কবিতা

   July 24, 2017
 

তোমাৰ শপত পুনৰ ভাল পাও বুলি নকবা তোমাক সজাই ৰাখিবলৈ হৃদয় বাগিছাখনো চন পৰি আছে সপোনবোৰ জিৰাব ক'ত হেপাঁহৰ ঘৰটোও বানে উটোৱাই নিলে আশাবোৰ তাতেই ৰাখিছিলো আলফুল কৈ তেনেই কুমলীয়া হৈয়ে আছিল জানা এতিয়া যে বিচাৰি হাবাথুৰি খাইছো সেয়ে তোমাক অনুৰুধ কৰিছো পুনৰ ভাল পাঁও বুলি নকবা হাজাৰ চেষ্ঠা কৰিছো পাহৰিবলৈ তোমাক তোমাৰ সৈতে কটোৱা নিবিৰ মুহূৰ্তবোৰক কিন্তু পৰা নাই মোক নিসংগ হৈ থাকিবলৈ দিয়া বানপানীৰ পিছত খৰাং খৰাংৰ পিছত বানপানী বতৰ পৰিবৰ্তন হ’ল এতিয়া আৰু জীপাল হৈ থকা নাই হৃদয় পথাৰ তাত নুৰুবা আৰু সপোনৰ বীজ এতিয়াও কলিজাৰ কেচাঁ তেজত তোমাৰেই নাম কিন্তু তুমি নেচাবা জুমি এতিয়া আৰু শুনাব নোৱাৰো নিলীম কুমাৰৰ প্ৰেমৰ কবিতা অথবা শুনাব নোৱাৰো জুবিনৰ গান এবুকু বিষাদকে সংগী কৰি কটাম জীৱন Please পুনৰ ভাল পাও বুলি নকবা প্ৰনৱ কুমাৰ বৰ্মনৰ কবিতা তোমাৰ প্ৰিয় .........

   July 23, 2017
 

সৌ সিদিনা তোমাক দেখিছিলো যে, কমন ৰুমৰ আৰঁত লুকাই আছিলা, তুমি জানো মোকেই বিচাৰি ফুৰা নাছিলা । এই মায়াবিনী । তুমিয়েই আছিলাচোন, কলেজৰ ন'টিছ ব'ৰ্ডত মোৰ নম্বৰ বিচাৰি আছিলা কবিতাবিলাকত । তোমাৰ মনত আছে বা নাই ? কোনো কাৰণ নোহোৱাকৈ কথা পাতিছিলোঁ আমি দুয়োজনে কলেজৰ ক্লাছৰ শেষত । মই গম পাইছিলো মই লিখা কবিতা দেখি তুমি মোৰ প্ৰেমত বলীয়া হৈ গৈছিলা । ম'ৰা চৰাইৰ পাখি লগাই নাচি উঠিছিল তোমাৰ মন । ঝৰ ঝৰ ঝৰ কৈ বৰষুণ নামিছিল, বৰষুণৰ শব্দৰে মাতি উঠিছিল চাৰিওফাল । মোৰ মনে চিঞৰি দিছিল, "আই শপত, মই তোমাক খুব ভাল পাওঁ"। কিমান ৰোমান্টিক হৈ পৰিছিলো মই বুজাব নোৱাৰিম । এবছৰ, দুবছৰ, তিনিবছৰ কেনেকৈ পাৰ হৈ গ'ল সময়বোৰ । এতিয়াও তোমাৰ ফটো দেখিলে পাগল হৈ যাও মই, এবাৰ তোমাক চুবলৈ বৰ হেপাহ । ইমান সেমেকা মোৰ চাৰিওকাষ, বতাহে মোৰ গা-মন উৰুৱাই নিয়ে বিচাৰি ফুৰো তোমা.........

   July 19, 2017
 
   July 18, 2017
 
 
 

কলেজীয়া তিনিটা বছৰ কেনেকৈ পাৰ হৈ গ’ল ধুলিয়ৰি ধুলিয়ৰি স্মৃতি ধূসৰিত হৈ পৰিছে সকলো সোমাই যাব পাহৰণিৰ গৰ্ভত নামেই যাৰ প্ৰেম আৱেগ-অনুভূতি যৌৱনৰ আৱেগত আৱেগিক মই প্ৰেমত পৰিছিলো তোমাৰ কেৱল তোমাৰ সুৰভী, তোমাৰ চকুদুযোৰ তোমাৰ ৰঙা ওঁঠৰ হাঁহিয়ে মোক বলীয়া কৰি তোলে । কিয় পৰিছিলো প্ৰেমত ? কিয় হৈছিলো উন্মাদ নাজানো আৰু হয়টো নাজানিম কাহানিও । প্ৰেমত পৰাৰ পৰাই চাগে ভাল পাইছিলো প্ৰগতি কলেজক বাৰে বাৰে গৈছিলো কলেজখনলৈ বিচাৰি ফুৰিছিলো তোমাক, তুমি হয়টো অনুভৱ কৰা নাছিলা অথবা গম পোৱা নাছিলা এই উন্মাদৰ হৃদয়ৰ বতৰা । কেৱল ভাল পাবলৈ শিকিছিলো আৰু জ্বলিবলৈ শিকিছিলো তোমাৰ অনুপস্থিতিত কি ভাবিছিলো মই তুমি নাথাকিলে । প্ৰগতি কলেজত গৈ অসমীয়া বিভাগৰ কোঠাৰ শূন্যতাৰ মাজৰ হৃদয়ৰ চিঞঁৰ শুনিছিল নে তোমাৰ হৃদয়ে ? তোমাৰ দুচকুত মই এক প্ৰশ্ন বিচাৰি পাইছিল.........

   July 11, 2017
 
 
 
 
 
 
 
   June 08, 2017
 

মই কৰ্ণ হ'ব নোখোজো বনৰীয়া যৌৱনৰ চাকনৈয়াত সোমাই জীৱনৰ অৰ্থ নুবুজা অসহায় কিশোৰী কুন্তীৰ ,,,, মাতৃগৰ্ভক অপমান কৰি মই মহান হ'ব খোজা নাই ৷ মিউনিচিপালিতিৰ জাবৰৰ বাকচত পেলাই নিদি অথবা, পলিথিনত ভৰাই মাটিত পুটি নথৈ, কোনো ৰাধাৰ বুকুৰ উম পাবলৈ বুলি পাচিত ভৰাই নদীত উতুৱাই দিয়াৰ বাবেই সেইদিনা, এজনী মাতৃ দোষী আছিলনে ? তেন্তে যি পিতৃক কৰ্ণই পূজিছিল, যাক ঈশ্বৰৰ স্বীকৃতি দিছিল, সেই পলৰীয়া ঈশ্বৰৰূপী পিতৃ নিৰ্দোষী হ'ল কেনেকৈ ? তেনে স্বাৰ্থলোভী কৰ্ণ হ'ব নোখোজো ৷ মই কৰ্ণ হ'ব নোখোজো ৷ কৰ্ণক জাৰজ সজোৱা সেই সমাজখন, যি এফালে জনসংখ্যা বিস্ফোৰণৰ সমালোচনা কৰে, আৰু আনফালে জন্ম নিৰোধকৰ বিজ্ঞাপনত ক'লা ৰং সানে, যি জনসংখ্যা নিয়ন্ত্ৰনৰ আঁচনি সাজে, আনফালে, এবৰচনৰ বিৰুদ্ধে ক'লা আইন সাজে,,,,,,,, সেইখন সমাজৰ দোষৰ বিচাৰ কোনে কৰিব ? অন্ধ কৰ্ণ, মূৰ্খ কৰ্ণ ৷ মই কৰ্ণ হ'ব ন.........

   April 23, 2017
 

সুখী মানুহবোৰৰ পোচাকবোৰ বহু দিনলৈ ধোৱা নহয় ! মলিৰে পোতযোৱা সিবোৰৰ ভিতৰত সুখী মানুহবোৰে সুখবোৰ জাপি থয় ।‌ সুখী মানুহবোৰৰ সস্তীয়া পেন্টৰ পকেটবোৰ কোনোকালে নাফাটে পকেটত তেওঁলোকে নভৰাই গধুৰ সামগ্ৰী । বজাৰত যেতিয়া বস্তুৰ চৰাদাম হয় সুখী মানুহবোৰে পেটত গামোচা বান্ধিব জানে ! আপোনজনৰ দুখৰ ক্ষণত আথবা নিজৰ অশুভ মূহুৰ্তত সুখী মানুহবোৰে ধৈৰ্যৰ গাঁথি দি লয় অন্তৰত ! আকাৰণত ক্ষোভ- হীনমন্যতাত অস্থিৰ- ক্ৰোধত ধৈৰ্যচ্যুত নহয় সুখী মানুহবোৰ... সুখী মানুহবোৰে পৰ্বত জয় কৰিব নোখোজে জীৱন পথত ধৰা দিয়া পৰ্বতসম জটিলতাক নেওচি যোৱাৰ সাহস কৰে সুখী মানুহবোৰে ... দুখী মানুহবোৰে দুখক আঁতৰাবলৈ চেষ্টা কৰে সুখী মানুহবোৰে দুখক উপভোগ কৰিব জানে ! .........

   April 23, 2017
 
 
 
 

আহিবি কনেং দিচাং মুখৰ লৃগাং তলিলৈ, আমাৰ প্ৰেমৰ চিনাকি দিম জংকি পানৈ হৈ, আপঙৰ ৰাগিত সকলোৱে গুমৰাগ নাচিব, চৌদিশ কঁপাই দুদুমাৰি বাজিব........ । তবগ্ গালুক পিন্ধিমে মই , এগে গাছৰ গেৰ কেপৰেক পিন্ধিবি তই, দীঘলী পুখুৰীপাৰত পলাশ জুপি ফুলিব হেঙুলীয়া হৈ তাৰে তলত থাকিবি ৰৈ তই দিয়া ৰঙা ৰিবিগাচেংখনি ডিঙিতে লম মেৰিয়াই.... কাঞ্চন শাৰীৰ তলেৰেই তোৰে হাতত ধৰি লৰ দিম লৃগাঙৰ তলিলৈ.... আমাক দেখিলে জুকাব নাহৰৰ পাতে সুহুৰিয়াই ঐ নি-তমৰ সুৰ তুলিব ফাগুনৰ পচোৱাই, মতলীয়া কুৰুলি পুলি বজামে মই, কঁকাল ভাঙি নাচিবি কনেং তই.......... আহিবি কনেং দিচাং মুখৰ লৃগাং তলিলৈ......। ********* ********* ********* ********* [ ১/ আপং - মদ, সুৰা । ২/ গুমৰাগ - মিচিং সম্প্ৰদায়ৰ নৃত্য । ৩/ দুদুমাৰি - এবিধ মাদলৰ দৰে বাদ্য । ৪/ তবগ্ গালুক - এবিধ মিচিং সম্প্ৰদায়ৰ পুৰুষৰ চোলা । ৫/ এগে গাছৰ - মিচিং তিৰোতা সকলে গাত মেৰিয়াই লোৱা চাদৰ .........

   March 30, 2017
 
 

এখন জগতৰ পৰা এজাক উত্তাল বতাহে মোক উৰুৱাই লৈ গ’ল আন এখন জগতলৈ হয়টো ধুমুহাৰ লহৰত আপুনিও গৈছে উৰি সেই দিশলৈ সঁচাকৈয়ে এইখন এখন নতুন এণ্ড্ৰইদ পৃথিৱী নাই ইয়াত জোনাকী পৰুৱা নাই শৰতৰ সেই সন্ধিয়া শেৱালীৰ সুবাস আছে ৰঙা নীলা নিয়ন লাইট আছে বিলাতী সুৰাৰ কৃত্ৰিম সুবাসৰ.... কাৰোবাৰ এষাৰ চেনেহৰ মাততে হেৰাই গৈছে আদৰৰ মা-দেউতা পাহৰি পেলাইছে প্ৰতিশ্ৰুতি বন্ধুত্বৰ বান্ধোন যেন বতাহে সলাইছে সুৰ..... হাঃ হাঃ হাঃ প্ৰেমত পৰিলেই হৈ পৰে পুৰুষ নাৰী দুয়ো চলমান-চানীৰ পুতলা বাট-পথ কথা নাই সৰু-ডাঙৰ বিচাৰ নাই গাঁৱৰ পৰা চহৰৰ গলিলৈ পাৰ্ক-হোটেলৰ কোঠাবোৰো নিলাজ হৈ যায় এই আধুনিকতাৰ ঘুৰ্ণীৰ আবৰ্তত মই গোপনে আশ্রয় বিচাৰো সু-কুমল দলিচাত পৰি বাগৰ সলাবলৈ, ভদ্ৰতাৰ মুখা পিন্ধি ঘুৰি ফুৰো মই যে এটি জীৱ শ্ৰেষ্ঠ মানুহ.... আধুনিকতাৰ সাগৰত ডুব গ'ল তাহানিৰ প্ৰেম প্রশান্তৰ গভীৰতাৰ .........

   March 29, 2017
 
 
 
 
 

প্ৰতিজন আত্মীয়কে সুধিব খুজিছো আৰু বা কিমান দিন বাকী সামৰিবলৈ আমাৰ এই জীৱনৰ নাট ??? প্ৰথমতে তুমিয়েই এৰি যাব নে মোক! নে মই এৰিব লাগিব তোমাক, কৱ জানো পাৰিবা তুমি ? নে কৱ পাৰিম মই ??? তেন্তে, হে মোৰ আত্মীয় ! কিহৰ তাড়নাত তুমি কৰিবলৈ খুজিছা পোৱা আৰু নোপোৱাৰ, দিয়া আৰু লোৱাৰ হিচাব, কিয়েইবা দি যাব পাৰিম মই তোমাক, আৰু ময়েই বা তোমাৰ পৰা বিছাৰিম কি ??? বাসনাৰ মৰীচিকা খেদি ফুৰা তোমাৰ এই প্ৰতিযোগিতাত সহভাগী অথবা প্ৰতিদন্দ্বি হ’ৱ নোৱাৰোঁ মই সঁচা, ক্ষমা কৰিবা মোক । তোমাৰ এই তীব্ৰ গতিয়ে পাৰিব নিশ্চয় স্পৰ্শ কৰিবলৈ সম্পদ আৰু সফলতা ৰূপী হিমালয়ৰ চূড়া । তোমাৰ এই যাত্ৰাত, পথৰ দাঁতিত থিয় হৈ থকা এজুপী গছৰ দৰেই মই , বসন্তই হওঁক অথবা খৰাং পাৰিম ! পাৰিম মই অকলে হলেও জীৱনৰ জয় গান, গুণ গুণাই হাঁহি মূখে সহিব, জীৱনৰ ধুমুহা কাৰণ *শিপাই মোৰ এতিয়াও খামুচি আছে ধৰা* হ.........

   March 26, 2017
 

জানিছিলো এদিন অচিনাকি হৈ পৰিম আমি সমুখত পৰি ৰৱ অভিমানৰ এডাল অদৃষ্য সাঁকো ৷ পাৰ হ্ৱ নোৱাৰা তুমি.... নোৱাৰো মইও...... কেনে আছা তুমি,জানিবৰ মন যাই কেতিয়াবা... তোমাৰ আবেলিবোৰ নিসংগতাই কঙাল কৰেনে ? উঠানে এবাৰৰ বাবে অস্থিৰ হৈ মোৰে কথা ভাবি ? এবাৰ হিচাপ কৰাচোন কিমানদিন কথা পতা নাই আমি মৰম অভিমান আৰু ভাল লগাৰে ভৰাই তোলা নাই ৰুন-জুন আবেলি..... আজিকালি নিৰ্জনতাৰ গভীৰত চুই চাও একলা দুকলাকৈ হিয়াজুৰি বিয়পি পৰা তোমাক..... কিমান দিন তুমি নহাকৈ থাকিবা ? এদিন, দুদিন, এমাহ বা এব্ছৰৰ পিছ্ত এদিন উভতি আহিবা তুমি খুলি থৈ অভিমানৰ নীলা পোছাক ৷ আৰু কবা মই আহিলো মোক সাৱতি ধৰা মোক কৰি তুলা তোমাৰ প্ৰেমেৰে সেউজীয়া .........

   March 26, 2017
 
 
 

Pages

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: আমাৰ গাঁও
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা