কবিতা

 
 
 
 
 
 
 
 
 
 
 
 
 
 
 

আপোনাৰ কবিতাৰ শেষৰ শাৰীটো তিতিছে নেকি বৰষুণত নে শব্দবোৰৰ নিসংগ যাত্ৰাত আপুনি সাধুকথাৰ এটা বাটেৰে ঘূৰি ফুৰিছে দুডোখৰ হৈ ভাগি পৰা এজোপা গছৰ ছাঁৰ তলত আপুনি নিহত হৈছে নেকি নে ক্ৰমশ: বাঙ্ময় হৈ উঠা বতাহজাকত উৰুৱাই দিছে নষ্ট নগৰৰ মাইল মাইল অতীত আপোনাৰ ছায়াহীন চুলিৰ বেঁকাৰেখাৰ তলত মই ডুব যাওঁ আপোনাৰ আত্মাৰ তালে তালে মই নাঁচি উঠোঁ প্ৰাচীনৰো প্ৰাচীন যন্ত্ৰণাৰ পৃষ্ঠাত মই হাঁহোঁ কান্দো চিঞৰোঁ চুঁচৰোঁ বাগৰোঁ_ আৰু আপুনি, মোক বিচাৰেণে; আপোনাৰ কোঁচ খোৱা হাতৰ তলুৱাত নাইবা দুচকুৰ স্তূপীকৃত ভৌতিক ভাৱনাত নে সেইকুৰা জুইত আপুনি বুকু উদঙাই দিয়ে যিকুৰা জুই আপোনাৰ আৰু মোৰ আত্মহাৰাৰ কাৰণ _ কেতিয়াবা সপোনবোৰে আমনি কৰে যেতিয়া সিঁহতক পকেটত লৈ ঘূৰি ফুৰো থিক গৰ্ভৱতী নাৰীয়ে সপ্তম মাহৰ উদৰত লৈ ফুৰা কণ্যশিশুটোৰ দৰে তেতিয়া ডুব যোৱা জাৰণিখনৰ এটা দুখে আহি মোক হ.........

   March 04, 2016
 
 
 
 
 
 
 

দুচকুত হাজাৰ আশাৰ তিৰবিৰণি হৈ তুমি আহি ধৰা দিয়া মোৰ আকলুৱা হৃদয়ত আলফুল কৈ প্ৰাণত শান্তিৰ জিৰণি দিব পৰা এটি কোমল অনুভৱ হৈ ।। - তোমাৰ সংস্পৰ্শতে ফুলি উঠে চিনাকি - অচিনাকি ফুলবোৰ ---- তাৰ পৰাই নিগৰিত হয় সুগন্ধিত সুবাস নমনীয়কৈ নিজতেই নিজে মতলীয়া হওঁ মই জোনাকৰ কোমলতাতে সপোনৰ মালা গাঁথি ক'বনোৱাৰাকৈয়ে পাৰ কৰোঁ অলেখ সময় ।। য'ত লুকাই থাকে কৈ শেষ কৰিব নোৱাৰা সৌন্দৰ্যৰ সচিত্ৰ আভা,,, য'ৰ পৰা নিগৰিত হ'ব পাৰে সুখ আৰু আনন্দৰ প্ৰাচুৰ্যৰ বতৰা ।। - জোনাকতেই ৰচিত হয় কত কবিৰ কবিতা নতুবা ; গায়কৰ কণ্ঠৰ পৰা বাহিৰ হয় গীতৰ সুৰৰ মধুৰতা ,,, কোনো চিত্ৰকৰৰ যাদুকৰী স্পৰ্শতে ৰাস্তাৰ দাঁতিত পৰি থকা আৱৰ্জনা নতুবা ; সৰি থকা পাতখিলাইও প্ৰাণ পাই উজ্জ্বলি উঠে এক নতুন সৌন্দৰ্যৰে ।। - তোমাৰ স্পৰ্শতে নদীৰো বাঢ়ে চিকমিকনিৰ ৰেখা ফুটি উঠে গছ নতুবা অৰণ্যৰ মৌন ভাষা কাৰুণ্য বিগলিত .........

   February 22, 2016
 
 

তুমি: কোনো এক নিৰ্জন দ্বীপত জীৱনহীনতাৰ এটি প্ৰাচীন বসন্তত আহোৰাত্ৰি জপি আছিলা হৃদয়ময়তাৰ এক প্ৰাচীন মন্ত্ৰ । তেতিয়াও: নীলাই আছিল আকাশ , আৰু নীলা আছিল সপোন, আৰু সপোন ভাল পাও বাবেই মই হৈ পৰিছিলো- সপোনপ্ৰিয় দেহবোৰৰ আজন্ম প্ৰেমিক । এনেদৰেই: কালান্তৰত হৃদয়বোৰ ৰঙীন হৈছিল । তেজবোৰৰ মাজতো গজি উঠিছিল বিভেদকামী কিছু বীজতৰিয়া বীজ, আৰু দেহৰ বৰনে সলাই পেলাইছিল সিৰা উপসিৰাৰ প্ৰাচীন বৰন; আৰু বৰনে বৰনে গঢ়ি উঠিছিল চাৰিবেৰৰ কিছুমান নানাৰঙী ঘৰ ! মন্দিৰ মছজিদ বা গিৰ্জা ! আৰু: আন্ধাৰত দুচকু মেলিলেই সন্তৰ্পনে মোৰ হৃদস্পন্দনত অনুৰনিত তেতিয়াও - "কূণ" "কূণ" " কূণ" "কূণ ফায়া কূণ!" তুমি : মহাশূন্যৰ কোনো নিৰ্জন দ্বীপত এতিয়াও আছা পোহৰৰ মাজত জিলিকি থকা এবিন্দু প্ৰত্নপ্ৰস্তৰিক আন্ধাৰ হৈ "কূণ ফায়া কূণ" হৈ । .........

   February 21, 2016
 
 

মনোৰম পৰিবেশ চাৰিওফালে তাৰে মাজত আজিও জিলিকি আছে ইতিহাস প্ৰসিদ্ধ ৰাজবাৰী । কিমান বিৰহ বেদনা মানুহৰ হাঁহি কান্দোন লুকুৱাই আছে এই বাৰীত । কিমান ৰজা গল আৰু আহিল কিমানজন বিদেশীয়ে কৰিলে আক্ৰমণ তথাপি আমাৰ জাতিৰ প্ৰাণস্বৰুপ চিন হিচাবে জিলিকি আছে এই ৰাজবাৰী । নৰনাৰায়নৰ প্ৰচেষ্ঠা আৰু চিলাৰায়ৰ কৃতিত্বৰ ফলতেই সৃষ্টি হৈছিল কোচবিহাৰ ৰাজধানী । আজি নৰনাৰায়নো গল আমাৰ বিশ্ববীৰ চিলাৰায়ও গল , তথাপি মূৰ থিয় কৰি স-সন্মানে জিলিকি আছে এই ৰাজধানী । বহুত ভাল লাগে কোচবিহাৰৰ ইতিহাস পঢ়িলে ইয়াতে বৈকুন্ঠ গামী হৈছিল আমাৰ বৈষ্ণৱ সমাজৰ নিৰ্মাতা শংকৰদেৱ । তথাপি মাজে মাজে অৱহেলিত যেন লাগে এই কোচবিহাৰৰ ৰাজবাৰী , ইমান ইতিহাস থকা সত্বেও ইয়াত হাট বহে অকল যুৱক -যুৱতীৰ , নবহে হাট জ্ঞানী - গুণ.........

   February 18, 2016
 
 

দ্বাৰকাত তাৰ জন্ম মদিনাত তাৰ ঘৰ । সি কোঙা, সি খোৰা, সি বোবা, সি কলা । ভিৰ ঠেলি যেতিয়া সি ভাত ভাত কৰে দুটা কুকুৰৰ যুজত এডাল কামিহাৰ ভাঙে ! কি নাম তাৰ ? হজৰত,কৃষ্ণ,যীচু,বুদ্ধ ? ফুটপাথত যেতিয়া সি বাগৰি ফুৰে, শুকুৰবাৰে দুপৰীয়া বাৰতা বাজে । সি আল্লাহ্ বুলি চিঞৰে, মুদ্ৰা যেন শুনা যায় আজানৰ সুৰ । কল্ড ড্ৰিংকচৰ বটলত কোনোবাই চুমুক মাৰে । হাইৰে দুনিয়য়া !গ্ৰীষ্মও কি এতিয়া নপুংসক বিলাসিতা ? কাশীৰ পৰা সি এখন চিটীবাছত উঠে, "একোজন মাৱৰ দুজন পুত্ৰ দুজন নয়নৰ মনি একেজন থাকে আকাশে বিমানে একেজন গছৰ তলে পৰি" এনেদৰে ক্ৰমশ সি বৃদ্ধ হয় জেৰুজেলেম অথবা পাতলিপুত্ৰ । তাৰ মৃত্যু তাৰ ঐশ্বৰ্য্যবিলাস ! ভাত আৰু ভোকৰ যুদ্ধত ভগৱান হৈ পৰে অস্পৃশ্য লেলাৱতি ! .........

   February 16, 2016
 
 

Pages

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: প্ৰবন্ধ
শিতান: কবিতা