কবিতা

হালাকুৰালৈ আহিবা এদিন, অট্ৰালিকাৰে ভৰা মহানগৰৰ আৱৰ্জনাবোৰ এৰি উপভোগ কৰিবা নৈপৰীয়া জীৱনৰ এটি মধুময় মুহূৰ্ত, ৰৈ থাকিম তোমালৈ বুলি । হালাকুৰা মানেই মানৱতা আৰু প্ৰাচীন পৰম্পৰাৰ ঢল আইয়ে মচি-কাচি থোৱা চোতালৰ দৰেই, য’ত শুনিবা তুমি আধুনিক গীতৰ সলনি প্ৰতিমা বাইদেউৰ ৰাজবংশী গান । ৰাতিপুৱাই পক্ষীবিলাকৰ মন মতলীয়া কৰা সুৰৰ কঁপনিত চিনাকি হ’বা পূৰ্বদিশৰ গেৰুৱা বসন পিন্ধা বেলিটিৰে আৰু নিৰ্জন সন্ধিয়া পৰত উপভোগ কৰিবা স্নিগ্ধ জোনাকৰ মাদকতা । মই লৈ যাম তোমাক আমাৰ গাঁৱৰ আঘোণৰ সোণোৱালী পথাৰলৈ, তাত বুটলিম আমি কিবা-কিবি, দুপৰীয়া ৰ’দৰ জালত পথাৰৰ ঢাপত বহি মজা ল’ম ৰসাল ৰবাব টেঙাৰ, আবেলি পৰত নিয়ৰত সেমেকা ধূলিবোৰ গচকি যাম আমি দুখা-সুৱা নৈখনলৈ । দিনৰ শেষত তোমাৰ ক্লান্তি দূৰ কৰিবলৈ ভাগ ল’বা ৰাজহুৱা সত্ৰৰ ভকতি নামত, য’ত জুৰ পৰিব তোমাৰ নিৰাশাময় জীৱন। হালাকুৰা.........

   December 21, 2016
 
 
 
 
 
 
 
 

সুহুৰি এটা চোবাই, আবেলিটো লৈ এহাতে, গৈ আছিলো হেঙুলী তোৰনৰ কাষেদি ; সেই সুহুৰিৰ তলতেই তোমাৰে স'তে মোৰ প্ৰথম দেখা | সপোন এটা সামৰি এল্ ছালভাডাৰৰ পৰিত্য়ক্ত ষ্টেচন এটাত বহি আছিল চে - লগ পাই সুধিলো , " নি:সংগতা ভাল পোৱা ? " তেওঁ ক'লে , " বেদুইনৰ কেতিয়াবা হেৰাই জানো ঠিকনা ? " তেওঁৰ চুৰটটো জ্বলাই আঁতৰি আহিছিলো , লৈ আহিছিলো হৃদয় - কিছু নীলা, কিছু সেউজীয়া | নাম কটা চিপাহী হৈ ঘূৰি ফুৰো , যুৰাউৰ বহেমিয়ান গাঁৱত কাফ্কাক পঢ়ি শুনালো ডান্টেৰ ডিভাইন কমেডী , - নেল মেজ্জো ডেল কেমিন ডি নষ্ট্ৰা ভিটা - Midway upon the journey of our life , " যত যি আছে পি থোৱা - দুখ আৰু মদিৰা, বিশালতাৰ ডেকত এটা আইৰিছ পাৰ্টী কৰো ব'লা " মাথো কৈছিলো, " তুমি নিৰস আছিলা | " দি আহিছিলো এখন আকাশ - অলপ কজলা লৈ আনিছিলো হৃদয় - হৃদয় আৰু সত্তা | শেষ সপোনটোৰ পাৰতেই তোমাৰ স'তে মোৰ আকৌ দেখা , বুডাপেষ্ট আৰ্ট গেলাৰীত তুমি ৰৈ আছিলা - তুমি মেচো ডি বে.........

   November 30, 2016
 
   November 30, 2016
 
 
 
 

বিশ্বাসে পলসুৱা যদিহে কৰিব নোৱাৰে মাটি জীৱনৰ ........ কেনেকৈনো গজি উঠিব পাৰে এক সোণোৱালী বান্ধোন প্ৰেমৰ ।। আস্থা ও ভৰসাই যদিহে কাঢ়িব নোৱাৰে খোজ, হাতে -হাত ধৰি স্নেহৰ ...... হঠাতে আহি ভাগৰে মেৰিয়াই নধৰিবহিনে সপোন খেদি ফুৰা পাখি দুখনক।। আত্মীয়তাক যদিহে বান্ধিব নোৱাৰো আতি আতি , পৃথিৱীৰ সমস্ত সম্পদেও গঢ়ি দিব নোৱাৰে সৰগলৈ যোৱাৰ বাট।। ভাওৱৰীয়া সাজি দক্ষতাৰে হাঁহি বা কান্দি , জিকিব পাৰি মানুহৰ মন, কিন্তু হৃদয় জিকিব হ'লে নালাগে স্বৰ্ণৰ আভূষণ, সত্যৰ প্ৰলেপেহে ভালপোৱাক কৰি তোলে জুইয়ে পোৰা সোণ।। বিশ্বাসেই জন্ম দিয়ে ঈশ্বৰক শিলৰ মাজত, নহলে মানুহৰনো ইমান শকতি ক'ত, মৃত্যুৰ যন্ত্ৰণা নেওচি , কৰিবলৈ অমৃতৰ সন্ধান ।। .........

   September 23, 2016
 

আজি আকৌ উভতি যাম সময়ৰ সোতৰ বিপৰীতে পৰাধীনতাৰ পৰা স্বাধীনলৈ পৰিৱৰ্তিত ১৯৪৭ ৰ সেই বিৰল মূহূৰ্ত লৈ, যিদিনা আমি সম্পূৰ্ণ স্বাধীন দেশৰ নাগৰিক হোৱাৰ সোভাগ্য পাইছিলো অসংখ্য স্বদেশপ্ৰেমীৰ তেজৰ বিনিময়ত ।। আজি আকৌ বুকু ফিন্দাই থিয় হ'ম জাতীয় পতাকাৰ সন্মূখত, স্বতন্ত্ৰতাৰ গৌৰবেৰে সূৰত সূৰ মিলাই গাই যাম দেশপ্ৰেমৰ গীত...ৰাষ্ট্ৰগীত.... বন্দে মাতৰম্ বন্দে মাতৰম্ সুখৰ চকুলোৰে দুগাল তিয়াম, বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাম আৰু এটি নতুন সপোন ৰচিম.... এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ ।। আজি আকৌ উভতি যাম সময়ৰ সোঁতৰ বিপৰীতে, পৰাধীনতাৰ শিকলি ফালি শ্বহীদ বীৰসকলক সোৱৰিম, আকৌ এৱাৰ গাম দেশপ্ৰেমৰ গীত নীৰ্ভিঘ্নে একে সূৰত, একে মাদকতাত বন্দে মাতৰম্ বন্দে মাতৰম্ JAI HIND ! .........

   August 16, 2016
 

শৈশৱতে আইয়ে কৈছিলে বান্দৰ আৰু ঘৰিয়ালৰ সাধুকথা , আৰু বহুবাৰ বুজাইছিল অচিন জনৰ পৰা নিজকে আতৰাই ৰখাৰ কৌশলৰ কথা .... যৌৱনৰ দুৱাৰ দলিত ভৰি থোৱাৰ পৰত, গমকে নাপালো , কেতিয়া যে গজি উঠিল , হেপাঁহ খেদি ফুৰা দুখনি ডেউকা ....... আৱেগে পাৰ কৰিবলৈ শকতি দিছিলহি সাগৰৰো পৰিসীমা...... আই তথাপিতো কোনোদিনে পাৰ কৰা নাছিলো , তহঁতে আঁকি দিয়া লক্ষণৰেখা , বুকুভৰি যে আছিল তহঁতলৈ নিজতকৈও অধিক ভালপোৱা । এদিনাখন তহঁতৰ হেপাঁহেৰে বুলাই দুহাত , খোজ দিলো তহঁতেই আগুৱাই দিয়া সেই চিনাকি চিনাকি বাট....... আই তইতো কোনোদিনেই কোৱা নাছিলি, চিনাকি সকলেওঁ কঢ়িয়াই ফুৰিব পাৰে আঁৰে -আঁৰে এক অচিনাকী মুখ..... তই যে নিশিকালি আই ? কেনেকৈ চিনি উলিয়াব লাগে মুখাৰ আঁৰৰ মুখ । আই মোৰ, এতিয়াতো বহুতো পলম হ’ল..... হৃদয়ৰ গৰাকীয়েই যেতিয়া হৃদয়ৰ মঙহেঁৰে পাতিলে বৰ ভোজ, বিশ্বাসে বাছি লবলৈ বাধ্য হ’ল আত্মহননৰ প.........

   August 08, 2016
 

সৰুকালৰ পৰাই শুনি আছো ভগৱানৰ কথা, কিন্তু কেতিয়াও দেখা নাই ভগৱানক , বিচাৰি উলিয়াব পৰা নাই ভগৱানৰ ঠিকনা, যেতিয়াই দুখ পাইছো তেতিয়াই হিয়া উজাৰি কান্দিছো, হাতদুখন যোৰ কৰি ভগৱানক বাৰে বাৰে মাতিছো তথাপিও ভগৱানক লগ পোৱা নাই, দিয়া নাই মোৰ চকুদুখন মচি এজনী ছোৱালীৰ প্ৰেমত পৰিছিলো, মোৰ প্ৰেমৰ পাত্ৰটো ভাঙি চুৰমাৰ হৈ গ’ল কেইবাদিনো ধৰি বহুতো প্ৰাৰ্থনা কৰিছিলো, কোনোদিনেই নুশুনিলে ভগৱানে মোৰ প্ৰাৰ্থনা । ভগৱান আছে নে নাই মই নাজানো, ভগৱান জুপুৰি ঘৰত থাকে নে ডাঙৰ অট্ৰালিকাত থাকে তাকো মই নাজানো, তথাপিও মই ভগৱানক এতিয়াও বিশ্বাস কৰো সেই বিশ্বাসক মই সদায় পূজো কৰো । যিদিনা প্ৰমাণ হ’ব ভগৱান আছে বুলি সেইদিনাৰ পৰাই আৰম্ভ হ’ব তেওঁৰ বিৰুদ্ধে সাধাৰণ মানুহৰ সংগ্ৰাম .........

   August 08, 2016
 

সপোনবোৰ যেতিয়াই ভঙা বুলি মনত হয় তেতিয়াই মনটো বেয়া লাগে এই ভঙা সপোন দেখা আধাডজন বন্ধু বান্ধবীৰ আড্ডাৰ স্থান হ’ল হালাকুৰাৰ ৰেলগেট । হালাকুৰাৰ অলিয়ে গলিয়ে জানে আমাৰ আড্ডা মৰাৰ স্থানৰ কথা । সকলোৱে জানে আমাৰ দেউতাৰ নাই টকা কড়ি আমাৰ নাই কোনো ভাল কোম্পানীৰ বাইক এখন , পুৰণি ছেকেন্ড হেন্ড স্কিন টাচ মোবাইলটোৱেই হ’ল আমাৰ একমাত্ৰ সম্পদ । কোনোবাই কয় যদি আমাক দেওয়ানি বুলি, তাত আমাৰ নাই কোনো লাজ নাই কোনো ভয় কাৰণ আমি চাকৰি নোপোৱা ল’ৰা -ছোৱালী । যদি কোনোবাই কিবা কামত দহটকা লাভ কৰে সেইদিনা টেপা খুৰাৰ দোকানত হয় ডাঙৰ পাৰ্টি ৰাহুল ,সুকুমল,বিশ্ব,ৰত্নদীপ মন্দিৰা আৰু মই ;;;;;;; টকা নাথাকিলেও চিন্তা নাই,এটাকৈ চপ খাই কটাম কিছু সময় আৰু কথাৰে জমাই দিম পাৰ্টি । ৰত্ণদীপে ধৰিব ভূপেনদাৰ গান মন্দিৰাই তাল দিব ৰাহুলে বজাব হাতেৰে চাপৰি সুকুমল আৰ.........

   July 27, 2016
 
 
 

শেষ নিশাৰ শেতাঁ জোন খিৰিকীৰ ফাকেৰে সোমাই আহিল মোৰ পজাঁলৈ বাহিৰত শেৱালী তগৰৰ সুবাস মনৰ ভিতৰত কিয় আজি আন্ধাৰ আৰু উদাস হয়তো তোমালোক নাইযে কাষত মোৰ যাযাবৰী জীৱনৰ এইয়া মোৰ বাবে উপহাস দিকবিদিক ধুৱলী কুৱঁলীৰ উকাঁ চাদৰ খহিছে মনৰ গৰা তীব্ৰ বেগী সোঁতত ওলমি আছেযে মোৰ কলিজা দূৰ বহুদূৰ মাথোঁ, নাই কোনো সীমনা আহি আহি বহুদূৰ পালোঁহি ৰাস্তাটো অলপ দীঘলীয়া হ'ল দায়িত্বৰ পৰা ফালৰি কাটি যাব জানো পাৰি-প্ৰিয়তমা তোমাৰ মুখৰ হাঁহি জিলিকাই ৰাখিবলৈ এইয়া মোৰ এটি ক্ষুদ্ৰ প্ৰয়াস ; চাৰিওটা প্ৰাণীৰ বাবে তাৰ বাবেই কুন্ডিল নগৰীত প্ৰবেশ ইয়াৰ প্ৰতিটো কোণে কোণে প্ৰেমৰ সুৰ বাজি আছে নুপুৰৰ ৰুণুজুনু ধ্বনি বাজিছে দশোদিশে হৃদয়ত বাজি উঠিছে সুৰৰ মৰ্মস্পশী ধ্বনি এইয়াটো নহয় মোৰ অচিনাকি যেন যুগ যুগৰ চিনাকি হয়তো তোমাৰো ; মাথোঁ চাৰিওফালে প্ৰেমৰেই বাণ.........

   July 25, 2016
 
 
 

যোৱা ৰাতি দেখিছিলো সপোনত তোমাক সেমেকা দুটি নয়নেৰে এপাহি ৰক্তজবা আগবঢ়াই দিছিলা তুমি মোক । তোমাৰ ঢৌ তোলা সেই বাদামী চুলিটাৰিত নাছিল তেতিয়া জোনাকৰ স্নিগ্ধতা নাছিল ডাৱৰৰ চেঁচা অনুভৱবোৰ ঠিকনাবিহীন তৰাবোৰো নিস্প্ৰভ হৈ উঠিছিল সিদিনা সন্ধিয়া ...... নীলা নীলা ডাৱৰবোৰ চপৰা চপৰে খহিছিল তোমাৰ হৃদয়ৰ নিভৃত কোণৰ পৰা । এতিয়া গভীৰ নিশা মোৰ উশাহবোৰ মিলি যাব খুজিছে এন্ধাৰৰ স'তে । ঘন হৈ আহিছে কলিজাৰ ভিতৰখন বুকুৰ চামিয়ানাবোৰ খুলকি পৰিছে নিৰৱে এখলপ এখলপ কৈ তোমাৰ দুচকুৰ মুকুতা বিচাৰি । হৃদয়ৰ চৌপাশ আউসীৰ এন্ধাৰে আৱৰা হৃদয়ৰ পঁ‌জাত কাহানিও বাজি নুঠে তোমাৰ দুভৰিৰ নুপূৰৰ গুঞ্জন দোপালপিতা বৰষুণ জাকত তিতি মোৰ বাবে আজি আৰু কোনেও নৰয় । কোনেও নাগায় মোৰ বাবে এটি প্ৰেমৰ সংগীত মোৰ উকা হৃদয়ত নুফুলে কাহানিও এপাহি ৰক্তজবা ফুল । .........

   July 24, 2016
 
   July 23, 2016
 
 

(১) প্ৰাতঃ বেলা ।‌ আকাশত নৱ সূৰুযৰ স্থিতি ।‌ বিৰিখত কিচিৰ-মিছিৰ শব্দৰে জাগ্ৰত বিহংগৰ জাক ।‌ এছাটি চঞ্চল বতাহ ।‌ মৌন পদপথত নিস্তব্ধতাৰে নিঃসঙ্গ যাত্ৰা...।‌ এনে পৰিৱেশত হিয়াৰ গোপন কোনত আলোড়িত হয় এক বাখ্যা কৰিব নোৱাৰা সুখময় অনুভূতি ।‌ বিগত দিন আৰু ৰাতিৰ মলিনতাৰে পূৰ্ণ ক্ষণবোৰৰ বিষস্মৃতি ক্ষণিকৰ বাবে লোপ পায় ।‌ তাৰ ঠাই লয় সুখানুভূতিয়ে ! ... মই যেন এটি নৱজাত শিশু ! নতুন মোৰ প্ৰাণ , নতুন মন ... ।‌ নাই মোৰ অতীত ; আতীতৰ পোৱা নোপোৱা , ভুল শুদ্ধৰ হিচাপ ।‌ সুষমামণ্ডিত বৰ্তমান আৰু প্ৰাপ্তিৰ কলেবৰ লৈ ৰৈ আছে যেন সেউজীয়া ভৱিষ্যত...! (২) বৈ যোৱা নৈখন পাৰ হৈ এখন বহল পথাৰ ।‌ ব'হাগৰ ন পানী পায় সেউজীয়া দলিছা পৰিছে পথাৰখনে ।‌ দূৰত জাকপাতি বগলী উৰে ।‌ মাচুৰুকাৰ ঠেহপতা মুখ ।‌ পানী বাঢ়িলে নৈখনে গতি সলাই ।‌ খৰস্ৰোতা হয় পানীৰ সোঁত ।‌ সোঁতত উটি আহে পাহাৰীয়া বনজ ।‌ পানী বাঢ়ি উফন্দি পৰা ন.........

   July 23, 2016
 

দল মেটেকা এৰালীৰে হেন্দোলি থকা থপথপীয়া ক্লেদময় পথাৰৰ বুকুত মই সপোন ৰচিছিলোঁ দোকমোকালিতে শুৱা ঢাৰি এৰি কান্ধত নাঙল এহাতে খেৰৰ জুমুঠিটো লৈ জেপজেপীয়া বৰষুণ জাকৰ স'তে থৰক- বৰক খোজেৰে চিকুণ আলিটো পৰা বাঁহতলীয়া জেকা আলিটোৰে পথাৰলৈ ঢাপলি মেলিছিলোঁ ভাষাৰে বুজাব নোৱাৰা শাওনীয়া পথাৰৰ বতৰা মাথোঁ বুকুত বাজি আছে সেই অনুৰাগীৰ সুৰ... পথাৰত....... মই অনুভৱেই কৰিব পৰা নাছিলোঁ ৰ'দ-বৰষুণ আৰু ম'হ-ডাঁহ-চেৰেপাৰ আক্ৰমণ শাওনীয়া আৱেগত বিলীন হৈছিল ছাগে সকলোবোৰ কষ্ট.... ওখ টিলাটোৰ ওপৰত অলপ জিৰণি লৈছিলোঁ ..... এবাৰলৈ হ'লেও চাইছিলোঁ লুংলুঙীয়া হাবিতলীয়া আলিটোলৈ...... ভনীজনী আহিব এহাতত চাহপানী আৰু এহাতত নিমখ জলকীয়াৰে আইয়ে যতনাই দিয়া পইতা ভাত এচৰিয়া অনালৈ........ বেলিটো আহি মূৰৰ ওপৰত হালখন মেলিলোঁ তেতিয়াও ভনীজনী নাহিল জলপানৰ টোপাল লৈ..... নাঙলটো পথাৰৰ একাষে থ.........

   July 20, 2016
 
 
 

Pages

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: আমাৰ গাঁও
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা