অসমীয়া শিশু কবিতা

অসমীয়া শিশু কবিতা

মুনমী ভট্টাচাৰ্য's picture

কবিতা :: ক্ষোভৰ উদ্গীৰন --- মুনমী ভট্টাচাৰ্য

শীতৰ বিষন্নতাক নেওচা দি

সূৰ্যৰ সন্ধানত ঢাপলি মেলা

পক্ষীজাক যেতিয়া বাৰুদৰ মালাৰে

শ্বহীদ হৈ উলটি আহে,

তেতিয়া বাৰু কেনে লাগে

তেজস্বী সময়ৰ ??

শ্রমিক বন্ধুৰ দুঃচিন্তা আৰু

ৰাজপথৰ জঠৰতাত পিষ্ট হৈ পৰে

প্রতিবাদৰ তেজাল হুংকাৰ |

শিলবোৰৰ জীয়া আস্ফালনত

কঁপি উঠা অৰণ্যই প্রশ্ন কৰে

এয়াই নেকি সময়ৰ আহ্বান !!

নয়নজ্যোতি দাস's picture

কবিতা :: ল’ৰালি --- নয়নজ্যোতি দাস

আকৌ আহিবিচোন তই
এজাক কিৰিলি
আৰু এজাক পখিলাৰ স’তে ।

ৰ'দৰ পখিলা খেদি
সময়েও ফেঁকুৰি উঠে,
পিছে তোৰ আহৰি নাই ।

সময়তকৈও অভিমানী নে তই ?

তই আহিলে
পখিলাবোৰ ছাঁই হৈ যায় যদি ?
তইটো জানই মোৰ দুহাত ৰ'দেৰে পোৰা ।

তই উভতি আহিবি
আকৌ এবাৰ চুই চাম তোক ।

মোৰ দৰে
ৰ'দৰ জুইত জাহ নাযাবি তই ।

আৰম্ভণি's picture

আই --- মৃদু জোনাক পয়োভৰ

আই ! সৰুতে যে গাইছিলি
সেই নিচুকনি গীততি
শিয়ালী এ নাহিবি ৰাতি
তোৰে কাণ কাটি লগামে বাতি
আকৌ এবাৰ গা চোন
তোৰ নিচুকনিত
কিজানিবা টুপনি যাম....

বাৰী লোৰোকোতে হুলে বিন্ধাত
উৰে ৰাতি যে উচুপিছিলো
তোৰ দুহাতৰ পৰশতেইটো
আৰোগ্য হৈছিলো মই
যৌৱনৰ বলীয়া বানত আজি
বিষাদ পূৰ্ণ মোৰ হৃদয়
বোলাই দে চোন
তোৰ দুহাতৰ পৰশ....

অংকৰ চাৰৰ বেতৰ কোবত
চেনা চেন হৈছিল যে মোৰ দুভৰি
তোৰ মৰমেই দেখোন শুকুৱাইছিল মোৰ ঘা
সময়ৰ প্ৰহাৰত আজি
শৰীৰত মোৰ অজস্ব্ৰ ঘা
আকৌ দে চোন আই
মৰম নামৰ হেই ঔষধকন.....

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা