প্ৰেমৰ বেদনা

প্ৰেমৰ বেদনা

কবিতা :: নাৰীৰ মন --- জাহাঙ্গীৰ আলম

বুকুখন যেন দুৰু দুৰু কঁপে
কিবা কওঁ - নকওঁ কৈ থাকে
যেন হৃদয়ৰ অনুভূতিবোৰে
প্ৰতিটো পলে তাইক আমনি কৰে ।

কিবা কওঁ কওঁ কৈ থাকে
লাজুকীয়া মনেৰে মোৰ কাষলৈ আহে
কিবা এষাৰ কওঁ বুলি ওঁঠ দুটি লৰচৰ কৰে
একোয়ে নোকোৱাকৈ মোৰ ওচৰৰ পৰা ল’ৰ মাৰে ।

এইদৰে বহুদিন পাৰ হৈ গ’ল
তাইৰ মনৰ কথা মই বুজিবই নোৱাৰিলো
এতিয়া মই বিপাঙত পৰিছো
কিন্তু নাৰীৰ মন স্কেনিংতো কৰিব নোৱাৰো ।

মোইয়ো ভাৱো অতি নীৰৱে
তাইৰ হৃদয়ৰ আঁৰে আঁৰে
একোছা গোপন কথা লুকাই আছে
যি কথাবোৰ মোক খুলি ব্যাক্ত কৰিব বিছাৰে।

কবিতা :: ভালপোৱাৰ প্ৰত্যাহ্বান --- সমুজ্জ্বল ডেকা

পৰিস্কাৰকৈ ধুই দিবা বুলিয়েই
হিয়াখন মই তোমাক দিব বিচাৰিলোঁ
তুমি দুহাত মেলি নিজৰ বুলি ল'লা ঠিকেই
কিন্তু জানিব পাৰিলোঁ তোমাৰ হিয়াখনেই
আন কাৰোবাৰ ওচৰত বন্ধকত থোৱা আছে
হয়তো তোমাৰ প্ৰেমৰ দোকানখনত ভালপোৱাৰ ব্যৱসায়
মুদ্ৰাৰ বিনিময়ত খুব ভালেই চলে ৷
হ'ব তুমি আৰু স্পষ্টীকৰণ দিব নালাগে
তোমাৰ মিছা ভাবনাবোৰে পুৰণি যান-বাহনৰ ধোঁৱাৰ দৰে
বিষাক্ত গেছবোৰ নিগৰাই মাথো ক'লাৰে বুকু পোৰে ৷

কবিতা :: দুখ আৰু দোষ --- নয়নজ্যোতি দাস

মোৰ দোষ:::
তুমি বিচৰাৰ দৰে মই হ'ব নোৱাৰিলোঁ,
তুমি বেয়া পোৱাবোৰক মই ভালপাবলৈ শিকিলো ।

মোৰ দুখ:::
মই বিচৰাৰ দৰে তুমি হ'ব নোৱাৰিলা,
মই ভালপোৱা বোৰক তুমি ভালপাবলৈ নিশিকিলা ।

এতিয়া....
নিজৰ দুখ আৰু দোষক লৈ সুখী হ’বলৈ শিকিছোঁ ।

কবিতা :: অৱশেষ --- নয়নজ্যোতি দাস

আপোন বতাহ জাক
আহে আৰু উভতি যায়

ভাৱনাৰ সূতাডাল কঁপি কঁপি থৰ লাগে ।

আৰম্ভণি বোৰ শেষ হয়,
আৰু শেষ বোৰ স্বাভিমানী হৈ উভতি আহে

সন্দেহ বোৰ সলনি হয়,
শেষ নহয় ।

তথাপি তোক ভালপাওঁ (সন্দেহ নাই)
তইটো মোৰ জীৱন,
মোৰ স্বাভিমান ।

কবিতা :: ছবি --- পংকজ ৰাজ কলিতা

মোৰ হৃদয়ৰ মাজত

এখন ছবি আছে

কলিজাৰ তেজৰে আঁকিছো

ছবি খন

চাবলৈ মন গ'লেই

বুকুত হাত থৈ উলিয়াই আনো

সপোন আশা সুখ বিষাদ আঁকিছো ছবিখনত

আৰু এটা সমাধি য’ত

মোৰ প্ৰেমক সমাধিস্থ কৰা হৈছে ।

কবিতা :: প্ৰেমৰ অনুভৱ --- মেহেনাজ সৰকাৰ

প্ৰেম নিশ্চয় এনেকুৱাই

উজাগৰী নিশাত সপোনে ডেউকা মেলে

একে একে তিনি হোৱাৰ খেল খেলে

তুমি হীনতাৰ বেদনাত

বৰষা নিগৰে...

কবিতা :: নষ্ট প্ৰেমিকৰ পদ্য - ৩ --- মেহেনাজ সৰকাৰ

বুকুৱেদি বৈ গৈছে প্ৰেমৰ যমুনা

হালধীয়া বেলিৰ

আলো-ছায়াৰ দোমোজাত বহি চোৱা

তাজমহলৰ হৃদ স্পন্দন

নষ্ট প্ৰেমিকৰ নিৰলা পঁজাত

মুঠি মুঠি শাৰী শাৰী জোনাক ...

কবিতা :: নষ্ট কবিতা --- মেহেনাজ সৰকাৰ

মৰহি গৈছে নষ্ট প্ৰেমিকৰ

আৱেগ

অনুভূতি

ভালপোৱা

বুকুৰ দুয়ো পাৰে বাজে

বিষাদ

হতাশা

আমানিশা

চকুলোৰে পৰিপূৰ্ণ নষ্ট কবিতা ।

কবিতা :: লালকুৰা গাঁৱৰ হালধীয়া ছোৱালীজনী --- মেহেনাজ সৰকাৰ

লালকুৰা গাঁৱৰ সেউজ বননিত
পখিলা হৈ নাচি ফুৰা হালধীয়া ছোৱালীজনী
কুশলে আছানে তুমি
একেই আছেনে তোমাৰ হ্ৰদীয় চকুৰ চাৱনি
দুওঁঠৰ জোনাক জোনাক হাঁহিৰ মোহনা
কাজলসনা চেলাউৰি
সেন্দুৰীয়া ওফন্দা গাল
পছোৱাৰ সৈতে চুপতি মৰা
দীঘলীয়া ক'লা চুলিটাৰি

তুমি হালধীয়া পোছাক পিন্ধানে এতিয়াও
তোমাৰ সৌন্দৰ্য্যত ঈৰ্ষানীয় হৈ
মুখ ভেকাহি ডুবেনে বেলি
পছিমত আকাশত
নাইবা তৰাবোৰে ধৰেনে আগচি
পূৰ্ণ শশীক লালকুৰাৰ সুবাসিত উদ্যানত

কবিতা :: কেতিয়া আহিবা --- গোপাল নাথ

আহিবা কেতিয়াবা সেই

ৰাধাচূড়া গছজোপাৰ তললৈ

মোক তোমাৰ গুনগুননি কথা

আৰু বিষাক্ত কথাবোৰ শুনাবলৈ

মোৰ আঁউসী ৰাতিৰ

এটি জোনাকী পৰুৱা হৈ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,774
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,445
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,698
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:868
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:1,223
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,581