ৰোমান্টিক কবিতা

ৰোমান্টিক কবিতা

সমুজ্জ্বল ডেকা's picture

কবিতা :: মাৰাং --- সমুজ্জ্বল ডেকা

সেমেকি সেমেকি টুপ্ টুপ্ সৰিল

চকুৰ বহল পতাত এজাঁক বনৰ হৰিণী চৰিল

বুকুখনিৰ ইপাৰ-সিপাৰ সোঁমাজেদি বোৱা নিজৰাৰ দুটি পাৰ;

মাৰাং অ' মাৰাং

তিয়াঁই তিয়াঁই জুৰোৱা মোৰ তীক্ষ্ণ উত্তাপিত পৰাণ ৷

গধূলিৰ শেৱালি ফুল গোন্ধতে আমোলমোল

টোপনি নাহে কি সাজে দুকাণত বাজি আছে

সুৰৰ ছন্দে-ছন্দে তোমাৰ হাঁহি কি যে গুণগুণ গুণগুণ ৷

(বি.দ্ৰ : মাৰাং শব্দৰ অৰ্থ হ'ল বৰষুণ ৷)

নয়নজ্যোতি দাস's picture

কবিতা :: অৱশেষ --- নয়নজ্যোতি দাস

আপোন বতাহ জাক
আহে আৰু উভতি যায়

ভাৱনাৰ সূতাডাল কঁপি কঁপি থৰ লাগে ।

আৰম্ভণি বোৰ শেষ হয়,
আৰু শেষ বোৰ স্বাভিমানী হৈ উভতি আহে

সন্দেহ বোৰ সলনি হয়,
শেষ নহয় ।

তথাপি তোক ভালপাওঁ (সন্দেহ নাই)
তইটো মোৰ জীৱন,
মোৰ স্বাভিমান ।

সুমন দত্ত's picture

কবিতা :: তুমি আহিছিলা --- সুমন দত্ত

তুমি আহিছিলা
মোৰ সপোনত
যেতিয়া শেৱালি ফুলি
তল সৰিছিল…

তুমি আহিছিলা
অতি গোপনে গুজি দিছিলা
প্ৰেমৰ এটি বীজ
মোৰ উকা হৃদয়ৰ চোতাল খনত…

আহিছিলা তুমি
কুঁৱলিৰ ফাঁকে ফাঁকে
আনিছিলা তোমাৰ
সেমেকা চুলিৰ মাদকতা..

আৰু মই কেৱল
তধা লাগি চাই ৰ’লো
শৰৎৰ চন্দ্ৰকো পিছপেলোৱা
তোমাৰ অতুলনীয়তাক…

তুমি আহিছিলা
এজন চিত্ৰকৰৰ
তুলা চালনীৰ যেন
অমৰ সৃষ্টিহৈ…
তুমি আহিছিলা
হৃদয়ৰ প্ৰতিতো ভাজত
তোমাৰ নামটি
লিখিবলৈ…

সীমান্ত বৰদলৈ's picture

কবিতা :: ৰুমালখন --- সীমান্ত বৰদলৈ

কোনোবা এটা উৰুঙা বসন্তত
ৰুমালখন এৰি আহিছিলা
শূন্য চকীখনত।
ৰুমালখন উৱলি গ’ল
ৰুমালখন হেৰাই গ’ল ।

ৰুমালত লাগি থকা পাৰফিউমৰ গোন্ধটোৱে
মোক প্ৰায়েই লৈ গৈছিল সেই বাগিচাখনলৈ
যাৰ ফুলবোৰে মোক কোনোদিনে উপলুঙা কৰা নাছিল।
বাগিচাখনলৈ গ’লেই ফুলবোৰ জীপাল হৈ উঠে
ফুলবোৰ যেন একো একোখন ৰঙীন ৰুমাল ।

ৰুমালখনৰ অবিহনে পাৰ হৈ গ’ল কেইবাটাও বসন্ত
ৰুমালখন উৱলি গ’ল
ৰুমালখন হেৰাই গ’ল
ৰুমালখনৰ গোন্ধটো নাকত লগা যেন পাঁও
উভতি যাঁও বাগিচাখনলৈ হেৰুৱা বসন্তবোৰক বিচাৰি ।

পংকজ ৰাজ কলিতা's picture

কবিতা :: ছবি --- পংকজ ৰাজ কলিতা

মোৰ হৃদয়ৰ মাজত

এখন ছবি আছে

কলিজাৰ তেজৰে আঁকিছো

ছবি খন

চাবলৈ মন গ'লেই

বুকুত হাত থৈ উলিয়াই আনো

সপোন আশা সুখ বিষাদ আঁকিছো ছবিখনত

আৰু এটা সমাধি য’ত

মোৰ প্ৰেমক সমাধিস্থ কৰা হৈছে ।

সমুজ্জ্বল ডেকা's picture

কবিতা :: ফাগুন --- সমুজ্জ্বল ডেকা

মতলীয়া ফাগুনে আনিছে পছোৱা

আকাশত উৰিছে ধূলিৰ ফাঁকুৱা ৷

ডাল ভৰি ফুলিছে পলাশ শিমলু মদাৰ ফুল

হৃদয়ত প্ৰেমাকুল ৰঙা ৰঙৰ বোল ৷

দিঠকত ৰিব্-ৰিব্ সুৰৰ ফাঁকে ফাঁকে

সৰা ডাল-পাতবোৰে উচুপিছে বাটে-ঘাটে ৷

মেহেনাজ সৰকাৰ's picture

কবিতা :: সূৰ্য্য নামিছে --- মেহেনাজ সৰকাৰ

কল্পনাৰ জাল গুঠি

ব’হাগৰ সাজেৰে সূৰ্য্য নামিছে

হৃদয়ৰ পদুলি মুখত

গাভৰু ৰ’দালিৰ পৰশত

ন কৈ গজালি মেলিছে

এটি দুটি সপ্নৰ কলৰল

তাইৰ নিষ্পাপ অৱয়বটো

স্পষ্ট ৰূপত জিলিকি আছে

শয়নে সপোনে

নিৰ্জনে ...

মেহেনাজ সৰকাৰ's picture

কবিতা :: তুমি --- মেহেনাজ সৰকাৰ

এটি দুটি এঘাৰটি তৰাৰ দেশ

নিতৌ বগাওঁ ভালপোৱাৰ জখলাৰে

দুহাত ভৰি বুটলি লওঁ

তোমাৰ নেঘেৰি খোপাত গুজিবলে

জানোচা

ঘূৰণীয়া জোনজনী হৈ তুমি উজলা ।

মেহেনাজ সৰকাৰ's picture

কবিতা :: উৰন্ত চুমা --- মেহেনাজ সৰকাৰ

এটি উৰন্ত চুমা পঠিয়াই দিলো তোমালৈ
আলফুলে সাৱটি
ধন্য কৰা প্ৰেমৰ ঠুনুকিয়া কলিজাক

জাক জাক তৰাৰ মাজত
তুমি যে সহস্ৰজনৰ নয়নৰ মণি
হিয়াৰ আমঠু....

মেহেনাজ সৰকাৰ's picture

কবিতা :: ভালপোৱাৰ ঠিকনা --- মেহেনাজ সৰকাৰ

মই সুধিছিলো

ভালপোৱাৰ স্হায়ী ঠিকনা ক’ত

চকুৰ চাৱনিৰ সূৰ্যমুখীত

নে কাৰোবাৰ বুকুৰ বাতৰি লৈ

ওপঙি ফুৰা শূন্যতাত

তাই আগবঢ়াই দিলে

বুকু ফালি কেঁচা কলিজা এখন …

Pages

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: আমাৰ গাঁও
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা