প্ৰেমৰ বেদনা

প্ৰেমৰ বেদনা

প্ৰেয়সীৰ অপেক্ষাত --- মৃণালৰাজ কলিতা

যদি তুমি মোক এবাৰ কোৱা

মোৰ হৃদয় বাগিচাখনত

লহ-পহকৈ বাঢ়ি আহিবা

কেইটিমান মৰমৰ গোলাপ কলি,

কুমলিয়া মাটিৰ গুণৰ সৈ’তে উমলিব

হিয়াত মৰমৰ ডলিচা,

পাৰি দিব আল-ফুলকৈ

তোমাৰ সেই লাহি-পাহি খোজকেইটিৰ বাবে ।

যদি তুমি মোক এবাৰ কোৱা

মোৰ মন – সগৰত

অলেখ-অলেখ হেঁপাহৰ ঢৌ উঠিব

আৰু ভাগৰুৱা কৰিব সেই

সাগৰোখনৰ পিতৃস্বৰূপ অৱবাহিকাবোৰক ।

হেজাৰ হেজাৰ বছৰ জুৰি

নিজৰ দেহৰ অংগক নাইকিয়া কৰি

নৈখনক ৰক্ষা কৰি অহা অৱবাহিকাবোৰক ।

যদি তুমি মোক এবাৰ কোৱা

আকাশৰ নীৰবতাৰ লগত সম্পৰ্ক

সৃষ্টি কৰি অহা তৰাবোৰ

জীৱনৰ তৃষ্ণা --- মৃণালৰাজ কলিতা

পোহৰ বিচাৰি যাওঁ
সুবিশাল আকাশত
পাওঁ মাথো এন্ধাৰৰ খোলা ।
সেই খোলাতে মই
বিচাৰো অকণ পোহৰ
জগতৰ মায়াৱী পুৱা ।

পমিটিয়ে গান গায়,
সুৰে সুৰে বিচাৰি পায়
মুকলি আকাশৰ হিয়া ।
সপোনতো বিচাৰো
আৰু দিথকতো
আজীৱন পোহৰৰ ৰেখা ।

মায়াময় জগততো যেন
পোহৰৰ সুৰুঙাতো
আছে এন্ধাৰৰ ছাঁয়া ।
সাঁচতিয়া আশাবোৰ লৈ
ভগৰি পৰিছো,
নাই নাই জীৱনৰে সেই তৃষ্ণা ।।

আপোন আপোন সপোন এটি --- নবজ্যোতি মিশ্ৰ (চিকু)

আপোন আপোন সপোন এটি

দুচকুত জিলমিল টোপনি

হৃদয়ত বাজি আছে

প্ৰণয়ৰ এছাটি সুৰীয়া বাহী

হিয়াই হিয়াই গোপনে জগাই

নিলাজি সুগন্ধি

উষ্ম যৌৱনৰ

উতনুৱা ভাৱনা

ৰিনিকি ৰিনিকি

সুৰৰ ৰাগি

দিয়াহি এধানি মৰমৰ বুলনি

আপোন আপোন সপোন এটি.........

"পৰাশৰ" অনুভৱৰ শব্দ --- নবজ্যোতি মিশ্ৰ (চিকু)

উজাগৰী নিশা
শংকিত ভাৱত
উচ্ছাৰিত হয় "পৰাশৰ",
হৃদয়ৰ এক নিবৃত কোনৰ পৰা !
ভাৱৰ বিনিময় কৰিব নোৱাৰি
উচুপি উঠে কলিজা !
ডাষ্টবিনত পেলাই থোৱা বাৰ্তাকেইটা
হ'ব পাৰে ইলেকট্ৰনিক
নেটৱৰ্কিং দুনিয়াৰ বাবে হ’ব পাৰে
সামান্য....

তথাপি......
সময় পালে খুলি চাবা
ডাষ্টবিন বুলি ভবা ইনবক্সটো !
ইলেকট্ৰনিক কলমৰ শব্দবোৰত
হয়তো বিচাৰি পাব পাৰা
সঁচা অনুভৱৰ
নীলা চিঞাহীৰ গোন্ধ...!!

মৰমৰ এটি চুমা --- পলাশ প্ৰান্তিক

তুমি মোলৈ ফোন নকৰিবা
মন গ’লে চিঠি এখন লিখিবা
চিঠিৰ খামত পঠিয়াবা
আচুঁ সূতা গামোচা
কেতেকী চৰাইৰ মাত
উষ্ণ স্তনৰ সুখৰ অনুভূতি

তোমাৰ চিঠি পালে মইয়ো লিখিম
মৰমৰ –
মন ফাগুণত প্ৰথম মেঘৰ মাদল বাজিছে
ৰঙা মদাৰৰ ডালত কলিজা ৰঙা কৰি
নিৰস পথাৰখন হৈ পৰিছে
হেঁপাহৰ পালতৰা নাও

তুমি চাগে মোৰ চিঠিখন পালে
পছোৱা বতাহ এচাতি হৈ আহিবা
মইয়ো তোমাৰ অপেক্ষাত
খিৰিকীখুলি ৰৈ থাকিম
উৰে ৰাতি গোলাপৰ বাগিচা এখন
বুকুত সাৱতি আমি দুয়ো শুই থাকিম
মন গ’লে এপাহ এপাহকৈ খুলিম
ৰজনীগন্ধা ফুলৰ পাহি

ময়ুৰী --- দলিল আহমেদ

ময়ুৰী, ময়ুৰী
তুমি মোৰ মন ময়ুৰী,
চঞ্চলা তুমি গৈ আছা এক বিৰাম্ হীন গতিৰে
সকলোৰে মন তন হৰি,
তুমি যে মোৰ মন ময়ুৰী ৷

সংগোপনে আহি থিতাপি ললা
মোৰ ভৰা যৌৱনত,
হৃদয়ৰ চুকত ভৰাই থলো
নগৈ পিছলি জীৱনত ৷

জীৱনৰ পুন্য কক্ষত ঘুৰি,
বহুদিন খাই হাবাথুৰি,
শূন্য মন পূৰ্ণ কৰি
মই বিচাৰি ফুৰা
তুমি যে মোৰ মন ময়ুৰী ৷

ময়ুৰী, ময়ুৰী কম্পিত নকৰি
বিৰামহীন গতিত স্থান দিয়া যদি-
মই হম শংকাহীন ভাবে জীৱনৰ লগৰী
তুমিয়েই যে মোৰ মন ময়ুৰী ৷

তোমালৈ --- নবজ্যোতি মিশ্ৰ (চিকু)

শব্দবোৰ স্থবিৰ হয় কেতিয়াবা
ভাষা বিচাৰি !
নিৰৱ হৈ ৰও...
বুজাব নোৱাৰি
কিমান স্পৃহা তোমালৈ !
কি কৰিবা...
মনটোৱে যে অবুজন...!

তৰাফুলীয়া সপোনত
এছাটি জোনাক নামিছে,
অভিমানৰ কলীয়া ডাৱৰ
নচটিয়াবাচোন...!
জোনাক হেৰাই
বিৰহৰ বৰষুন বিচৰা নাই....!!

হৃদয়ৰ হাবিয়াস --- মৃণালৰাজ কলিতা

হৃদয়ৰ হাবিয়াস
পৰ্ব্বতৰ শিখৰ
দূৰণীৰ মনোমহা ছবি,
সেমেকা ওঠত
জিলিকি উঠে
সপোন কাজলনৰঙী ।।

উজাগৰি ৰাতিৰ
স্নিগ্ধ সপোন
জোৱাৰৰ অতব্য ধবনি,
আলফুলীয়া দুহাত
বিলয়ৰ হেঁপাহ
ব্যাকুল হৃদয়-বাণী ।।

ওখৰা-মখৰা
কাঁইটীয়া বাট
খোজে প্রতি অসহায়ী,
পথভ্রষ্ট্য পথিক
সংগীবিহীন চগা
ব্যৰ্থ মন-অনুৰাগী ।।

প্রচন্দ ধুমুহা
নিঃসংগ আকাশ
ল’বানে জোনৰ ওৰণি,
একাজলি মৰমৰ
একাজলি চেনেহৰ
মাথোন তুমিয়েই শুভাকাংশী ।।

উজ্জ্বল গুচি এন্ধাৰ হ’ল --- উজ্জ্বল শৰ্মা

চিনি পাইছানে মোক ?
সেই যে ক্ষীণকৈ লাজকুৰীয়া ল’ৰাতো,
প্রতিতো কথাতে বেঙাৰ দৰে হাঁহি থকা
সেই যে অকৰাতো ।
অ’, মই সেই অকৰাতোৱেই কৈছো ।

এদিন এই বেঙাতোৰেই প্রেমত পৰিছিলা,
লাজকুৰীয়া হাঁহিটিতে ভোল গৈছিলা,
মোৰ অকৰামিবোৰতে প্ৰাণ খুলি হাঁহিছিলা ।
পিছত কি হ’ল ?
যে লাহে লাহে মোক সলনি কৰিব ধৰিলা ?

পৰিবৰ্তনৰ বতাহ এনেকৈ লাগিল যে,
হাঁহিত লাজ গুচি কপটতাৰ প্রতিফলন হ’ল,
অকৰা ল'ৰাতো লাহে লাহে চালাক হ’ল,
প্রিয় ৰঙটিও এতিয়া বগাৰ ঠাইত
ক'লালৈ সলনি হ’ল ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:231
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:936
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,459
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,960
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:217
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:208