মই তোমাৰ লগৰী

মেহেনাজ সৰকাৰ's picture

কবিতা :: এটি সেউজীয়া প্ৰেমৰ কবিতা --- মেহেনাজ সৰকাৰ

কবিতাৰ জোন মোৰ
নৱবৰ্ষ আহিছে
কি দিম তোমাক ?
এমুঠি সঁচা ভালপোৱাৰ বাহিৰে
এই কবিৰ একোৱেই নাই

হৃদয়টোও বিকি থৈছো
কোনো এটি উপহাৰৰ টোপোলাত
তোমাৰ হাঁহিৰ নিজৰাত
তেন্তে ...

মুঠি মুঠি তৰা বাকি দিম
তোমাৰ স্বৰ্ণ কোমল প্ৰেমৰ বাগিচাত
লহপহকৈ উৰিব
হেজাৰ জোনাকী পৰুৱা
ওঁহো ! সেয়াতো কাল্পনিক

ডিচেম্বৰৰ বাট পথ ভাবি - ভাবিয়েই গ’ল
জানুৱাৰীৰ প্ৰথম পুৱাত
ফুটুকি পখিলাৰ ঠোঁটত
হাঁহিৰ মালিতা
সম্বন্ধৰ দলংয়েদি আহে
এটি সেউজীয়া প্ৰেমৰ কবিতা ॥

মেহেনাজ সৰকাৰ's picture

কবিতা :: আকৌ এবাৰ প্ৰেমত পৰিব'লে মন গৈছে --- মেহেনাজ সৰকাৰ

আকৌ এবাৰ তোমাৰ প্ৰেমত পৰিব'লে মন গৈছে
অন্ততঃ বিগত দিনৰ ভুলবোৰ শুধৰাব’লে
কেনেকৈ ক’ম
কোন তুমি মোৰ বাবে
হয়তো বুজাব পৰা সাৰ্থকতা
মোৰ ওচৰত সীমাবদ্ধ
কিন্তু
মাঁথো এবাৰ কোৱা
কি কৰিব লাগিব
তোমাৰ ভালপোৱাৰ বাবে
প্ৰয়োজন হ’লে আঁজুৰি আনিম
পৃথিৱীৰ সমস্ত সৌন্দৰ্য্যতা
মাঁথো আত্ম হত্যা কৰিবলে ন’কবা
বিগত দিনৰ ভুলবোৰ শুধৰাই
আহা আমি আকৌ উপভোগ কৰো
বসন্তৰ সজীৱ দৃশ্য
কোনো এটি নিৰিবিলি সন্ধিয়াত
তোমাৰ পোহৰে সাৰপাই উঠা
এটি নতুন দিনৰ
অথবা
ফাগুণী পছোৱত আহা আমি আকৌ উৰুৱাই দিওঁ

আৰম্ভণি's picture

পৰাজয়ৰ আলিংগন ---- ৰিপুঞ্জয় শৰ্মা

আজি মই পৰাজয়ৰ সৈতে আলিংগন কৰিছো...
পৰাজয়ে মোক আলিংগন কৰি কৈছে, মই তোমাৰ লগৰী,
অৱাঁক চাঁৱনিৰে চাই ৰ'লো মই.......
প্ৰতিটো প্ৰভাতত সজীৱ হৈ উঠা মোৰ আশা বোৰক,
ৰাতিৰ বিষাক্ত সময়ে বিষময় কৰি তোলে.....
পৰাজয়ে পুনৰ কাণে কাণে কয়, মই তোমাৰ লগৰী.....
আকাশত ঢেৰেকণি দিছে, বিজুলী পোহৰেৰে মোৰ ফালে চাইছে,
আৰু মই আকাশক কৈছো, নেকান্দিবা........
হাঁহিৰে মই মোৰ দুখবোৰ লুকুৱাব চেষ্টা কৰিছো, কিন্তু নাই আজি যেন মোৰ অভিনয়ে আভূৱা ভৰিব পৰা নাই..........
ধাৰাসাৰে নামি আহিল বৰষুণ, মোৰ চকুপাণীবোৰ ধুই নিয়াৰ কি অপ্ৰাণ চেষ্টা....

+++++++++++++++++++

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা