কবিতা

ধুমুহা --- দাদুল ভূঞা(জোনাক)

আন্ধাৰ ৰাতি এটা উত্যাপন কৰো মোৰ

জুৰলা জুপুৰা পজাঁটিত কুকুৰ এটাই

ৰাউচি জুৰে

ঘৰৰ পদূলিত।

ধুমুহা এজাক গিৰপ গিৰপকৈ পাৰ হৈ যায়

মোৰ শীতানৰ গাৰুটি কপে ভয়ত, মই মৌন

হৈ বহি থাকো

জানোচা কলিজা ফালি ওলাই আনিব তেজ।

স্বতন্ত্রৰ নামত

এনেদৰে হেজাৰ জন গ'ল

আন্ধৰৰ ফটিকা পান কৰি

বুকুত তেজৰ কঁৰাল বান্ধি।

আজি মোৰ পিৰালিৰ

কাষেদি ধুমুহা এজাক পাৰ

হৈ গৈছে গিৰিপ গিৰিপ জোতাৰ শৱদত

কপি উঠিছে মোৰ ভগ্ন বুকু।

ধুমুহাইটো নুবুজে

নিচিনে মানুহ

গনতন্ত্রৰ বুতজোতাৰে গচকি থৈ যায়

নিৰপৰাধী হৃদয়।

অব্যক্ত --- চন্দনা শইকীয়া

মোৰ মৌন ওঁঠৰ ভাষা

তুমি জানো নুবুজা ?

হৃদয়ৰ পঞ্জীভূত

সকলো ভালপোৱা মাথো তোমাৰ

বাবেইতো সৃষ্টি হোৱা ! নকলেও

জানো নেদেখা

তোমাৰ কলিজাৰ ধপ্ধপনিৰ

প্ৰতিটো ছন্দত

নাছি উঠা মোৰ

মন আলফুলীয়া ?

তোমাৰ প্ৰেমৰ সুৰত

সুৰ মিলাই গোৱা

মোৰ হৃদয়মালিতা

তুমি জানো নুশুনা ?

++++++++++++++++++++++

কবি :: চন্দনা শইকীয়া
বশিষ্ট, গুৱাহাটি
ইমেইল :: Chandanamainasaikia@gmail.com

দিনবোৰ --- বিপুল চন্দ্ৰ আৰ্য্য

চিলমিলিয়া বৰষুণ

পানীৰে পথাৰ উপচি গল,

পুঠী দৰকিনাই দেও দি নাচিছে,

ভেকুলিয়ে টোৰটোৰাইছে

আনন্দত বাৰিষা আহিছে বুলি ।

পথাৰত ভূই,

বানপানীৰ উপদ্রপ ।

তথাপিও খেতিয়কৰ ৰঙীন স্বপ্ন ।

সেউজীয়া গাভৰু ধাননী পথাৰ ।

কাতি বিহু কঙালী,

ভোগালীৰ পিঠা পায়খৰ বতৰ ।

মন হেপাহেৰে ভৰা,

কহুবা, মদাৰ, পলাশ ফুলিলে

হাড় কপোবা জাৰ ।

বৰদৈচিলা মাকৰ ঘৰলৈ যায় ।

পাত সৰি ন-কুঁহিপাত ওলালে,

বহাগ, ৰঙালীৰ শুভেচ্ছা লৈ ।

বিহুত মোন চঞ্চল হল

মনত মাথো প্রেয়সীৰ উদ্বেগ

বিহুবান আৰু মৰমৰ উল্লেখ ।

নষ্টালজীয়া --- বিপুল চন্দ্ৰ আৰ্য্য

ক্র:মশ যৌবনৰ ডুবাৰদলিত

তাইৰ এতিয়া ভৰ বাৰিষা,

লাহী ককাল সেউজীয়া গাভৰু ।

দৃষ্টীত ঢালি দিয়ে মদ, নিচা

ৰূপ লাবন্য যেন পকা আপেল,

হাঁহিলে আখৈ বিৰিখে

ওঠ তাইৰ গোলাপৰ পাহি,

দেহৰ আকৃতি পাহাৰ,গুহা,

তেজাল ডেকা ল’ৰা মই

ৰিপু বিলাক অস্হিৰ,

মাথো পান কৰিবলে হেঁপাহ

এয়াই মোৰ নষ্টালজীয়ানে.....?

++++++++++++++++++++++

কবি: বিপুল চন্দ্ৰ আৰ্য্য
গেৰুকাবাৰী, বঙাইগাঁও,অসম
ফোন নং ৯৭০৬৯৪৫২৮৩

মিলনৰ প্ৰতিচ্ছবী --- বিপুল চন্দ্ৰ আৰ্য্য

যোবনৰ ঢৌ সাগৰত পৰি

মন নদীত যোবাৰৰ আবৃত্তি,

হৃদয় চিহ্ন বিচিহ্ন

চকুত মাথো অশ্রুঅঞ্জলী ।

শোক অনুতাপত এটাই চিন্তা,

ওৰে দিনটো মাথো তাৰেই প্ৰতিচ্ছবী,

জীবনৰ প্রতিটো খোজতে

এৰিব নোবাৰা এক মায়ামোহ ।

মন নাওঁখন ছেদেলি-ভেদেলি,

হৃদয়ত মাথো এক প্রতিবিম্ব ।

মিলনৰ দুটি হিয়াৰ আকাংখা,

কেতিয়ানো ফুলশর্য্যা হব,

দুজন মিলি একে শৰীৰ, প্রাণ আৰু মন ।

+++++++++++++++++++++++++++

লিখক: বিপুল চন্দ্ৰ আৰ্য্য
গেৰুকাবাৰী , বঙাইগাঁও,অসম
ফোন নং : ৯৭০৬৯৪৫২৮৩

উজ্জ্বল গুচি এন্ধাৰ হ’ল --- উজ্জ্বল শৰ্মা

চিনি পাইছানে মোক ?
সেই যে ক্ষীণকৈ লাজকুৰীয়া ল’ৰাতো,
প্রতিতো কথাতে বেঙাৰ দৰে হাঁহি থকা
সেই যে অকৰাতো ।
অ’, মই সেই অকৰাতোৱেই কৈছো ।

এদিন এই বেঙাতোৰেই প্রেমত পৰিছিলা,
লাজকুৰীয়া হাঁহিটিতে ভোল গৈছিলা,
মোৰ অকৰামিবোৰতে প্ৰাণ খুলি হাঁহিছিলা ।
পিছত কি হ’ল ?
যে লাহে লাহে মোক সলনি কৰিব ধৰিলা ?

পৰিবৰ্তনৰ বতাহ এনেকৈ লাগিল যে,
হাঁহিত লাজ গুচি কপটতাৰ প্রতিফলন হ’ল,
অকৰা ল'ৰাতো লাহে লাহে চালাক হ’ল,
প্রিয় ৰঙটিও এতিয়া বগাৰ ঠাইত
ক'লালৈ সলনি হ’ল ।

ৰেঙনি --- লতিকা কলিতা

দুখ মোৰ জীৱন লগৰী
সঁচাই, জানানে তুমি ?
দুখে মোৰ জীৱন আঁৱৰি ৰাখিছে ।
কিন্তু সুখ ক’তা ?
সুখেতো মোক কাহানিও দেখা দিয়া নাই ।
সুখ মোৰ অচিন পথিক স্বৰূপ ।

সুখলৈ মোৰ হাবিয়াস নাই ।
দুখো অৱশ্যে বিচৰা নাই,
তথাপি কেতিয়াবা সপোন দেখো......
সুখে মাতে মোক হাতবাঁউলি দি ।

তুমি তোমাৰ নিজৰ পথত অগ্রসৰ হোৱা
বিছাৰি পাবা এদিন সুখৰ দুৱাৰ দলি ।
যদি বিচৰা সুখৰ ৰেঙনি......
হ'বলৈ চেষ্টা কৰা তুমি স্বাৱলম্বী ।।

++++++++++++++++++++

কবি- লতিকা কলিতা
বৰিহাট, ভাল্লা
পিন-৭৮১১২৫

নিষিদ্ধ ভ্ৰুণ --- ৰাজীৱ কায়ষ্হ

এনিশাৰ বীৰ্য উমত দিনবোৰে বাগৰ সলালে;

আশ্ৰয় উদৰত স্পন্দিত এটি ভ্ৰুণ ।

অংগ পোখালিম পথত
হেঙুৰৰ হিল্লোল,

উদৰৰ ওৰণি
ঠেলিব খোজোতেই

ক্ৰমাৎ
দৃশ্যমান হ'ল:

"নিষিদ্ধ নাৰী ভ্ৰুণৰ ফলক"

বৈষম্যৰ ক্লীৱশীল প্ৰাচীৰ...!

এবেগেত মান পিছুৱাই গ'ল
ভাড়াক্ৰান্ত ভ্ৰুণৰ পানচৈ....

বিঃদ্ৰঃ
মাতৃৰ পৰাধীন উদৰৰ
পশ্চিমি প্ৰান্তৰ

কোনো বিষাক্ত কাঁইটত;
খুচি খাই খাই

ক্ষত-বিক্ষত হৈ

ভোগ্য জৰায়ু মুখত

শোণিতি
অস্তাচলৰ-আবিৰ

সানি সমাপ্ত
কৰিলে নিষিদ্ধ ভ্ৰুণৰ মৰ্মান্তিক কাহিনী ।"

সপোন --- জিণ্টু্ হালৈ

এটা সপোন দেখিছিলো ভালপোৱাৰ নৈত দুয়ো একেলগে

উজাই যোৱাৰ মৰমবোৰ যত আমাৰ লগৰী হব

ভাবিছিলো তোৰ বুকুত সাঁজি লম

ভালপোৱাৰ এখন ঘৰ মাঁথো মোৰ বাবে

কিন্তু সপোনবোৰচোন হঠাতে খহি গল

তই গুচি গলি অচিনা বাটেৰে মই নজনাকে

লগত লৈ গলি মোৰ সপোন, মোৰ হাহিবোৰ

কত গলি তই কাক সুধিম তোৰ ঠিকনা

আকো উভটি আহিবিনে

মোৰ সপোনবোৰ কাষত ৰাখি তই জানো সুঁখী হব পাৰিবি..

++++++++++++++++++++++++

জিণ্টু্ হালৈ
নলবাৰী,(পানীগাওঁ)
ফোন নম্বৰ: ৯৭০৭৫৩৬৪৫২,৭৩৯৯১০০৭১৯

অনুভৱ ৷৷ জিণ্টু্ হালৈ ৷৷ প্ৰেমৰ অনুভৱৰ অসমীয়া কবিতা

জীৱনৰ প্ৰতিটো পল-অনুপল

তোমাৰ নামতেই উচৰ্গিত

বুকুত নিৰৱে কিৰিলিয়াই উঠে

সপোন জাকে

যদিও নাজানো তোমাৰ অনুভৱ কি ?????

তথাপিও......

হৃদয়ৰ দলিচাত আলফুলে

সাঁচি ৰখা মৰমবোৰ

নিগৰি ৰয় কেৱল তোমাৰ বাবে

কি ভুল আছিল মোৰ

কিয় কঢ়িয়াব লগা হ'ল যন্ত্ৰনা

মৰম, ভালপোৱা, সময়

একোৰেতো আভাৱ নাছিল

তথাপিও

আচলতে মই বুজি নাপালো তোমাক

কি বিচাৰিছিলা মোৰপৰা...

++++++++++++++++++++++++++++++

জিণ্টু্ হালৈ

শব্দ, শোষন ইত্যাদি --- দাদুল ভূঞা(জোনাক)

শব্দবোৰে মোৰ বুকুত আক্রমন কৰে,
কেতিয়াবা নিশা কেতিয়াবা পুরা।

বৰ জোৰকৈ খুন্দা মাৰি মোক কোঙা কৰি পেলাই,
কহুনাৰে ধান চপোরাদি চপাই আনো শব্দবোৰ।

বগা কাগজৰ উকা পাতত লিখি যাওঁ ধনতন্ত্র কিম্বা শোষনৰ বিৰুদ্ধে ,
উকমুকাই থকা দন্তবিষ্ফোৰক শব্দবোৰ।

উকা কাগজৰ পাতত শব্দৰে দেখা পাওঁ স্বাধীনতাৰ সপোন,
দেখা পাওঁ আইৰ বুকুত শোষন বিহীন স্বতন্ত সমাজ।

পিতাইৰ নাঙলৰ মুঠিত জীয়াই থকাৰ বাসনা ,
এন্ধাৰত সাবটো পিতাইক শোষন কৰা ধনতন্ত্রৰ কৰাল গ্রাস।

পিতাইয়েও স্বাধীনতা বিচাৰে নাঙলৰ মুঠিত,
নাঙলৰ সিৰলুৰে সৃষ্টিৰ পথাৰত আকি যায় অসমতল ভূগোল।

প্ৰেম --- জিণ্টু্ হালৈ

হাঁহিবলে পাহৰি নাযাবা

দুখবোৰে আমনি কৰিলেও

সিহঁতক তুমি মনৰ শক্তিৰে

আজৰি পেলাবা

তুমি সুখী হোৱা

মনৰ হেপাঁহেৰে

উজ্জল হওঁক তোমাৰ মনোমোহা জীৱন

প্ৰতিটো পলে তোমাৰ সুখৰ কুটা আনক কঢ়িয়াই

সাজি তোলক সপোনৰ কাৰেংঘৰ

মাথো তুমি সলনি নহবা

মোৰ শপত

তোমাৰ লগত বন্ধুত্ব কৰি এটা উপহাৰ পাইছিলো

উপহাৰটো হ'ল ভালপোৱা

মইটো নোৱাৰিলো তোমাৰ লগত

জীৱন কটাৱলৈ

কিন্তু তোমাৰ ছাঁ টোৱে মোৰ লগ

নেৰি ব যেন পাইছো........

+++++++++++++++++++++++++++++++

জিণ্টু্ হালৈ

বিষাদ --- লতিকা কলিতা

কোন তুমি.........?

তোমাক যে চিনিব পৰা নাই ।

কেতিয়াবা দেখাটোও মনত নাই ।

কিয় আহিছা মোৰ জীৱনলৈ ?

নাই, নাই তোমাৰ উদ্দেশ্য মই জানিব খোজা নাই ।

তোমাৰ আগমন মোৰ যে অসহনীয় ।

হেৰাই গ’ল জীবনৰ পোহৰবোৰ

এতিয়া মাথো চাৰিওফালে এন্ধাৰ, কেৱল এন্ধাৰ

খেপিয়াই খেপিয়াই বিচাৰি ফুৰিছো জীবনৰ মাদকতা.........

ভাগৰুৱা হৈ পৰিছো মই......

জিৰণি লব খুজিছো তোমাৰ কোলাত,

হ’লেও তুমি অচিনাকি কোনো কথা নাই ।

মোৰ আপোন বুলিবলৈ যে কোনো নাই ।

++++++++++++++++++++++++++++++

কবি- লতিকা কলিতা
বৰিহাট, ভাল্লা
পিন-৭৮১১২৫

তোমাৰ আগমণলৈ --- ৰূপম বেজ

আপেখিছো তোমাৰ আগমণলৈ
বাৰে বাৰে আজি দেখিছো
তোমাৰ ক'লা চুলিৰ মাজত আঘোনৰ ধাননিৰ ...
লুঙলুঙীয়া আৰু দীঘল বাট ৷

কপালৰ ৰঙা বেলিটিয়ে ডাৱৰ ফালি
ভুমুকি মাৰিছেহি মোৰ মনৰ আকাশত...
পোহৰাই তুলিছে চৌদিশে
খোজ লৈছো আজি পুণৰ
সন্ধানহীণ জীৱনৰ বাটত ৷

বসন্তৰপৰস পাই আজি তুমি
নকৈ সাজি-কাঁছি ওলাইছা
তোমাৰ জেউতী চৰা ৰূপত
উজ্বলি উঠিছে মোৰ মনৰ আকাশ
কল্পনাৰ কঁঠিয়া বুলাই দুয়ো
এমুঠি দুমুঠিকৈ ৰুমসজল ধৰাত ৷

+++++++++++++++++++++

ৰূপম বেজ,
মাজুলী

উগুল থুগুল মন --- সুভাষ বৰা

মনটো উগুল থুগুল কৰিছে

কি কৰো ?

ক'ত যাও...

উপাই নাপাই

হেৰোৱা সপোনকে খুচৰিছো

অতীত সোঁৱৰি

বিবেক দহিছে …

পোৱা নোপোৱাৰ দলিল আঁকি

নিজকে লৈ খেদ প্ৰকাশ কৰিছো

মাজে মাজে পুৰণি প্ৰেমে

তুঁহ জলোৱাদি উম-উমাই উঠিছে

ক্ষণিকতে

মৰমৰ আঁতৰ সানি

মনৰ তাজমহল গঢ়িছো

অচিনাকি ওঁঠত

চিনাকি বাঁহীৰ সুৰ বিচাৰি ওলাইছো

মাখনৰ দৰে পমি পমি

মৰমবোৰ শেষ হৈ যোৱাৰ আগতে

কোনেও নোগোৱা এটি গীত গাব মন গৈছে

তুমি হয়তু কবা গোৱা ?

তোমাক কোনে মানা কৰিছে ?

জীৱনৰ জোনাকী বাট --- সুভাষ বৰা

গুলাপী দুগালত তোমাৰ

অভিমানৰ বৰষা নমা যেন লাগিছে ?

অভিমানতে সোৱঁৰণী অতীত

আৰু মিছা সপোনবোৰ

খেদি ফুৰিছা যেন লাগিছে

এই আবতৰীয়া অভিমানবোৰে

তোমাৰ কি ক্ষতি কৰিছে জানানে ?

জোনাকী জোনাকী

লগা মিঠা আবেলিবোৰ

অঘৰী আৰু অসুখী

কৰি তুলিছে

তুমি অভিমান এৰি

বৰষুণ হোৱা

আৰু তাতে বিচাৰি লোৱা

জীৱনৰ জোনাকী বাট ;

++++++++++++++++++++++++++++

Subhas Bora

Department of Neurosurgery, Neurosciences Center

All India Institute of Medical Sciences (AIIMS)

হেপাঁহেৰে নিজৰা মোডী-লৈ --- সুভাষ বৰা

চেনেহৰ বানে মৰা

ঠুনুকা হৃদয়তখনত

লঘোনীয়া চুটি চুটি

উশাহবোৰে বাৰে বাৰে

উচুপি উঠে;

শেলুৱৈ ধৰা জীৱন মৰুত

তেজৰ চেকুৰাবোৰে

কেচা দুখ হৈ নীৰৱে উচুপে,

বাৰে বাৰে পিছলি পৰে -

চুটি উশাহবোৰে -

আকুল চকুলো হৈ

ঠুনুকা বুকুখনত

বৰকৈ আমনি কৰে ।

++++++++++++++++++++++++++++++++++++

Subhas Bora

Department of Neurosurgery, Neurosciences Center

All India Institute of Medical Sciences (AIIMS)

Ansari Nagar, New Delhi-110029,India.

ফাগুন , তাই আৰু মই --- দিব্যজ্যোতি শইকীয়া

জাৰুৱালী পচোৱাজাকে

লঠঙা কৰে সেউজী গছবোৰক

সৰাপাতৰ বিননি .......

উন্মনা ফাগুন

এই ফাগুনত তুমি পলাশ - শিমলু - মদাৰ -

হৈ ফুলিছা

মই উতনুৱা তুলা হৈ বতাহত ভাহিছো

ধূলি - বতাহ - আকাশ আৰু শিমলু - পলাশৰ

লগত সম্বন্ধ পাতিছো

কেতিয়াবা উদাৰ আকাশৰ চিলাখন হৈ

আন কেতিয়াবা উদং পথাৰৰ

চৰণীয়া গৰুজাক হৈ

আন কেতিয়াবা বুলবুলিজনী হৈ

শিমলু - পলাশৰ ৰঙ আকাশত সানিছো

ধূলিয়ৰি বাটত চৰণ মোহৰ

সৰাপাত আৰু সৰাপাহি

বিশৃংখল কৰ কিয় ফাগুন ?

কিয় আহ তই এই গাৱলৈ ?

তাইৰ ছাদৰৰ আছল উৰাবলৈ

স্বপ্নিল মালিতা --- দিব্যজ্যোতি শইকীয়া

মালিতাবোৰ ক্ৰমে জীৱন্ত ৰূপ পায়

এটি স্বপ্নিল অধ্যায়

মালিতাৰ এটি এটি কলিত

তোমাৰেই জয়গান

তোমাৰ শিৰতেই উৰে জয়ধ্বজা ।

নাহৰৰ মালিতা নহয় এইয়া

লোণ বেহাবও কোনো যোৱা নাই

দুচকুৰ আগত নাই কু৺ৱৰীৰ প্ৰতিবিম্ব

ই মাথো৺ স্বপ্নিল মালিতা

যাৰ কো৺হে কো৺হে

চকুলোৰ হাহাকাৰ

উচুপে নিসংগতা ......

++++++++++++++++++++++++++

দিব্যজ্যোতি শইকীয়া
আমতলা গোপালপুৰ , লখিমপুৰ
ফোন নং ৭৮৯৬৭৪৭৩৫১

সময়ৰ অভাৱ --- ৰিপুঞ্জয় শৰ্মা

আজিকালি প্ৰায়ভাগৰে সময়ৰ অভাৱ,

কৰিবলৈ বহুতো কাম,

কামৰ বোজা অতিক্ৰান্ত সময়ে গধুৰ কৰি গৈছে,

যেন সময়ৰ লগে লগে কোলাৰ কেচুৱা গহীন-গম্ভীৰ হৈ পৰিছে ....

কামৰ বোজা কঢ়িয়াই কঢ়িয়াই বাহু জঠৰ হৈ গৈছে,

বাহুৰ ভিতৰত সিৰাৰ আন্দোলন....

লাহে লাহে অলৰ হোৱা দুটি বাহু, দেহৰ জঞ্জাল...

আজিকালি প্ৰায়ভাগৰে সময়ৰ অভাৱ....

প্ৰৌঢ়ৰ শৰীৰৰ নিচিনা হৈ যোৱা মনটোওঁ যেন বৃদ্ধ,

নাই কোনো উচ্ছাহ-উদ্দীপনা,নাই কোনো তাড়না,

আছে মাথো গতানুগতিকাৰ অনুভৱ,

যন্ত্ৰৰ দৰে কাম কৰি যোৱা এটি শৰীৰ...

আজিকালি প্ৰায়ভাগৰে সময়ৰ অভাৱ....

++++++++++++++++++++++

Poetry in assamese - মুঠি মুঠিকৈ ভুই ৰুইছে বাইজনীয়ে --- দাদুল ভূঞা (জোনাক)

মুঠি মুঠিকৈ ভুই ৰুইছে বাইজনীয়ে,

বোকা পানীৰে লুটুৰি পুটুৰি হৈছে বাইৰ দুহাত ।

শেলেঙী লগাই খোৱা তামোলৰ পাগত ৰাঙলী ওঠঁ ।

জোকৰ কামোৰত ফুলি গৈছে বাইৰ ভৰিৰ কলাফুল ।

টুপ টুপকৈ নিগৰিছে তেজৰ টোপাল ।

উতপ্ত হদয়ত ৰ’দৰ জ্বলিছে একুৰা জুই

ক্ষন গনিছে বেলিৰ মূৰত,

অস্ত যাবলৈ আৰু কিমান পৰ ।

কপালেদি ঘাম নিগৰিছে, পিঠিখন পুৰিছে ৩৮ডিগ্ৰী ছেলছিয়াছ ৰ’দত ।

উত্তলা পানীত ভৰিখন গুজি দিছে পুৱাৰে পৰা ।

দুচকুত জেতুকা পাতৰ দৰে জীয়াই থকাৰ সেউজীয়া বোল ।

এসাজ ভাত, অথবা দিনহাজিৰাটোৰ বাবেই এই সংগ্ৰাম

ন'হলে হয়টো লঘোনে কটাব লাগিব বাইৰ সোনাইহঁত

তোৰ মুখ খন আৰু মোৰ বুকু খন --- মিৰাজুল ৰাছিদ

কিয় বাৰে বাৰে তোৰ ধুন-মৰা মুখ খনে আমনি কৰে মোক ?

তই যোবাৰ বহুদিনেই হল, দিন গৈ ৰাতি হল, ৰাতিৰ পাছত দিন হ'ল...

তোৰ প্রেমও মোৰ বাবে অসাৰ হ'ল ।

তথাপি বুকুত গোপনে

জলি আছে তুষাঁনল একুৰা,

তই নথকাৰ বেজাৰত ।।।

+++++++++++++++++++++++

Mirajul Rashid
Hajo,kamrup(Assam).
Mobile-8876000203

Assamese poems about true love - জীৱন (ধেমালি ধেমালিতে ) --- সুভাষ বৰা

মোৰ বুকুত ঢলি পৰিল তাই

তাইৰ নিশাহবোৰে

বুকুত মোৰ

গুমৰি থাকিলেহি ..........

নৈশব্দৰ গান হৈ

মোৰ আঙুলিবোৰ

আৰু

তাইৰ হাতদুখনো অসাৰ হৈ পৰিল ...............

উদং চণকা পিঠিখন লৈ

ভাৱনাৰ চিৰাল ফটা ৰ'দত

তায়ো উচপিচাই থাকিলে

......শুদা গা দুটাই

ৰাতিৰ এন্ধাৰত

অ'তদিনে সাঁচি ৰখা

আৰু

নোকোৱা বহু ভাৱনাক

সপোন বুলি মানি ল'লে ,

কাজলী কাজলী পুৱাত ।

তাই মোৰ বুকুতে

ঢলি পৰি থাকিল

ওৰে নিশা ,

হাঁহি হাঁহি পুনৰ

সাৰ পালে

এটি উমাল দুপৰীয়াই |

মই ভাগৰিছো --- উজ্জল শৰ্মা

মই ভাগৰিছো,
কিছু নকৰা পাপৰ পৰাচিত কৰি কৰি
মই ভাগৰিছো।
অতীতে লগাই যোৱা কালিকা মচি মচি
আজি মই ভাগৰিছো।

মই কান্দিছো,
পুৰণি দিনৰ মধুৰ ষ্মৃতি সুৱঁৰি
মই কান্দিছো।
তোমাৰ সৈতে দেখা সপোনবোৰ নিজ হাতে ভাঙি
আজি মই কান্দিছো।

মই পাহৰিছো,
তোমাক, অ তোমাকেই,
মই পাহৰিছো।
মনৰ মাজৰ ছবিখন চিগাৰেতেৰে জলাই
তোমাক মই পাহৰি গৈছো।

+++++++++++++++++++++++

-উজ্জল শৰ্মা
গুৱাহাটী
০৯১৫৮৫৪৫৩৯৮

একেই আছেনে তোমাৰ ঠিকনা... ? --- কুমুদ কলিতা

তোমাৰ হৃদয় বাটেৰে এতিয়াও ওলাই নে
বেলি,
শেৱালি ফুলে নে আহিনৰ আবেলি,
নৈ খনো আছেনে তাতেই..
যত আছিল মোক এৰি যাওতেই..

পদুলিত এজোপা বৰষা আছিল
তৰাবোৰ থোপা থোপে লাগিছিল তাত জোন
হৈ উলমিছিল তোমাৰ হাঁহি.. এতিয়াও
আছেনে উলমি ?
গলে মোক এতিয়াও পাবা জানো চিনি ?

তোমাক বিচাৰি ধুলিয়ৰি হৈ পৰে ফাগুন
উজুৱাই এজাক সপোন
যেন আউসীৰ জোন..
একেই আছেনে তোমাৰ ঠিকনা..?

তোমাৰ হৃদয় বাটেৰে এতিয়াও ওলাই নে
বেলি,
শেৱালি ফুলে নে আহিনৰ আবেলি,
নৈ খনো আছেনে তাতেই..
যত আছিল মোক এৰি যাওতেই..

সেই ছোৱালী জনী --- দিপ জ্যোতি শৰ্মা

সেই ছোৱালী জনী

তোমালোক ধুনীয়া

ধুনীয়া বাবেইটো

চকুত আহিছে

অভিমানী কাজলৰ বৰষুণ

তুমি জোনাক হোৱা

মই সুখী হম |

তুমি যদি যান্ত্ৰিক আৰু অপদাৰ্থ নহয়

দেহৰ কাপোৰ বোৰে

কঢ়িয়াই নানিলে অশ্লীলতা

মই হব পাৰিম তোমাৰ বিলাসী প্ৰেমিক |

কাৰন মই নগ্নতাক ঘিন কৰো |

আৰু বেয়া পাও যি বোৰ ছোৱালীয়ে

নিৰ্যাতন বন্ধ কৰিবলৈ

ধৰ্ণা অথবা শ্লোগানেৰে

উত্তাল কৰি তোলে

ব্ৰেকিং নিউজ বোৰ

তেওঁলোকৰ অধিকাংশৰ অভিজাত্য দেহতেই

ওলমি থাকে নগ্নতাৰ সেই পোচাক |

যি দেহ বোৰে দেখুৱাই

আই এম এলাইভ.. ( I am alive) --- কুমুদ কলিতা

তোমাৰ হেনো বিয়া.. কথাটো শুনিছো ময়ো ঘুনুক ঘানাক কৈ.. ভালেই দিয়া.. তুমি সূখী হ'বা
যেতিয়া.. আৰু মই… ?

দোষ মোৰেই জানা, কাৰণ তুমি যেতিয়া শূণ্যটো ছবি আকিব পাৰি বুলি কৈছিলা..
মই তোমাৰ মাজত কল্পনা কৰিছিলো ভিন্সিৰ মনালিছাক..

তুমি যে কৈছিলা "পাৰিলে মই তোমাৰেই হলো হয়.. এতিয়া নোৱাৰো যে.." ( আগতেও দেখোন কেতিয়াও কোৱা নাছিলা পাৰিম বুলি)
কান্দিব মন যোৱা নাছিল মোৰ, অৱশ্যে তোমাৰ দৰে আনৰ হোৱাৰো সপোন দেখা নাছিলো দিয়াছোন…

প্ৰেমৰ বজাৰ --- সত্যজিত কাকতি

সচাঁকৈ যদি প্রেমৰ এখন
বজাৰ থকা হ'লে

আৰু সেই বজাৰৰ ঠিকনা
মোৰ ওচৰত থকাহেতেন
ক্রয় কৰিলোহেতেন বহু প্রেম
কেৱল তোমাৰ বাবে
তাৰ মূল্য মোৰ
জীৱনটোৱেই নহওক কিয় ?

পিছে কিনো কৰিম ?

হৃদয়ত আশাবোৰ
পুতি থবলৈ শিকিলো
দুখবোৰ দুচকুত
লুকুৱাই থবলৈ ললো
এই কথাবোৰ যাতে
মোৰ মুখেৰে প্রকাশিত নহয় ,

তাৰ বাবে ওঁথদুটি সামৰি
হাঁহিবলৈ শিকি ললো।

+++++++++++++++++++++++++++

সত্যজিত কাকতি
ফোন নং :: ০৮৪৭১৯০০২২৪

কবিতাবোৰ হেনো অদৰকাৰী শব্দৰ দ’ম --- হেমেন নাথ নিয়ৰ

আকাশৰ সমান হেপাঁহেৰে
তোমালে আছো ৰৈ
মৰমবোৰ যেন মৰম নহয়
জীয়া সপোন ৷
জীৱনৰ কঠিন শিলত কটা
এক জীয়া বাস্তৱ ৷
আবেলিৰ বিসন্ন আকাশৰ দৰে
বিসন্ন মোৰ মন ৷
তোমাৰ স্মৃতিবোৰে নিতৌ খহাই
বুকুৰ চপৰা ৷
মনত আছে ৰঙীন আবেলি এটা ৷
হাতত-হাত ধৰি তুমি যে কৈছিলা –
“জানা, মই কবিতা খুব ভালপাওঁ ৷”
আৰু মই তোমাৰ বাবেই
বহুতো উজাগৰি নিশা পাৰ কৰি
লিখিলো কবিতা ৷
কেৱল তোমাৰ বাবেই ৷
আৰু এদিন,
অবতৰৰ বৰষুণ জাকৰ দৰে
হঠাৎ তুমি আহি ক’লা –
“মই আজি-কালি কবিতা ভাল নেপাওঁ ৷”
তৰাৰে জিলমিল আকাশত

পথভ্ৰষ্ট পঠিক --- ধৰিত্ৰী দাস

মোৰ সকলো থাকিও আজি কিয় অকলশৰীয়া হ’ব লগা হৈছে বাৰু ?
মই পথভ্ৰষ্ট পঠিকৰ দৰে হৈছো ৷
সকলোকে নিজৰ বুলি জ্ঞান কৰিছিলো,
কোনো জনকে কঠিন বচন শুনুৱা নাই ,
কাহানি জনমত মই কি পাপ কৰিছিলো ৷
যাৰ কাৰণে মই আজি জীয়াতু যন্ত্ৰনা ভূগিছো ৷
মোৰ জীৱনত প্ৰথম পদক্ষেপতে এনেকুৱা সংঘাত
আহিব বুলি কাহানিও ভবা নাছিলো ৷
মই আজি সকলো পিনে অন্ধকাৰ দেখিছো ,
খপিয়াই খপিয়াই মই শুদ্ধ পথ বিচাৰি পোৱা নাই ৷
আপোন ৰাজ্যত বিচাৰণ কৰিবলৈ মোৰ মনে
হাহাকাৰ কৰি আছে ৷
কোনে মোক লোৰ শিকলিৰে বান্ধি ৰাখিছে ?
মোৰ সৰলতাৰ সুযোগ লৈ কোমল অন্তৰৰ স্বচ্ছ

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,207
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,766
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:233
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,687
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,523
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,728