কবিতা

কবিতা :: মই তোমাক ভালপাঁও --- ৰেৱত দত্ত

আজিও মোৰ নিসংগতাই সোৱাৰাই তোমাক

শব্দহীন ভাষাৰে মই তোমাক ভালপাঁও

এতিযাঁও খেদি ফুৰো অবাস্তব সপোনবোৰ

মাথো এবাৰ শুনাচোন......

শূন্যতাত ভাহি ফুৰা

মোৰ প্ৰেমৰ ভাষাবোৰ......

কেবল তোমাৰ বাবে যতনাই গোপনে সজাইছিলো

প্ৰেমৰ শাশ্বত অস্তিত্বৰ এজাক সপোন......

এই যে প্ৰেমৰ আপদীয়া শিহৰণবোৰ

আৰু যে তোমাৰ সেই মোলৈ চাই মৰা মিচিকীয়া হাঁহিটো

আজিও মই হৃদয়েৰে অনুভৱ কঁৰো .....

কিয়নো মই তোমাক বুজিপাঁও

মই তোমাক বহুত ভালপাঁও..!!!

কবিতা :: লালকুৰা গাঁৱত আঘোণ নামিছে --- মেহেনাজ সৰকাৰ

তোমাৰ সোণাৰু হালধীয়া হাঁহিত

জোনাকে গা ধুই

আঘোণৰ বতৰা দিছে

কুঁৱলীৰ শুভ্ৰ আচল মেলি

আঘোণ নামিছে

হালিজালি নাচিছে সোণালী ধাননি পথাৰ

হয় , লালকুৰা গাঁৱত আঘোণ নামিছে

তোমাৰ চকুত ৰাশি ৰাশি আঘোণৰ কবিতা

কবিতা নহয় যেন বুকুৰ এফাল

তোমাৰ নীলাভ কবিতাৰ অৰ্থ বিচাৰি

ইচ্ ৰাম ! কোনোবাই দেখিব

ওহোঁ ! নহয় নহয়

কুঁৱলী পৰিছে

অস্পষ্ট

সকলো অস্পষ্ট

লালকুৰা গাঁৱত আঘোণ নামিছে

মোৰ সোণজনীৰ চিৎপখিলি পৰশত

জীপাল হৈ উঠিছে লখিমী পথাৰ ।

কবিতা :: ভালপোৱা --- মেহেনাজ সৰকাৰ

বসন্তও অহা নাই

ফাগুনীয়েও ৰাঙলী কৰা নাই চৌপাশ

উৰুৱা নাই সৰাপাতৰ চিঠি

হঠাৎ

এজাক বাউলী বতাহত শিহৰিত হিয়া

ৰঙা নীলা সপ্নৰ তুলিকাৰে

দুচকুত সুমিষ্ট ভালপোৱা ।

কবিতা :: মৰম নামৰ ফুলপাহ --- ৰেৱত দত্ত

আজি মোৰ ফুলনিত

বিশ্বাস নামৰ ফুলপাহ

দেখুন অস্তিত্বহীন !

বিষাদ মোহাৰি নিব পৰা

বৰষুণজাকো সন্ধানহীন !!

প্ৰেমহীনতাত চৌপাশ অন্ধকাৰ

এপাহ এপাহ কৈ

ফুলবোৰ মৰহি গৈছে কেহঁৰাজ বৰনীয়া হৈ !

এতিয়া বাকী মাথো পাপৰি সৰিবলৈ !!

এদিন সিও সৰি শেষ হ'ব

যিদিনা অভিমানবোৰে বুকু ভৰিব !

আনৰ কথাত তোমাৰ হৃদয় ভুল যাব

সেইদিনাই সৰি পৰিব ,

সুগন্ধিহীন মৰহি যোৱা

মৰম নামৰ ফুলপাহ ,

মই তাকেই আলফুলে সাৱটি ল'ম !!!

কবিতা :: শীতৰ এটি কোমল ৰাতিপুৱা --- মেহেনাজ সৰকাৰ

শীতৰ এটি কোমল ৰাতিপুৱা
পূবৰ খিৰিকীখন খুলি দিলো
মিঠা মিঠা আমেজ হৈ উৰি আহিল
এজাক সখীয়তী ৰ’দ

ৰ’দৰ আমন্ত্ৰন
সাদৰে গ্ৰহণ কৰিবা
বুকুৰ সেউজীয়াৰে কবিতা পঢ়িবা ।

কবিতা :: হাকুটিৰে পাৰিম এমুঠি জোনাক --- বিষাদৰ ৰাণী জুৰি বড়া

নিসংগতা কাৰেঙত বুৰ যোৱা
হৃদয়খন
আশাৰ জোলোঙাত ভৰাই,
সেমেকা মনত
উৎসাহৰ শিকলি লগাই,
দুখ- যন্ত্ৰণাৰে ভৰা
উজাগৰী নিশাবোৰ
পাৰ কৰি যাওঁ
কণ্টকময় বাটেৰে
লক্ষ্য স্থান
প্ৰাপ্তত… !!

কবিতা :: সংঘাত --- সঞ্জীৱন তামূলী

হঠাৎ কি হ’ল… কোনেও গমেই নেপালে |

সেয়া কাৰ বাবে… মোৰ নিছা, উচ্চাকাংশাৰ নে তোমাৰ…!

শেষ নিশ্বাস পেলাইছিল এটা জাতিয়ে, ৰাজ্যই, এটা কুলে…

কাৰ বাবে হৈছিল… এইয়া ?

দুজন ক্ষমতাশালীৰ বাবে নে… তোমাৰ

আনৰ পৰশ পালেই সি জাগি উঠা…

নোচোৱা তাৰ পৰিণিতি….

তোমাৰ বাবেও আৰু… মোৰ বাবেও সি সজীৱ ক্ষপনাস্ত দৰে হ’ব পাৰে… কোনে জানে

পোহৰ মাজতো সি আনিব পাৰে এন্ধাৰ…

সেই এন্ধাৰ কোনো অমানিশাৰ দৰে নহয়… কালৰ দৰে…. যুগান্তিক

কবিতা :: সহযাত্ৰী --- বিকিৰণ পাঠক

সুহুৰি এটা চোবাই, আবেলিটো লৈ এহাতে, গৈ আছিলো হেঙুলী তোৰনৰ কাষেদি ;

সেই সুহুৰিৰ তলতেই তোমাৰে স'তে মোৰ প্ৰথম দেখা |

সপোন এটা সামৰি এল্ ছালভাডাৰৰ পৰিত্য়ক্ত ষ্টেচন এটাত বহি আছিল চে -

লগ পাই সুধিলো , " নি:সংগতা ভাল পোৱা ? "

তেওঁ ক'লে , " বেদুইনৰ কেতিয়াবা হেৰাই জানো ঠিকনা ? "

