চুটি কবিতা

চুটি কবিতা

সমুজ্জ্বল ডেকা's picture

কবিতা :: স্তৱক (০১) --- সমুজ্জ্বল ডেকা

মুখৰ হাঁহিটিৰে ক'জলা ৰাতিবোৰ পুৱাই

বুকুৰ উচ্চতাত কোনে মূৰ দোৱাই

ৰ'দ সনা বৰষুণৰ টোপালবোৰত চকুলোঁবোৰ লুকাই

নৈখনি নুশুকাই

প্ৰেমৰ বীজ সিঁচি সিঁচি জীৱনে মাথো সপোনৰ ৰঙবোৰ দেখুৱায় ৷

মন্জুষা দেৱী's picture

কবিতা :: ল’ৰালি --- মন্জুষা দেৱী

সপোনৰ বালি ঘৰ

সাজোঁতে সাজোঁতে জীৱনৰ আধা খিনি বয়সে মহটিয়াই নিলে

মনলৈ ফাগুন নমাৰ সময়ত পচোৱাজাকে বুকু উজাৰি নিলে

ল’ৰালিৰ দিনবোৰে মন উন্মনা কৰে

যাব খুজিও সময়ে আগভেটি ধৰে ৷

পোনপটীয়া জীৱন বাটত কিমান খলাবমা

সময় আৰু পৰিস্থিতিয়ে কিমান যে খেলিব নিৰৱ নৱ খেলা ৷

ল’ৰালিৰ মিঠা সুবাস বোৰে মোক বলীয়া কৰে

নিতৌ দলিচা পাৰে নস্টালজীয়াৰ

এক জীয়া সপোনৰ ৷

পুস্পাঞ্জলী শিৱম's picture

কবিতা :: মায়া --- পুস্পাঞ্জলী শিৱম

পাৰ হৈ যোৱা

সময় বোৰ আকুহি

ধুসৰিত সোঁৱৰনিৰ সৈতে,

নিতৌ সহবাস এতিয়া,

চপৰা চপৰিকৈ খহে।

অবুজ আকাংক্ষা ।

বাৰে বাৰে আহে , আৰু

যাবলৈ নিদিয়াৰ

ৰনাংগনত যেন ব্যস্ত।

আত্মপ্ৰজয়েৰে ব্যক্তিগত অনুভব এটি ।

পংকজ ৰাজ কলিতা's picture

কবিতা :: ছবি --- পংকজ ৰাজ কলিতা

মোৰ হৃদয়ৰ মাজত

এখন ছবি আছে

কলিজাৰ তেজৰে আঁকিছো

ছবি খন

চাবলৈ মন গ'লেই

বুকুত হাত থৈ উলিয়াই আনো

সপোন আশা সুখ বিষাদ আঁকিছো ছবিখনত

আৰু এটা সমাধি য’ত

মোৰ প্ৰেমক সমাধিস্থ কৰা হৈছে ।

পংকজ ৰাজ কলিতা's picture

কবিতা :: নিশাৰ চিঞৰ --- পংকজ ৰাজ কলিতা

কুৱঁলী পৰা আন্ধাৰ নিশা
আকাশৰ জোনাকক এটুকুৰা
ক'লা মেঘে ঢাকি ধৰিছে ।

এটা চৰাইৰ কৰুণ চিঞৰ
মই শুনিছিলো
কিজানিবা কিবা এটা
হেৰাই যোৱাৰ বেদনাত
চিঞৰি চিঞৰি কান্দিছে ।

ক'লা মেঘ টুকুৰা আঁতৰাব পৰা
বতাহ এজাক অহা হ’লে
এজাক জোনাকৰ বৰষুণ হোৱা হ’লে
কিজানিবা হেৰাই যোৱা বোৰ
বিচাৰি পালে হেঁতেন !

প্ৰশান্ত ধোন সোণোৱাল's picture

কবিতা :: উৰণীয় সুখবোৰ --- প্ৰশান্ত ধোন সোণোৱাল

মোৰ পৰা নিয়তিয়ে সুখবোৰ আঁতৰাই নিলে
এখোজ দুখোজ কৰি
সিপাৰৰ কুৰুৱাৰ স’তে মিলাবলৈ !
মইও বাধা দিব নোৱাৰিলোঁ.....

জানিছিলোঁ,
কুৰুৱাই এদিন নহয় এদিন
তোমাতেই সপিব
মোৰ সুখবোৰ |

মেহেনাজ সৰকাৰ's picture

কবিতা :: সেউজীয়া নিচা --- মেহেনাজ সৰকাৰ

এপিয়লা মদৰ ৰাগিত
কেইটামান টুকুৰা শব্দৰে
তোমাক আঁকিলো

খৰস্ৰোতা নৈ হৈ
বৈ গ'ল
অনামী সেউজীয়া নিচা ॥

শ্ৰী ৰাজেন দাস's picture

কবিতা :: আঘোণ --- শ্ৰী ৰাজেন দাস

তোক বঁকিয়াইদি শুহুৰিয়াওঁতে

মোৰ জেঠীপতীয়া বিৰিয়া কঁপে

মূৰৰ কাকৈ ফণি গুজা ঘৰটোত

ঠাণ্ডাত জিৰিক জিৰিকৈ সোণগুটিৰ

উজনি-ভাটি

ককাইদেউক ক'বা

বাইটিৰ জোনকাচি জোনজনী

আজি বৰষুণত তিতিল

গোটেই ঘৰটো উকা হ'ল

মোৰ বগাসাঁজজোৰক

তেনেকৈ নাচাবি

মইহে তহঁতক...|

মাহিম ৰয়'s picture

কবিতা :: নষ্ট প্ৰেমিকৰ আৱেগ --- মাহিম ৰয়

এন্ধাৰখিনি ধাৰ কৰি

বগা কাগজত আঁকবাঁক দিলো

দুচকু স্থিৰ কৰি

বহু সময় চালো

নাই ! নষ্ট প্ৰেমিকৰ আৱেগৰ অবিহনে

এফোটাও সৌন্দৰ্য্য নাই

মাহিম ৰয়'s picture

কবিতা :: আশাবাদ --- মাহিম ৰয়

জোনাকে হাঁহি থকাৰ মুহূর্তত

কবি মনে উক দি উঠিল

জোনাকৰ নিবিড় মোহনাত

তোমাৰ হাঁহিৰ নিজৰাৰে

সপ্ন সমুজ্জল

নিৰ্ভেজাল শব্দ মিনাৰ গঢ়িবলে ...

Pages

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা