কবিতা

 
 
 
 
 

তমসা নাশিবলৈ জ্বলিছে চাকি জ্যোতিৰে দিবলৈ জীৱনৰ ৰং আঁকি সপোনবোৰে খেলিছে আনন্দ বুটলি হেঁপাহবোৰ উঠিছে পৰ্বতসম উথলি ৷ দেখিছো আজি ক’তজনৰ অন্ধকাৰ মুখ পোহৰ পৰি কিদৰে ফুলিছে সিহঁতৰ সুখ জোনাক থাকিলেও জোনাক যেন নালাগে কিয়নো প্ৰেৰণাৰ বন্তি জ্বলিছে আজি বাটে-ঘাটে ৷ নালাগে মোক বিশৃংখলতা কিম্বা আতচ বাজী মৃত্যুলৈ মোৰ বহুত ভয় লাগে! ৰঙা ৰক্তেৰে গা তিয়াঁই শান্তিৰ হুমুনিয়াহ কঢ়া সেইজন নৰপিশাচ কিজানিবা আমাৰ মাজতেই লুকাই আছে! নীৰৱতাৰ গৰ্ভত উমলি ৰোৱা মোক মাথো জীয়াই থাকিবলৈ অকণমান হ'লেও শান্তি লাগে ৷ দীপাৱলী! পামনে কাহানিবা ? তোৰ বুকুতে মোৰ হেৰুওৱা সপোনবোৰ বিচাৰি পামনে বাৰু সচাঁকৈ ? মোৰ আশাৰ সঞ্জীৱনীস্বৰূপ মধুৰতম অতীত কিম্বা স্মৃতিবোৰ বিচাৰি....! .........

   October 21, 2017
 
 
 

আকাশলৈ যেতিয়াই চাওঁ আকাশখন নীলা দেখা পাওঁ আকাশত ৰামধেনু ওলায় আকাশখন ডাৱৰে বুৰাই এন্ধাৰ উপচায়; এইবোৰ প্ৰাকৃতিক দৃশ্যাৱলী কিয় মোৰ দুচকুত নাই ? মাথো নীলা নীলা নীলা........ মই ইমান ভালপাওঁ! সকলোৱে কই ৰাতিৰ আকাশ ইমান মনোমোহা; মই নাজানো দিনৰ আকাশ চাই কিয় ইমান তৃপ্তি পাওঁ! মোৰ আশা-ভাৱনাৰ সূৰুযটিও নীলাৰ মাজতে জিলিকা ৷ হয়তো নীলাই মোৰ জীৱনৰ আয়ুস ৰেখা! মোৰ আইৰ চকুহাল নীলা! মোৰ পিতাইৰ চকুহালো নীলা! ভাই-ভনীৰো নীলা! নীলাৰ প্ৰয়োভৰ মোৰ দুচকুত ইমান প্ৰখৰ ধূসৰ আকাশো দেখো মাথো নীলা-নীলা ৷ প্ৰেয়সী! তাই বুজি নাপায় নে বুজি নোপোৱাৰ ভাও ধৰিছে নাজানো সময়ৰ চলনাত তাই ক'ত কাৰ বাবে হেৰায়; তাই বিচাৰি ফুৰিছে নীলা কিন্তু নহয় মই বিচৰা সাগৰৰ নীলা তাই নীলা চৰাই ভালপায় কিন্তু সেয়া নহয় যিয়ে জীৱনৰ গীত শুনাই তাই নীলা ফুল ভালপায় কিন্তু সেয়া নহয় যাৰ আমোলমোল গোন্ধে ভাগৰ কমাই মোৰ হিয়াখনি প্.........

   October 17, 2017
 
 
 
 
 

তোমাৰ চহৰ এৰি থৈ আতৰি আহিছোঁ যিমানেই মই বুকুৰ ভিতৰতে শুনিছোঁ হৃদয় মহতিয়াই নিব খোজা এজাক নিৰ্দয় ধুমুহাৰ মাত...... মোৰ দুচকু নিৰ্বিকাৰ .... কিন্ত্ত কৰ পৰা নাজানোঁ , দুখনি বাউলী নৈ বাট বিচাৰি বুকুতে কৰিছে হাহাকাৰ ... মই যেন নিজৰেই ভৰ নিজেই কঢ়িয়াবলৈ অসমৰ্থ আজি, যদিওবা খালী হাতেৰে আহিছোঁ , অহাৰ দিনাও একেই আছিল এই খালী হাত।।। অৱশ্যে সপোন আছিল অশেষ বুকুৰ মাজত তোমাৰ চহৰক লৈয়ে দেখা সপোন , এৰি আহিলো সেইবোৰ তোমাৰ কাৰেঙৰ কোনোবা এটি কোণত .......।। জানিছিলো মই, যে মই তোমাৰ দৰে নহয় , তুমিওঁ মোৰ দৰে নোহোৱা ..... কিন্তু মই তোমাৰ আৰু তুমি মোৰ হৈ থকাৰ এক অলিখিত চুক্তি বহন কৰিছিলো হিয়াত । তুমি হিচাব কৰাত নিপুন দিয়া আৰু লোৱাৰ ......... আৰু মই প্ৰেমৰ জুলুঙাত লৈ ফুৰো তলসৰা শেৱালীৰ দৰে তোমাৰ ভাষাৰে, বেকাৰ অভিমান ,,, তোমাৰ সেই কামত নহা অভিমানৰ টুপোলাটোও এৰি আহিছোঁ কৰবাত .... .........

   October 05, 2017
 

মই যাম গৈ সৌ দূৰ নীলিমলৈ ...... সঁচাকৈয়ে মই যাম গৈ কাৰো হানি নহ'ব মই গ’লেগৈ....... পিছে , তুমি মোৰ মৃত্যু দিনা আহিবা মা আৰু দেউতাক দুঃখ সময়ত অকণমান সান্তনা দিবা .......... মোৰ মৃত্যু দিনা তুমি আহিবা আগফালৰ চোতালত মানুহৰ সমাগম পাবা দুই এজন ব্যক্তি চিনাকী দেখিবা পদুলিৰ পৰাই শুনিবা সকলোৰে কথা বতৰা তল পেলোৱা আইৰ হিয়া ভঙা কান্দোন.... তোমাক দেখা পালেই চাগে আইৰ কান্দোনৰ তাল কাটিব তুমি কাষ চাপি গ’লে হয়তো মায়ে তোমাৰ সাৱটি ল'ব বান্ধি ৰাখিব খোজা দেউতাৰ কান্দোন আকাশ বতাহ তোলপাৰ লগাই দিব......... সকলোৱে মাজত মোক এখন বগা কাপোৰেৰে ঢাকি ৰাখিব যদি মন যায় কাপোৰখন আঁতৰাই এপলক মোৰ শেঁতা পৰা মুখখন চাবা...... মোৰ মুখখন চাই তুমি কান্দিবা মই জানো তুমি ইমানো নিষ্ঠুৰ নহয়...... মই দুঃখিত কাৰণ মোৰ ক্ষমতা নাই তোমাক চকু মেলি চাবলৈ চকুলোৱে ভৰি পৰা তোমাৰ মুখখনিলৈ...... মোক ক্ষমা কৰি দ.........

   October 05, 2017
 

চৌদিশে অনিয়মৰ ত্ৰাস হিংসাই দহিচে সমাজ, হাজাৰজনৰ ৰক্ত প্লাৱন কৰি কেনেকৈ জীয়াই থাকো, এয়াই আজি সমাজৰ মূল-সূত্ৰ , চাৰিওফালে দেখিছো মৰিশালী মানুহৰ দেখোন অস্তিত্বই নাই। মাজৰাতি কাৰোবাৰ উচুপনি, মোৰ টোপনি ভাঙিল সেয়া দেখোন মোৰ অসমী আইৰ কান্দোন , চকুলো কিয় ? মোৰ আইৰ বুকু তেজেৰে ৰাঙলী , মই শুই আছোঁ , মই শুই আছোঁ । আই তই বৰ দূৰ্ভগীয়া , তোৰ নিৰৱ দুচকুত আজি বেদনাৰ চকুলো আৰু মই শুই আছো, শুই ঠাকিম, ধিক এনেকুৱা পুত্ৰ । কিমান ৰাতি আৰু উজাগৰে মোৰ আয়ে উচুপি থাকিব ? যদি সচাঁ অৰ্থত লাচিতৰ তেজেৰে সিক্ত আমাৰ সিৰা-ধমনী, যদি সচাঁ অৰ্থত আমি ৰসৰাজৰ খাৰখোৱা অসমীয়া, ওলাই আহা সকলো লৈ আহা হেংদাঙ, বৰলুইত বাহুৰ উদ্যমেৰে গঢ়ো নতুন অসম । .........

   October 04, 2017
 
 
 

ৰাখিছিলা তুমি প্ৰেম-ভালপোৱাবোৰ কাৰ বাবে ইমান আলফুলে সযতনে সাঁচি ! আজি কিয় ৰাখিছা তুমি ? হৃদয়খন ইমান ডাঠ আৱৰণেৰে ঢাকি ৷ প্ৰতাৰণাৰ বলি হৈ জীৱনত কি কি হেৰুৱালা তুমি ? শংকিত নহ'বা সাহসী কিম্বা সচেতন হোৱা কিয়নো সম্প্ৰতিও সমাজত টিঘিলঘিলাই ফুৰিছে শত-সহস্ৰ মস্ত-মস্ত ভোকাতুৰ নিগনি ৷ জাত-পাত সিহঁতৰ নাই ৰাতি দিন কোনো কথা নাই চল পালেই মাথো কুটি যাই তুমি নামাৰিবা ভুলতো এনুৱা গভীৰ টোপনি তেজ ওলালেও যিসকলে সাৰ নাপায় ৷ তুমি হেৰুৱালা যি আৰুনো হেৰুৱাবা কি! তাকে ভাবি ভাবি কটাবা তুমি কিমান দিন কিম্বা ৰাতি ! লাভ নাই তুমি দুৰ্বল নহ'বা তুমি হতাশও নহ'বা নহ'লে সিহঁতে চল পাই হৃদয়খনকে তোমাৰ থ'ব গিলি ৷ .........

   October 02, 2017
 
 
 

স্মৃতি ! স্মৃতি ! স্মৃতি ! এতিয়াও জিলিকে মনৰ দাপোনত ফৰিংফুতা জোনাক ৰাতি চোতালত ঢৰা পাৰি বহাৰ দৃশ্য চিঞৰি চিঞৰি জোনবাইক বেজী খোজিছিলো ককাদেউতাৰ আঙুলিৰ আঙুলিৰ আগৰ হাতীপতি ৰ লাগি চাইছিলো জুইশালৰ কাষত গোঁজ পাতি বহো আইতাৰ মুখেৰে ৰাজকোঁৱৰ সাধুকথাত আপ্লুত হৈছিলো... নাই আজি সেইখনি চোতালত ঢৰা পাৰি বহিবলৈ ববছা গজিল নাই আজি ককাদেউতাৰ ৰসাল হাঁহি কোনো মতে আছে বিচনাত পৰি নাই আজি তাহানিৰ উমাল জুই শালি কলা হ'ব ঘৰৰ চালি......!! হেৰাইছে! সম্পৰ্ক বন্ধু সময়ৰ সোঁতত নিজক হেৰুৱাইছো সোঁৱৰণিক বোকোচাত বান্ধিছো এই জীৱন নহয় সেউজীয়া নাই কোনো প্ৰেমৰ সুৱাস নিজৰ স্বাৰ্থত মোহাৰি পেলালো সোঁৱৰণি আজি জুমি চাওঁ উৱলি পৰা বেৰৰ ফাঁকে জিলিকি উঠে অতীতৰ সেই সুখৰ জিলমিল জোনাক সোঁৱৰণিৰ সাঁকোৰে স্মৃতি বগাই সোমাই পৰিছে মোৰ বুকুত নীৰৱে .......... .........

   September 24, 2017
 
 
 
 
 

মই বিদিশাই কৈছো মোক ভূল নুবুজিবা দেউতা মৃত্যুৰ হিমশীতল শয্যাত শুই আজি শেষ বাৰৰ বাবে তোমাৰ কথাই ভাবিছো কিয় এনে হ’ল ? মোৰ জীৱনৰ ৰংবোৰ ক’ত হেৰাই গ’ল ! তুমিতো মোক জানিছিলা কিমান অভিমানী আছিলো মই কিয় তোমাৰ হাতখন নিদিলা মোৰ হিয়াভগা কান্দোন এবাৰো নুশুনিলা হয়তু অভিমান আছিল তোমাৰো মোৰ প্ৰতি জানা দেউতা - সমাজখন ডুব গৈছিল ডুব গৈছিলা তুমি ডুব গৈছিলো মই মিছা ভেম, অভিজাত্যত মিছা প্ৰেম ,প্ৰলোভনত সেয়েহে ছাগৈ ভূল দিশত ধাৱমান হৈছিলো মই সময়ে মোক দেৰিকৈ শিকালে সময়ে মোক বেয়াকৈ শিকালে এতিয়া মই বেয়া ছোৱালী এতিয়া যে দেউতা সকলো শেষ ভূল নকৰো আৰু তুষাৰৰ শেতেলীৰ শুই থকা মোক তৰা বিলাকে যে মাতিব ধৰিছে আহা বিদিশা হাৰি নাযাবা- আমি আছো তোমাৰ লগত লগ দিম তোমাক হাঁহিম, নাছিম গীত গাম অন্ধকাৰ ধৰাক বিলাম জোনাক ।। (১৯/০৭/২০১৭) .........

   July 25, 2017
 
   July 24, 2017
 

তোমাৰ শপত পুনৰ ভাল পাও বুলি নকবা তোমাক সজাই ৰাখিবলৈ হৃদয় বাগিছাখনো চন পৰি আছে সপোনবোৰ জিৰাব ক'ত হেপাঁহৰ ঘৰটোও বানে উটোৱাই নিলে আশাবোৰ তাতেই ৰাখিছিলো আলফুল কৈ তেনেই কুমলীয়া হৈয়ে আছিল জানা এতিয়া যে বিচাৰি হাবাথুৰি খাইছো সেয়ে তোমাক অনুৰুধ কৰিছো পুনৰ ভাল পাঁও বুলি নকবা হাজাৰ চেষ্ঠা কৰিছো পাহৰিবলৈ তোমাক তোমাৰ সৈতে কটোৱা নিবিৰ মুহূৰ্তবোৰক কিন্তু পৰা নাই মোক নিসংগ হৈ থাকিবলৈ দিয়া বানপানীৰ পিছত খৰাং খৰাংৰ পিছত বানপানী বতৰ পৰিবৰ্তন হ’ল এতিয়া আৰু জীপাল হৈ থকা নাই হৃদয় পথাৰ তাত নুৰুবা আৰু সপোনৰ বীজ এতিয়াও কলিজাৰ কেচাঁ তেজত তোমাৰেই নাম কিন্তু তুমি নেচাবা জুমি এতিয়া আৰু শুনাব নোৱাৰো নিলীম কুমাৰৰ প্ৰেমৰ কবিতা অথবা শুনাব নোৱাৰো জুবিনৰ গান এবুকু বিষাদকে সংগী কৰি কটাম জীৱন Please পুনৰ ভাল পাও বুলি নকবা প্ৰনৱ কুমাৰ বৰ্মনৰ কবিতা তোমাৰ প্ৰিয় .........

   July 23, 2017
 

সৌ সিদিনা তোমাক দেখিছিলো যে, কমন ৰুমৰ আৰঁত লুকাই আছিলা, তুমি জানো মোকেই বিচাৰি ফুৰা নাছিলা । এই মায়াবিনী । তুমিয়েই আছিলাচোন, কলেজৰ ন'টিছ ব'ৰ্ডত মোৰ নম্বৰ বিচাৰি আছিলা কবিতাবিলাকত । তোমাৰ মনত আছে বা নাই ? কোনো কাৰণ নোহোৱাকৈ কথা পাতিছিলোঁ আমি দুয়োজনে কলেজৰ ক্লাছৰ শেষত । মই গম পাইছিলো মই লিখা কবিতা দেখি তুমি মোৰ প্ৰেমত বলীয়া হৈ গৈছিলা । ম'ৰা চৰাইৰ পাখি লগাই নাচি উঠিছিল তোমাৰ মন । ঝৰ ঝৰ ঝৰ কৈ বৰষুণ নামিছিল, বৰষুণৰ শব্দৰে মাতি উঠিছিল চাৰিওফাল । মোৰ মনে চিঞৰি দিছিল, "আই শপত, মই তোমাক খুব ভাল পাওঁ"। কিমান ৰোমান্টিক হৈ পৰিছিলো মই বুজাব নোৱাৰিম । এবছৰ, দুবছৰ, তিনিবছৰ কেনেকৈ পাৰ হৈ গ'ল সময়বোৰ । এতিয়াও তোমাৰ ফটো দেখিলে পাগল হৈ যাও মই, এবাৰ তোমাক চুবলৈ বৰ হেপাহ । ইমান সেমেকা মোৰ চাৰিওকাষ, বতাহে মোৰ গা-মন উৰুৱাই নিয়ে বিচাৰি ফুৰো তোমা.........

   July 19, 2017
 

Pages

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: আমাৰ গাঁও
শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা