প্ৰথম প্ৰেমৰ কবিতা

কবিতা :: তোমাৰ ছলনাৰ বাবে হৈ গ’লো আনৰ লগৰী --- জাহাঙ্গীৰ আলম

দূৰণিৰ পৰা হাতবাউলি

মোক মাতিছা তুমি কিয়

তোমাৰ অপেক্ষাত দিনবোৰ কটাই

আজি মই চিৰদিনৰ বাবে আনৰ হৈ গ’লো ।

মই আৰু উভতি নাহো তোমাৰ জীৱনলৈ

কাৰণ আজি মই আনৰ প্ৰেমত আৱদ্ধ

তোমাৰ বাবে ৰৈ ৰৈ দিনবোৰ কটাইছিলো

তোমাৰ পৰা সঁহাৰি নাপালো বাবেই,

আজি আনৰ লগত ঘৰ সংসাৰ কৰাৰ

এক কঠোৰ সিদ্ধান্ত ল’লো,

তুমি মোক ভূল নুবিজিবা

কাৰণ এনে এৰা-ধৰাৰ মাজত

নিষ্ঠুৰ দিনবোৰ যে পাৰ নহয়

সেয়ে তোমাৰ এৰা-ধৰা প্ৰতিশ্ৰুতি ভংগ কৰি

এক নতুন সুখৰ সন্ধানত,

চিৰদিনৰ বাবে হৈ গ’লো আনৰ লগৰী।

কবিতা :: নীৰৱতা --- দেবীনা বৰশইকীয়া

জীৱনৰ সেই নিষ্ঠুৰ ক্ষণত

তুমি মোক বিচাৰিবা

যেতিয়া জীৱনৰ কোলাহলপ্রিয় সেই মুহূৰ্ত

নাথাকিব তোমাৰ লগত,

নিজানত থাকিব কেৱল

নীৰৱতা নীৰৱতা নীৰৱতা।

সৃষ্টিৰ আশাৰে লঠঙা গছত

দুচকুৰ নির্মালী ঢালিবা

তেতিয়া বাৰু বিচাৰি পাবানে মোক ?

মাথোঁ ৰৈ যাব তোমাৰ স্মৃতিত,

সৌন্দৰ্যময় জীৱনৰ সেই মধুৰ ক্ষণৰ

জিৰাইছিলা য'ত....

মোৰ শীতল কোলাৰ ছাঁত ।

কবিতা :: মৌনতা --- সেৱিকা হাজৰিকা

তুমি এজাক বলিয়া বতাহ ,
যাক স্পৰ্শ কৰিব নোৱাৰো |
এটি গানৰ মিঠা সুৰ ,
চাব নোৱাৰো নয়ন জুৰাই |
এখন ধুনীয়া ছৱি ,
শব্দৰে নোৱাৰো মৰমৰ মালা গাঠিব |

উত্তৰবিহীন বেবেৰিবাং চিন্তা
অশান্ত বিবেকৰ |
এপিয়লা প্ৰেমৰ ৰাগী
মাতাল হৈ কটাব নোৱাৰো উজাগৰি নিশা |
ৰিক্ত হৃদয়ৰ কোনৰ পৰা নিগৰা
তুমি মোৰ এটি বেসুৰা কবিতা |

তুমি মোৰ ছাঁ ,
আতৰাবও নোৱাৰো ,সাবতিবও নোৱাৰো |
মাথো সহচৰ জীৱন বাটৰ ,
লুকা - ভাকু আবেগৰ
এটা মিঠা অনুভূতি মোৰ হৃদয়ৰ |

কবিতা :: তুমি মোৰ নোহোৱা --- নয়নজ্যোতি দাস

নীৰৱতা তাইৰ বিলাস !

নহয়..., নহয়...।

কথাৰ ছন্দেৰে মোৰ হৃদয়ৰ দলিচাত

তাই আল্পনা আঁকে ।

তাই আঁচুফুল হৈ ফুলে

জোনাকী মনৰ ঠিকনা তাই নাজানে ।

জীৱন বিলাসৰ সপোন দেখে ।

উদাস দুচকু কাজলেৰে ঢাকে।

তাইৰ বাবে মই আনমনা সপোন এটি হৈ ৰওঁ

তাই মোৰ নহয়

তথাপি তাইক ভালপাওঁ বুলি কওঁ ।।

কবিতা :: ৰুমালখন --- সীমান্ত বৰদলৈ

কোনোবা এটা উৰুঙা বসন্তত
ৰুমালখন এৰি আহিছিলা
শূণ্য চকীখনত।
ৰুমালখন উৱলি গ’ল
ৰুমালখন হেৰাই গ’ল ।

ৰুমালত লাগি থকা পাৰফিউমৰ গোন্ধটোৱে
মোক প্ৰায়েই লৈ গৈছিল সেই বাগিচাখনলৈ
যাৰ ফুলবোৰে মোক কোনোদিনে উপলুঙা কৰা নাছিল।
বাগিচাখনলৈ গ’লেই ফুলবোৰ জীপাল হৈ উঠে
ফুলবোৰ যেন একো একোখন ৰঙীন ৰুমাল ।

ৰুমালখনৰ অবিহনে পাৰ হৈ গ’ল কেইবাটাও বসন্ত
ৰুমালখন উৱলি গ’ল
ৰুমালখন হেৰাই গ’ল
ৰুমালখনৰ গোন্ধটো নাকত লগা যেন পাঁও
উভতি যাঁও বাগিচাখনলৈ হেৰুৱা বসন্তবোৰক বিচাৰি ।

কবিতা :: মায়া --- হেমেন দাস

আৰু নুসুধিবা ভালপোৱা কি বুলি

জুমিটো চাইছাই বুকুত স্খলিত

কোমল আকাশ,

নাজানো কিয় পলাশ সৰাৰ পৰত

মুদি দিছিলা নয়ন যুগল

হেঁপাহ যাক বিচুৰ্ণ তোমাৰ

চকুৰ পতাত ৷

কবিতা :: নতুন গ্ৰহলৈ --- মেহেনাজ সৰকাৰ

ব’লানা আমি যাওঁগৈ

— ক’লৈ

য’ত প্ৰেমৰ নামত

অপ্ৰেমৰ বিভিষিকা নাথাকিব

য’ত ধনৰ পৰিবৰ্তে

হৃদয়ৰ দামেৰে প্ৰেমৰ দৰ দাম নচলিব

— কিন্তু ক’লৈ

নতুন গ্ৰহলৈ

য’ত মানুহ নামৰ অমানুহবোৰ পৰ্দাপন কৰা নাই

এতিয়াও...

কবিতা :: বিয়লী আকাশৰ স্তব্ধ সময় --- মেহেনাজ সৰকাৰ

বিয়লী আকাশৰ স্তব্ধ সময়
নহয় মাথো এটি কবিতাত
জীৱন জুৰি বৈ যোৱা
স্মৃতিৰ বোকোচাত

বিয়লী আকাশ
মুখামুখি ঘৰৰ দুটি দুৱাৰত
এটিত মই
আনটোত তুমি
কি চাইছিলো তেনেকৈ দুজনে
একান্ত গোপনে

মনালিছাৰ হাঁহিৰ দৰে
তোমাৰ হাঁহি নহ’লেও
হৃদ সাগৰত ঢৌ তোলাত
কোনো গুণে কম নাছিল

মনৰ চোতালত
ৰিমজিম ৰিমজিম সপোনৰ চুমাচুমি
ফাগুনে কঢ়িয়াই
নতুন আশাৰ মৌচুমী

বছৰ বাগৰি গ’ল
সময় সলনি হ’ল
সলনি নহ’ল
বিয়লী আকাশৰ স্তব্ধ সময় ।

কবিতা :: এটি সেউজীয়া প্ৰেমৰ কবিতা --- মেহেনাজ সৰকাৰ

কবিতাৰ জোন মোৰ
নৱবৰ্ষ আহিছে
কি দিম তোমাক ?
এমুঠি সঁচা ভালপোৱাৰ বাহিৰে
এই কবিৰ একোৱেই নাই

হৃদয়টোও বিকি থৈছো
কোনো এটি উপহাৰৰ টোপোলাত
তোমাৰ হাঁহিৰ নিজৰাত
তেন্তে ...

মুঠি মুঠি তৰা বাকি দিম
তোমাৰ স্বৰ্ণ কোমল প্ৰেমৰ বাগিচাত
লহপহকৈ উৰিব
হেজাৰ জোনাকী পৰুৱা
ওঁহো ! সেয়াতো কাল্পনিক

ডিচেম্বৰৰ বাট পথ ভাবি - ভাবিয়েই গ’ল
জানুৱাৰীৰ প্ৰথম পুৱাত
ফুটুকি পখিলাৰ ঠোঁটত
হাঁহিৰ মালিতা
সম্বন্ধৰ দলংয়েদি আহে
এটি সেউজীয়া প্ৰেমৰ কবিতা ॥

কবিতা :: মোৰ ভালপোৱা --- প্ৰশান্ত ধোন সোণোৱাল

মই যাক ভালপাওঁ
তাই হ'ব পাৰে সতী সাবিত্ৰী
অথবা
নহ'ব পাৰে বেশ্যা |

মই যাক ভালপাওঁ
তাই হ'ল এগৰাকী নাৰী

যিয়ে বুজে জীৱন আৰু ভালপোৱাৰ সংজ্ঞা |

তাতকৈ বেছি আৰু মোক কি লাগে ??

তাতকৈ বেছি মই বুজি নাপাওঁ
কাৰণ ,
সিবোৰ মোৰ সাধ্যৰ বাহিৰত,
যিহেতু,
মই
মাগুৰ মাছতকৈ কম জ্ঞানী !!

দেখি শুনি শিকো
পিছে
বুজিব নোৱাৰো |

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,721
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:134
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,828
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,459
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:145