ক’লে বাৰু কোৱা হৈ যাব

মোৰ ক’ব লগা কথাৰ উদ্দেশ্য……..

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,522
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,933
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,425
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,961
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,858