তেওঁৰ চুৰটটো জ্বলাই আঁতৰি আহিছিলো ,

লৈ আহিছিলো হৃদয় - কিছু নীলা, কিছু সেউজীয়া |

নাম কটা চিপাহী হৈ ঘূৰি ফুৰো ,

যুৰাউৰ বহেমিয়ান গাঁৱত কাফ্কাক পঢ়ি শুনালো ডান্টেৰ ডিভাইন কমেডী ,

- নেল মেজ্জো ডেল কেমিন ডি নষ্ট্ৰা ভিটা -

Midway upon the journey of our life

কবিতা :: তোমাৰ পদূলিত --- শেখৰ ভট্ৰাচাৰ্য

তোমাৰ পদূলিত

একাকাৰ কৰি বহাগ জে'ঠ

আহাৰ-শাওঁণ

দুচকৰ বৰষুণত তিতিছো মই

বুকুৰ পথাৰত নমাই দুখৰ ডাৱৰীয়া আকাশ,

মই তোমাৰ পদুলিলৈ উজাইছো ।

জিলমিল জোনাকৰ

ভালপোৱা গীতৰ বুকুত ঠিকনা হেৰুৱাই,

তুমি নিবিচাৰিবা ঠিকনা আনৰ

এতিয়াযে তোমাৰ হাড় ভঙা

শীতলদেহত

ফিৰিঙতিৰ উৎসৱ ।

এদিনাখন গছকিলো তোমাৰ ওঠৰ পদুলি

দুপৰীয়াটোৰ স’তে নিৰ্জণতা কুৰুকি –কুৰুকি

তোমাৰ হূদয়ৰ ।

বুকুৰ পদুলিত আদৰণি তোৰণ

অশ্ৰুভৰা দুচকুত প্ৰেমৰ সূৰ্য্যমুখী

মই চুব খোজা নাছিলো তোমাৰ

ভালপোৱাৰ আকাশ ।

আজি বহুদিনৰ পাছত

কবিতা :: বিষাদ --- যুতিকা ফুকন

আবেগ-বিহ্বল মূহূৰ্ত্তবোৰত বৰকৈ অনুভৱ কৰো তোমাক

আবৰণ ফালি বিষাদবোৰ নিগৰি আহে

অবোধ্য মনে মৰ্ম্মস্পৰ্শী স্মৃতিৰ টুকুৰাবোৰ সাবটি

উচুপি কান্দে ।।।।।।

আৰু এসময়ত

দুখ আৰু চকুপানীৰ বুজাবুজিত

ক্ষান্ত হৈ পৰে সকলোবোৰ ।।।।

কবিতা :: ৰাতিবোৰ --- অনুপ হাজৰিকা

ৰাতিবোৰ ক্ৰমান্বয়ে পাতল হৈ গৈ আছে

বগাব পৰা নাই ভালকৈ সময়ৰ জখলা.....

তাহানি বাহীৰ সুৰেৰে পাৰ কৰা ৰাতিবোৰ আজি বেসুৰীয়া ..

আধামৰা ৰাতিবোৰো বলি হ'ল নতুনত্বৰ.......

কবিতা :: ভঙা হৃদয় --- মনজিল ইছলাম

কিয় দিলা মোক

আনৰ দ্বাৰা ভঙোৱা

তোমাৰ ভঙা হৃদয়খন?

মই যে দুখ পাম

ভবা নাছিলা নে তুমি?

ময়ো,

কিবা কৈছো, কিবা শুনিছো

তোমাৰ পৰা ৷

দুখৰ অংশীদাৰ বনাইছা ৷

ভালে হৈছে,

মৰো দুখ ভাগ হৈছে

ৰাস্তাও মোৰ পাৰ হৈছে ৷

কবিতা :: বিশ্বাসে সিচেঁ ৰং জীৱনৰ --- ৰিমকি ভাগৱতী

বিশ্বাসে পলসুৱা

যদিহে কৰিব নোৱাৰে

মাটি জীৱনৰ ........

কেনেকৈনো গজি উঠিব পাৰে

এক সোণোৱালী বান্ধোন প্ৰেমৰ ।।

আস্থা ও ভৰসাই

যদিহে কাঢ়িব নোৱাৰে খোজ,

হাতে -হাত ধৰি স্নেহৰ ......

হঠাতে আহি ভাগৰে

মেৰিয়াই নধৰিবহিনে

সপোন খেদি ফুৰা পাখি দুখনক।।

আত্মীয়তাক যদিহে

বান্ধিব নোৱাৰো আতি আতি ,

পৃথিৱীৰ সমস্ত সম্পদেও

গঢ়ি দিব নোৱাৰে

সৰগলৈ যোৱাৰ বাট।।

ভাওৱৰীয়া সাজি

দক্ষতাৰে হাঁহি বা কান্দি ,

জিকিব পাৰি মানুহৰ মন,

কিন্তু হৃদয় জিকিব হ'লে

নালাগে স্বৰ্ণৰ আভূষণ,

কবিতা :: স্বাধীনতা --- সাগৰ সঞ্জীৱ

আজি আকৌ উভতি যাম
সময়ৰ সোতৰ বিপৰীতে
পৰাধীনতাৰ পৰা স্বাধীনলৈ পৰিৱৰ্তিত
১৯৪৭ ৰ সেই বিৰল মূহূৰ্ত লৈ,
যিদিনা আমি সম্পূৰ্ণ স্বাধীন দেশৰ
নাগৰিক হোৱাৰ সোভাগ্য পাইছিলো
অসংখ্য স্বদেশপ্ৰেমীৰ তেজৰ বিনিময়ত ।।

আজি আকৌ বুকু ফিন্দাই থিয় হ'ম
জাতীয় পতাকাৰ সন্মূখত,
স্বতন্ত্ৰতাৰ গৌৰবেৰে সূৰত সূৰ মিলাই
গাই যাম দেশপ্ৰেমৰ গীত...ৰাষ্ট্ৰগীত....
বন্দে মাতৰম্
বন্দে মাতৰম্
সুখৰ চকুলোৰে দুগাল তিয়াম,
বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাম
আৰু এটি নতুন সপোন ৰচিম....
এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ ।।

কবিতা :: চিনাকিও হ’ব পাৰে অচিনাকী --- ৰিমকি ভাগৱতী

শৈশৱতে আইয়ে কৈছিলে

বান্দৰ আৰু ঘৰিয়ালৰ সাধুকথা ,

আৰু বহুবাৰ বুজাইছিল অচিন জনৰ

পৰা নিজকে আতৰাই ৰখাৰ কৌশলৰ কথা ....

যৌৱনৰ দুৱাৰ দলিত ভৰি থোৱাৰ পৰত,

গমকে নাপালো ,

কেতিয়া যে গজি উঠিল ,

হেপাঁহ খেদি ফুৰা দুখনি ডেউকা .......

আৱেগে পাৰ কৰিবলৈ শকতি দিছিলহি

সাগৰৰো পৰিসীমা......

আই তথাপিতো কোনোদিনে পাৰ কৰা নাছিলো ,

তহঁতে আঁকি দিয়া লক্ষণৰেখা ,

বুকুভৰি যে আছিল তহঁতলৈ

নিজতকৈও অধিক ভালপোৱা ।

এদিনাখন তহঁতৰ হেপাঁহেৰে বুলাই দুহাত ,

খোজ দিলো তহঁতেই আগুৱাই দিয়া

সেই চিনাকি চিনাকি বাট.......

কবিতা :: ভগৱান --- শেখৰ ভট্ৰাচাৰ্য

সৰুকালৰ পৰাই শুনি আছো

ভগৱানৰ কথা,

কিন্তু কেতিয়াও দেখা নাই ভগৱানক ,

বিচাৰি উলিয়াব পৰা নাই

ভগৱানৰ ঠিকনা,

যেতিয়াই দুখ পাইছো

তেতিয়াই হিয়া উজাৰি কান্দিছো,

হাতদুখন যোৰ কৰি ভগৱানক বাৰে বাৰে

মাতিছো

তথাপিও ভগৱানক লগ পোৱা নাই,

দিয়া নাই মোৰ চকুদুখন মচি

এজনী ছোৱালীৰ প্ৰেমত পৰিছিলো,

মোৰ প্ৰেমৰ পাত্ৰটো

ভাঙি চুৰমাৰ হৈ গ’ল

কেইবাদিনো ধৰি বহুতো প্ৰাৰ্থনা কৰিছিলো,

কোনোদিনেই নুশুনিলে

ভগৱানে মোৰ প্ৰাৰ্থনা ।

ভগৱান আছে নে নাই

মই নাজানো,

কবিতা :: চাকৰি নোপোৱাৰ বেদনা --- শেখৰ ভট্ৰাচাৰ্য

সপোনবোৰ যেতিয়াই

ভঙা বুলি মনত হয়

তেতিয়াই মনটো বেয়া লাগে

এই ভঙা সপোন দেখা

আধাডজন বন্ধু বান্ধবীৰ

আড্ডাৰ স্থান হ’ল

হালাকুৰাৰ ৰেলগেট ।

হালাকুৰাৰ অলিয়ে গলিয়ে

জানে আমাৰ আড্ডা মৰাৰ

স্থানৰ কথা ।

সকলোৱে জানে আমাৰ

দেউতাৰ নাই টকা কড়ি

আমাৰ নাই কোনো ভাল

কোম্পানীৰ বাইক এখন ,

পুৰণি ছেকেন্ড হেন্ড স্কিন টাচ

মোবাইলটোৱেই হ’ল আমাৰ

একমাত্ৰ সম্পদ ।

কোনোবাই কয় যদি আমাক

দেওয়ানি বুলি,

তাত আমাৰ নাই কোনো লাজ

নাই কোনো ভয়

কাৰণ আমি চাকৰি নোপোৱা

কবিতা :: আত্মবিশ্লেষণৰ দুটি স্তৱক --- পল্লৱ কুমাৰ নাথ

চৈ দিয়া গৰু গাড়ী কিম্বা পালতৰা নাওঁত
আমি নিজকে লেহেমিয়া বুলি ভাৱো ৷
ভাৱনাবোৰ ভুল নে শুদ্ধ
সেইয়া সময়ৰ কথা
নিজস্ব গতি থকা সময়ক ধুমুহা বুলিব নোৱাৰি
ধুমুহাইহে বিধ্বস্ত কৰে মন ৷
আমি দিশ হেৰুৱাই দিশহাৰাহোৱা
অস্তগামী সুৰুজৰ ৰশ্মি নহয় ৷

সেউজীয়াবোৰ বহুসময় একেথৰে চাই থাকি
আমাৰ চকুৰ পৰ্দাত তাৰ প্ৰতিচ্ছৱিটো
আঁকি ললো
এতিয়া চাৰিওপিনে মাথোন সেউজীয়া চাদৰৰ আচল
অশান্ত প্ৰহৰত ফাঁলি চিৰাচিৰ নহওঁক
সেউজীয়া কোষ
পৰিবৰ্তনো আমাৰ প্ৰত্যাহবানৰ সমবেত সংগীত ৷

কবিতা :: তুমি আজি মোক শুনিবানে --- মন্জুষা দেৱী

তুমি আজি মোক শুনিবানে ?????

বহুত কথা কব মন যায় ....

তোমাৰপৰা বহুতো কথা শুনিবৰ মন যায়

কিন্তু তুমি নুবুজা হৃদয়ৰ ভাষা

নুবুজা হৃদয়ৰ ভিতৰখন জ্বলি যোৱা গাথা ??

আজি শুনাম তোমাক দুটি ওঠৰ মৌন ভাষা ।

শুনিবা নে তুমি ?????

কবিতা :: তোমালৈ বুলি --- কবিৰঞ্জন দাস

শেষ নিশাৰ শেতাঁ জোন

খিৰিকীৰ ফাকেৰে সোমাই আহিল মোৰ পজাঁলৈ

বাহিৰত শেৱালী তগৰৰ সুবাস

মনৰ ভিতৰত কিয় আজি আন্ধাৰ আৰু উদাস

হয়তো তোমালোক নাইযে কাষত মোৰ

যাযাবৰী জীৱনৰ এইয়া মোৰ বাবে উপহাস

দিকবিদিক ধুৱলী কুৱঁলীৰ উকাঁ চাদৰ

খহিছে মনৰ গৰা

তীব্ৰ বেগী সোঁতত ওলমি আছেযে মোৰ কলিজা

দূৰ বহুদূৰ মাথোঁ, নাই কোনো সীমনা

আহি আহি বহুদূৰ পালোঁহি

ৰাস্তাটো অলপ দীঘলীয়া হ'ল

দায়িত্বৰ পৰা ফালৰি কাটি যাব জানো পাৰি-প্ৰিয়তমা

তোমাৰ মুখৰ হাঁহি জিলিকাই ৰাখিবলৈ

এইয়া মোৰ এটি ক্ষুদ্ৰ প্ৰয়াস ; চাৰিওটা প্ৰাণীৰ বাবে

কবিতা :: মন --- মন্জুষা দেৱী

বিষন্নতাৰে ভৰা মোৰ মন

সৌ দূৰৈত অকলে ৰৈ থকা আন্ধাৰ জাকৰ সংগী হোৱাৰ মন....

দুখৰ হুমুনিয়াহ কঢ়িয়াই ফুৰা আন্ধাৰ জাকক

সাৱটি লোৱাৰ মন

আন্ধাৰ সপোনবোৰক পোহৰৰ কৰাৰ মন.

কবিতা :: ভোক --- সাগৰ সঞ্জীৱ

লহপহকৈ বাঢ়ি অহা ভোকে আগুৰিছে আমাক

কেতিয়াবা জীয়াই থকাৰ,

কেতিয়াবা এখনি বস্ত্ৰৰ

নাইবা, এমুঠি অন্নৰ ভোক ।।

দুখীয়া হোৱাৰ যন্ত্ৰণা কি ?

তই যে নুবুজিবি ভাইটি ;

যান্ত্ৰিকতাৰ সমাজখনত

কাৰোৱেই আহৰি নাই

আমাৰ বাবে ভাবিবলৈ ।

এয়া ল'

এগৰাহ শুকান ভাত

মৰমবোৰ সানি দিছো তাত ।

আই বোপাইক হেৰুৱাই দিশহাৰা হৈছো

ফুটপাথত পৰি হলেওঁ জীয়াই আছো ।

তই মাথো ডাঙৰ হ'

ভাল মানুহ হ',

আমাৰ দৰে দুখীয়াবোৰক নাপাহৰিৱি;

মনৰ দুখীয়া নহবি...

মাতৃভূমিৰ দালালবোৰৰ হাতত

নিজকে কেতিয়াওঁ বিক্ৰি নকৰিবি ।

কবিতা :: এটি হেৰুৱা সপোন তুমি --- প্ৰীতি বৰা

যোৱা ৰাতি দেখিছিলো সপোনত তোমাক

সেমেকা দুটি নয়নেৰে

এপাহি ৰক্তজবা আগবঢ়াই দিছিলা তুমি মোক ।

তোমাৰ ঢৌ তোলা সেই বাদামী চুলিটাৰিত

নাছিল তেতিয়া জোনাকৰ স্নিগ্ধতা

নাছিল ডাৱৰৰ চেঁচা অনুভৱবোৰ

ঠিকনাবিহীন তৰাবোৰো নিস্প্ৰভ হৈ উঠিছিল

সিদিনা সন্ধিয়া ......

নীলা নীলা ডাৱৰবোৰ চপৰা চপৰে খহিছিল

তোমাৰ হৃদয়ৰ নিভৃত কোণৰ পৰা ।

এতিয়া গভীৰ নিশা

মোৰ উশাহবোৰ মিলি যাব খুজিছে

এন্ধাৰৰ স'তে ।

ঘন হৈ আহিছে কলিজাৰ ভিতৰখন

বুকুৰ চামিয়ানাবোৰ খুলকি পৰিছে নিৰৱে

এখলপ এখলপ কৈ

তোমাৰ দুচকুৰ মুকুতা বিচাৰি ।

কবিতা :: সেই সময় সেই সমীক্ষা --- পল্লৱ কুমাৰ নাথ

সেই সময় নিৰব আছিল আবেলিৰ দৰেই
যাৰ বাবে ঘূণে ধৰা নাছিল সেই সময়ৰ বুকুত

আতীতৰ গান
সুৰৰ অতীত

কোন সেই নাৰীৰ দৰে হৃদয়ৰ নদীৰ দৰে শৰীৰৰ
শস্য শ্যামলা বুকুত অঁকা হালধীয়া বুটা

যৌৱনৰ গান
সুৰৰ যৌৱন

সেই সময়ৰ বুকুত আছে এটি দশকৰ নিতুল ভাষ্কৰ্য্য
শৈশৱৰ পৰা যৌৱনলৈ জীৱনৰ সমীক্ষা

জীৱনৰ গান
সুৰৰ জীৱন

সেই সমীক্ষায়ে ইতিহাস হোৱাৰ দুখত ৰিঙিয়াই
কলঙৰ ঘাটতো নিথৰ লাগে,পুৰণি সাঁকোডালে সাৱটি লয় অতীত

মিলনৰ গান
সুৰৰ মিলন

সেই সময়ত যি আছিল
সেই সমীক্ষাত নিৰ্ভূল বাখ্যা !

সেই সময়, সেই সমীক্ষা

কবিতা :: যৌৱন --- কৰবী ফুকন নাথ

নিশাৰ দলিচাত

ফুলাম কবিতা

কোনে চতিয়ালে ?

কোনে ৰং বুলায়

ৰামধেণু আঁকিলে

কলিজাত মোৰ ?

শব্দই শব্দই

কথা পাতি

কবিতাৰ মালা গাঠি

বুকুৰ পদূলীত

ৰজনীগন্ধা

আমোল মোলাই ৷

নিৰবতা ভাঙি

পাৰ হয়

গুনগুননি

শাওনৰ এজাক বৰষুণ ৷৷

কবিতা :: আত্মানুভূতি --- প্ৰদীপ দাস

(১)

প্ৰাতঃ বেলা ।‌ আকাশত নৱ সূৰুযৰ স্থিতি ।‌ বিৰিখত কিচিৰ-মিছিৰ শব্দৰে
জাগ্ৰত বিহংগৰ জাক ।‌ এছাটি চঞ্চল বতাহ ।‌ মৌন পদপথত নিস্তব্ধতাৰে
নিঃসঙ্গ যাত্ৰা...।‌ এনে পৰিৱেশত হিয়াৰ গোপন কোনত আলোড়িত হয় এক বাখ্যা
কৰিব নোৱাৰা সুখময় অনুভূতি ।‌ বিগত দিন আৰু ৰাতিৰ মলিনতাৰে পূৰ্ণ
ক্ষণবোৰৰ বিষস্মৃতি ক্ষণিকৰ বাবে লোপ পায় ।‌ তাৰ ঠাই লয় সুখানুভূতিয়ে !
... মই যেন এটি নৱজাত শিশু ! নতুন মোৰ প্ৰাণ , নতুন মন ... ।‌ নাই মোৰ
অতীত ; আতীতৰ পোৱা নোপোৱা , ভুল শুদ্ধৰ হিচাপ ।‌ সুষমামণ্ডিত বৰ্তমান আৰু
প্ৰাপ্তিৰ কলেবৰ লৈ ৰৈ আছে যেন সেউজীয়া ভৱিষ্যত...!

(২)

কবিতা :: শাওনৰ কোমল মাটিৰ পথাৰৰ স্মৃতি সোঁৱৰি --- বিষ্ণু বড়া

দল মেটেকা এৰালীৰে হেন্দোলি থকা
থপথপীয়া ক্লেদময় পথাৰৰ বুকুত
মই সপোন ৰচিছিলোঁ

দোকমোকালিতে শুৱা ঢাৰি এৰি
কান্ধত নাঙল
এহাতে খেৰৰ জুমুঠিটো লৈ
জেপজেপীয়া বৰষুণ জাকৰ স'তে
থৰক- বৰক খোজেৰে চিকুণ আলিটো পৰা
বাঁহতলীয়া জেকা আলিটোৰে
পথাৰলৈ ঢাপলি মেলিছিলোঁ

ভাষাৰে বুজাব নোৱাৰা
শাওনীয়া পথাৰৰ বতৰা
মাথোঁ বুকুত বাজি আছে সেই অনুৰাগীৰ সুৰ...

পথাৰত.......
মই অনুভৱেই কৰিব পৰা নাছিলোঁ
ৰ'দ-বৰষুণ
আৰু
ম'হ-ডাঁহ-চেৰেপাৰ আক্ৰমণ
শাওনীয়া আৱেগত
বিলীন হৈছিল ছাগে সকলোবোৰ কষ্ট....

কবিতা :: পিতাই --- ডিম্বেশ্বৰ কোচ

পিতাই অ,

ইমান দুখেৰে কথা বোৰ নকবিচোন…

দিহিঙৰ সিপাৰৰ পৰা

চপাব পৰা নাই নাও

তোৰ কাষলে, তোৰ দুখৰ দিনত…

পিতাই অ,

তোৰ দেহাইও নটনা হৈছে,

নাঙলৰ মুঠিত ধৰোঁতেই হোৱা ঘাঁবোৰ

আজিও শুকোৱা নাই তোৰ ।

পিতাই অ,

মোৰো কঁকালৰ বিষটোৱে

কেতিয়াবা বৰকৈ ধৰে…

হাতুৰী মুঠিত ধৰোঁতে ধৰোঁতে

আঙুলিবোৰ ক্ষয় গ'ল,

সুখৰ চকুলো বোৰ

আঙুলিৰ ফাঁকেৰে সৰে ।

পিতাই অ,

দুখ লগাকৈ কথাবোৰ নকবি,

তই দুখ পালে মইও দুখ পাওঁ ।

কবিতা :: ৰোৱনি --- দীপংকৰ শৰ্মা

তেওঁ অহাৰ বাটত

শাওণৰ মেঘ জিৰ জিৰ কৈ নামি

সাৱতি লৈছিল সেউজীয়াক ৷

নাঙলৰ মৈথুনত অন্তঃসত্বা সময়ে

কঢ়িয়াই আনিছিল

এজাক সৰল বতাহ

তেওঁ অহাৰ বাবেই ৷

তেওঁ মোৰ আই

যাৰ নখৰ চুক বিষাইছিল

সৃষ্টিৰ আনন্দত ৷

কবিতা :: বৃদ্ধ নগৰ --- ময়ূৰকৃষ্ণা ফুকন

অভাৰকোট, চিগাৰেট আৰু এটা সুহুৰি

মাতালতাত ভৰ দি তেওঁ

নিৰ্বিঘ্নে বিচাৰি ফুৰে

ছায়াময় ৰঙীণ ৰাতিৰ চিঞৰত

নে, সুউচ্চ বিলাসী মনৰ

শেলুৱৈৰ আঁৰত হেৰাল

মাটিৰ পুৰাতন প্ৰেয়সী.....

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:907
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,271
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,481
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,578
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,568