সপোনৰ কবিতা

সপোনৰ কবিতা

ছাবিনা ছবনম আলীয়া's picture

কবিতা :: আধৰুৱা সপোন --- ছাবিনা ছবনম আলীয়া

আকাশী তৰা মই ,
ৰাতি ফুলা আকাশী তৰা ,
পুৱাৰ কাঁচলি ৰ'দত বিচাৰিলে
মোক জানো পাবা .... ৷

দুৱৰি বনৰ বুকুত
তৰাৰ দীপালী ৰচা ,
আকাশৰ বুকুৰ পৰা হঠাৎ খহি পৰা
মই যে নিয়ৰ এটোপা ..... ৷

তোমাৰ বুকুত এচটা শিল হৈ পৰা
যাদুকৰী ওঁঠযোৰ কাহানিও ঢুকি নোপোৱা
মই যে এটি প্রেমৰ গাঁথা
অস্তিত্ব হেৰুৱা ........ ৷

এৰাতিৰ বেদনাৰে বুকু ভৰা
মই যে শেৱালি তলসৰা ,
উজাগৰী দুচকুৰ পতাত থমকি ৰোৱা
মই যে এটি সপোন
আধৰুৱা ....... ৷

মন্জুষা দেৱী's picture

কবিতা :: ল’ৰালি --- মন্জুষা দেৱী

সপোনৰ বালি ঘৰ

সাজোঁতে সাজোঁতে জীৱনৰ আধা খিনি বয়সে মহটিয়াই নিলে

মনলৈ ফাগুন নমাৰ সময়ত পচোৱাজাকে বুকু উজাৰি নিলে

ল’ৰালিৰ দিনবোৰে মন উন্মনা কৰে

যাব খুজিও সময়ে আগভেটি ধৰে ৷

পোনপটীয়া জীৱন বাটত কিমান খলাবমা

সময় আৰু পৰিস্থিতিয়ে কিমান যে খেলিব নিৰৱ নৱ খেলা ৷

ল’ৰালিৰ মিঠা সুবাস বোৰে মোক বলীয়া কৰে

নিতৌ দলিচা পাৰে নস্টালজীয়াৰ

এক জীয়া সপোনৰ ৷

সমুজ্জ্বল ডেকা's picture

কবিতা :: বৃক্ষ --- সমুজ্জ্বল ডেকা

জন্মিয়েই বাঢ়িছা

মাটিৰ তললৈ বিন্ধিছা

পদূলি মুখখনি তোৰ বাবেই মনোমোহা ৷

ইমান সৰুতে পাইছিলো তোক

মাত্ৰ আছিলে দুটি পাত

এতিয়াতো যৌৱনা গাভৰু হ'লি

ডাল ভৰা পাতবোৰ সৰি সৰি

নেদেখা হয় ৰাতিপুৱা-গধূলিৰ অহা-যোৱা বাট ৷

মোৰ খং নাই

আইজনীও তোক বহুত ভালপায়

চিনাকি পক্ষীৰ গীত শুনি শুনি

তোৰ ফল পাবলৈ আশাৰে বাট চাই;

তোক ল'ৰালিৰ দিনৰে পৰাই বৰ ভালপাওঁ

দুহাত সাবটি কৰো হেঁপাহৰ আলিংগন

মনত আছেনে ?

কেতিয়াৰ পৰা লৈছিলো দায়িত্ব ভৰণ-পোষণৰ

ক'তনো লৈছিলি প্ৰশিক্ষণ তই ?

মিৰাজ জুলফিক্কাৰ ৰহমান's picture

কবিতা :: মোৰ এটা সপোন আছিল --- মিৰাজ জুলফিক্কাৰ ৰহমান

মোৰ এটা সপোন আছিল
এদিন মই বৰক্ষেত্ৰী মহাবিদ্যালয়ত পঢ়িম ।
অসমীয়া বিষয়টো প্ৰধান বিষয় হিচাপে লৈ ।

যিদিনাখন মই মহাবিদ্যালয়খন দেখিছিলো সেইদিনাখনে হয়টো
মোৰ সপোনত খোপনি পুতিছিল বৰক্ষেত্ৰী মহাবিদ্যালয়ে ।
মোৰ ভাল লাগে শিক্ষা বিষয়টো
কিন্তু দেৱান নজৰুল ইছলাম চাৰৰ ৰসগ্ৰাহী পাঠদানৰ প্ৰতি দুৰ্বলতা আছে ।

মোৰ ভাল লাগে দৰ্শন বিষয়টো কিন্তু আব্দুল মতলিব চাৰৰ খুহুতিয়া পাঠদানৰ প্ৰতি মোৰ দুৰ্বলতা আছে ।

মোৰ ভাল লাগে হিন্দী বিষয়টো কিন্তু জাকিৰ হুছেইন চাৰৰ তত্ত্ব গধুৰ কথাৰ পাঠদানৰ প্ৰতি মোৰ দুৰ্বলতা আছে ।

সুজিত কুমাৰ নাথ's picture

কবিতা :: বিফল জীৱন --- সুজিত কুমাৰ নাথ

সপোনবোৰ যেতিয়া ধ্বংসস্তূপত পৰিণত হয়,

আশাবোৰ যেতিয়া নিৰাশা হৈ ৰয়,

তেতিয়া মাথোঁ বাকী ৰয় জীৱনৰ অমানিশাবোৰ ।

নৈপৰীয়া মথাউৰিটোত বহি সুধিলো

সৌ বিশাল আকাশ খনক,

মই জানো জীৱনত সফল হ’ব পাৰিম ?

পাৰিম জানো অমানিশাৰ আন্ধাৰ নাশিবলৈ ?

আকাশে উত্তৰ দিলে

বিফলতাৰ পৰাইতো সফলতা লাভ কৰে

বিফল ন’হলে সফল হোৱাৰ জানো অৰ্থ আছে ?

এতিয়া ময়ো সেই আশাকে লৈ জীয়াই আছো,

জীৱন নদীত এজন ব’ঠাহীন নাৱিক মই ।

মেহেনাজ সৰকাৰ's picture

কবিতা :: আলহী --- মেহেনাজ সৰকাৰ

শাৰদীয় বতৰৰ দুৱাৰেদি

একো নোসোধাকৈয়ে

তেওঁ আহি সোমালহি

বুকুৰ আচুতীয়া কোঠাত

প্ৰেম নামৰ বিশ্বাসৰ

ফুলদানী সজাবলে

ফাগুণৰ দূৰন্ত পচোৱাত

সুঁহুৰিৰ সুৰ হৈ তেওঁ গ'লগৈ

শিমলু ৰঙৰ দৰেই

কলিজাটো ৰাঙলী কৰি

ডেউকা ভঙা মইটো নিৰৱে পৰি আছে

তেওঁৰেই এবোজা সপোনৰ ফচল হৈ ...

সমুজ্জ্বল ডেকা's picture

কবিতা :: ভগা জুপুৰি আৰু এগৰাকী কবি --- সমুজ্জ্বল ডেকা

ভাদ মহীয়া সোণোৱালী ৰ'দত
দেহাটি দহে
বৰষুণ নামিলে বিজুলী-ঢেৰেকনিৰে
বুকু ফাঁট মেলা ৰক্ত যেন টুপ্-টুপ্ সৰে
তথাপিও ইয়াত আজিও
তেওঁ সৰলতাৰে বসবাস কৰে
সুখ-আনন্দ আদিবোৰ ইয়াতেই ৰোপন কৰিছে
নহ'লেনো নিশাৰ আকাশৰ জোন-তৰাবোৰ চাই
শেতেলিতে ইমান গভীৰ প্ৰেমৰ কবিতা তেওঁ কেনেকৈ লিখে!
এই ভগা জুপুৰিতে
তেওঁৰ সপোনবোৰ হেঁপাহবোৰ জীয়াই থাকে
বাঢ়ি বাঢ়ি দিঠকত দিনে দিনে হাঁহে
আবেগবোৰ এন্ধাৰ একোণত লুকুৱাই
নাজানো কেনেকৈ
বিনা দ্বিধাই আনে নেদেখাকৈ ৰাখিব পাৰে!
নাৰীৰ সমানেই কষ্ট সহিষ্ণু গুণ
নিশ্চয়কৈ সেইজনা কবিৰো তেজে-তেজেই আছে!

মেহেনাজ সৰকাৰ's picture

কবিতা :: লেমৰ পোহৰত --- মেহেনাজ সৰকাৰ

এয়া
নিবিড়ৰ পৰা নিবিড়তম পৰিৱেশ
মনত পেলাইছো
জীৱনৰ বৰ্ণিলময় বসন্তৰ দিনবোৰ
হৃদপিণ্ড আহত কৰা
তোমাৰ থুথুৰীৰ পাতল ক’লা দাগটো

মাহিম ৰয়'s picture

কবিতা :: নষ্ট প্ৰেমিকৰ আৱেগ --- মাহিম ৰয়

এন্ধাৰখিনি ধাৰ কৰি

বগা কাগজত আঁকবাঁক দিলো

দুচকু স্থিৰ কৰি

বহু সময় চালো

নাই ! নষ্ট প্ৰেমিকৰ আৱেগৰ অবিহনে

এফোটাও সৌন্দৰ্য্য নাই

ছানকুমাৰ কলিতা's picture

কবিতা :: ভালপাওঁ নদী আৰু নাৰী --- ছানকুমাৰ কলিতা

নদী ভালপাওঁ আগৰপৰাই
কাৰণ নদীয়ে হৃদয়ৰ ভাষা বুজে,
নদীয়ে কথা কয়
নদীয়ে কৃষ্ণচূড়াৰ নিচাত মাতাল হ'ব জানে
নদীয়ে চটফটাই বিৰহ সাগৰ সংগমৰ ব্যাকুলতাত ।
নদীয়ে কেতিয়াবা হীৰুদাৰ প্ৰেমত পৰে----
“তুমিটো জানাই এই কবিৰ আৰু একোৱেই নাই,
এটায়েই মাথোঁ কামিজ তাৰো ছিঙো-ছিঙো ছিলাই,
প্ৰেম চাগে এনেকুৱাই আৱৰণ খুলি হিয়া জুৰাই" ।

Pages

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: গল্প