কবিতা

জীৱনৰ পৰিক্ৰমা --- ৰঞ্জন ভূঞা

মই জানো , তুমি মোৰ মাতত

আৰু চঞ্চল নোহোৱা

অনৰ্গল , ভাৱ লেশ কথাবোৰ তোমাৰ বাবে

আমনিদায়ক মাত্ৰ

মই জানো , মোৰ অভিমান তোমাৰ বাবে

আৰু উজাগৰি নিশাৰ দুস্বপ্ন নহয় ৷

সকলো কে দি যায় জীৱনে

অলপ যদি সুখ অলপ দুখ

তোমাৰ মোৰ সকলোৰে বাবে

একেই পৰিক্ৰমা জীৱনৰ ৷

বিশ্বাস কৰা

দুচকুত চকুলো থকালৈকে হে জিয়াই থাকিবা

মৃত্যুৰ দিনাও তুমি কান্দিবা

জিয়াই থকাৰ হেঁপাহত৷

বিশ্বাস কৰা

দুচকুত চকুলো থকালৈকে হে তুমি সুখী

চকুলো শেষ হলেই ভীষণ অসুখী ৷

যদি মই প্ৰশ্ন ক‌ৰো….??

যদি মই প্ৰশ্ন কৰো..??

তুমি কোন..?

পাৰিবানে দিব তুমি..,

সঠিক পৰিচয়…??

তোমাৰ নিষ্ঠুৰ হৃদয়্ত লুকাই থকা,

সেই হিংস্ৰ ‌পশু‌‌টোক দলিয়াই….

এখনি কোমল হৃদয়ৰ গৰা‌কী হʼবলই…?

ক্ষন্তেকীয়া জীৱ্ন…!!

আজি আছে কালি নাই…!

তথাপিও কিয় খেলা তোমালোকে….

তেজেৰে ফাঁকু….?

বন্দুকৰ সৈতে…,

লুকা-ভাকু…??

“৩০ অক্টোবৰ”ৰ সেই কʼলা দিনটো…!!

ভাবিলে আজিও বুকু উঠে কঁপি…!

শ-শ পৰিয়ালৰ জীৱ্নলৈ…,

অন্ধকাৰ নমাই আনি….

তুমি নিজকে কি বুলি

প্ৰমাণিত কৰিব বিচাৰিলা…?

এজন দেশ-প্ৰেমিক, এজন বিদ্ৰোহী, নে

অনুভৱ --- জিণ্টু্ হালৈ

জীৱনৰ প্ৰতিটো পল-অনুপল

তোমাৰ নামতেই উচৰ্গিত

বুকুত নিৰৱে কিৰিলিয়াই উঠে

সপোন জাকে

যদিও নাজানো তোমাৰ অনুভৱ কি ?????

তথাপিও......

হৃদয়ৰ দলিচাত আলফুলে

সাঁচি ৰখা মৰমবোৰ

নিগৰি ৰয় কেৱল তোমাৰ বাবে

কি ভুল আছিল মোৰ

কিয় কঢ়িয়াব লগা হ'ল যন্ত্ৰনা

মৰম, ভালপোৱা, সময়

একোৰেতো আভাৱ নাছিল

তথাপিও

আচলতে মই বুজি নাপালো তোমাক

কি বিচাৰিছিলা মোৰ পৰা...

আধুনিকতা --- জিণ্টু হালৈ

আধুনিকতাৰ বতাহ লাগি

উৰুৱাই নিলে তোমাৰ লাজৰ চাদৰ ।

এতিয়া প্ৰেম প্ৰেম খেলিবলৈ নিলাজ তুমি ।

আধুনিকতাৰ বতাহ

সঁচাই মানুহ কিমান সলনি হব পাৰে , শিকাই দিলা ।

গুৰু দক্ষীনা ৰূপে মই নো কি দিম ,

সকলো কাঢ়িয়ে নিলা

নিজ ইচ্ছাৰে দিবলৈ প্ৰানটোহে আছে

চাবা এইজাক বতাহ ফাগুনৰ মলয়া

নহয় চ'তৰ বৰদৈচিলাহে

উৰুৱাই লৈ যাব সকলো তোমাৰ.............

প্ৰেৰনা --- বিপুল চন্দ্ৰ আৰ্য্য

মোৰ সহাগৰা অন্তৰত

মাথো তোমাৰেই প্ৰতিচ্ছবি,

তোমাৰেই প্ৰেৰনাতেই

আজি মই চচ্ছল ।

এলেহুৱা এৰি কর্মী হ’লো,

সত্‍ সংগৰে সমাজক জিনিলো ।

আজি মই চচ্ছল, সুবল

সকলোৰে অতি আদৰৰ,

মাথো তোমাৰ বাবেই ।

তুমিয়েই মোৰ দিগ-দিগন্তৰ, পথ প্রদর্শক, জীৱন লগৰী ।

মোৰ এটাই আশা,

সকলোৱেই যেন তোমাৰ দৰেই সু বিচাৰৰ হয় ।

কবিতাবোৰ হেনো অদৰকাৰী শব্দৰ দ’ম --- হেমেন নাথ নিয়ৰ

আকাশৰ সমান হেপাঁহেৰে

তোমালে আছো ৰৈ

মৰমবোৰ যেন মৰম নহয়

জীয়া সপোন ৷

জীৱনৰ কঠিন শিলত কটা

এক জীয়া বাস্তৱ ৷

আবেলিৰ বিসন্ন আকাশৰ দৰে

বিসন্ন মোৰ মন ৷

তোমাৰ স্মৃতিবোৰে নিতৌ খহাই

বুকুৰ চপৰা ৷

মনত আছে ৰঙীন আবেলি এটা ৷

হাতত-হাত ধৰি তুমি যে কৈছিলা –

“জানা, মই কবিতা খুব ভালপাওঁ ৷”

আৰু মই তোমাৰ বাবেই

বহুতো উজাগৰি নিশা পাৰ কৰি

লিখিলো কবিতা ৷

কেৱল তোমাৰ বাবেই ৷

আৰু এদিন,

অবতৰৰ বৰষুণ জাকৰ দৰে

হঠাৎ তুমি আহি ক’লা –

“মই আজি-কালি কবিতা ভাল নেপাওঁ ৷”

দুখ --- কিশোৰ বড়ো

জাহাজে কান্দে কেতিয়াবা

মাটিত খোজ কাঢ়িব নোৱাৰাৰ বেদনাত

দুৱৰি বনৰো দুখ থাকি যায় বুকুত

আকাশ চুব নোৱাৰি

সাগৰে চকুলোৰে ওফন্দি উঠে

অৰণ্যৰ দৰে গছ-গছনি,জীৱ-জন্তু

বুকুত আলফুলে সাবতিব নোৱাৰি

সজাত বন্দিৰ তাৰণাত উচুপে

মুক্ত বিহংগিনী চৰাই

একুৱাৰিয়ামৰ ৰঙীন মাছবোৰো দুখত থাকে

মুক্তপানীৰ আকাশত উৰিব নোৱাৰি

সৰি যোৱা লেছেৰিবোৰে কয় বুকু ঢকিয়াই

কৃষক ককাই কৃষক ককাই

মোকো লৈ যাওঁক কঢ়িয়াই

নহ’লে যে মোৰ জীৱণ আধৰুৱা

হেতাৰ স্পৰ্শ নাপাই…………………………।

প্ৰেমিক --- মৃদু জোনাক পয়োভৰ

সৌ সিদিনা চিনাকি হৈছিলো তোমাৰ সতে,

এদিন দুদিনকৈ চাৰিটা বসন্ত গৰকিলে আমাৰ সমন্ধই

সজীৱ হবলৈ শিকিছিল মোৰ দুহাতৰ ডেউকা,

সেয়ে চাগৈ আকাশৰ নিলিমাত সপোন ৰচিছিলো

তোমাৰ অন্তিম প্ৰেমিক হব বিচাৰো মই,

যদিওবা তুমি মোৰ প্ৰথম প্ৰেয়সী

মই বাৰু তোমাৰ দৃষ্টিত এটা পুতলা নেকি ?

যেতিয়াই মণ যায় খেলা আৰু

আমনি লাগিলে দলিয়াই দিয়া

তুমি দলিয়াব পাৰিলেও মই কিন্তু নোৱাৰো

তোমাক ত্যাগ কৰিবলৈ মোক মৃত্যুৰ প্ৰয়োজন,

কিন্তু মৰিবও যে নোৱাৰো মই

কাৰণ, মোৰ পৃথিৱী তোমাটেই শেষ নহয়

অশ্ৰুসিক্ত ধুমুহা বৰষাব নোৱাৰো মই

মোৰ জন্মদাতাৰ দুচকুত

গাওঁ --- কিশোৰ বড়ো

টা..ৰি..ৰি সুৰত নিমগ্ন

অগা-ডেৱা বুকুৰ পৰা বুকুলৈ সেউজীয়া দলং

ৰিব্ ৰিব্ শস্য শ্যমলা মনৰ পথাৰ

একতাৰ চিফুংত নৃত্যৰত চহা জীৱন

এতিয়া……………..

জুইত ছাই হৈছে ঘৰৰ ভিতৰৰ ঘৰ

আপোন মানুহবোৰ হয় পৰ

অজান ঢৌৱে গিলিছে বুকুৰ আঘোণ

নিজৰ মাজতে সীমাবদ্ধ সেউজী সপোন ।

চিনেমা --- কিশোৰ বড়ো

চিনেমাখনৰ মই নায়ক
নায়িকা বিছাৰি পোৱা নাই

বক্স অফিচত হিট হবই চিনেমাখন
কিন্তু অলপ ব্যতিক্ৰম
হিন্দী,অসমীয়া নাইবা অন্য ভাষাৰ
চিনেমাৰ দৰে নহয় ইয়াৰ কাহিনী
উষ্ণ চুম্বন বা যৌনগন্ধী নৃত্য
কেমেৰাৰ বহুযোজন দূৰত
অৱশ্যে ফাইটিং একচন্ থাকিব
সংগীত বীথোভেনৰ চিম্ফনী

সৰ্বস্ব হেৰুওৱা গাভৰুজনী আইৰ অভিনয় কৰিব
পিতাই হ’ব পথাৰ পগলা
মোৰ ভাই-ভনীৰ অভিনয় কৰিব
আলকাটাৰা যেন যাৰ শৰীৰ
আৰু আকাশখনেই যাৰ ঘৰৰ চালি
লেনিনে বন্ধুৰ অভিনয় কৰিব

নীলা খামৰ চিঠি --- মৃদু জোনাক পয়োভৰ

নীলা খামৰ চিঠিটে লেখো

সাঁচতীয়া বহু মনৰে কথা ,

কলিজাৰ তেজকে চিয়াঁহী কৰি

মৌ বৰষা মিঠা ভাষা

ঘূৰাই ঘূৰাই শিতানৰে গাৰু

ওৰে ৰাতি উজাগৰে থাকো

অঘৰী মনটো ওৰে তোমাকে ধিয়াই

তোমাৰ ভাৱণাতেই মৰিছো সদায়

চিত্তলেখাকে দিবা পঠিয়াই

গমিবলে মোৰ মনৰে বেজাৰ

বৰণীয়া সপোনবোৰক

ভেটা দিব খোজা মানুহক

বুজাই দিবলে মন যায়

এটি হোৱা আমাৰ দুটি মন

যুগমীয়া যাৰ জীৱনৰ পন

মাজত প্ৰাচীৰ বান্ধি কোনো লাভ নাই

যিহেতু জুইয়েও নুপুৰে প্ৰেমৰ দলিচা আমাৰ......

বিলম্বনা স্বাধীনতা

নিজক হত্যা কৰি কৰি জীয়াই থকাৰ

অভিনয় কৰা আমি একো একোজন অভিনেতা

আকাশৰ মায়াবী জোনাক,নক্ষত্ৰমণ্ডলী

চৰাইৰ সুৱদী কণ্ঠ,অৰণ্যৰ সেউজীয়াৰ স’তে

বিনিময় নকৰো আমি অনুভৱী এটা কবিতা

ভেল্টিলেচনেৰে সোমাই অহা অলপ বতাহ,অলপ ৰ’দ

ঘৰৰ চালিৰ ফাঁকেৰে নিগৰি অহা জোনৰ পোহৰ

আমি প্রতিনিয়ত নিজৰ কৰি ৰখাত আত্মবিভোৰ মাথোঁ

এটা ঘৰ,এসাজ আহাৰ

কল্পনাৰ সাগৰত উটি-ভাহি আত্মস্বাৰ্থত বুৰ যাওঁ

অথচ কল্পনাতে শেষ নহয় জীৱনৰ যাত্ৰা

অনাগত প্রতিদিনৰ ৰুটিনৰ ওচৰত

বন্ধকত থওঁ নিজস্ব স্বাধীনতা

কলি কিম্বা গাভৰু ফুলৰ ৰস যেতিয়া পান কৰে

বেথা

নিসংগতাৰ চোতালত

নিৰৱতাই আজি মোক লৈ

হেতালি খেলিছে,

মন গভীৰতাৰ সাগৰত

মৌনতাই সাঁতুৰিছে,

আৱেগিকতাৰ গৰাহত

খুন্দা খাই খাই

স্মূতিৰ সেউজীয়াবোৰ খহিছে,

সামগ্ৰিকতাৰ সীমাহীন সাগৰত।

এটা সপোনৰ মৃত্যু ঘটিল

মোৰ হৃদয় খন এতিয়া ভীষণ উকা ।

দুৰু দুৰু স্পন্দমান হৃদয় খনত,

তোমাৰ স্মৃতিবোৰে ঢৌ খেলিছে।

সমগ্ৰ অন্তৰত তুমিহীনতাৰ ছুনামি এতিয়া

বিধ্বস্ত মৰম,সমাধিস্থ প্ৰেম।

ভালপোৱাৰ পোছাক খোলি নাঙঠ হৈ পৰা

তোমাৰ হৃদয়খন ...

নগ্ন সপোনৰ শ্লোগান শুনি মোৰ হৃদয়ৰ চিৎকাৰ ।

পশ্চিম আকাশত পোৱাতি জোনৰ খিলিকনি ।

থিক এইমাত্ৰ বাথৰুমৰ পৰা ওলাই অহা তোমাৰ আধা ভিজা গা টোৰ দৰে ।

চুলিৰ আগেৰে সৰি পৰিছে এটোপাল দুটোপাল নিয়ৰৰ কণিকা ।

তোমাৰ নিৰিবিলি বুকুত মোৰ উষ্ম মৰমৰ জিজ্ঞাসা ।

কম্পনিত হৃদয়ত ভালপোৱাৰ সুৰ ।

কি স’তে কুশলে থাকিম

কি স’তে কুশলে থাকিম

মা,তুমি প্রায়েই কৈ থাকা

কুশলে থাকা বুলি

কিন্তু কি স’তে কুশলে থাকিম মই

বুকুত উৱলি যায় ভৱিষ্যতৰ দস্তাবেজ

বিষাদৰ চকুলোৱে ধুই দিয়ে সংগপনে সেউজ সম্ভাৱনা

মানুহবোৰ সুদূৰ প্রাচীনৰ কোলাত শুই পৰিছে

কি দৰে জগাই দিওঁ !

নাথুৰামৰ মুখা পিন্ধি বাৰে বাৰে হত্যা কৰা হয় গান্ধীক

হৰণ কৰা হয় বাৰে বাৰে সত্বীত্ব পৈশাচিকতাৰে

বিয়নি মেলত স্হান পাইছে কাপোৰৰ ভাল ডিজাইন আৰু ৰং

ৰঙা-নীলা-হালধীয়া-কমলা, বিবিধ……………

শৰৎ আহিছে মানেই শীত নামৰ কালনাগে মেৰিয়ায় সমগ্র শৰীৰ

শেৱালীৰ গোন্ধে নিঃশেষ কৰিব পৰা নাই

দুখৰ চোলা

নীলিম আকাশত এছাতি বতাহ নাই চিলাবোৰ উৰিবলে’

……………আঘোণী বুকুত বৰদৈছিলা,

স্বচ্ছ এনদী পানী নাই মাছবোৰ সাঁতুৰিবলে’

…………..তেজাল বৰষুণ,

খেতিয়কৰ এডৰা মাটি নাই কঠিয়া সিঁছিবলে’

……………বুকুত মাজুলী,

ভাৱনাৰ চেৰেকীত আউল লাগে ৰেচমী সূতাৰ আঁত

জুই জ্বলে প্রতিনিয়ত জীৱনৰ পাৰঘাট

কৃত্ৰিম বানে ছিঙে বাটৰ ওপৰৰ বাট

ৰ’দৰ তলেৰে বয় তেজ আৰু তেজ

চকুলোৰ ছাই বৰণীয়া সূতাৰে সীঁ সীঁ

মোৰ ভিতৰৰ মানুহজনে পিন্ধে দুখৰ চোলা…………...।

চিত্রলেখা

এখন ছবি আকি দিয়াচোন,

সেই যে হাঁহি থকা ৰাংঢালী জনী কাজল

সনা চকুযুৰিৰ

দিপলীপ চাওনি।

যোৱাৰাতি তেওঁ দেখা দিছিল সপোনত,

হিম শীতল নিয়ৰত তিতি বুৰি আহিছিল

তেওঁ ।

মোৰ হৃদয়খন শেৱালি,

শেৱালি গোন্ধাইছিল, তেওঁ মোৰ বুকুত

গুজি দিছিল সর্বস্ব সুখ ,অনুভুতি ।

মই তৱধ লাগি তেওঁক চাই ৰৈছিলো, চাই

ৰৈছিলো তেওঁৰ কঁহুৱা কোমল হাঁহি ।

তেওঁৰ মেঘালি চুলিতাৰিত

শুকুলা মেঘবোৰে উজাই আহিছিল, আৰু মোৰ

বুকুৰ ঘাটত জোনাকে আহি গা ধুইছিল ।

মই জোনাকৰ সীমনাইদি যমুনাৰ

পাৰলৈ ঢাপলি মেলিছিল,

ওৰে ৰাতি তেওঁক বাহীঁৰ সুৰত

মোৰ আৰু মোৰ হৃদয়ৰ

অনুভৱৰ পজাঘৰ এই হৃদয়খন

কতেবা হেৰাই থাকিল জীৱন লাহৰী ।

কাঁইটে বিন্ধে
এতিয়া নিৰন্তৰ ।

কাঁইটে ভৰা
বাটত
নিসংগ ছাঁ
মোৰ আৰু মোৰ হৃদয়ৰ....

আকাশত
স্মৃতি হৈ জ্বলিব জীৱন তৰা ।

উপহাৰ

তেওঁৰ এটুপি চকুলোৱে
মোলৈ বৰষা
নমাই আনে

তেওঁৰ হাঁহিয়ে
সুচল কৰে মোৰ অভ্যন্তৰত
অম্লজানৰ
চলাচল

কাষত থাকিলে
তেওঁ
শৰতৰ সুগন্ধিৰে ভৰুণ হৈ থাকে
সময়

যাৰ হৃদয়
ষ্টেচনত
চিৰকালৰ বাবে ৰ'ল
মোৰ প্ৰেমৰ ৰে'লগাড়ী

তেওঁক দিবলে' নিষ্কলুষ ভালপোৱাৰ
বাহিৰে
মোৰ আৰু
একো নাই |

আগমন --- পল্লৱ কুমাৰ নাথ

আজি শৰতে আহি দুৱাৰত টোকৰ মাৰিছেহি...

শুভ্ৰ কোঁৱলিৰ ভাষাৰে !

বুকুৰ নিশব্দ খিৰিকীৰে সোমাই আহিছে তাইৰ আবাহন ।

মোৰ আশাজ্জল চকুত...

তাইৰেই অপেক্ষা ।

আৰু তাইৰ হৃদয়ৰ নিভৃত কোনত...

মৰমৰ চাক'নৈয়া..!

শেৱাঁলি --- পল্লৱ কুমাৰ নাথ

পদুলিমুখৰ দুৱৰি লানীত নিশব্দ ভাবে পৰি ৰই...

শৰতৰ কুঁৱলীৰে সেমেকি ।

হেঙুলি সুৰুজৰ আভাৰে আলোকিত হৃদয়লৈ

মই বিচাৰি যাওঁ তাইৰ সুবাস ।

এক অভিসাৰী অভিলাষ ।

আই --- মৃদু জোনাক পয়োভৰ

আই ! সৰুতে যে গাইছিলি
সেই নিচুকনি গীততি
শিয়ালী এ নাহিবি ৰাতি
তোৰে কাণ কাটি লগামে বাতি
আকৌ এবাৰ গা চোন
তোৰ নিচুকনিত
কিজানিবা টুপনি যাম....

বাৰী লোৰোকোতে হুলে বিন্ধাত
উৰে ৰাতি যে উচুপিছিলো
তোৰ দুহাতৰ পৰশতেইটো
আৰোগ্য হৈছিলো মই
যৌৱনৰ বলীয়া বানত আজি
বিষাদ পূৰ্ণ মোৰ হৃদয়
বোলাই দে চোন
তোৰ দুহাতৰ পৰশ....

অংকৰ চাৰৰ বেতৰ কোবত
চেনা চেন হৈছিল যে মোৰ দুভৰি
তোৰ মৰমেই দেখোন শুকুৱাইছিল মোৰ ঘা
সময়ৰ প্ৰহাৰত আজি
শৰীৰত মোৰ অজস্ব্ৰ ঘা
আকৌ দে চোন আই
মৰম নামৰ হেই ঔষধকন.....

প্ৰেৰণা --- মৃদু জোনাক পয়োভৰ

সফল ব্যক্তিৰ সফলতাৰ আঁৰত বোলে
অন্য এজন ব্যক্তিৰ প্ৰেৰণা লোকাই থাকে
কথাষাৰ বাৰু সঁচা নেকি ??

মোকো প্ৰেৰণা দিবলে এজন আপোন আছে
কিন্তু ,মই দেখোন সফল নহয়....

তেওঁ কয় "সফলতাৰ বাবে ধৈয্যৰো প্ৰয়োজন"
কিন্তু , কিমান দিন আৰু ধৈয্য ধৰিম ??

মোৰ প্ৰেৰণাৰ উৎস আজি শৰশয্যাত
তেওঁক বাৰু মই হেৰুৱাম নেকি ?
তেওঁক হেৰুৱালে ভগ্ন হব নেকি ,
মোক সফল কৰিব খোজা তেওঁৰ সপোন ....!!

আৰু কিমান ধৈয্য ধৰিম ?
কেতিয়াকৈ লগ পাম সফলতাক ?
তেতিয়া নেকি ,
যেতিয়া মোৰ সফলতাৰ বাবে
উন্মাদ হবলৈ
মোৰ কাষত নাথাকিব
মোৰ প্ৰেৰণা........

তুমি দুচকুত কাজল ল'লে --- মৃদু জোনাক পয়োভৰ

তুমি দুচকুত কাজল ল'লে

মোৰ হৃদয়ত আউল লাগে

তোমাৰ মেঘেৰীয়া খোপাত

মোৰ হেপাঁহবোৰ ফুলে

চিঙি নিদিবা দেই

সেই গোলাপৰ কলিতি

মৰহি যাব মোৰ আশা...

তোমাৰ হাঁহিটিয়ে

মোৰ বুকুতে বিন্ধে

তোমাৰ পৰশত

প্ৰাণ পাই উঠে

মোৰ মৃতপায় বুকুখন

এনে লাগে যেন ,

পুনৰ সেউজ হ'ব

মোৰ প্ৰেমৰ কঠীয়া....

মোৰ হৃদয়ৰ পথাৰখনত.....

++++++++++++++++++++++++++++

কবি :: মৃদু জোনাক পয়োভৰ
ঠিকনা :: বকুলনী , দুলিয়াজান

নাটক --- শ্ৰী কিশোৰ বড়ো

চকুৰ তৰা দুটা প্রাণ পোৱাৰ পৰা
চেতনাই চিন্তাৰ অভ্যন্তৰত সোমাই যোৱাৰে পৰা
মই দৰ্শক হৈ আছো এখন নাটকৰ
অবিৰত চলি আছে নাটকখন
যৱনিকা পৰা নাই

সময় --- শ্রী কিশোৰ বড়ো

সময়ৰ জপনামুখত
প্রতিপল ভজন ভাগ-বটোৱাৰাৰ কোৰ্হাল

মোৰ বুকুৰে পাৰ ভাঙি আহিছে ভয়াৰ্ত যৌবনানৈ
আন্ধাৰে আবৰা তাৰ গা
হুমূনীয়াহ আৰু চিৎকাৰেৰে ভৰপূৰ দূপাৰ

হাতত হাত ধৰি আগুৱাও বলা
কাকো কেৰেপ নকৰাকৈ
আমাৰ স’তে মিলিব সেউজীয়া এখনি পাহাৰ

চহৰে-নগৰে বলিছে ছোৱা উছৃংখলৰ বতাহ
ঘনে ঘনে ল’ও বলা ভালপোৱাৰ উশাহ……….

++++++++++++++++++++++++

কবি :: কিশোৰ বড়ো
ফোন নং :: ৯৮৫৪৪৯৪৩৫২
ঠিকনা :: লোঃ গোঃ বঃ আঞ্চলিক মানসিক স্বাস্হ্ প্রতিস্হান
তেজপুৰ,শোণিতপুৰ,অসম

হৃদয়ৰ স্বাধীনতা --- ৰিমকি ভাগৱতী

অ মোৰ আত্মীয়ৰ-শ্ৰেষ্ঠ,

আহা আমি এক অলিখিত চুক্তিত সাক্ষৰ কৰো...

আৰু আজিৰ পৰা দুয়ো দুয়োৰে,

অচিনাকী হঁও !

তুমি আৰু নিচুকাব নালাগে,

মোৰ অভিমানেৰে জুৰুলা হিয়া,

মোৰো মৰম জৰীয়ে বান্ধি নাৰাখে

তোমাৰ সপোন আতুৰ জীয়া |

আজিৰ পৰা মুক্ত কৰিলো তোমাক,

মই মোৰ প্ৰতিটো প্ৰেমৰ আব্দাবৰ পৰা,

ময়ো উদযাপন কৰিম

আজি মোৰ হৃদয়ৰ স্বাধীনতা ||

+++++++++++++++++++++++++++++++

Rimki Bhagawati
Counsellor,ICTC
Morigaon Civil Hospital

বিলম্বনা স্বাধীনতা --- কিশোৰ বড়ো

চৰাই এজনী ঢপঢপাই আছে,

বেদনা বিহব্বল চকুপানীত মৰহি গৈছে

উৰিব বিছৰা পাৰ্থিব হেঁপাহ …………..

সি যে উৰিব পৰা নাই

তাৰ পাখি দুখন কটা …………………….।

++++++++++++++++++++++

কবি :: কিশোৰ বড়ো
ফোন নং :: ৯৮৫৪৪৯৪৩৫২
ঠিকনা :: লোঃ গোঃ বঃ আঞ্চলিক মানসিক স্বাস্হ্ প্রতিস্হান
তেজপুৰ,শোণিতপুৰ,অসম

কুঁৱলী --- হেমেন নাথ

কুঁৱলীৰ
আচ্ছাদন ফালি শৰত্‍
নামি আহিছে

নিঃসঙ্গতাৰ ডাৱৰ ফালি আহি
মোক
নিচুকাবলে'
এতিয়া তেওঁ নাই

অথচ মই জানো মোৰ হুমুনিয়াহৰ সিটো পাৰে
তেওঁ ৰৈ আছে
একাঁজলি
শেৱালীৰে

অনুপমা...
মোৰ
শৰত্‍ কুঁৱৰী

++++++++++++++++++++++++++++

কবি :: হেমেন নাথ

চিত্রলেখা --- দাদুল ভূঞা

এখন ছবি আকি দিয়াচোন,

সেই যে হাঁহি থকা ৰাংঢালী জনী কাজল

সনা চকুযুৰিৰ

দিপলীপ চাওনি।

যোৱাৰাতি তেওঁ দেখা দিছিল সপোনত,

হিম শীতল নিয়ৰত তিতি বুৰি আহিছিল

তেওঁ ।

মোৰ হৃদয়খন শেৱালি,

শেৱালি গোন্ধাইছিল, তেওঁ মোৰ বুকুত

গুজি দিছিল সর্বস্ব সুখ ,অনুভুতি ।

মই তৱধ লাগি তেওঁক চাই ৰৈছিলো, চাই

ৰৈছিলো তেওঁৰ কঁহুৱা কোমল হাঁহি ।

তেওঁৰ মেঘালি চুলিতাৰিত

শুকুলা মেঘবোৰে উজাই আহিছিল, আৰু মোৰ

বুকুৰ ঘাটত জোনাকে আহি গা ধুইছিল ।

মই জোনাকৰ সীমনাইদি যমুনাৰ

পাৰলৈ ঢাপলি মেলিছিল,

ওৰে ৰাতি তেওঁক বাহীঁৰ সুৰত

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:310
শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:1,555
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,805
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:994
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,084
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,008