assamese kabita

বিষ্ণু বড়া's picture

কবিতা :: তুমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা --- বিষ্ণু বড়া

আকৌ এবাৰ আহা আমাৰ মাজলৈ
তুমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা,
তোমাৰ কলমে শক্তি নিগৰাই
জাগ্ৰত কৰাহি
চহা কৃষক-বনুৱাক

‘নাঙল যাৰ, মাটি তাৰ’ এই শ্লোগানেৰে
আকৌ এবাৰ প্ৰতিবাদ কৰিবৰ হ'ল
দৰিদ্ৰ কৃষকৰ ওপৰত হোৱা
জমিদাৰী শোষণৰ

গোলামি কৃষকৰ পথাৰত
ভূমিৰ অধিকাৰৰ বীজ এমুঠি
আকৌ এবাৰ সিঁচি দিয়া।
তোমাৰ কেঁচা মাটি গোন্ধৰ কবিতা,
অসমীয়া জাতিৰ জয়গানৰ সংগীতেৰে
আকৌ এবাৰ জোকাৰি দিবৰ হ'ল,
প্ৰগতিবাদী ভাৱনাৰ অনুধাৱনৰ জৰী ডাল

জানকী ৰায়'s picture

কবিতা :: নিঃসঙ্গতা --- জানকী ৰায়

সেউজীয়াৰ পাৰত

হেঙুলীয়াবোৰ বুটলি থাকোতে

তুমিয়েইতো আকোঁৱালি লৈছিলা

হিয়া শাঁত পৰা

তোমাৰ কোমল আন্তৰিকতাৰে,

এদিন তুমিয়ে কৈছিলা

জোনাকত উমলি থকাই নহয় জীৱন

এইবোৰ ক্ষন্তেকীয়া

ফুটচাইৰ দৰে,

দূখবোৰ আহিলে বহিব দিয়া

কলিজাতে আসন পাতি

আঁউসীৰ আন্ধাৰকো লোৱা আকোঁৱালি

আমাৰ বাবে অন্যতম এয়া,

কিন্তূ এতিয়া যেন .....

নিসংগতা আৰু মৃত্যু একেই

নিৰব কৰি তুলিছে ই

মোৰ সকলো চেতনা …….. ।।

ছাবিনা ছবনম আলীয়া's picture

কবিতা :: আধৰুৱা সপোন --- ছাবিনা ছবনম আলীয়া

আকাশী তৰা মই ,
ৰাতি ফুলা আকাশী তৰা ,
পুৱাৰ কাঁচলি ৰ'দত বিচাৰিলে
মোক জানো পাবা .... ৷

দুৱৰি বনৰ বুকুত
তৰাৰ দীপালী ৰচা ,
আকাশৰ বুকুৰ পৰা হঠাৎ খহি পৰা
মই যে নিয়ৰ এটোপা ..... ৷

তোমাৰ বুকুত এচটা শিল হৈ পৰা
যাদুকৰী ওঁঠযোৰ কাহানিও ঢুকি নোপোৱা
মই যে এটি প্রেমৰ গাঁথা
অস্তিত্ব হেৰুৱা ........ ৷

এৰাতিৰ বেদনাৰে বুকু ভৰা
মই যে শেৱালি তলসৰা ,
উজাগৰী দুচকুৰ পতাত থমকি ৰোৱা
মই যে এটি সপোন
আধৰুৱা ....... ৷

মন্জুষা দেৱী's picture

কবিতা :: ল’ৰালি --- মন্জুষা দেৱী

সপোনৰ বালি ঘৰ

সাজোঁতে সাজোঁতে জীৱনৰ আধা খিনি বয়সে মহটিয়াই নিলে

মনলৈ ফাগুন নমাৰ সময়ত পচোৱাজাকে বুকু উজাৰি নিলে

ল’ৰালিৰ দিনবোৰে মন উন্মনা কৰে

যাব খুজিও সময়ে আগভেটি ধৰে ৷

পোনপটীয়া জীৱন বাটত কিমান খলাবমা

সময় আৰু পৰিস্থিতিয়ে কিমান যে খেলিব নিৰৱ নৱ খেলা ৷

ল’ৰালিৰ মিঠা সুবাস বোৰে মোক বলীয়া কৰে

নিতৌ দলিচা পাৰে নস্টালজীয়াৰ

এক জীয়া সপোনৰ ৷

অমিয় কুমাৰ's picture

কবিতা :: সংগ্ৰামী মন --- অমিয় কুমাৰ

মই যে কিয় ইমান দুৰ্ভগীয়া

কেতিয়াবা ভাৱো নিজৰ

জীৱনটোৰ কথা......

মই যে সচাঁই নিথৰুৱা

কাৰোবাক চিৰদিনৰ বাবে

হেৰুৱাৰ বেদনা......

আকৌ কাৰোবাক

নিচেই কাষত পাইও

পুনৰ হেৰুৱাৰ যন্ত্ৰনা !

তথাপি জীয়াই আছো

সকলো দুখ-বেদনা পাহৰি

বুকুত হেজাৰ আশা বান্ধি !

নাজানো কেতিয়া পৰিব....

এই সংগ্ৰামৰ অন্ত......

মোৰ মনে কেতিয়াবা

মোক কয়,মোৰ এই

সংগ্ৰাম এদিন নহয় এদিন

পৰিব হেনো বোলে অন্ত;

তথাপি যিদিনালৈ এই

সংগ্ৰামৰ নপৰে অন্ত,

সেইদিনালৈ চলি যাব

মোৰ এই সংগ্ৰামী মনৰ

শ্বাহিদুল ইছলাম's picture

কবিতা :: আহিবানে তুমি --- শ্বাহিদুল ইছলাম

আহিবানে তুমি

নৱ বৰ্ষৰ দৰে

মনৰ মৰুদ্যান উৰ্বৰ কৰিবলে,

হৃদয়ক হৃদয় দিবলে ।

বিচাৰি ফুৰো আকাশ বতাহত

সিচিঁবলৈ সুপ্ত মৰম

তেজ ৰঙা তোমাৰ দুটি ওঁঠত,

পাতিম যে কথা হিয়া উজাৰি

গাম মই গীত নদীৰ পাৰত;

ফুৰিম মই অৰঙ-দৰঙ

হিয়াৰ গভীৰ উপত্যকাত

আকিম তোমাক মই

হৃদয় বাকৰিৰ মহা শূণ্যতাত ।

যাঁচিম মৰম ভাষাহীন ভাষাত

উপভোগ কৰিম দুয়ো

ব'হাগৰ কিনকিনীয়া বৰষুণ জাক

দুটি দেহৰ অমিয়া সুবাস ।

আশাৰ বন্তি, সৰগৰ শান্তি

মৰম নিজৰা হৈ

আহিবানে তুমি ?

সমুজ্জ্বল ডেকা's picture

কবিতা :: ঘড়ী --- সমুজ্জ্বল ডেকা

সময় গৈ আছে সুষম দ্ৰুতিৰে

খোজকাঢ়ি খোজকাঢ়ি........

দেৱালৰ ওপৰভাগত

পিতাইয়ে আৰি থোৱা সেই ঘড়ীটোৱে

আজিও গীত গাই থাকে টিক্ টিক্ টিক্.....

পিতাই কিন্তু আজি জীয়াই নাই

কোনোবাদিনাই হাড়ত বন গজিল.....!!

দোভাগ নিশাৰ গভীৰ নিৰ্জনতাত

ইয়াৰ গানে যিমান স্পষ্ট আৰু ডাঙৰ হৈ

মোৰ কাণৰ পৰ্দাত কম্পন তোলে

সিমানেই পিতাইৰ স্মৃতিপ্ৰৱণ স্বচ্ছ সোঁতেৰে

চকুলোঁবোৰ নিগৰি

কোমল গাৰুটি মোৰ ভিজে....!!

তথাপিও গাৰুটিয়ে খং নকৰে

কিয় জানানে ?

দেউতাৰ মৃত্যুৰ পিছত

ই সদায় মোৰ লগতেই থাকে ৷

সমুজ্জ্বল ডেকা's picture

কবিতা :: ফাগুন --- সমুজ্জ্বল ডেকা

মতলীয়া ফাগুনে আনিছে পছোৱা

আকাশত উৰিছে ধূলিৰ ফাঁকুৱা ৷

ডাল ভৰি ফুলিছে পলাশ শিমলু মদাৰ ফুল

হৃদয়ত প্ৰেমাকুল ৰঙা ৰঙৰ বোল ৷

দিঠকত ৰিব্-ৰিব্ সুৰৰ ফাঁকে ফাঁকে

সৰা ডাল-পাতবোৰে উচুপিছে বাটে-ঘাটে ৷

চিত্ৰৰঞ্জন নাথ's picture

কবিতা :: আৱেগৰ চকুলোৱে --- চিত্ৰৰঞ্জন নাথ

আৱেগৰ চকুলোৱে ধুৱাই পেলাইছে
এলাগী হৈ পৰি থকা সমাজখনক !

হিংসুক জন্তুবোৰে
খেদি ফুৰিছে
সিহঁতবোৰক
একামোৰত নিশেষ কৰিবলৈ ৷

সিহঁতবোৰে জানে
দুৰ্বলী হ'লেও (??)
ভোক নিৰাময়ৰ বাবে
এয়াই এতিয়া
একমাত্ৰ খাদ্য ৷

হাতে ভৰিয়ে মূৰে
য'তে পাৰে
মাথো কামুৰিছে !

পিছে,
শৰীৰৰ মাংসবোৰ চোন চিঙিব পৰা নাই !
মাংসবোৰ কৰবাত শিলৰ দৰে টান,
কৰবাত ৰবৰৰ দৰে ঢিলা হৈ পৰিছে ৷

আক্ৰমন আৰু আক্ৰমন ৷
পত্যাক্ৰমন কৰাৰ মানসিকতা
তাহানিৰ পৰাই নাছিল
সেই জাতটোৰ ৷

সমুজ্জ্বল ডেকা's picture

কবিতা :: সেন্দূৰ --- সমুজ্জ্বল ডেকা

উদিত সূৰুযটি

অস্ত নাযায় দুখত

তোৰ হাঁহিটি ভিজা ভিজা দুওঁঠত

বিৰিঙিছে কিমান আশাৰে সুখত !

Pages

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: কবিতা
শিতান: আমাৰ গাঁও
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা