কবিতা

 
 
 

ভাদ মহীয়া সোণোৱালী ৰ'দত দেহাটি দহে বৰষুণ নামিলে বিজুলী-ঢেৰেকনিৰে বুকু ফাঁট মেলা ৰক্ত যেন টুপ্-টুপ্ সৰে তথাপিও ইয়াত আজিও তেওঁ সৰলতাৰে বসবাস কৰে সুখ-আনন্দ আদিবোৰ ইয়াতেই ৰোপন কৰিছে নহ'লেনো নিশাৰ আকাশৰ জোন-তৰাবোৰ চাই শেতেলিতে ইমান গভীৰ প্ৰেমৰ কবিতা তেওঁ কেনেকৈ লিখে! এই ভগা জুপুৰিতে তেওঁৰ সপোনবোৰ হেঁপাহবোৰ জীয়াই থাকে বাঢ়ি বাঢ়ি দিঠকত দিনে দিনে হাঁহে আবেগবোৰ এন্ধাৰ একোণত লুকুৱাই নাজানো কেনেকৈ বিনা দ্বিধাই আনে নেদেখাকৈ ৰাখিব পাৰে! নাৰীৰ সমানেই কষ্ট সহিষ্ণু গুণ নিশ্চয়কৈ সেইজনা কবিৰো তেজে-তেজেই আছে! যিজনে তমসা এন্ধাৰৰ ভিৰতো সপোনভৰা আশাবোৰ হাঁহিৰে বুটলি ল'ব জানে ৷ সময়ৰ কোলাত ভগা জুপুৰিটি যিমানেই ভাগে তেওঁৰ কবিতাত সিমানেই গভীৰতা বাঢ়ে তথাপিও গভীৰতাত আৰু গভীৰতাহে বিচাৰি ফুৰে চোৱাচোন সেইজনা কবিয়ে কেনেকৈ বাৰু ভগা জুপুৰিটিকো হৃদয়ৰপৰা ইমানকৈ ভাল পাবল.........

   December 04, 2017
 
 
 
 

সৌ সিদিনা তোমাক দেখিছিলো যে, কমন ৰুমৰ আৰঁত লুকাই আছিলা, তুমি জানো মোকেই বিচাৰি ফুৰা নাছিলা! এই মায়াবিনী! তুমিয়েই আছিলাচোন, কলেজৰ ন'টিছ ব'ৰ্ডত মোৰ নম্বৰ বিচাৰি আছিলা কবিতাবিলাকত | তোমাৰ মনত আছে বা নাই ? কোনো কাৰণ নোহোৱাকৈ কথা পাতিছিলোঁ আমি দুয়োজনে কলেজৰ ক্লাছৰ শেষত । মই গম পাইছিলো মই লিখা কবিতা দেখি তুমি ফিদা হৈ গৈছিলা । ম'ৰা চৰাইৰ পাখি লগাই নাচি উঠিছিল তোমাৰ মন | ঝৰ ঝৰ ঝৰ কৈ বৰষুণ নামিছিল, বৰষুণৰ শব্দৰে মাতি উঠিছিল চাৰিওফাল । মোৰ মনে চিঞৰি দিছিল, "আই শপত, মই তোমাক খুব ভাল পাওঁ" | কিমান ৰোমান্টিক হৈ পৰিছিলো মই বুজাব নোৱাৰিম । এবছৰ, দুবছৰ, তিনিবছৰ কেনেকৈ পাৰ হৈ গ'ল সময়বোৰ | এতিয়াও তোমাৰ ফটো দেখিলে পাগল হৈ যাও মই, এবাৰ তোমাক চুবলৈ বৰ হেঁপাহ | ইমান সেমেকা মোৰ চাৰিওকাষ, বতাহে মোৰ গা-মন উৰুৱাই নিয়ে বিচাৰি ফুৰো তোমাক দিন ৰাতি । এ.........

   November 29, 2017
 

এয়া নিবিড়ৰ পৰা নিবিড়তম পৰিৱেশ মনত পেলাইছো জীৱনৰ বৰ্ণিলময় বসন্তৰ দিনবোৰ হৃদপিণ্ড আহত কৰা তোমাৰ থুথুৰীৰ পাতল ক’লা দাগটো আস ! কি যে মনোমোহা তোমাৰ থুথুৰীৰ পাতল ক’লা দাগটো যেন পূৰ্ণ শশীৰ স্মিত উদ্যানত উজলা নক্ষত্ৰ খঁচিত আজৱ সুখ তৰা সিদিনা তুমি উভতি আহিছিলা বৰপেটাৰ পৰা ঘৰ অভিমুখে (আমবাৰীত , কলেজ বন্ধত ) সন্ধিয়াত লোডসেডিংৰ বাবে মাহীয়েকে জ্বলাই দিছিল কেৰাচিন তেলৰ লেমটো সুযোগ বুজি মইও বহিছিলো তোমাৰ কাষত বহু দিন নেদেখা দীপ্ত নক্ষত্ৰটোক কাষৰ পৰা এপলক চোৱাৰ হেঁপাহেৰে মই যে মাহীয়েকৰ ঘৰৰ বাসিন্দা আছিলোঁ সাময়িক ভাৱে লেমৰ পোহৰত জিলিকি উঠিছিল তিলফুল অঁকা তোমাৰ মুখনি ঢৌ হৈ উৰিছিল তোমাৰ মৌ মিঠা কথাবোৰ বাঁহীৰ সুৰ হৈ তোমাৰ জানো মনত নাই সেই যে গুচি গ'ল লেমৰ পোহৰত প্ৰেমৰ স্বৰ্ণ যুগ এতিয়াও তাকেই ধিয়াই জানা ... .........

   November 29, 2017
 
 
 
 
 

পুহমহীয়া হাড় কপোৱা শীতত কুৱঁলীময় আৱৰণ ফালি যেতিয়া মই কেঁচা ৰাস্তাটোৰে আগবাঢ়ো হঠাৎ মোক মোৰ বুকুৰ একোণত বাহ লোৱা পোকটোৱে বাধা দিয়ে মাজে মাজে ই বখলিয়াই কামোৰে ৷ যেতিয়া মৰুভূমি সদৃশ বালিচৰৰ মাজেৰে খোজকাঢ়ি মই গন্তব্যস্থান পাবলৈ জেদী হৈ পৰো মই ধুমুহাত উৰি উৰি স্বচ্ছ দেহ মলীন কৰা ধূলিলৈ ভ্ৰূক্ষেপ নকৰো এই পোকটোৰ বাবেহে মই ভাগৰুৱা পথিক হৈ অশান্তিত ভুগো ৷ যেতিয়া পৰীক্ষাৰ সময়ত টোপনি পাহৰি নিজকে কিতাপৰ পোক সজাব খুজো কিতাপ-বহীৰ পাতবোৰ লুটিয়াই লুটিয়াই নিমগ্নতাৰে সফলতাৰ জখলা বগাব খুজো মই কেৱল ইয়াৰ কবলত হাৰি বিফলতাৰ চোতালত চিত-ভঙলা খাই বাগৰি পৰোঁ ৷ যেতিয়া মই প্ৰেমত পৰিছিলোঁ তেতিয়াও ই কষ্ট দিবলৈ এৰা নাছিল মই ভাবিছিলোঁ যেতিয়া জীৱনটিক উপভোগ কৰিম সোণাৰু ফুলীয়া পৰিকল্পনাবোৰ বাস্তৱত ৰূপায়িত কৰিম ই কৈছিল তোক তেনেহ'লে অকালতে মাৰিম ৷ চাল্লা ই কি বিষাক.........

   November 23, 2017
 

কলেজীয়া জীৱনৰ তুমি মোৰ দুৰ্দান্ত প্ৰেমিকা তোমাক ভালপোৱাৰ প্ৰতিদান মোৰ দৰে প্ৰেমিকৰ পৰা তুমি ভুলতো নিবিচাৰিবা মই হাত কাটি বুলাই দিব পাৰো তোমাৰ উঁকা কপালত ৰক্তৰ ফোঁট শিৰত আঁকি দিব পাৰো একেদৰেই সৰলৰৈখিক স্ৰোত ৷ তুমি দুওঁঠত লিপষ্টিক বুলালে ধুনীয়া লাগে কাহানিবা ৰক্ত বুলোৱা বুলিহে ভয় লাগে ভয় লাগে এইকাৰণেই তুমি যেন ৰক্তবোৰ বুলাই বুলাই মোক শেষ কৰি গৈ আছা ! মোৰ কলিজা ৰক্তিম ৰক্তবোৰ যদি তোমাৰ দুওঁঠতহে থিতাপি ল'ব খোজে তুমি কি কৰিবা ? দিবানে নিদিবা ? মোৰ ৰক্তবোৰ তোমাৰ ওঁঠত জিলিকিলে ভালো লাগে ভাল লাগে এইকাৰণেই মই যে আজিপৰ্যন্ত তোমাৰ জীৱনান্দৰ উপাদান হ'ব পাৰিছোঁ তুমি কিন্তু মোৰ পৰা ইয়াতকৈ অধিক আশা নকৰাও কিয় নাজানো ? তুমি মোক আজিকালিতো অপদাৰ্থ-আৱৰ্জনা বুলি ভাবিব ল'লা ৷ এবাৰ তুমি জোনৰ দৰে শীতল হৈ দেখুৱাই দিয়া যাতে তোমাৰ সান্নিধ্যত মন মোৰ শীতল হয় তোমাৰ নি.........

   November 22, 2017
 

সন্দিকৈ কলেজৰ সেই মৰমলগা ছোৱালীজনী.. মিছ্ হিমাক্ষী কলিতা.. চেহহহহ.... তুমিটো জানাই লক্ষ লক্ষ অনুৰাগী তোমাৰ তথাপিও কিয় জানো তোমাৰ মৰমলগা হাঁহিটোত ডুব যাওঁ দিনে - নিশাই ।।। দীঘলী পুখুৰীৰ কহুৱা বতাহেও দিয়ে তোমাৰ বাৰ্তা আৰু.. সেই পানবজাৰৰ RG, KBS বুকষ্টলত কেতিয়াবা বিচাৰি যাওঁ তোমাৰ বেটুপাতযুক্ত ৰঙা লিপষ্টিকৰ ফটো থকা আলোচনীবোৰ ।। কেতিয়াবা জালুকবাৰীৰ ট্ৰেফিকজামো মৌন হয় ৰয়.. মাথো এশ-ফুট হৰ্ডিংত জিলিকি ৰয় তোমাৰ মিচিকিয়া হাঁহি আৰু নিষিদ্ধ হৈ ৰয় নিউটনৰ সূত্ৰ ।।। তোমাৰ ফটোৰে বৰ্ধিত মোৰ মোবাইলৰ ডিচপ্লে.. আৰু কেতিয়াবা instagram ত তোমাৰ ফটো দেখি হেং হৈ ৰৈ যায় মোৰ নষ্ট হৃদয় ।। হেজাৰবাৰ চেষ্টা কৰো তোমাৰ ফেচবুকৰ ফ্ৰেন্ডলিষ্টত বহ্নিত হ’ব কিন্তু.... আজি বহুদিনেই হ’ল আজিও একেটাই স্পৰ্শিত মোৰ ফেচবুকৰ দেৱালত Request sent... Accept লৈ আজিও বহুদূৰ বাট ।। নিষিদ্ধ হৃদয়ৰ দা.........

   November 21, 2017
 
 

নদী ভালপাওঁ আগৰপৰাই কাৰণ নদীয়ে হৃদয়ৰ ভাষা বুজে, নদীয়ে কথা কয় নদীয়ে কৃষ্ণচূড়াৰ নিচাত মাতাল হ'ব জানে নদীয়ে চটফটাই বিৰহ সাগৰ সংগমৰ ব্যাকুলতাত । নদীয়ে কেতিয়াবা হীৰুদাৰ প্ৰেমত পৰে---- “তুমিটো জানাই এই কবিৰ আৰু একোৱেই নাই, এটায়েই মাথোঁ কামিজ তাৰো ছিঙো-ছিঙো ছিলাই, প্ৰেম চাগে এনেকুৱাই আৱৰণ খুলি হিয়া জুৰাই" । মানুহক আগুৱাই যাবলৈ বাট লাগে সৰাপাতৰ নিৰৱতাই হওঁক বা উত্ৰাৱল মধুচন্দৃকা-- সেইবাবেই ভালপাওঁ নাৰী! নাৰীৰ আওঁপকীয়া মেঘালী চুলী সুঘ্ৰানতাত যুগ বন্দী, হেলেনৰ ৰূপতেই “গ্ৰীক-টাৰ্জান” বিভীষিকা, তিলোত্তমাৰ অক্ষিপাতত মোহান্ধিত সুন্দ-উপসুন্দ। শকুন্তলাৰৰ সোনৰ চেকুঁৰত দুষ্মন্ত আজিও বলিয়া, নাই মাথোঁ মূমুৰ্ষতাময় চঞ্চলতা । নাৰীৰ বুকুত এপাহঁ ফুল ফুলে,আলফুলে-- অনুভৱত ফুলিলেও স্পৰ্শিব নোৱাৰী পাহিঁ, পৰাগঠলীৰ মাধুৰ্যতাত চকুৰ জলপৃষ্ঠৰ উচ্চতা বাঢ়ি বাঢ়ি বুৰাই পেল.........

   November 19, 2017
 
 
 
 
 

বানে উটুৱাই নিয়া ঘৰখন ঘৰ হৈ থকা নাই অ' পিতাই! ফেনে ফুটুকাৰে বাঢ়ি অহা বৰলুইতে জীয়াই থকাৰ ভৰসা পোণাকণকো উটুৱাই লৈ গ'ল অচিন দেশলৈ.. কপালৰ জোনটো নোহোৱা দিনৰে পৰা পেটত গামোচা মাৰি কোনোমতে জীয়া কংকাল এটিৰ ৰূপ লৈছো । আগ চোতালত যোৰা ভঙা বিৰহিণী শালিকাজনীৰ সদৃস নিসংগতাৰ উচুপনিত হৃদয়ত সান্ধ্য আইনৰ দপদপনি । জীৱন নৈৰ সিপাৰে এখন সমাজ আছে, বাওঁধানে হাত বাউল দি মাতে কিন্তু চম্পাৱতী হোৱাৰ হাবিয়াস মোৰ নাই অ' পিতাই! কালৰাত্ৰিৰ নষ্ট অভিষাৰত নাগাওঁ মই “আই মোৰ দুভৰি কুটেকুটায়” ! সোণৰ পালেঙৰ আব্দাৰত গাভৰু পোছাকযোৰ মলিয়ন কৰাৰ মানসো মোৰ নাই, বিবস্ত্ৰ যাজ্ঞসেনীৰ মৰণকাতৰ ক্ৰন্দনত সুদৰ্শনধাৰীয়ে গগণ খহাইছিল, কিন্ত এই বৈধব্য তাড়না নিঃশ্চুপ কিয় পিতাই! চাৰিও পিনেই চোন অন্ধকাৰ এলান্ধুৱে বাট ভেটা কণ্টকময় পথ, আৰুটো আছেই উৰুঙা বতাহজাক পিচকে নেৰে মোৰ । শুভ্ৰ-নিভাঁজ সাঁ.........

   November 13, 2017
 
 
 
 
 
 
 
 

Pages

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: আমাৰ গাঁও
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা