জোনাক

হৃষিকেশ দাস's picture

কবিতা :: জোনাক ফুলিছে --- হৃষিকেশ দাস

গোলাপৰ পাহি যেন তোমাৰ ওঠৰ হাহিঁত

আজি মৰমে খেলিছে

একণ দুকণ ঠুনুক ঠানাক মোৰ হিয়াত

আজি হেপাহো জাগিছে

মনৰে দলিছাতে আজি প্ৰেমৰে নাচোন

জোনাক ফুলিছে আজি হৈ তোমাৰে আপোন ...

পংকজ ৰাজ কলিতা's picture

কবিতা :: নিশাৰ চিঞৰ --- পংকজ ৰাজ কলিতা

কুৱঁলী পৰা আন্ধাৰ নিশা
আকাশৰ জোনাকক এটুকুৰা
ক'লা মেঘে ঢাকি ধৰিছে ।

এটা চৰাইৰ কৰুণ চিঞৰ
মই শুনিছিলো
কিজানিবা কিবা এটা
হেৰাই যোৱাৰ বেদনাত
চিঞৰি চিঞৰি কান্দিছে ।

ক'লা মেঘ টুকুৰা আঁতৰাব পৰা
বতাহ এজাক অহা হ’লে
এজাক জোনাকৰ বৰষুণ হোৱা হ’লে
কিজানিবা হেৰাই যোৱা বোৰ
বিচাৰি পালে হেঁতেন !

মেহেনাজ সৰকাৰ's picture

কবিতা :: তুমি --- মেহেনাজ সৰকাৰ

এটি দুটি এঘাৰটি তৰাৰ দেশ

নিতৌ বগাওঁ ভালপোৱাৰ জখলাৰে

দুহাত ভৰি বুটলি লওঁ

তোমাৰ নেঘেৰি খোপাত গুজিবলে

জানোচা

ঘূৰণীয়া জোনজনী হৈ তুমি উজলা ।

গোপাল নাথ's picture

কবিতা :: কিয় আহিছিলা --- গোপাল নাথ

কিয় আহিছিলা মোৰ

আন্ধাৰ জীৱনলৈ

এটা জোনাকি পৰুৱা হৈ ।

তুমি হয়তো নাজানা

তোমাৰ পোহৰৰ উত্তাপ কিমান ?

আন্ধাৰ ৰাতি তোমাৰ সেই জিক-মিক

পোহৰত মোৰ জীৱনৰ বাটতো খ’লা-ব’মা

দেখো অ’ নাহিবা মোৰ পিছে পিছে ।

বিপুল কাকতি's picture

কবিতা :: পুৱতি নিশাৰ সপোন --- বিপুল কাকতি

নিশা এজাক বৰষুণৰ
চিনাকি সুৰ
নিজানতা ভংগ কৰি
প্ৰতি টোপালত বাজে
বিষাদৰ সুহুঁৰি

আধা খোলা আধা মোদা
সপোন সপোন দুচকুত মোৰ
মাথোঁ তোমাৰে ছবি

এজাক অচিনাকি পচোৱাই
উৰি আহি মোৰ
সমস্ত শৰীৰ শীতল কৰি
স্মৃতিৰ বা গালে মূখে সানি
উৰুৱাই নিয়ে অতীতৰ
তুমি আধা ৰচা
জীৱন জোনাকীৰ
গীতৰ নগৰীলে

তোমাক বিচাৰি হৃদয় হাহাকাৰ
আপোন আপোন মোৰ
সপোন সপোন দুচকুত
মাথোঁ তোমাৰ ছবি ।

মেহেনাজ সৰকাৰ's picture

কবিতা :: তোমাক লৈ কবিতা নিলিখো --- মেহেনাজ সৰকাৰ

তোমাক লৈ কবিতা লিখিলো বহুতো

জোনাকৰ দলিচাত

বসন্তৰ কুঁহিপাতত

ফাগুনৰ ফাকুগুৰিত

অথবা সজালো তোমাক

পৃথিৱীৰ সমস্ত ৰত্নকণাৰে অলংকৃতা কবিতাৰ গাভৰু পুষ্প পদুম

সৌন্দৰ্য্যৰ মূৰ্ত প্ৰতিমা

নাই ! তোমাৰ মনৰ কোনো পৰিবৰ্তন নহ’ল

শূণ্য ! শূণ্যই

তাক যিমানেই অলংকাৰ পিন্ধোৱা

সি শূণ্যই থাকিব

তোমাক লৈ আৰু কবিতা নিলিখো ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: আমাৰ গাঁও
শিতান: কবিতা
শিতান: গল্প
শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা