বিষাদৰ কবিতা

কবিতা :: নালাগে --- জাহাঙ্গীৰ আলম

নালাগে তোমাৰ মৰম
নালাগে তোমাৰ প্ৰেৰণা
তুমি বিহীন এই জীৱন
অকলশৰেই মই পাৰ কৰিম ৷

নালাগে তোমাৰ মিচিকিয়া হাঁহি
নালাগে তোমাৰ উষ্ম বুকুৰ পৰশ
নালাগে তোমাৰ সঁহাৰি
জীৱনৰ যাত্ৰাটো মই অকলেই পাৰ কৰিম ৷

নালাগে তোমাৰ মিছা প্ৰতিশ্ৰুতি
নালাগে তোমাৰ উকা বুকুৰ আলিংগন
নিজেই নিজকে সাৱটি ধৰি
নীৰৱে জীৱনটো পাৰ কৰিম ৷

তোমাৰ ছলনাত বিতৃষ্ণা হৈ
অকলশৰেই জীয়াই থকাৰ
এক কঠোৰ সিদ্ধান্ত ললোঁ
কাৰণ তুমিযে ছলনাময়ী ৷

কবিতা :: যন্ত্ৰণা --- ধীৰাজ কলিতা

যন্ত্ৰণাই হেচামাৰি ধৰা বুকুখনত
তোৰ অকণমান সহাঁৰিয়ে
সাহস দিছিল বাস্তবৰ লগত
একেলগে খোজ দিবলৈ ।
কিন্তু.....

সেই হাঁহি মুখৰ উৎফুল্লিত বাসনাক
আজুৰি কাঢ়ি নিলে নিষ্ঠুৰ নিয়তিয়ে

সঁচাই সময় বৰ নিষ্ঠুৰ....

বিশেষ একোকে দেখোন বিচৰা নাছিলো তোৰ পৰা
মাত্ৰ বিচাৰিছিলো এবুকু সঁচা মৰম
আৰু মোৰ বাবে তোৰ কিছু সময়......
কিন্তু মোৰ উকা কপালত সেইয়া যেন এক
কাল্পনিক সপোন হৈ ৰ’ল

কবিতা :: নিসংগতা --- মহিদুল ইছলাম বুলবুল

বলিয়া নকৰিবি ফাগুণ

এনেই বুকুত জুই।

আকাশৰ পৰা পৃথিৱী বিচাৰি

পছোৱাই নাথাকে শুই।

তোমাৰ দুচকুত মোৰ ছবি

মোৰ দুচকুত তোমাৰ।

বুকুৱেদি শালিব বিৰহৰ শলখা

কৰেনো অচিনা কমাৰ।

হেঁপাহৰ বাগিচাত

সপোনবোৰ ফুলে

প্ৰেমৰ পখিটি আজি

সপোন হৈ উমলে।

সেইবাবেই কৈছো

নাহিবি ফাগুন

বুকুৰ জুইয়ে আজিও দহে।

কবিতা :: নিষ্ঠুৰ প্ৰিয়তমা --- জাহাঙ্গীৰ আলম

ভবা নাছিলো কাহানিও মই
তুমি যে পেলাই থৈ যাবা
অকলে মোক অথাই সাগৰত ৷

এতিয়া আছো মই অকলে
এটি নিজান দ্বীপৰ মাজত
লগত আছে মাথোঁ মোৰ
তোমাৰ স্মৃতিৰ চাদৰখন ৷

ইমান নিষ্ঠুৰ হ'লা তুমি কেনেকৈ
ভবা নাছিলো কাহানিও মই
ভাবিচানে এবাৰ তুমি
তোমাৰ অবিহনে থাকিম কেনেকৈ ?

তুমি দিয়া গীতৰ কলিবোৰ
বুকুৰ মাজত বুলাই লৈ
অনুভৱ কৰি আছো মই
শত শত মুকুতাৰ স্পশ’ ৷

কবিতা :: পৰিচয় --- বিক্ৰম কলিতা

আজি হাহাকাৰ

মই মোৰ পৰিচয় বিচাৰি

হিংসা-সন্ত্ৰাসেৰে জৰ্জৰিত

ঠাইখনত মোৰেই বা পৰিচয় কি !

বিকৃত মানসিকতাত

কলুষিত আজি মই

কাণ পাতিলেই শুনো মই

ধর্ষণকাৰীৰ বিজয় উল্লাস ।

সিহঁতবোৰৰ উন্মাদনাত

পাহৰি যাওঁ মই মোৰ পৰিচয় ।

সাৰি যোৱা নাই মাতৃ, ভগ্নী, জিয়ৰী

ধিক্কাৰ সেই জাতি

আজি দেখো নিৰাপদ নহয় অন্তসত্তা নাৰী ।

ক'ত দিওঁ মই মোৰ পৰিচয়

নে সেইসকল কুলঙ্গাৰৰ মাজত!

বচাব পাৰিছো জানো মই

সেইসকল নাৰীক !!

যাৰ ঔৰষতে জনম মোৰ ।

নির্লজ-নিৰ্লিপ্ত ভাবে

বিচৰণ কৰিছে সিহঁতবোৰে,

কবিতা :: প্ৰতিবিম্ব --- নবীন বৰদলৈ

যেতিয়া চাইবেৰিয়াৰ চৰাইজনীয়ে
হুকহুকাই কান্দে ,
যেতিয়া ইজৰাইলৰ
এজাক নিষ্পাপ শিশুয়ে কান্দে ,
যেতিয়া ব্ৰাজিলৰ অন্ধগলিৰ
প্ৰতিগৰাকী বেশ্যাই ,
কান্দো বুলি কান্দিব নোৱাৰে
তেতিয়া বাৰু তোমাৰ
চকুপানী ওলায়নে ??
নিশ্চয় নোলায় !
ওলাবই বা কিয় ,
কাৰণ
তুমি হ'লা এইখন যান্ত্ৰিক পৃথিৱীৰ
যন্ত্ৰবোৰৰ একো একোটা বুটাম ।‌
কেতিয়াবা এনে লাগে
তুমি যেন
বুটাম টিপিলেহে - কান্দিবা ।‌

কবিতা :: দুখ আৰু দোষ --- নয়নজ্যোতি দাস

মোৰ দোষ:::
তুমি বিচৰাৰ দৰে মই হ'ব নোৱাৰিলোঁ,
তুমি বেয়া পোৱাবোৰক মই ভালপাবলৈ শিকিলো ।

মোৰ দুখ:::
মই বিচৰাৰ দৰে তুমি হ'ব নোৱাৰিলা,
মই ভালপোৱা বোৰক তুমি ভালপাবলৈ নিশিকিলা ।

এতিয়া....
নিজৰ দুখ আৰু দোষক লৈ সুখী হ’বলৈ শিকিছোঁ ।

কবিতা :: অৱশেষ --- নয়নজ্যোতি দাস

আপোন বতাহ জাক
আহে আৰু উভতি যায়

ভাৱনাৰ সূতাডাল কঁপি কঁপি থৰ লাগে ।

আৰম্ভণি বোৰ শেষ হয়,
আৰু শেষ বোৰ স্বাভিমানী হৈ উভতি আহে

সন্দেহ বোৰ সলনি হয়,
শেষ নহয় ।

তথাপি তোক ভালপাওঁ (সন্দেহ নাই)
তইটো মোৰ জীৱন,
মোৰ স্বাভিমান ।

কবিতা :: নিঃসঙ্গতা --- জানকী ৰায়

সেউজীয়াৰ পাৰত

হেঙুলীয়াবোৰ বুটলি থাকোতে

তুমিয়েইতো আকোঁৱালি লৈছিলা

হিয়া শাঁত পৰা

তোমাৰ কোমল আন্তৰিকতাৰে,

এদিন তুমিয়ে কৈছিলা

জোনাকত উমলি থকাই নহয় জীৱন

এইবোৰ ক্ষন্তেকীয়া

ফুটচাইৰ দৰে,

দূখবোৰ আহিলে বহিব দিয়া

কলিজাতে আসন পাতি

আঁউসীৰ আন্ধাৰকো লোৱা আকোঁৱালি

আমাৰ বাবে অন্যতম এয়া,

কিন্তূ এতিয়া যেন .....

নিসংগতা আৰু মৃত্যু একেই

নিৰব কৰি তুলিছে ই

মোৰ সকলো চেতনা …….. ।।

কবিতা :: নিসংগ মোৰ জীৱনটো মৰিশালি --- বিষ্ণু বড়া

স্মৃতিৰ চিতাত জ্বলাই দিয়া নহ’ল
তুমি আৰু মই অঁকা ছবিখন
কাৰণ মই ভাল নাপাওঁ মৰিশালি
ভাল নাপাওঁ ধোঁৱাই আৱৰা আকাশ
বিচাৰিছোঁ মাথোঁ প্ৰাণমুক্তিৰ বিচনা

জ্বলাই দিয়া নহ’ল
মোৰ অতীতৰ সেউজীয়া ৰং
এতিয়া সেউজীয়াবিহীন জয়াল হৃদয়ৰ একোণত
প্ৰেতাত্মাৰ উদ্মাদ নৃত্যৰ জুণুক জুণুক নুপুৰৰ ধ্বনি ,
মই এতিয়া প্ৰেমিক চিৰ নিদ্ৰাৰ
নিসংগ মোৰ জীৱনটো মৰিশালি .....।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:134
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,721
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:145
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,616
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,703