চিন্তামূলক কবিতা

চিন্তামূলক কবিতা

জানকী ৰায়'s picture

কবিতা :: নিঃসঙ্গতা --- জানকী ৰায়

সেউজীয়াৰ পাৰত

হেঙুলীয়াবোৰ বুটলি থাকোতে

তুমিয়েইতো আকোঁৱালি লৈছিলা

হিয়া শাঁত পৰা

তোমাৰ কোমল আন্তৰিকতাৰে,

এদিন তুমিয়ে কৈছিলা

জোনাকত উমলি থকাই নহয় জীৱন

এইবোৰ ক্ষন্তেকীয়া

ফুটচাইৰ দৰে,

দূখবোৰ আহিলে বহিব দিয়া

কলিজাতে আসন পাতি

আঁউসীৰ আন্ধাৰকো লোৱা আকোঁৱালি

আমাৰ বাবে অন্যতম এয়া,

কিন্তূ এতিয়া যেন .....

নিসংগতা আৰু মৃত্যু একেই

নিৰব কৰি তুলিছে ই

মোৰ সকলো চেতনা …….. ।।

পংকজ ৰাজ কলিতা's picture

কবিতা :: এডাল মোমৰ ত্যাগ --- পংকজ ৰাজ কলিতা

নিজৰ জীৱন জ্বলাই
আনক পোহৰ বিলোৱা,
অই অভিসপ্ত মোম
কোনেও নুবুজে তোৰ ত্যগৰ মূল্য ।
এনেকৈ জ্বলি জ্বলিয়ে তই
শেষ হ’বি এদিন ,
এয়াই তোৰ কপালৰ লিখন ।

হয়তো এদিন সকলোৱে বুজিব
তোৰ ত্যগৰ মূল্য,
যিদিনা অমাৱস্যাৰ ক’লা আন্ধাৰে
আগুৰি ধৰিব সকলোকে ।
যেতিয়া নাথাকিব জোনৰ পোহৰ
আৰু নাথাকিবি নিজৰ জীৱন জ্বলাই আনৰ জীৱনক পোহৰাবলৈ তই।

মিৰাজ জুলফিক্কাৰ ৰহমান's picture

কবিতা :: প্ৰেম-প্ৰগলভ-প্ৰতাৰণা আৰু অন্যান্য --- মিৰাজ জুলফিক্কাৰ ৰহমান

মই নাজানো প্ৰেমৰ
কিমান গভীৰতাত
মৌনতাই কথা কয়..।
মই নাজানো প্ৰতাৰণা
আৰু বিচ্ছেদৰ যন্ত্ৰণাৰ
অনুভৱ কেনেকুৱা হয়।
মই নাজানো,মই দেখা নাই।

শুনিছো প্ৰেমে হেনো
জীৱনক সুন্দৰ কৰে..।
বাস্তৱত মই তাৰ প্ৰতিফলন
দেখা নাই মই নাজানো।
মই কোনো দেহজ প্ৰেমৰ
কথা কোৱা নাই...
কিম্বা...
আধুনিকতাৰ বাঢ়নী পানীৰ
সোঁতৰ দৰে বাঢ়ি অহা প্ৰেম

চিত্ৰৰঞ্জন নাথ's picture

কবিতা :: আৱেগৰ চকুলোৱে --- চিত্ৰৰঞ্জন নাথ

আৱেগৰ চকুলোৱে ধুৱাই পেলাইছে
এলাগী হৈ পৰি থকা সমাজখনক !

হিংসুক জন্তুবোৰে
খেদি ফুৰিছে
সিহঁতবোৰক
একামোৰত নিশেষ কৰিবলৈ ৷

সিহঁতবোৰে জানে
দুৰ্বলী হ'লেও (??)
ভোক নিৰাময়ৰ বাবে
এয়াই এতিয়া
একমাত্ৰ খাদ্য ৷

হাতে ভৰিয়ে মূৰে
য'তে পাৰে
মাথো কামুৰিছে !

পিছে,
শৰীৰৰ মাংসবোৰ চোন চিঙিব পৰা নাই !
মাংসবোৰ কৰবাত শিলৰ দৰে টান,
কৰবাত ৰবৰৰ দৰে ঢিলা হৈ পৰিছে ৷

আক্ৰমন আৰু আক্ৰমন ৷
পত্যাক্ৰমন কৰাৰ মানসিকতা
তাহানিৰ পৰাই নাছিল
সেই জাতটোৰ ৷

ছানকুমাৰ কলিতা's picture

কবিতা :: অভিসাৰিকা --- ছানকুমাৰ কলিতা

জীৱনৰ সৰ্বস্ব হেৰুওৱা স্বত্তেও
তাইৰ ভাগৰি নপৰে..
ক্ষোভৰ জুই সেমেকি জ্বলে
তাই জানে
সতীত্বৰ মূখাগ্নিধাৰী ফাইভ হানড্ৰেডটতেই হয়তো জড়িত
পেট পো'ৰ সপোন..

পিঠিত চিগাৰেটে পোৰা দাগবোৰৰ যন্ত্ৰনাই
হয়তো হ'ব পাৰে
পেট পো' সফলতাৰ আঁৰৰ কাহিনী..

এমাডিমা ৰজনীৰ নিৰ্জনতা
কাৰ বাবে এই উপবাস !

ষ্ট্ৰীট লাইটৰ গাভৰু বসন ফালি
শীতৰ অমানিশা দূৰ অৰ্গেনৰ পৰা ভাহিঁ আহে..
মানুস্ মানুসেৰ্ জন্যে জীৱন জীৱনেৰ্ জন্যে..
অৰ্বাচীন এপলক তৃপ্তিৰ কামনাত নিত্যনতুন গহীন কন্ঠই তাইৰ ককাঁলৰ ভাজঁত মূৰ্ছা যায়..

প্ৰশান্ত ধোন সোণোৱাল's picture

কবিতা :: উৰণীয় সুখবোৰ --- প্ৰশান্ত ধোন সোণোৱাল

মোৰ পৰা নিয়তিয়ে সুখবোৰ আঁতৰাই নিলে
এখোজ দুখোজ কৰি
সিপাৰৰ কুৰুৱাৰ স’তে মিলাবলৈ !
মইও বাধা দিব নোৱাৰিলোঁ.....

জানিছিলোঁ,
কুৰুৱাই এদিন নহয় এদিন
তোমাতেই সপিব
মোৰ সুখবোৰ |

জানকী ৰায়'s picture

কবিতা :: প্ৰাণটো জীয়াই ৰখাৰ আশাৰে --- জানকী ৰায়

বিচাৰি ফুৰিছো এখনি হিয়া
য'ত আছে দয়াৰে ভৰা
এক বহল গভীৰ সাগৰ
যি গভীৰতাত বিনাদ্বিধাই
হেৰুৱাই পেলাব পাৰি
সকলোবোৰ বিষাদ ।

বিচাৰি ফুৰিছো
এযোৰ নীলাভ চকু,
নাই য'ত হিংসাৰ উন্মাদনা
নাই কোনো স্বাৰ্থ বিৰাজিত
আছে মাথো
অসীম মমতা ভৰা
এক মধুৰ কিৰণ
যি কিৰণে পথ দেখুৱাই
আদিৰ পৰা অনন্তলৈ
পৃথিৱীৰ পৰা আকাশলৈ
সেয়ে আজি তাৰ লগত
কথা পাতিব বিচাৰিছো
আৰু বুটলি ল'ব বিচাৰিছো
অলপ মৰম অলপ দয়া আৰু
অকণ সহানুভূতি
প্ৰাণটো জীয়াই ৰখাৰ আশাৰে ।।

মিৰাজ জুলফিক্কাৰ ৰহমান's picture

কবিতা :: অনুৰোধ --- মিৰাজ জুলফিক্কাৰ ৰহমান

হে, জগতস্ৰতা মোক শান্তি দিয়া নহ'লে অশান্তিৰ অনলত ছায়াচ্ছন্ন হৈ থাকিব লাগিব ।

হে, জগতকৰ্তা মোক অলপ সাহস দিয়া নহ'লে মই সদায় ভয়বিহ্বল হৈ থাকিব লাগিব ।

হে, জগতজননী মোক আশীৰ্বাদ কৰা নহ'লে অভি শাপৰ শাও লৈ লৈ জীয়াই থাকিব লাগিব ।

হে,জগতপিতা মোক মানুহৰ ৰূপত গঢ়াই তোলা নহ'লে মই পাশৱৰ পাশৱিক অত্যাচাৰৰ বলি হৈ থাকিব লাগিব ।

হে, জগতপতি মোক আনন্দ দিয়া নহ'লে মই সদায় দুখৰ সাগৰত ডুবি থাকিব লাগিব ।

হে, জগতপ্ৰাণ অত্যাচাৰিক দমন কৰা নহ'লে সিহঁতে আমাৰ দুৰ্বলতাৰ সুযোগ লৈয়ে থাকিব....।

মিৰাজ জুলফিক্কাৰ ৰহমান's picture

কবিতা :: নিষ্ঠুৰ মানৱ --- মিৰাজ জুলফিক্কাৰ ৰহমান

তহঁত আধুনিক মানৱ নেকি..?
নহয় নহয় তহঁত আধুনিক মানৱ হ'ব নোৱাৰা..।
তহঁতেটো নিৰীহৰ তেজেৰে ফাকু খেলি ভালপোৱা মানৱ..।
নিষ্ঠুৰ মানৱৰ কাল্পনিক চৰিত্ৰবোৰ দেখিলে মন প্ৰাণত অজানা শিঁহৰণে জোকাৰি যায়..।

তহঁত ভদ্ৰতাৰ মুখা পিন্ধা মানৱ নেকি..?
নহয় নহয় তহঁতেটো মানৱতাক দলিয়াই দুহাতত তুলি লোৱা অভদ্ৰতাৰ মুখা পিন্ধা মানৱ ।

তহঁতে দুখীয়াৰ দৰিদ্ৰালয় নেকি..?
নহয় নহয় তহঁতেটো
সভ্য সমাজৰ অনুপযুক্ত অসভ্য, অশিষ্ট, অভব্য মানৱ...।

সমুজ্জ্বল ডেকা's picture

কবিতা :: বেশ্যা --- সমুজ্জ্বল ডেকা

তোৰ উঁকা কপালত

ৰঙা সেন্দুৰৰ ফোঁটটি কিমান জ্বলে ?

নে মুঠেই নজ্বলে

যদি জ্বলে

ই কিয় ঢিমিক-ঢামাক্ জ্বলে ?

তোৰো এখন বহল হৃদয় আছে

তোৰ মনেও পবিত্ৰতাৰে আকাশ চুব খুজে

কিয় নুবুজে ?

তই অসহায় হ'লে সহায় কৰে

প্ৰতিদান বিচাৰি কিমানেই তোক হাৰাশাস্তি কৰে !

ধৰ্ষণ নতুবা অবৈধ আলিংগন

নাথাকে য'ত ভালপোৱাৰ থ'ল

সুগন্ধিত দেহটি কিমানেই কৰে দাম-দৰ

ইমানকৈ শোষণ কৰাৰ পিছতো

সিহঁতৰ মুঠেই নকমে যৌনতাৰ ভোক-জ্বৰ ৷

কিয় ?

তোকহে নষ্ট কলংকিনী বুলি

সমাজখনে কেৱল উপহাস কৰে

কিন্তু তোক নষ্ট কৰাসকলে

Pages

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা