কবিতা

 

লালকুৰা গাঁৱৰ সেউজ বননিত পখিলা হৈ নাচি ফুৰা হালধীয়া ছোৱালীজনী কুশলে আছানে তুমি একেই আছেনে তোমাৰ হ্ৰদীয় চকুৰ চাৱনি দুওঁঠৰ জোনাক জোনাক হাঁহিৰ মোহনা কাজলসনা চেলাউৰি সেন্দুৰীয়া ওফন্দা গাল পছোৱাৰ সৈতে চুপতি মৰা দীঘলীয়া ক'লা চুলিটাৰি তুমি হালধীয়া পোছাক পিন্ধানে এতিয়াও তোমাৰ সৌন্দৰ্য্যত ঈৰ্ষানীয় হৈ মুখ ভেকাহি ডুবেনে বেলি পছিমত আকাশত নাইবা তৰাবোৰে ধৰেনে আগচি পূৰ্ণ শশীক লালকুৰাৰ সুবাসিত উদ্যানত তোমাৰ প্ৰেমৰ মোহনাত শব্দৰ খেতি কৰিছো লহপহকৈ বাঢ়িছে সি সাক্ষাৎ তোমাৰ দৰেই লালকুৰাৰ হালধীয়া ছোৱালীজনী চাবানে তুমি ইতি তোমাৰ উৱলি যোৱা স্মৃতিৰ ধুসৰিত পৃষ্ঠা আওৰাই চোৱা হয়তো তাতেই সংগোপনে জিলিকি আছে তোমাৰ একালৰ প্ৰেমিক চৰাই ... .........

   December 19, 2017
 
 

পুহমহীয়া ৰাতিপুৱা কুঁৱলী পৰিছে ইমানকৈ ঘন শুভ্ৰ চাদৰৰ আঁৰত নেদেখো ভাল লগা আকাশৰ ৰং নেদেখো ফুলি ৰোৱা সূৰুযটিৰ বৰণ ৷ অতিপাত শীত নামিছে ৰক্ত কণিকাবোৰক আক্ৰমণ কৰিবলৈ বেমাৰৰ বীজাণুবোৰে টিঘিল-ঘিলাই ফুৰিছে বাটে-পথে উঠি পৰি লাগিছে মই ইমানদিনে সাঁচি থোৱা স্বপ্নাতুৰ হেঁপাহৰ ভঁৰাল নষ্ট কৰিব বিচাৰিছে আশাবোৰ চেচাঁ পানী হৈ সৰিব ধৰিছে! এতিয়া জীয়াই থাকিবলৈ মাথো দেহক ৰ'দৰ উত্তাপ লাগে ৰ'দৰ উত্তাপতহে দেহটি সুগন্ধিত হৈ পাহ মেলে মনে বিনন্দীয়া হাঁহি এটি মাৰি জীৱন নদীত সুখৰ ব'ঠা ব'ব খোজে! শীত আহিলে ক'ব নোৱাৰাকৈ মই অন্বেষক হওঁ অন্বেষণ কৰো মই এজাক তীক্ষ্ম উত্তাপিত পোহৰৰ অন্বেষণ কৰো মই কুঁৱলীৰ ফাঁকে ফাঁকে নীলিম আকাশৰ অন্বেষণ কৰো মই হাড় কঁপোৱা শীততো মোৰ মনৰ বতৰা আপোনসৱক দিব খোজা নোমাল চৰাইজাকৰ অন্বেষণ কৰো মই অতীতত হেৰাই যোৱা সপোন আৰু স্মৃতিব.........

   December 17, 2017
 

কলিজাৰ জীয়া জুইকুৰা নুমাবলে তোমালৈ একলম লিখাৰ প্ৰয়াস কৰিলোঁ নাজানো কি বুলি ভাবিবা তুমি আবেলিৰ সূৰ্য ডুবা দৃশ্যৰ নিৰিবিলিৰ মহা সন্মিলনত তোমালৈ বৰকৈ মনত পৰিছে তোমাৰ হাঁহি , চকুৰ চাৱনি কথা , ষ্টাইল সকলো যেন নিজৰাৰ স্বচ্ছতাত জিলিকা সজীৱ দৃশ্য এটাৰ পিছত আনটো দুলি আছে কবিতা কি মই নাজানো কিন্তু যদি তোমাৰ ভাৱনাবোৰ কবিতা হয় অথবা কবিতাৰ কোনো শব্দ হয় তাক মই বুকুৰ স্বচ্ছতাত অক্ষয় ভাৱে ধৰি ৰাখিম চিৰদিনৰ বাবে ব্যস্ততাৰ মাজতো যদি অকণমান সময় উলিয়াব পাৰা মোলৈ এটি মিছ ক’ল দিবা ভয় নাখাবা তুমি ক’ল বেক কৰি তোমাৰ মূল্যবান সময় নষ্ট নকৰো মই মাথো উপলব্ধি কৰিব বিচাৰিছোঁ কেনে আছা তুমি সুখীনে তুমি আৰু বহুত কিবাকিবি দীঘলীয়া নকৰো ইয়াতে ইতি ৰেখা টানিলো শেষত তোমাৰ ভালপোৱাৰে ... .........

   December 17, 2017
 
 
   December 16, 2017
 
 
 
 
 
 
 
 
 
 
 
 

এতিয়া দীঘলীয়াকৈ সেওঁতাত আঁকি ল’বলৈ আৰু আশা নাই আবেলিৰ সূৰ্য্যৰ সেন্দুৰীয়া ৰেখা.... . .. য’তনেৰে সাঁচি ৰাখিছিলো মোৰ যৌৱন মোৰ আশা...... হেঁপাহেৰে আঁকিছিলো গোপন কোঠাৰ চাৰি বেৰত স্বপ্নময় ছবি ...... . .. আয়ে কৈছিল দীঘলকৈ ওৰণি ল’বি সেওঁতাৰ সেন্দুৰীয়া আলিটো ঢাকি আইৰ কোৱা মতেই ভাৱিছিলো আন এগৰাকী নাৰীৰ দৰেই প্ৰাণভৰি হাঁহিছিলো প্ৰেম - ভালপোৱা , বন্ধু আৰু বহু সমন্ধৰ নিমিলা জীৱনৰ অংক বোৰ মইও বহু যোগ বিয়োগ কৰিছিলো....... . .. সিহঁতে সেইয়া হ’ব নিদিলে সিহঁতে বিচৰাৰ দৰেই এদিন মই এটি প্ৰকাণ্ড শূণ্যৰ মাজত আৱদ্ধ হৈ পৰিলো...... . .. ন কৈ জোনাকে খেলা চোতালত আকৌ মৰ আঁউসীয়ে আৱৰিল আইৰ কপাল উকা কৰা পিশাচ কেইটাই মোৰ জীৱনটো উকা কৰিল . .. পিশাচ কেইটাৰ হাতৰ পুতলা সাজি আই জনী গ'লগৈ পিতাই থকা সিপাৰৰ দেশলৈ........ . .. এতিয়া মই মই জনীওঁ হৈ থকা নাই মই মোৰ মাজতো নাই এতিয়া সিহঁতৰ এটি জীৱহীন কাঠৰ .........

   December 10, 2017
 
 
 
 
 
 

ধূলিময় আকাশৰ তলিৰ কেন্দূজোপা আজি নিমাত.. নিস্পাপ হৈ বিক্ৰী হৃদয়ৰ আকুৰ্নতা হায়... নিৰ্লজ্জ হৈ আজি নিৰূপন দেশ মাতৃৰ সভ্যতা ''নাঙঠ সভ্যতা''.... . . . অবাস্তৱ হৈয়ো আজি প্ৰেমৰ দৰদাম পাবত গজা শিক্ষিতৰ লহপহীয়া নাঙঠ প্ৰেম স্তব্ধ হৈ ৰয় ৮০০ টকীয়া কোঠাৰ এটি কোনত অথবা... ৰোমিঅ' জুলিয়েটৰ শেষ চুম্বনৰ অনাবিল তিৰস্কাৰৰ বলি... তথাপিও ৰৈ যায় প্ৰেমৰ অকথ্যতা হায় এই সভ্যতা ।। . . . দুদিনীয়া প্ৰেম নচ্চৰ হৈ ৰয় মাথোঁ ৰৈ যায়, সম্পূৰ্ণ প্ৰেমৰ দস্তাবেজ এতিয়া Security folder ৰ এটি কোঠাত।।। . . . প্ৰেমৰ সংজ্ঞা আপুনি জানেনে!!! কেনেকৈ জানিব আপুনি... গোটেই জগত নিৰ্ভূল... প্ৰকৃততে নিস্পাত কোন?? আপুনিয়েই.. অথবা মই.... তথাপিও জয় আই প্ৰেমাঞ্জলতা... . . . দেশৰ দেহত আচুৰিছো দুৰ্লভ সভ্যতা দুদিনীয়া অচিনাকীৰ চিনাকিতা বাগৰে প্ৰতিজনৰ Xender ৰ কলনিতাত তথাপিওঁ আকোৱালি লওঁ এই নিৰ্লজ্জতা।। . . . ''আমাৰে মইনা শুব.........

   December 08, 2017
 
 
 
 
 

ভাদ মহীয়া সোণোৱালী ৰ'দত দেহাটি দহে বৰষুণ নামিলে বিজুলী-ঢেৰেকনিৰে বুকু ফাঁট মেলা ৰক্ত যেন টুপ্-টুপ্ সৰে তথাপিও ইয়াত আজিও তেওঁ সৰলতাৰে বসবাস কৰে সুখ-আনন্দ আদিবোৰ ইয়াতেই ৰোপন কৰিছে নহ'লেনো নিশাৰ আকাশৰ জোন-তৰাবোৰ চাই শেতেলিতে ইমান গভীৰ প্ৰেমৰ কবিতা তেওঁ কেনেকৈ লিখে! এই ভগা জুপুৰিতে তেওঁৰ সপোনবোৰ হেঁপাহবোৰ জীয়াই থাকে বাঢ়ি বাঢ়ি দিঠকত দিনে দিনে হাঁহে আবেগবোৰ এন্ধাৰ একোণত লুকুৱাই নাজানো কেনেকৈ বিনা দ্বিধাই আনে নেদেখাকৈ ৰাখিব পাৰে! নাৰীৰ সমানেই কষ্ট সহিষ্ণু গুণ নিশ্চয়কৈ সেইজনা কবিৰো তেজে-তেজেই আছে! যিজনে তমসা এন্ধাৰৰ ভিৰতো সপোনভৰা আশাবোৰ হাঁহিৰে বুটলি ল'ব জানে ৷ সময়ৰ কোলাত ভগা জুপুৰিটি যিমানেই ভাগে তেওঁৰ কবিতাত সিমানেই গভীৰতা বাঢ়ে তথাপিও গভীৰতাত আৰু গভীৰতাহে বিচাৰি ফুৰে চোৱাচোন সেইজনা কবিয়ে কেনেকৈ বাৰু ভগা জুপুৰিটিকো হৃদয়ৰপৰা ইমানকৈ ভাল পাবল.........

   December 04, 2017
 

Pages

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: আমাৰ গাঁও
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা