মৰমৰ কবিতা

মৰমৰ কবিতা

কবিতা :: যন্ত্ৰণা --- ধীৰাজ কলিতা

যন্ত্ৰণাই হেচামাৰি ধৰা বুকুখনত
তোৰ অকণমান সহাঁৰিয়ে
সাহস দিছিল বাস্তবৰ লগত
একেলগে খোজ দিবলৈ ।
কিন্তু.....

সেই হাঁহি মুখৰ উৎফুল্লিত বাসনাক
আজুৰি কাঢ়ি নিলে নিষ্ঠুৰ নিয়তিয়ে

সঁচাই সময় বৰ নিষ্ঠুৰ....

বিশেষ একোকে দেখোন বিচৰা নাছিলো তোৰ পৰা
মাত্ৰ বিচাৰিছিলো এবুকু সঁচা মৰম
আৰু মোৰ বাবে তোৰ কিছু সময়......
কিন্তু মোৰ উকা কপালত সেইয়া যেন এক
কাল্পনিক সপোন হৈ ৰ’ল

কবিতা :: মৰমৰ পাহিবোৰ যে মৰহি গ'ল --- সোণমণি গোহাঁই

তেওঁৰ স'তে মোৰ দূৰত্ব...

বহুত নাছিল, একেটা কোঠাৰ দুটা চুক ।

তথাপিও...

অতিক্ৰম কৰাৰ সাহস যে কাৰো নহ'ল।

মানুহ কেনেকৈ ইমান নিৰ্বিকাৰ হ'ব পাৰে ???

মই...

আগত মই আছিলোঁ

ইপাহ সিপাহ ফুলত উৰি ফুৰা

এজনী চঞ্চল পখিলা,

আৰু এতিয়া ?

কাৰাবন্দী নিৰৱতাৰ আৱৰ্তত,

তেওঁ যে নিৰৱ!

আচলতে তেওঁ নিৰৱ নাছিল,

আছিল নিবোকা ।

তেওঁ নিবোকা হোৱাৰ বাবেই

মৰহি গৈছিল মোৰ-তেওঁৰ আৰু

আমাৰ ঘৰদুখনৰ জীৱন ।

অতীতৰ সপোনত তেওঁ তেতিয়াও মগ্ন আছিল

অথচ সমাজৰ সাক্ষীত আছিলোঁ

মই তেওঁৰ বৰ্তমান ।

কবিতা :: জীৱনৰ বাটত --- মহিদুল ইছলাম বুলবুল

সপোন সৰা বাটৰ ধূলিত
তোমাক পোৱাৰ অযুত সপোন....

হেঁপাহ তোমাৰ সৈতে জগত ঘুৰাৰ
সপোন সাৰ্থকৰ অপেক্ষাত
ৰৈ আছোঁ
কেৱল ৰৈ আছোঁ..
আহিব এদিন সময়
য’ত সময় হাৰ মানি আমাক ক’ব
যোৱা
এতিয়া তোমালোকে
নিজৰ মৰ্জিত জীৱন কটোৱা...!

তেতিয়া বুজিম যে
জীৱনটো সাৰ্থক হ’ল ।

কবিতা :: তুমি আহিছিলা --- সুমন দত্ত

তুমি আহিছিলা
মোৰ সপোনত
যেতিয়া শেৱালি ফুলি
তল সৰিছিল…

তুমি আহিছিলা
অতি গোপনে গুজি দিছিলা
প্ৰেমৰ এটি বীজ
মোৰ উকা হৃদয়ৰ চোতাল খনত…

আহিছিলা তুমি
কুঁৱলিৰ ফাঁকে ফাঁকে
আনিছিলা তোমাৰ
সেমেকা চুলিৰ মাদকতা..

আৰু মই কেৱল
তধা লাগি চাই ৰ’লো
শৰৎৰ চন্দ্ৰকো পিছপেলোৱা
তোমাৰ অতুলনীয়তাক…

তুমি আহিছিলা
এজন চিত্ৰকৰৰ
তুলা চালনীৰ যেন
অমৰ সৃষ্টিহৈ…
তুমি আহিছিলা
হৃদয়ৰ প্ৰতিতো ভাজত
তোমাৰ নামটি
লিখিবলৈ…

কবিতা :: ৰুমালখন --- সীমান্ত বৰদলৈ

কোনোবা এটা উৰুঙা বসন্তত
ৰুমালখন এৰি আহিছিলা
শূণ্য চকীখনত।
ৰুমালখন উৱলি গ’ল
ৰুমালখন হেৰাই গ’ল ।

ৰুমালত লাগি থকা পাৰফিউমৰ গোন্ধটোৱে
মোক প্ৰায়েই লৈ গৈছিল সেই বাগিচাখনলৈ
যাৰ ফুলবোৰে মোক কোনোদিনে উপলুঙা কৰা নাছিল।
বাগিচাখনলৈ গ’লেই ফুলবোৰ জীপাল হৈ উঠে
ফুলবোৰ যেন একো একোখন ৰঙীন ৰুমাল ।

ৰুমালখনৰ অবিহনে পাৰ হৈ গ’ল কেইবাটাও বসন্ত
ৰুমালখন উৱলি গ’ল
ৰুমালখন হেৰাই গ’ল
ৰুমালখনৰ গোন্ধটো নাকত লগা যেন পাঁও
উভতি যাঁও বাগিচাখনলৈ হেৰুৱা বসন্তবোৰক বিচাৰি ।

কবিতা :: বেলিৰ কোঁৱৰ --- পুস্পাঞ্জলী শিৱম

সন্ধিয়াৰ মুনিচুনি পৰত

বেলিৰ কোঁৱৰ

ভাগৰত ধলি ...

বুকুত সাৱতি সন্ধ্যাৰানীক

পছিমত দুবিল ।

হেপাহৰ সপোনক সামৰি ।

আজীৱন ;

খুলিব নোৱৰাকৈ

প্ৰেমৰ গাথি'

আৰু, দুয়ো দুয়োৰে

নৱনৰস হিয়াত, উমলিব নিতৌ

প্ৰতিশ্ৰুতিৰে,

দুয়ো দুয়োকে ।

কবিতা :: প্ৰেমৰ ৰহণ --- হৃষিকেশ দাস

এমুঠি প্ৰেমৰ ৰহণ সানিব দিয়া

তোমাৰ উকা প্ৰাণত

এছাটি শীতল ছাঁ হৈ ৰৱলে দিয়া

চিৰদিন তোমাৰেই কাষত

এপাহ হেপাহঁৰ গোলাপ হৈ ফুলিব দিয়া

চিৰকাল তোমাৰেই ওঠত

এজাক প্ৰেৰণাৰ বৃষ্টি হৈ বোৱাব দিয়া

তোমাৰ শুকান খৰাং মনত ...

কবিতা :: অনুভৱৰ দলিচা --- মিৰাজ জুলফিক্কাৰ ৰহমান

ৰিনিকি ৰিনিকি মনত পৰে
শীতৰ সেমেকা ৰ'দ কাঁচলিত বহি
বহু কথায়ে পাতিছিলো মনৰ
অনুভৱৰ দলিচাত যেন আজিও সেইবোৰে উচুপি উঠে।

পুৱতি প্ৰভাতৰ নতুনৰ ৰ'দালিত
বিচাৰি পাওঁ
মোৰ স্বপ্নময় অনুভৱৰ শিৰে শিৰে
বৈ থকা বৈতৰণীৰ কুলু কুলু
শব্দৰ নিনাদ ।

মোৰ অনুভৱৰ অগোচৰে নিৰুপম সময়বোৰে গতিশীলতাৰ ক্ষিপ্ৰ গতিৰে আগুৱাই গৈ থাকিল
তেজৰঙা বেলিৰ ভটীয়নি সোঁতৰ দৰে ।

অনুভৱৰ দলিচাত স্নিগ্ধ জোনাকৰ কিৰণত শীতৰ সেমেকা ৰাতিৰ বুকুত অনুভৱৰ দলিচাত মৃগনাভী সুগন্ধিৰ দৰে অনুভৱে যেন ঢৌ খেলি থাকে।
ৰিনিকি ৰিনিকি মনত পৰে....।

কবিতা :: মোৰ শুকান মৰুভূমিত তুমিয়েই এটোপাল বৃষ্টি --- সুজিত কুমাৰ নাথ

মোৰ শুকান মৰুভূমিত তুমিয়েই এটোপাল বৃষ্টি

আছিলা

হয়,আছিলা,

আজি দেখোন সেই বৃষ্টি আকৌ শুকাই গ’ল

আৰু পৰি ৰ’ল মোৰ শুষ্ক হৃদয় ।

আজি এই দুখীয়া কবিৰ হেৰুৱাবলৈ একো নাই,

মাথো বাকী ৰৈছে এই দেহসঁজাটি ।

তুমি ভাবিছিলা ছাগে মই

মোবাইলৰ এটা ৰিচাৰ্জ কাৰ্ড,

ব্যৱহাৰ হোৱাৰ পিছত দলিয়াই দিলা ।

কিন্তু এই কবিৰো এখন হৃদয় আছে,

কাৰোবাক হিয়া উজাৰি ভাল পোৱাৰ ক্ষমতা আছে ।

দুৰ্গাপূজাৰ যে আমাৰ সেই লগ কৰাবোৰ

তোমাৰ লগত কৰা ধেমালিবোৰ,

তুমি কৰা খং অভিমানবোৰ,

আৰু তোমাৰ সেই হাঁহিটো,

এই সকলোবোৰ স্মৃতি হিচাপে লৈয়ে

কবিতা :: মমতা --- শ্বাহিদুল ইছলাম

আই! সাৰ পাইয়েই দেখিছিলো

হাঁহি-মমতা ভৰা

তোমাৰ সুশ্ৰী মুখনি

দিগন্ত ভেদি উদিত ৰবি ।

সৌ সিদিনাৰে কথা

আছেনে মনত তোমাৰ ?

তোমাৰ হাতে হাতে

হাত ধৰি ফুৰিছিলো

বকুলৰ তল,

শৈশৱৰ প্ৰতিটো প’ল ।

তোমাৰ অবিৰত শ্ৰম,

অক্লান্ত মৰমত

ধন্য মোৰ এই জীৱন

আজি অলপ সাহসকনো নাই

অ' আই

তোমাৰ সন্মুখত আহিবলে,

কি দৰে নো পূৰাও

তোমাৰ অনাবিল মৰমৰ মান ।

আই, মোৰ জীৱনৰ আভৰণ

তুমিয়ে মোৰ স্বৰ্গ, মোৰ সত্য

তুমিয়ে কালজয়ী সৃষ্টি, জগতৰ শান্তি••••••।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,721
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:134
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,828
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:145
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,459