প্ৰেমৰ বেদনা

প্ৰেমৰ বেদনা

কবিতা :: উপমা বিচাৰি --- মাহিম ৰয়

তাৰকা খঁচিত নীলা তম্বুটোৰ তলত

মই কবি শুই আছো

আধাডোখৰ জোনটিয়ে খিলখিলাই উঠিল

" তোমাৰো যে কথা

এতিয়া প্ৰেমৰ কাল

চকুৰ পতাত সকলো বসন্ত কাল "

হঠাৎ এনে কি হ’ল যে

শব্দ সাগৰত বুৰ গ’লো মই

তোমাৰ কৃশাঙ্গী শৰীৰৰ উপমা বিচাৰি ...

কবিতা :: প্ৰেমৰ ডায়েৰী --- নয়নজ্যোতি দাস

নিয়ঁৰ সিক্ত এটি জোনাক নিশাৰ
হ’বানে এপাহি ৰজনীগন্ধা !!

মৰমৰ ঢৌ তুলি বৈ যাবা বুকুৱেদি
মৌনতাই বোৱা এখনি নীলা চাদৰ হৈ ।

মোৰ বাবে এটি নিশা
তুমি সাৰে থাকিবানে,

মৰমৰ সোণালী নিজৰা হৈ
বৈ থাকিবানে নিৰৱধি

প্ৰেমৰ জোৱাৰ তুলি ॥

কবিতা :: হালধীয়া হাঁহি --- নয়নজ্যোতি দাস

মোক প্ৰেমত পেলাব নোৱাৰাৰ দুখ
নে মোৰ মনৰ অসুখ ।

মই তোৰ প্ৰেমত পৰা নাছিলো ।
চা, মই হালধীয়া হৈয়ে আছো
হালধীয়া হৈয়ো মই হাঁহি আছো ।

মই নীলাৰ পৰা সেউজীয়া হোৱা নাছিলো ।

তই বেজাৰ নকৰিবি আজাৰ...
বেজাৰ নকৰিবি..।
তোৰটো সপোন এটাকে আছে, এজাৰবুলীয়া....।

মোৰ আছে মাথো এটি হাঁহি , হালধীয়া.....।।

কবিতা :: প্ৰাপ্তি --- শ্ৰী ৰাজেন দাস

তুমি যদি প্ৰাপ্তি

তুমি অপ্ৰাপ্তিও

যিয়ে তোমাক

পিন্ধাব আৰু

সেই দিনাৰ

পৰাই তুমি

শুকাবলৈও

আৰম্ভ কৰিবা

তেতিয়ানো---

ক'ত দেখিবা

প্ৰাপ্তি কি

বা কোন !

কবিতা :: উত্তৰৰ অপেক্ষাত --- শ্বাহিদুল ইছলাম

এটি উত্তৰৰ অপেক্ষাত

ৰৈ আছো মই,

নাহৰৰ নিৰিবিলি ছাঁত

বিচাৰিছো তোমাৰ বতৰা

কলেজৰ প্ৰতিটো দুৱাৰ দলিত,

জোনাকী পৰুৱা জাকৰ মাজত

মাথো এটি উত্তৰৰ অপেক্ষাত,

আৰু ফুৰিলো তোমাক পাবলৈ

কলেজ গেট কিংবা আঁহতৰ তল ।

হেৰা অ' সোণজনী

আছানো লুকাই ক'ত ?

ওলাই আহি লগ দিয়া

এপাহি সুগন্ধি গোলাপ পুষ্প হৈ ।

ভাগৰি পৰিছো মই

মৰীচিকা যেন বিচাৰি তোমাক,

এতিয়াও ৰৈ আছো মই

এটি উত্তৰৰ অপেক্ষাত..... ।

কবিতা :: হিয়াৰ আৰ্তনাদ --- শ্বাহিদুল ইছলাম

কোনেনো শুনিব মোৰ

হিয়াৰ বিননি

সকলোৱে কন্দুৱা গেছ লৈয়ে ব্যস্ত ।

চাই থাকোতেই নিঃশেষ কৰে

কেতিয়াও ভাবিব নোৱাৰা আপোনজনে,

অভেদ্য মোৰ হৃদয়ক

ভেদ কৰেহি উন্মত্ত গৰ্জনেৰে ।

কিয় ?..কিয় বাৰু এনেকুৱা

বাৰে বাৰে মোৰ স’তে ?

তোমাৰ সুশোভিত বাণৰ কম্পনেও

বিদাৰিত কৰে মোৰ হৃদয় কোঠা,

অচল কৰি দিয়ে

নিঃস্ব মোৰ অচিন দেহাটো

বিশ্বাস নামৰ শব্দটোও

যেন আজি সংজ্ঞাহীন

কেৱল তোমাৰ বাবে ।

এন্ধাৰ ৰাতিৰ জোনাকীৰ লগত

তজবজীয়া কম্পিত সুৰত

কিয়নো বাৰে বাৰে বাজে

উপায়হীন মোৰ হিয়াৰ আৰ্তনাদ !!!

কবিতা :: মই তোমাৰ চহৰ এৰি উভটি আহিলো --- ৰিমকি ভাগৱতী

তোমাৰ চহৰ এৰি থৈ

আতৰি আহিছোঁ যিমানেই মই

বুকুৰ ভিতৰতে শুনিছোঁ

হৃদয় মহতিয়াই নিব খোজা এজাক নিৰ্দয় ধুমুহাৰ মাত......

মোৰ দুচকু নিৰ্বিকাৰ ....

কিন্ত্ত কৰ পৰা নাজানোঁ , দুখনি বাউলী নৈ

বাট বিচাৰি বুকুতে কৰিছে হাহাকাৰ ...

মই যেন নিজৰেই ভৰ নিজেই কঢ়িয়াবলৈ অসমৰ্থ আজি,

যদিওবা খালী হাতেৰে আহিছোঁ ,

অহাৰ দিনাও একেই আছিল এই খালী হাত।।।

অৱশ্যে সপোন আছিল অশেষ বুকুৰ মাজত

তোমাৰ চহৰক লৈয়ে দেখা সপোন ,

এৰি আহিলো সেইবোৰ তোমাৰ কাৰেঙৰ

কোনোবা এটি কোণত .......।।

জানিছিলো মই, যে

মই তোমাৰ দৰে নহয় ,

চেপ্তাৰ "মই" --- নবজ্যোতি মিশ্ৰ (চিকু)

কেনেকুৱা চলি আছে
তোমাৰ জীৱন অধ্যায়ন ?

মনত আছেনে
"প্ৰেম" চাবজেক্টৰ
"মই" চেপ্তাৰটো

বৰ জটিল নহ্‌ !
আং বাং মিশ্ৰিত শব্দ,
অলপো ৰস নাই
এক্সুৱেলি বোৰিং ।

সাৰমৰ্ম ??
কি আছে...
কিছুমান প্ৰশ্নৰ ভৰাল,
ওপৰে ওপৰে চালে অৰ্থহীন
গভীৰত সমিধান নাই
কব গলে "নো মোৰেল"......।

ভয় নাই......
সমিধানহীন প্ৰশ্ন নুশুধে
স্কিপ দিচ্‌ চেপ্তাৰ ।

কাজৰী --- বিকিৰণ পাঠক

কাজৰী,
কি বুলিনো তোৰ চকুত চকু থওঁ
তোক এবাৰলৈ বুলি ঘূৰি চাবলৈ মাতিব খুজিও, ধেত্ ...

( কৰনৈ কৰনৈ,
কাপুৰুষৰ দৰে পলাই আহিছো তোৰ কাষলৈ
তোৰ বুকুত মুখ গুজি উচুপো, দেচোন -
দেচোন আঁচল খন,লাজ ঢাকো )

...কাজৰী,
চুলেই জিকাৰ খোৱা কিহবাৰ বতৰা লৈ নাবাজে নেকি বুকুত তোৰ তুহীন বীণাৰ তান ?
মই যে তোৰ সলাজ বুকুৰ আঘোণী পথাৰ উকা কৰি নিয়া বলীয়া বান
সেই যে ৰং চাবলৈ বুলি তোৰ বেণী গাঁঠি খুলি
নাপালো বতৰা ৰঙেই যে দিছিল তোৰ প্ৰেমৰ জপনা মেলি...

কবিতা কবিতা লগা ছোৱালীজনী --- নবজ্যোতি মিশ্ৰ (চিকু)

কবিতা কবিতা লগা ছোৱালীজনী
কবিতা হৈ এ ৰ’ল ।
বেলি লহিওৱা সময়ত
জিলিকি উঠা তাইৰ ৰঙীন
অভিমানী হাঁহিটি
চাও নাচাও কৰা মিঠা চাওনি......

ক্ৰমশ চিনাকী হৈ পৰা গাঁওখনি
নষ্টালজিক আবেলিৰ পলবোৰ
নিঃচিহ্ন হেজাৰ খোজ
"মন যায়,মন যায়......
.......মোৰ ও মন যায়....!"
তেনেকৈয়ে....
নীৰৱতাৰে পৰিসমাপ্তি হল
আৰম্ভণি নোহোৱা এটা স্মৃতি ।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:936
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:231
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:217
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:208
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,459
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,960