কবিতা

পিতাই --- মৃদুল শইকীয়া (মৃদু জোনাক পয়োভৰ)

পিতাই অ'
তইয়েই ক'চোন ?
তোৰ ঋণ মই
কিদৰে পৰিশোধ কৰো ?
মোৰ বুলিবলৈ
আছিল যি দুটুপি চকুলো
সেইয়া আইৰ নামতে
উৰ্ছগা কৰিলো
এতিয়া মোৰ দুহাত শূণ্য
তইয়েই ক' পিতাই
কি দিওঁ তোক ?

জোনাকী --- মৃণালৰাজ কলিতা

জোনাকী তুমি ইমান উতলুৱা

একে ঠাইতে কিয় বাৰু নৰোৱা,

পচোৱাৰ লগত মিলিব খোজা

ক’ই দুয়ো-দুয়োৰে মনৰ বতৰা,

আকাশত জিলিকা তৰাৰ দৰে

তুমিয়ো জিলিকিব খোজা

বিৰিখৰ পাতে পাতে......

দিনৰ দিনটো থকা দুবৰিত বাগৰি

গধূলী হ’লেই অহা পথাৰ উপচি

তোমাক দেখিলেই মোৰ

উভতি আহে ল’ৰালি,

তোমাৰ লগত থকা

উমলি-জামলি ।

কোৱাচোন বাৰু

আজিওঁ উমলিবানে

হাতে হাত ধৰি

তোমালৈ ৰৈ আছো

মই নিশব্দে, নিৰৱে.........

+++++++++++++++++++++++++++++++

ওৰণি --- দাদুল ভূঞা

ৰভাৰ তলিত তেওঁ ওৰণি খনৰে
ঢাকিছিল তেওঁৰ মুখ,
ওৰণিৰ তলত লাজ
লাজকৈ হাহিঁ এটা মাৰিছিল
ন-কইনা জনী হৈ আহিবৰ দিনা
দেউতাই দেখা নাছিল তেওঁৰ মুখ
তেওঁৰ তিলফুলীয়া ওঁঠৰ হাহিঁ।
লাহে লাহে অচিনাকি ঘৰখন
চিনাকি হ'ল
অচিনাকি মানুহবোৰ চিনাকি হ'ল
তেওঁৰ ওৰণি খনৰ ফাঁকেৰে কপাল
দেখা হ'ল।
দেউতাক চাহ কাপ ওপৰৰ পৰাই দিব
পৰা হ'ল,
তামোলৰ বটাতো আনলৈ ঠেলি দিব
পৰা হ'ল।
লাহে লাহে ওৰণি খনৰ
ফাকেঁৰে জিলিকি উঠিল
নেঘেৰী কলডিলীয়া খোপা
তাৰ পিছত তেওঁৰ মেঘালি চুলী।
এতিয়া তেওঁ পাহৰিলে চাদৰ- মেখেলা,

মা --- ৰিমকি ভাগৱতী

হে ঈশ্বৰ মোৰ পৃথিৱীৰ...

কিমানখন আকাশ সামৰি,

হৃদয়ৰ বাবে সাজিছা ঘৰ |

কেনেকৈ ভাৰ বান্ধিলৈছা সাগৰ সদৃশ মমতা...

কোনেনো দিলে তোমাক হিমালয়ৰ দৰে স্থিতপ্ৰজ্ঞতা

প্ৰলয়ংকৰি সময়ে যেতিয়া ঠেকেচি যায় জীৱন....

দেউতাই দিয়ে ছাঁ

আৰু তুমি কোমল এজাক বৰষুণহৈ পুনৰ জীপাল কৰা জীৱন.....

হে ঈশ্বৰ মোৰ পৃথিৱীৰ

মোৰ মা..........||

++++++++++++++++++++++++++

Rimki Bhagawati
M.no- 9401678547
Counsellor,ICTC
Morigaon Civil Hospital

শেৱাঁলি --- পল্লৱ কুমাৰ নাথ

পদুলিমুখৰ দুৱৰি লানীত নিশব্দ ভাবে পৰি ৰই...
শৰতৰ কুঁৱলীৰে সেমেকি।

হেঙুলি সুৰুজৰ আভাৰে আলোকিত হৃদয়লৈ
মই বিচাৰি যাওঁ তাইৰ সুবাস ।

এক অভিসাৰী অভিলাষ ।

+++++++++++++++++++++++++++++++

কবি :: পল্লৱ কুমাৰ নাথ ।
কাকী,নগাওঁ ।

আগমন --- পল্লৱ কুমাৰ নাথ

আজি শৰতে আহি দুৱাৰত টোকৰ মাৰিছেহি...
শুভ্ৰ কোঁৱলিৰ ভাষাৰে !

বুকুৰ নিশব্দ খিৰিকীৰে সোমাই আহিছে তাইৰ আবাহন ।

মোৰ আশাজ্জল চকুত...
তাইৰেই অপেক্ষা ।
আৰু তাইৰ হৃদয়ৰ নিভৃত কোনত...
মৰমৰ চাক'নৈয়া..!

++++++++++++++++++++++++++++++++++

কবি :: পল্লৱ কুমাৰ নাথ
কাকী, নগাওঁ

সোণৰ পঁজা --- মৃণালৰাজ কলিতা

দুখীয়াৰ সোণৰ পঁজা
আছে তাত সুখৰ মেলা
হাঁহি-ধেমালীৰে ভৰা
দুখীয়াৰ সোনৰ পঁজা ।

দিন-ৰাতি কাতি কৰি
কাম কৰে মিলিজুলি
নাই তাত ভাগ-বতৰা
দুখীয়াৰ সোনৰ পঁজা ।

দুহাতেৰে কৰে কাম
মাটিত পেলায় কপালৰ ঘাম
সপোনৰ নাই আশা
দুখীয়াৰ সোনৰ পঁজা ।

টকাৰে কৰা কামবোৰ
পছন্দ নহয় সিহঁতৰ
লাগে মাথো শ্রমৰ সুধা
দুখীয়াৰ সোনৰ পঁজা ।।

স্বনিৰ্বাসন --- ৰিমকি ভাগৱতী

মই স্বনিৰ্বাসন লৈছো,

আজি তোমাৰ প্ৰেমৰ দুনিয়াৰ পৰা |

যদিওবা কথা আছিল খোজত খোজ থৈ,

জীৱন সৰোৱৰ পাৰ হোৱাৰ ||

তোমাৰ পৃথিৱীৰ

জাক-জমকতাতে

হৰুৱাই পেলালো মই মোৰ সপোনৰ ৰং,

তমসাগ্ৰস্ত দুচকুলৈ মই

আৰু বগাব নোৱাৰো

তোমাৰ আকাংক্ষাৰ পাহাৰ,

এতিয়া যে হৃদয় মোৰ পক্ষাঘাতত জুৰুলা ...

সুখ-দুখৰ দুয়োতি পাত্ৰ পূৰ্ণ হোৱাৰ পাছত উপলৱ্ধিয়ে চিঞৰিছে জীৱনৰ অৰ্থ হীনতাৰ গান,

আৰু মই স্বনিৰ্বাসন লৈছো,

আজি তোমাৰ প্ৰেমৰ দুনিয়াৰ পৰা ||

+++++++++++++++++++++++++++++++

অনুপমা --- হেমেন নাথ

যেতিয়া
ওলাই যাওঁ
তেওঁ
বুকুত থাকে

আহি দেখো
তেওঁ ৰৈ আছে মোলে'

মোৰ বিষাদৰ দিনলিপিত তেওঁ সানে ভালপোৱাৰ ফাকু

উদং
মোৰ পথাৰত
তেওঁ সিঁচে
স্বপ্নৰ শইচ

অনুপমা,
যিয়ে অনন্ত সম্ভাৰেৰে ভৰাই তুলিছে মোক
তেওঁক দিবলে' অযুত
ভালপোৱাৰ
বাহিৰে
আৰু একো নাই |

+++++++++++++++++++++++++++++++

কবি :: হেমেন নাথ

মই ডামিনীয়ে কৈছো --- দাদুল ভূঞা(জোনাক)

তিল তিলকৈ মৃত্যুৰ ক্ষন গনিছ
আন্ধাৰ কাৰগাৰৰ বুকুত,
মৰি মৰি তহঁতে জীয়াতু ভূগিছ
শূন্যত ওলমিছে তহঁতৰ জীৱন, যৌৱন।

কামাতুৰ পুৰুষ তহঁত,
আন্ধাৰৰ এৰাতি তহঁতে খিলখিলাই হাঁহিছিলি
অকলশৰীয়া নাৰীৰ ওপৰত
তহঁতে দেখাইছিলি,
তহঁতৰ যৌনাংগৰ বীৰত্ব।

জনশূন্যতাৰ বুকুত চিঞৰি চিঞৰি কান্দিছিলো মই,
তহঁতৰ পাশৱিক কামনাত
বাট হেৰুৱাইছিলো ৰঙীন জীৱনৰ।

তহঁতৰ বাবে আজি স্বর্গগত মই,
স্বর্গৰ অপেস্বৰী হৈ হাঁহি হাঁহি চাই আছো,
চাই আছো তহঁতে মৃত্যুৰ ক্ষন গনাৰ মুহুর্ত।

হে' মহামান্য আদালতৰ জর্জ চাহাব
আপোনাক শত সহস্র ধন্যবাদ।

প্ৰলয় --- মৃণালৰাজ কলিতা

প্ৰলয়ৰ হিংসুক প্ৰাণ

সহিব নোৱাৰা তেজৰ জোৱাৰ,

কিমান দিন বিয়পি থাকিব.........

অসমীৰ বুকুত তেজৰ বান,

নাহে নেকি আলিংগন

পাখি মেলা আকাৰ ধল

মিলনৰ মধু ক্ষণ ???

আইতাৰ মুখৰ সাধু

শেঁতা পৰা তনু

কোনে চাবহি ঘুৰি

আজি কাৰোৱেই নাই আজৰি,

পদূলিমুৰৰ আল-ফুলিয়া

শেৱালীৰ শুভ্র বুকু,

জুখি চাবহি কোনে

সবায়ে খেলিছে মাথোন

ৰক্ত তেজৰ ফাকু ।।

++++++++++++++++++++++++++

কবি :: মৃণালৰাজ কলিতা
গাওঁ- সুৱণখাটা
জিলা- বাকচা, অসম
ফোন- ৮৮১২৮৬৩৩৯৩

হৃদয়ৰ হাবিয়াস --- মৃণালৰাজ কলিতা

হৃদয়ৰ হাবিয়াস
পৰ্ব্বতৰ শিখৰ
দূৰণীৰ মনোমোহা ছবি,
সেমেকা ওঠত
জিলিকি উঠে
সপোন কাজলনৰঙী ।।

উজাগৰি ৰাতিৰ
স্নিগ্ধ সপোন
জোৱাৰৰ অতব্য ধবনি,
আলফুলীয়া দুহাত
বিলয়ৰ হেঁপাহ
ব্যাকুল হৃদয়-বাণী ।।

ওখৰা-মখৰা
কাঁইটীয়া বাট
খোজে প্রতি অসহায়ী,
পথভ্রষ্ট্য পথিক
সংগীবিহীন চগা
ব্যৰ্থ মন-অনুৰাগী ।।

প্রচন্দ ধুমুহা
নিঃসংগ আকাশ
ল’বানে জোনৰ ওৰণি,
একাজলি মৰমৰ
একাজলি চেনেহৰ
মাথোন তুমিয়েই শুভাকাংশী ।।

++++++++++++++++++++++++++

স্বপ্ন --- মৃণালৰাজ কলিতা

আকাশৰ বিশালতাত

হৃদয়ৰ গান,

সেউজী শোভাই আনে

স্বপ্ন নিজান,

সেই স্বপ্নত ভাঁহি উঠে

আকঁলুৱা পৰাণ,

সাৰ পাই উঠি দেখো

খিৰিকীৰ ফাকেৰে জুমি

নিৰীহ চৰাইৰ গান ।

ঘড়ীটিয়ে সুকিয়াই

বিদাই দিয়া স্বপ্নৰ ৰাত্রি,

আকোঁৱালি লোৱা

দিঠকক মাতি,

তেতিয়াহে বুজিবা

জীৱনৰ মায়া কি ।।

+++++++++++++++++++++++++++

কবি :: মৃণালৰাজ কলিতা
গাওঁ- সুৱণখাটা
জিলা- বাকচা, অসম
ফোন- ৮৮১২৮৬৩৩৯৩

অসহ্য (কথা কবিতা) -- পল্লৱ কুমাৰ নাথ

স্পেছিয়েল আলু পৰঠা আৰু বিৰিয়ানীৰ সুৱাদেৰে উৎফূল্লিত হৈ এটা মৃদু

সন্তুষ্টিপূৰ্ণ হাঁহিৰে 'পাঞ্জাব হোটেল'ৰ পৰা ওলাই আহিলো যোৱাকালি

ৰাতিপুৱা ন মান বাজিত । ৰাস্তাৰ সমীপত পাওতেই ৰৈ থকা এখন নতুন বগা এল্ট

কাৰৰ কাষেৰে দেখা পালো দুখন অসাধাৰণ ভৰি । কিছুদুৰ আগবাঢ়ি গৈ দেখিলো দুখন

হস্তীসদৃশ ভৰি লৈ অৱস হৈ বোকাতে বহি হাত পাতি থকা ব্যক্তি এজন । সকলোৰে

বাবে অত্যাৱশ্যকীয় বুলি বিবেচিত হোৱা ভৰি দুখন যেন তেওঁৰ বাবে হৈ পৰিছে

দূৰবোধ্য বোঁজা । গৈ তেওঁৰ ওচৰ পালোগৈ।

"কালি গোটেই ৰাতি বৰষুণত তিতিলো... তাতে আকৌ পুৱাৰ পৰা যিহে ৰদ দিছে !...

তুমি মমতাজ --- দাদুল ভূঞা(জোনাক)

তুমি মমতাজ

মই ছাহজাহান

বাঃ কি মষ্টি, প্রেমৰ এই যোৰি।

আমাক প্রেমৰ বাবে নালাগে পার্কৰ

এন্ধাৰ এচুক

নালাগে যান্ত্রিক পৃথিৱীৰ যান্ত্রিক

ভালপোৱা।

আমাৰ বাবে শৰতৰ জোনাক ৰাতিয়েই

ভাল, ভাল সেউজীয়াৰ শস্যময় পৃথিৱী।

এখনি সচাঁ হৃদয়ৰ

সঁচা মৰম দিব পৰা

তুমি মোৰ মমতাজ,

আৰু মই ছাহজাহান।

মই তোমাৰ স্মৃতিত,

মোৰ হৃদয়ৰ পাৰ ঘাটত,

বনাই থম প্রেমৰ তাজমহল।

তুমি ৰ' লাগি চাই থাকিবা মোক আৰু মই

তোমাক ,

বাঃ কি মষ্টি, প্রেমৰ এই

মিঠা অনুভূতি।

++++++++++++++++++++++++++

শুপ্ৰভাত--- মৃণালৰাজ কলিতা

আকাশৰ বেলিটি ৰংচুৱা হৈ ওলাইছে

পদুলীমুৰৰ কৃষ্ণঁচূড়া জোপাৰ ওপৰেৰে,

বতাহেওঁ ঢৌ তুলি নাচিব ধৰিছে

নৈৰ দেও লগা পানীৰ সৈ’তে,

পখীবোৰ বিৰিখৰ ডালত গুণ-গুণাব ধৰিছে

যেন জগাই দিব খুজিছে

সেউজীয়া ধাননি পথাৰ,

নৈৰ কাণত বা লাগি হালি-জালি নাচ কঁহুৱা,

আকা-বেকা আলিবাট,

এটি-দুটি পাহিৰে নিৰ্মিত

এটি ধুনীয়া গোলাপ কলিৰ দৰে

হেঁপাহেৰে উপচি থকা মোৰ

হৃদয়ৰ কোঠালি ।।

+++++++++++++++++++++++

কবি :: মৃণালৰাজ কলিতা
গাওঁ- সুৱণখাটা
জিলা- বাকচা, অসম
ফোন- ৮৮১২৮৬৩৩৯৩

ধুমুহা --- দাদুল ভূঞা(জোনাক)

আন্ধাৰ ৰাতি এটা উত্যাপন কৰো মোৰ

জুৰলা জুপুৰা পজাঁটিত কুকুৰ এটাই

ৰাউচি জুৰে

ঘৰৰ পদূলিত।

ধুমুহা এজাক গিৰপ গিৰপকৈ পাৰ হৈ যায়

মোৰ শীতানৰ গাৰুটি কপে ভয়ত, মই মৌন

হৈ বহি থাকো

জানোচা কলিজা ফালি ওলাই আনিব তেজ।

স্বতন্ত্রৰ নামত

এনেদৰে হেজাৰ জন গ'ল

আন্ধৰৰ ফটিকা পান কৰি

বুকুত তেজৰ কঁৰাল বান্ধি।

আজি মোৰ পিৰালিৰ

কাষেদি ধুমুহা এজাক পাৰ

হৈ গৈছে গিৰিপ গিৰিপ জোতাৰ শৱদত

কপি উঠিছে মোৰ ভগ্ন বুকু।

ধুমুহাইটো নুবুজে

নিচিনে মানুহ

গনতন্ত্রৰ বুতজোতাৰে গচকি থৈ যায়

নিৰপৰাধী হৃদয়।

অব্যক্ত --- চন্দনা শইকীয়া

মোৰ মৌন ওঁঠৰ ভাষা

তুমি জানো নুবুজা ?

হৃদয়ৰ পঞ্জীভূত

সকলো ভালপোৱা মাথো তোমাৰ

বাবেইতো সৃষ্টি হোৱা ! নকলেও

জানো নেদেখা

তোমাৰ কলিজাৰ ধপ্ধপনিৰ

প্ৰতিটো ছন্দত

নাছি উঠা মোৰ

মন আলফুলীয়া ?

তোমাৰ প্ৰেমৰ সুৰত

সুৰ মিলাই গোৱা

মোৰ হৃদয়মালিতা

তুমি জানো নুশুনা ?

++++++++++++++++++++++

কবি :: চন্দনা শইকীয়া
বশিষ্ট, গুৱাহাটি
ইমেইল :: Chandanamainasaikia@gmail.com

দিনবোৰ --- বিপুল চন্দ্ৰ আৰ্য্য

চিলমিলিয়া বৰষুণ

পানীৰে পথাৰ উপচি গল,

পুঠী দৰকিনাই দেও দি নাচিছে,

ভেকুলিয়ে টোৰটোৰাইছে

আনন্দত বাৰিষা আহিছে বুলি ।

পথাৰত ভূই,

বানপানীৰ উপদ্রপ ।

তথাপিও খেতিয়কৰ ৰঙীন স্বপ্ন ।

সেউজীয়া গাভৰু ধাননী পথাৰ ।

কাতি বিহু কঙালী,

ভোগালীৰ পিঠা পায়খৰ বতৰ ।

মন হেপাহেৰে ভৰা,

কহুবা, মদাৰ, পলাশ ফুলিলে

হাড় কপোবা জাৰ ।

বৰদৈচিলা মাকৰ ঘৰলৈ যায় ।

পাত সৰি ন-কুঁহিপাত ওলালে,

বহাগ, ৰঙালীৰ শুভেচ্ছা লৈ ।

বিহুত মোন চঞ্চল হল

মনত মাথো প্রেয়সীৰ উদ্বেগ

বিহুবান আৰু মৰমৰ উল্লেখ ।

নষ্টালজীয়া --- বিপুল চন্দ্ৰ আৰ্য্য

ক্র:মশ যৌবনৰ ডুবাৰদলিত

তাইৰ এতিয়া ভৰ বাৰিষা,

লাহী ককাল সেউজীয়া গাভৰু ।

দৃষ্টীত ঢালি দিয়ে মদ, নিচা

ৰূপ লাবন্য যেন পকা আপেল,

হাঁহিলে আখৈ বিৰিখে

ওঠ তাইৰ গোলাপৰ পাহি,

দেহৰ আকৃতি পাহাৰ,গুহা,

তেজাল ডেকা ল’ৰা মই

ৰিপু বিলাক অস্হিৰ,

মাথো পান কৰিবলে হেঁপাহ

এয়াই মোৰ নষ্টালজীয়ানে.....?

++++++++++++++++++++++

কবি: বিপুল চন্দ্ৰ আৰ্য্য
গেৰুকাবাৰী, বঙাইগাঁও,অসম
ফোন নং ৯৭০৬৯৪৫২৮৩

মিলনৰ প্ৰতিচ্ছবী --- বিপুল চন্দ্ৰ আৰ্য্য

যোবনৰ ঢৌ সাগৰত পৰি

মন নদীত যোবাৰৰ আবৃত্তি,

হৃদয় চিহ্ন বিচিহ্ন

চকুত মাথো অশ্রুঅঞ্জলী ।

শোক অনুতাপত এটাই চিন্তা,

ওৰে দিনটো মাথো তাৰেই প্ৰতিচ্ছবী,

জীবনৰ প্রতিটো খোজতে

এৰিব নোবাৰা এক মায়ামোহ ।

মন নাওঁখন ছেদেলি-ভেদেলি,

হৃদয়ত মাথো এক প্রতিবিম্ব ।

মিলনৰ দুটি হিয়াৰ আকাংখা,

কেতিয়ানো ফুলশর্য্যা হব,

দুজন মিলি একে শৰীৰ, প্রাণ আৰু মন ।

+++++++++++++++++++++++++++

লিখক: বিপুল চন্দ্ৰ আৰ্য্য
গেৰুকাবাৰী , বঙাইগাঁও,অসম
ফোন নং : ৯৭০৬৯৪৫২৮৩

উজ্জ্বল গুচি এন্ধাৰ হ’ল --- উজ্জ্বল শৰ্মা

চিনি পাইছানে মোক ?
সেই যে ক্ষীণকৈ লাজকুৰীয়া ল’ৰাতো,
প্রতিতো কথাতে বেঙাৰ দৰে হাঁহি থকা
সেই যে অকৰাতো ।
অ’, মই সেই অকৰাতোৱেই কৈছো ।

এদিন এই বেঙাতোৰেই প্রেমত পৰিছিলা,
লাজকুৰীয়া হাঁহিটিতে ভোল গৈছিলা,
মোৰ অকৰামিবোৰতে প্ৰাণ খুলি হাঁহিছিলা ।
পিছত কি হ’ল ?
যে লাহে লাহে মোক সলনি কৰিব ধৰিলা ?

পৰিবৰ্তনৰ বতাহ এনেকৈ লাগিল যে,
হাঁহিত লাজ গুচি কপটতাৰ প্রতিফলন হ’ল,
অকৰা ল'ৰাতো লাহে লাহে চালাক হ’ল,
প্রিয় ৰঙটিও এতিয়া বগাৰ ঠাইত
ক'লালৈ সলনি হ’ল ।

ৰেঙনি --- লতিকা কলিতা

দুখ মোৰ জীৱন লগৰী
সঁচাই, জানানে তুমি ?
দুখে মোৰ জীৱন আঁৱৰি ৰাখিছে ।
কিন্তু সুখ ক’তা ?
সুখেতো মোক কাহানিও দেখা দিয়া নাই ।
সুখ মোৰ অচিন পথিক স্বৰূপ ।

সুখলৈ মোৰ হাবিয়াস নাই ।
দুখো অৱশ্যে বিচৰা নাই,
তথাপি কেতিয়াবা সপোন দেখো......
সুখে মাতে মোক হাতবাঁউলি দি ।

তুমি তোমাৰ নিজৰ পথত অগ্রসৰ হোৱা
বিছাৰি পাবা এদিন সুখৰ দুৱাৰ দলি ।
যদি বিচৰা সুখৰ ৰেঙনি......
হ'বলৈ চেষ্টা কৰা তুমি স্বাৱলম্বী ।।

++++++++++++++++++++

কবি- লতিকা কলিতা
বৰিহাট, ভাল্লা
পিন-৭৮১১২৫

নিষিদ্ধ ভ্ৰুণ --- ৰাজীৱ কায়ষ্হ

এনিশাৰ বীৰ্য উমত দিনবোৰে বাগৰ সলালে;

আশ্ৰয় উদৰত স্পন্দিত এটি ভ্ৰুণ ।

অংগ পোখালিম পথত
হেঙুৰৰ হিল্লোল,

উদৰৰ ওৰণি
ঠেলিব খোজোতেই

ক্ৰমাৎ
দৃশ্যমান হ'ল:

"নিষিদ্ধ নাৰী ভ্ৰুণৰ ফলক"

বৈষম্যৰ ক্লীৱশীল প্ৰাচীৰ...!

এবেগেত মান পিছুৱাই গ'ল
ভাড়াক্ৰান্ত ভ্ৰুণৰ পানচৈ....

বিঃদ্ৰঃ
মাতৃৰ পৰাধীন উদৰৰ
পশ্চিমি প্ৰান্তৰ

কোনো বিষাক্ত কাঁইটত;
খুচি খাই খাই

ক্ষত-বিক্ষত হৈ

ভোগ্য জৰায়ু মুখত

শোণিতি
অস্তাচলৰ-আবিৰ

সানি সমাপ্ত
কৰিলে নিষিদ্ধ ভ্ৰুণৰ মৰ্মান্তিক কাহিনী ।"

সপোন --- জিণ্টু্ হালৈ

এটা সপোন দেখিছিলো ভালপোৱাৰ নৈত দুয়ো একেলগে

উজাই যোৱাৰ মৰমবোৰ যত আমাৰ লগৰী হব

ভাবিছিলো তোৰ বুকুত সাঁজি লম

ভালপোৱাৰ এখন ঘৰ মাঁথো মোৰ বাবে

কিন্তু সপোনবোৰচোন হঠাতে খহি গল

তই গুচি গলি অচিনা বাটেৰে মই নজনাকে

লগত লৈ গলি মোৰ সপোন, মোৰ হাহিবোৰ

কত গলি তই কাক সুধিম তোৰ ঠিকনা

আকো উভটি আহিবিনে

মোৰ সপোনবোৰ কাষত ৰাখি তই জানো সুঁখী হব পাৰিবি..

++++++++++++++++++++++++

জিণ্টু্ হালৈ
নলবাৰী,(পানীগাওঁ)
ফোন নম্বৰ: ৯৭০৭৫৩৬৪৫২,৭৩৯৯১০০৭১৯

অনুভৱ ৷৷ জিণ্টু্ হালৈ ৷৷ প্ৰেমৰ অনুভৱৰ অসমীয়া কবিতা

জীৱনৰ প্ৰতিটো পল-অনুপল

তোমাৰ নামতেই উচৰ্গিত

বুকুত নিৰৱে কিৰিলিয়াই উঠে

সপোন জাকে

যদিও নাজানো তোমাৰ অনুভৱ কি ?????

তথাপিও......

হৃদয়ৰ দলিচাত আলফুলে

সাঁচি ৰখা মৰমবোৰ

নিগৰি ৰয় কেৱল তোমাৰ বাবে

কি ভুল আছিল মোৰ

কিয় কঢ়িয়াব লগা হ'ল যন্ত্ৰনা

মৰম, ভালপোৱা, সময়

একোৰেতো আভাৱ নাছিল

তথাপিও

আচলতে মই বুজি নাপালো তোমাক

কি বিচাৰিছিলা মোৰপৰা...

++++++++++++++++++++++++++++++

জিণ্টু্ হালৈ

শব্দ, শোষন ইত্যাদি --- দাদুল ভূঞা(জোনাক)

শব্দবোৰে মোৰ বুকুত আক্রমন কৰে,
কেতিয়াবা নিশা কেতিয়াবা পুরা।

বৰ জোৰকৈ খুন্দা মাৰি মোক কোঙা কৰি পেলাই,
কহুনাৰে ধান চপোরাদি চপাই আনো শব্দবোৰ।

বগা কাগজৰ উকা পাতত লিখি যাওঁ ধনতন্ত্র কিম্বা শোষনৰ বিৰুদ্ধে ,
উকমুকাই থকা দন্তবিষ্ফোৰক শব্দবোৰ।

উকা কাগজৰ পাতত শব্দৰে দেখা পাওঁ স্বাধীনতাৰ সপোন,
দেখা পাওঁ আইৰ বুকুত শোষন বিহীন স্বতন্ত সমাজ।

পিতাইৰ নাঙলৰ মুঠিত জীয়াই থকাৰ বাসনা ,
এন্ধাৰত সাবটো পিতাইক শোষন কৰা ধনতন্ত্রৰ কৰাল গ্রাস।

পিতাইয়েও স্বাধীনতা বিচাৰে নাঙলৰ মুঠিত,
নাঙলৰ সিৰলুৰে সৃষ্টিৰ পথাৰত আকি যায় অসমতল ভূগোল।

প্ৰেম --- জিণ্টু্ হালৈ

হাঁহিবলে পাহৰি নাযাবা

দুখবোৰে আমনি কৰিলেও

সিহঁতক তুমি মনৰ শক্তিৰে

আজৰি পেলাবা

তুমি সুখী হোৱা

মনৰ হেপাঁহেৰে

উজ্জল হওঁক তোমাৰ মনোমোহা জীৱন

প্ৰতিটো পলে তোমাৰ সুখৰ কুটা আনক কঢ়িয়াই

সাজি তোলক সপোনৰ কাৰেংঘৰ

মাথো তুমি সলনি নহবা

মোৰ শপত

তোমাৰ লগত বন্ধুত্ব কৰি এটা উপহাৰ পাইছিলো

উপহাৰটো হ'ল ভালপোৱা

মইটো নোৱাৰিলো তোমাৰ লগত

জীৱন কটাৱলৈ

কিন্তু তোমাৰ ছাঁ টোৱে মোৰ লগ

নেৰি ব যেন পাইছো........

+++++++++++++++++++++++++++++++

জিণ্টু্ হালৈ

বিষাদ --- লতিকা কলিতা

কোন তুমি.........?

তোমাক যে চিনিব পৰা নাই ।

কেতিয়াবা দেখাটোও মনত নাই ।

কিয় আহিছা মোৰ জীৱনলৈ ?

নাই, নাই তোমাৰ উদ্দেশ্য মই জানিব খোজা নাই ।

তোমাৰ আগমন মোৰ যে অসহনীয় ।

হেৰাই গ’ল জীবনৰ পোহৰবোৰ

এতিয়া মাথো চাৰিওফালে এন্ধাৰ, কেৱল এন্ধাৰ

খেপিয়াই খেপিয়াই বিচাৰি ফুৰিছো জীবনৰ মাদকতা.........

ভাগৰুৱা হৈ পৰিছো মই......

জিৰণি লব খুজিছো তোমাৰ কোলাত,

হ’লেও তুমি অচিনাকি কোনো কথা নাই ।

মোৰ আপোন বুলিবলৈ যে কোনো নাই ।

++++++++++++++++++++++++++++++

কবি- লতিকা কলিতা
বৰিহাট, ভাল্লা
পিন-৭৮১১২৫

তোমাৰ আগমণলৈ --- ৰূপম বেজ

আপেখিছো তোমাৰ আগমণলৈ
বাৰে বাৰে আজি দেখিছো
তোমাৰ ক'লা চুলিৰ মাজত আঘোনৰ ধাননিৰ ...
লুঙলুঙীয়া আৰু দীঘল বাট ৷

কপালৰ ৰঙা বেলিটিয়ে ডাৱৰ ফালি
ভুমুকি মাৰিছেহি মোৰ মনৰ আকাশত...
পোহৰাই তুলিছে চৌদিশে
খোজ লৈছো আজি পুণৰ
সন্ধানহীণ জীৱনৰ বাটত ৷

বসন্তৰপৰস পাই আজি তুমি
নকৈ সাজি-কাঁছি ওলাইছা
তোমাৰ জেউতী চৰা ৰূপত
উজ্বলি উঠিছে মোৰ মনৰ আকাশ
কল্পনাৰ কঁঠিয়া বুলাই দুয়ো
এমুঠি দুমুঠিকৈ ৰুমসজল ধৰাত ৷

+++++++++++++++++++++

ৰূপম বেজ,
মাজুলী

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,665
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,756
শিতান: প্ৰবন্ধ
মুঠ পঢ়ুৱৈ সংখ্যা:2,309
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:104
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:3,205
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,288