অসমীয়া আধুনিক কবিতা

অসমীয়া আধুনিক কবিতা

কবিতা :: শব্দহীন কবিতা --- দিলীপ কুমাৰ শৰ্মা

এখন উকা কাগজ
আৰু কিছু বহুৰঙী আক্-বাক্
নীলাৰ বুকুত শুকুলা মেঘৰ ধীৰ গতি
উদিত সূৰ্য্যৰ সেন্দুৰীয়া ফোঁট
মৌপিয়া চৰাইৰ ধেনুভিৰীয়া ঠোঁট
দিন-ৰাতি, ৰ'দ-বৰষুণ, স্বৰ্গ-মৰ্ত্য ...
সেউজীয়া পাহাৰৰ খলা-বমা
কংক্ৰিটৰ মায়াপুৰী...।

বহুৰঙী আক্-বাকেৰে
এখন জীৱন্ত ছবি ।
হৃদয়ৰ ছন্দময় অনুভূতি...
ছবিয়ে কথা কয়, গান গায়
মিচিকিয়াই হাঁহে, হিয়া উজাৰি কান্দে !
চুকে কোণে উৰি ফুৰে
সুখৰ সংজ্ঞা বিচাৰি
সাক্ষী হয় অলেখ বেদনাসিক্ত অন্তৰৰ ।

কবিতা :: হোলী --- জাহাঙ্গীৰ আলম

মলয়া বতাহ জাকে

গোপনে বিৰবিৰাকৈ আহি

কিবা এটি ক’লে মোৰ কাণেকাণে৷

ৰংবিৰঙৰ ৰঙেৰে লগৰীয়াহঁতৰ লগত

এক ৰোমাণ্টিক খেল খেলিলোঁ

যাৰ নাম হ'ল হোলী ৷

ৰংবিৰঙৰ ৰং সানি

নিজেই নিজকে যেন

চিনিব নোৱাৰা হৈ পৰিলোঁ ৷

ৰংবিৰঙৰ ৰঙৰ মুখা পিন্ধি

ফাকু খেলাৰ ছলনাৰে

মোৰ প্ৰেয়সীৰ ঘৰলৈ গৈ

অকণমান ৰং দিয়াৰ ছলনাৰে

কাণেকাণে কৈ পেলালোঁ

হৃদয়ৰ আঁৰেআঁৰে থকা

সমস্ত গোপন কথাবোৰ ৷

তেনেতে মোৰ প্ৰেয়সীয়ে ক’লে

তুমি মোৰ মৰমৰ জাননে ?

হয়,মইয়ে হয় প্ৰিয়া

তেনেতে আনন্দত আত্মাহাৰা হৈ

কেঁচা ৰঙৰ ৰঙেৰে

কবিতা :: মনত হেপাহঁ লৈ --- ৰাজিদুল ইছলাম

মনত হেপাহঁ লৈ

অপেক্ষাই আছো তোমাৰ কাৰণে

তুমি কেতিয়া আহিবা ??

মনৰ মাজত উমাল হৈ থকা

কথাবোৰ....

কেতিয়া শুনিবা ?

মই যে তোমাৰ কাৰণে

ভোকাতুৰ প্রেমিক !

তুমি যে মায়াবিনী

"জোনাকী তৰা"

আহিবা বুলি

আছো বাট চাই.......
.

কবিতা :: সৃষ্টিৰ মহত্ত্ব --- জাহাঙ্গীৰ আলম

এক উন্নতমানৰ সৃষ্টিৰ আঁৰত
লুকাই থাকে এজন মহৎ লোক
যিয়ে ওৰে জীৱন এক সৃষ্টিৰ সন্ধানত
নিজৰ জীৱনক সমৰ্পিত কৰে
এক নতুন সৃষ্টিৰ নামত ৷

নতুন নতুন সৃষ্টিৰে
পৃথিৱীখনক আলোকিত কৰে
এইখন বসুন্ধৰাৰ বুকুত
নিজৰ সৃষ্টিশীল সৃষ্টিৰে
নিজৰ পৰিচয় দাঙি ধৰে ৷

নতুন সৃষ্টি অবিহনে
এইখন বসুন্ধৰাৰ বুকুখন
এদিন উকা হৈ সেমেকি যাব
আমিও কিজানি এদিন
চিঙি পেলাম ভাতৃত্ববোধৰ এনাজৰী ৷

নতুন নতুন সৃষ্টিৰে
বসুন্ধৰাৰ উকা বুকুখন
ৰংচঙীয়া আৰু সেউজীয়া হৈ পৰে
এক উন্নতমানৰ সৃষ্টিয়ে
সকলোকে এক মৰমৰ এনাজৰীৰে বান্ধে ৷

কবিতা :: শ্ৰদ্ধেয় দেউতা --- দিলীপ কুমাৰ শৰ্মা

আজি তোমালৈ বৰকৈ মনত পৰিছে
কৰ্তব্য আৰু দায়িত্বৰ আবেষ্টনিৰ মাজত
তোমাৰ সেই সদাব্যস্ত মুখখন
প্ৰতিশ্ৰুতিৰে ভৰা সুউজ্জ্বল চকুহাল
সোণালী সপোণ কঢ়িয়াই ফুৰা বিশাল অন্তৰখন
আজি বাৰে বাৰে মনলৈ আহিছে ।

শৈশৱত তুমিয়েই আছিলা মোৰ পৰম সুহৃদ
শাওনীয়া পথাৰৰ বোকাপানীৰ মাজত
মুৰত তাল পাতৰ জাপি আৰু হাতত কোৰ লৈ
কিমান যে পুৰণি আলি চিকুণাই নকৈ সঁজাইছিলা ।
আজি বাৰে বাৰে মনত পৰিছে
ধাননি পথাৰখন সঁজাল হৈ উঠিলে
তোমাৰ চকুত ভাঁহি উঠা সুখৰ অনুভূতি !
আৰু বানে ধুই নিয়া পথাৰখন দেখি
তোমাৰ শিল হৈ যোৱা বুকুখন !!

কবিতা :: স্মৃতিৰ ৰোমন্থন --- সোণমণি গোহাঁই

স্তব্ধ সময়,স্তব্ধ ঠাই ,
বেদনাবোৰ কিন্তু বৈ গৈ আছে,
নৈৰ পানীৰ দৰে
কেতিয়াবা,
বতাহৰ দৰে ।

মৰমবোৰ আঘাত হৈ ভিতৰি ভিতৰি
কোঙা কৰি পেলাইছে
জীয়াই থাকিব বিচৰা মনটোক ;

আৰু হৃদয়খন !
সমাধিস্থ সিদিনাৰ চকুৰ বানত ।

কবিতা :: যন্ত্ৰণা --- ধীৰাজ কলিতা

যন্ত্ৰণাই হেচামাৰি ধৰা বুকুখনত
তোৰ অকণমান সহাঁৰিয়ে
সাহস দিছিল বাস্তবৰ লগত
একেলগে খোজ দিবলৈ ।
কিন্তু.....

সেই হাঁহি মুখৰ উৎফুল্লিত বাসনাক
আজুৰি কাঢ়ি নিলে নিষ্ঠুৰ নিয়তিয়ে

সঁচাই সময় বৰ নিষ্ঠুৰ....

বিশেষ একোকে দেখোন বিচৰা নাছিলো তোৰ পৰা
মাত্ৰ বিচাৰিছিলো এবুকু সঁচা মৰম
আৰু মোৰ বাবে তোৰ কিছু সময়......
কিন্তু মোৰ উকা কপালত সেইয়া যেন এক
কাল্পনিক সপোন হৈ ৰ’ল

কবিতা :: মই যে নষ্ট কবি --- মহিদুল ইছলাম বুলবুল

ৰাতিপুৱাৰ কুঁৱলি বোৰক
নকবা সুখৰ সাধু
লাজত গোলাপৰ পাহিবোৰ দোঁ খাব।
অতীতৰ সাধুকথা।
দুখৰ হুমুনিয়াহ।

প্লিজ...
নাহিবা মনৰ পৰিসীমালৈ আকৌ
পাৰ হৈ নাযাবা মোৰ পদূলিৰে
কেৰাহিকৈও নাচাবা মোলৈ
মা কছম্
মাতাল হৈ যাম আকৌ এবাৰ
তোমাৰ প্রেমত
হৃদয়ত বাজি উঠিব
প্রেমৰ বীণ।

জানাই দেখোন
মই নষ্ট কবি।

কবিতা :: সন্ধিয়াৰ ছবি --- দিলীপ কুমাৰ শৰ্মা

হাচনাহানাই গোলাপৰ স’তে
মিচিকিয়াঁ হাঁহিৰে
চকুৱে চকুৱে কথা পাতে ।
সেন্দুৰীয়া বেলিৰ হেঙুলী ৰহনবোৰে
চুমা আঁকি দিয়ে সেউজীৰ দুগালত ।

আকাশী পথেৰে উভতনি চৰাইজাকৰ
শৃংখলিত চিক্ চিকনি
সৰিয়হ তলিৰ জাবৰ জ্বলা গোন্ধ
শুকুঁলা ডাৱৰৰ কণিকাবোৰ চুই চাবলৈ
উৰ্ধমুখি ধোৱাবোৰৰ হেতাওপৰা !

বাহনি ডৰাৰ মাজে মাজে
গো-বাটটোৰে ঘৰমুৱা গৰুজাক
মলয়া চাটিৰ স’তে ভাহি আহে
গৰখীয়াৰ বাঁহীৰ মন পৰশা সুৰ ।
মন্দিৰৰ ডবা বৰকাহৰ ধ্বনিৰে
মুখৰিত আকাশ বতাহ
অন্য এক সুপ্ৰভাতৰ প্ৰতিশ্ৰুতিৰে
অৰুণে মেলানি মাগে
মহাসমুদ্ৰৰ সিপাৰলৈ ।।

কবিতা :: ফাগুনৰ বতৰা --- দিলীপ কুমাৰ শৰ্মা

ধূসৰ উদং পথাৰত
সেন্দুৰ সনা ৰঙৰ
পোহাৰ লৈ
তুমি পলাশ ।
লঠঙা গছবোৰৰ ডালে ডালে
পছোৱা বতাহে সিঁচি দিয়ে
তোমাৰেই ৰং ...

শুকান পথাৰৰ
আলিয়ে আলিয়ে
চিনাকী সুৰৰ মাজত
তুমি ফাগুনৰ পলাশ ।
উন্মনা প্ৰেমিকাৰ
ধমনীৰ চালিকা শক্তি
হৃদয়ৰ ৰং...

তুমি উতনুৱা ফাগুনৰ পলাশ
তোমাৰ ৰঙেৰে
ৰাঙলী হয়
সন্ধিয়াৰ বিস্তৃত পৰিধি ।
মৌন আকাশে মিচিকিয়াই হাঁহে
নিলাজ সময়ে সখীৰ সতে
আলিঙ্গন কৰে
সৰা পাতবোৰে প্ৰাণ পায় ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:3,027
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,612
শিতান: প্ৰবন্ধ
মুঠ পঢ়ুৱৈ সংখ্যা:4,778
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,542
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,828