আলিংগন

ৰঞ্জন ভূঞা's picture

স্বীকাৰোক্তি --- ৰঞ্জন ভূঞা

মন গ'লেই প্ৰেমত পৰিব পাৰোঁ যাৰে তাৰে
চহৰৰ আধুনিক নাৰী নতুবা জাকৈ মৰা ছোৱালীৰ
ৰোৱনী, দাৱনী, নাৱৰীয়াৰ জীয়াৰী, পাহাৰী ৰমণীৰ
নতুবা কোনো বেশ্যাৰ প্ৰেমত পৰিব পাৰোঁ মন গ'লেই ৷

আজন্ম মুক্ত বিহঙ্গ মই,
বাধা দি ৰাখিব নোৱাৰে তেওঁৰ দুচকুৰ অবুজ ভাষাই
আকুল আহ্বান নেওচি গুছি যাব পাৰোঁ
অচিন প্ৰেয়সীৰ মৰমত ওমলিব ৷

তেওঁৰ চকুত নাথাকে মোৰ সুখ
তেওঁৰ ওঁঠত নাথাকে মোৰ ভোক
তেওঁ অপেক্ষা মাথোঁ যুগান্তৰৰ
তেওঁ তপস্যা মাথোঁ জীৱনৰ ৷
যদিও কথা আছিল আজীৱন সংগী হোৱাৰ
মন গ'লেই গুছি যাব পাৰোঁশান্তি বিচাৰি
পাহাৰ ভৈয়াম নেওচি অচিন দেশলৈ ৷

আৰম্ভণি's picture

পৰাজয়ৰ আলিংগন ---- ৰিপুঞ্জয় শৰ্মা

আজি মই পৰাজয়ৰ সৈতে আলিংগন কৰিছো...
পৰাজয়ে মোক আলিংগন কৰি কৈছে, মই তোমাৰ লগৰী,
অৱাঁক চাঁৱনিৰে চাই ৰ'লো মই.......
প্ৰতিটো প্ৰভাতত সজীৱ হৈ উঠা মোৰ আশা বোৰক,
ৰাতিৰ বিষাক্ত সময়ে বিষময় কৰি তোলে.....
পৰাজয়ে পুনৰ কাণে কাণে কয়, মই তোমাৰ লগৰী.....
আকাশত ঢেৰেকণি দিছে, বিজুলী পোহৰেৰে মোৰ ফালে চাইছে,
আৰু মই আকাশক কৈছো, নেকান্দিবা........
হাঁহিৰে মই মোৰ দুখবোৰ লুকুৱাব চেষ্টা কৰিছো, কিন্তু নাই আজি যেন মোৰ অভিনয়ে আভূৱা ভৰিব পৰা নাই..........
ধাৰাসাৰে নামি আহিল বৰষুণ, মোৰ চকুপাণীবোৰ ধুই নিয়াৰ কি অপ্ৰাণ চেষ্টা....

+++++++++++++++++++

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা