জীৱন লগৰী

শ্বাহিদুল ইছলাম's picture

কবিতা :: আহিবানে তুমি --- শ্বাহিদুল ইছলাম

আহিবানে তুমি

নৱ বৰ্ষৰ দৰে

মনৰ মৰুদ্যান উৰ্বৰ কৰিবলে,

হৃদয়ক হৃদয় দিবলে ।

বিচাৰি ফুৰো আকাশ বতাহত

সিচিঁবলৈ সুপ্ত মৰম

তেজ ৰঙা তোমাৰ দুটি ওঁঠত,

পাতিম যে কথা হিয়া উজাৰি

গাম মই গীত নদীৰ পাৰত;

ফুৰিম মই অৰঙ-দৰঙ

হিয়াৰ গভীৰ উপত্যকাত

আকিম তোমাক মই

হৃদয় বাকৰিৰ মহা শূণ্যতাত ।

যাঁচিম মৰম ভাষাহীন ভাষাত

উপভোগ কৰিম দুয়ো

ব'হাগৰ কিনকিনীয়া বৰষুণ জাক

দুটি দেহৰ অমিয়া সুবাস ।

আশাৰ বন্তি, সৰগৰ শান্তি

মৰম নিজৰা হৈ

আহিবানে তুমি ?

বিপুল কাকতি's picture

কবিতা :: অস্থিত্বহীন তোমাৰ স্মৃতি --- বিপুল কাকতি

ৰিমিজিমি
মোৰ সপোন উৰে
দুচকুৰ সপোনে পথ হেৰুৱাই
তোমাৰ কাষলে উৰি যায়
মোৰ সপোনৰ ঠিকনা পাই

নিৰিৱিলি পদুলিৰ ৰজনীগন্ধাই
কাহিলি পুৱাত সুবাস হেৰুৱাই
মোৰ সপোনত তোমাৰ
সেমেকা সেমেকা পৰশ পাই

কুৱঁলীৰ কানে কানে
স্মৃতিৰ উচুপনি জানো
শুনা তুমি Rose ???
নিশাৰ আন্ধাৰে
যেতিয়া মোক ৰিনিকিয়াই!!!

জিৰি জিৰি জোনাকী পৰুৱা
তিৰ বিৰ কৰে
তোমাৰ অপেহ্মাত
মোৰ হৃদয়ত ঋতু আহে

হেপাঁহৰ বাগিছাত
সৰা শেৱাঁলী পাহিৰ চিকিমিকি
সেমেকা সেমেকা দুৱৰিৰ দলিচা
কুঁৱলীৰ আচলে ঢাকি

মেহেনাজ সৰকাৰ's picture

কবিতা :: লালকুৰা গাঁৱৰ হালধীয়া ছোৱালীজনী --- মেহেনাজ সৰকাৰ

লালকুৰা গাঁৱৰ সেউজ বননিত
পখিলা হৈ নাচি ফুৰা হালধীয়া ছোৱালীজনী
কুশলে আছানে তুমি
একেই আছেনে তোমাৰ হ্ৰদীয় চকুৰ চাৱনি
দুওঁঠৰ জোনাক জোনাক হাঁহিৰ মোহনা
কাজলসনা চেলাউৰি
সেন্দুৰীয়া ওফন্দা গাল
পছোৱাৰ সৈতে চুপতি মৰা
দীঘলীয়া ক'লা চুলিটাৰি

তুমি হালধীয়া পোছাক পিন্ধানে এতিয়াও
তোমাৰ সৌন্দৰ্য্যত ঈৰ্ষানীয় হৈ
মুখ ভেকাহি ডুবেনে বেলি
পছিমত আকাশত
নাইবা তৰাবোৰে ধৰেনে আগচি
পূৰ্ণ শশীক লালকুৰাৰ সুবাসিত উদ্যানত

হৃষিকেশ দাস's picture

কবিতা :: হিয়া --- হৃষিকেশ দাস

তুমিয়েই মোৰ উশাহ হোৱা

তুমিয়েই মোৰ নিশাহত বোৱা

সিঁৰাই সিঁৰাই বৈ, চেঁচা শোণিত হৈ

তুমি মোৰ হেঁপাহৰ বৰষা হোৱা

জীৱন জীৱনলৈ মৰম সাগৰ হোৱা

বুকুৰ উশাহত গৈ প’লে প’লে জনম লৈ

জোনাকতে উমলাম প্ৰিয়া তোমাক

মৰমৰে নিচুকাম হিয়া তোমাক ...

মেহেনাজ সৰকাৰ's picture

কবিতা :: তোমাৰ আকুল চাৱনিত --- মেহেনাজ সৰকাৰ

কি আছে তোমাৰ আকুল চাৱনিত
শাৰদীয় নিশাৰ
নিয়ৰ সিক্ত দুবুৰিৰ
মিঠা আলিংগন
নে পালতৰা জাহাজ উজনি দেশৰ
মৃদু গতিত বৈ যোৱা সঞ্জীৱনী নৈখন

তোমাৰ দগমগ মুখনি
কবিতাৰ প্ৰাণ কেন্দ্র
জীৱনৰ বাটত আঁউসী আঁতৰোৱা
উজ্জ্বল নক্ষত্ৰ

ভাৱনাৰ ৰথত উঠি
তোমাৰ সৈতে কথা কওঁ
শব্দৰ সৈতে ধেমালি কৰি
অন্যান্য অমিতাভ
তোমাৰ মায়াৱী চাৱনিত আকন্ঠ ডুব যাওঁ

জানকী ৰায়'s picture

কবিতা :: মোৰ প্ৰাণৰ কবিতা --- জানকী ৰায়

বহুদিন হ'ল তোৰ স’তে দেখা হোৱা নাই

তোৰ ভাৱত বিভূৰ হৈ

পৰা নাই পাহৰিব

জীৱনৰ দূখবোধ ,

খৰস্ৰুতা সময়ৰ সোঁতত বাগৰিছে

জীৱনৰ তিতা-মিঠা ক্ষণবোৰ ।

মোৰ প্ৰাণৰ কবিতা

ক'ত জানো তই হেৰাই গলি ?

প্ৰতিটো শব্দৰ মাজত

তোক বিচাৰি মই হাবাথুৰি খাওঁ ,

তই চাগে পাহৰিলি

তোৰ মাজত যে বিচাৰি পাওঁ

জীৱনৰ অস্তিত্ব

জীয়াই থকাৰ হেঁপাহ

সময়ে নিদিয়ে কেউকে ঠাই

দিনবোৰ এনেদৰেই পাৰ হৈ যায়

হৃদয়ত সাঁচ বহুৱাই

তথাপিতো থাকিবি তই

মোৰ জীৱন লগৰী হয়

চিৰদিন চিৰকাল ।।

শেখৰ ভট্ৰাচাৰ্য's picture

তোমাৰ অপেক্ষাত --- শেখৰ ভট্ৰাচাৰ্য্য

আজিও ৰৈ আছো

তোমাৰ অপেক্ষাত.....

কেতিয়া আহিবা তুমি

মোৰ হৃদয়ৰ লগৰী হ'বলৈ…

জীবনে ন-কুঁহিপাত মেলাৰ সময়তে

তুমি আহি মোক দেখুৱাইছিলা

পৃথিৱীৰ ৰূপবোৰ

তোমাৰ হাতত হাত থৈ চুব খুজিছিলো

এই আকাশখন,

খেলিছিলো নীলা আকাশৰ

জোনাকী তৰাৰ লগত,

তোমাৰ বুকুত কাণ থৈ শুনিছিলো

মোবাইলত থকা প্ৰেমৰ গানবোৰ ।

উটি গৈছিলো দুয়ো

পাহাৰীয়া ঝৰ্ণাৰ সোঁতত

কিয় তুমি গুছি গলা

পিন্ধি লৈ বিশ্বাসঘাতকৰ শাৰী,

আহা,উভতি আহা ।

আকৌ এবাৰ তুমি মোৰ

কাষলৈ উভতি আহা,

মই যে এতিয়াওঁ

তোমাৰ sms ৰ

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: কবিতা
শিতান: আমাৰ গাঁও
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা