Assamese Love Poem

Assamese Love Poem

কবিতা :: মই দেখোন অকলশৰীয়া --- ৰাজিদুল ইছলাম

কাৰ বাবে, কিহৰ বাবে

মই এতিয়ালৈকে

ইয়াতেই ৰৈ আছো ৷

কি কৰিম ইয়াতে ?

সকলো দেখোন

গুছি গৈছে......

ইয়াৰ পৰা !

মই আচলতে কি ??

এতিয়াওঁ যে,

ৰৈ আছো.....

কাৰ অপেক্ষাত

কিহৰ আশাত,

মই দেখোন অকলশৰীয়া ৷

কবিতা :: মনত হেপাহঁ লৈ --- ৰাজিদুল ইছলাম

মনত হেপাহঁ লৈ

অপেক্ষাই আছো তোমাৰ কাৰণে

তুমি কেতিয়া আহিবা ??

মনৰ মাজত উমাল হৈ থকা

কথাবোৰ....

কেতিয়া শুনিবা ?

মই যে তোমাৰ কাৰণে

ভোকাতুৰ প্রেমিক !

তুমি যে মায়াবিনী

"জোনাকী তৰা"

আহিবা বুলি

আছো বাট চাই.......
.

কবিতা :: নিসংগতা --- সোনমনি ৰাজ বৰুৱা

লিসংগতাই এতিয়া মোৰ সন্মুখত

এখনি নৈ হৈ ধৰা দিয়ে

নদীৰ সোঁতহৈ এফালৰ পৰা

খহাই নিয়ে মোৰ হৃদয়ৰ কোঠালিৰ সপোনবোৰ

দৰিদ্ৰতাই এতিয়া মোৰ সন্মুখত

আঁউসীৰ এন্ধাৰৰ দৰে ধৰা দিয়ে

বিয়পি পৰে চৌদিশে

বিচাৰি নাপাওঁ অলপো সুৰুঙা

বাওনা হৈ আকাশ ঢুকি পোৱাৰ সপোন

নিমিষতে ভাঙি যায়

জীৱনটো এতিয়া এখনি নৈ বৈ যায় অবিৰাম

বন জুইৰ দৰে জ্বলি চাৰ খাৰ হৈ গৈছে

এফালৰ পৰা আশাবোৰ ৷

কবিতা :: যন্ত্ৰণা --- ধীৰাজ কলিতা

যন্ত্ৰণাই হেচামাৰি ধৰা বুকুখনত
তোৰ অকণমান সহাঁৰিয়ে
সাহস দিছিল বাস্তবৰ লগত
একেলগে খোজ দিবলৈ ।
কিন্তু.....

সেই হাঁহি মুখৰ উৎফুল্লিত বাসনাক
আজুৰি কাঢ়ি নিলে নিষ্ঠুৰ নিয়তিয়ে

সঁচাই সময় বৰ নিষ্ঠুৰ....

বিশেষ একোকে দেখোন বিচৰা নাছিলো তোৰ পৰা
মাত্ৰ বিচাৰিছিলো এবুকু সঁচা মৰম
আৰু মোৰ বাবে তোৰ কিছু সময়......
কিন্তু মোৰ উকা কপালত সেইয়া যেন এক
কাল্পনিক সপোন হৈ ৰ’ল

কবিতা :: মৰমৰ পাহিবোৰ যে মৰহি গ'ল --- সোণমণি গোহাঁই

তেওঁৰ স'তে মোৰ দূৰত্ব...

বহুত নাছিল, একেটা কোঠাৰ দুটা চুক ।

তথাপিও...

অতিক্ৰম কৰাৰ সাহস যে কাৰো নহ'ল।

মানুহ কেনেকৈ ইমান নিৰ্বিকাৰ হ'ব পাৰে ???

মই...

আগত মই আছিলোঁ

ইপাহ সিপাহ ফুলত উৰি ফুৰা

এজনী চঞ্চল পখিলা,

আৰু এতিয়া ?

কাৰাবন্দী নিৰৱতাৰ আৱৰ্তত,

তেওঁ যে নিৰৱ!

আচলতে তেওঁ নিৰৱ নাছিল,

আছিল নিবোকা ।

তেওঁ নিবোকা হোৱাৰ বাবেই

মৰহি গৈছিল মোৰ-তেওঁৰ আৰু

আমাৰ ঘৰদুখনৰ জীৱন ।

অতীতৰ সপোনত তেওঁ তেতিয়াও মগ্ন আছিল

অথচ সমাজৰ সাক্ষীত আছিলোঁ

মই তেওঁৰ বৰ্তমান ।

কবিতা :: জীয়াই আছোঁ --- মিৰ্জা ফাইজুৰ ৰহমান

মই যে এতিয়াও জীয়াই আছোঁ

মাঁথো তোমাৰ বাবে

তুমি আহিবা বুলি

গভীৰ নিশা চকুলো টুকো

নিৰাশ নহঁও যেন মই

তুমি আহিবা বুলি

সাজোন কাচোনেৰে আগবাঢ়ি যাওঁ

তোমাক আদৰিবলৈ

তুমি সঁচাকৈয়ে কাষত থকা হʼলে

সুখী হঁলোহেতেন মই

মনত পৰেনে

সোঁতৰ ডিচেম্বৰতেই

তোমাৰ বুকুত গুজি দিছিলোঁ

জীৱনৰ সেউজীয়া কবিতাটো

তুমি আহিবা বুলি

মই যে এতিয়াও জীয়াই আছোঁ ।

কবিতা :: ভেলেন্টাইন ডে --- মহিদুল ইছলাম বুলবুল

প্ৰেমৰ কবিতা লিখিলেই সুধে

কাৰ প্ৰেমত পৰিছা এইবেলি ?

মই কওঁ আগৰ দৰেই

তোমাৰ প্ৰেমত ।

তেওঁ অভিমানৰ অভিনয় কৰে

মই সামন্তৰ ভাঁৱৰীয়া হওঁ ।

প্ৰতিপল তোমাৰ কাষত

তোমাৰেই নামত ।

তোমাৰ বাবেই লিখো প্ৰেমৰ কবিতা

জানো তুমি বুজিবা ??

তুমি মোৰ হৃদয়ৰ ঠিকনা ।।।

কবিতা :: ফাগুন --- সাগৰ সঞ্জীৱ

ফাগুন........
পাৰ' যদি উভতাই দে মোৰ শৈশৱ
পাৰ' যদি শুকুৱাই দে মোৰ চকুপানী
শুকান পাতবোৰৰ দৰে
উৰুৱাই লৈ যা মোৰ দুখবোৰ
নীলিম আকাশৰ বুকুলৈ ।।

ফাগুন.....
পাৰ' যদি উভতাই দে মোক ভালপোৱা
পাৰ' যদি উৰুৱাই লৈ যা মোৰ বিলাসী সপোন
ধূলিকণা বীজানুৰ দৰে
ইহতঁবোৰো মোৰ দেহৰ বাৱে
এতিয়া হেজাৰ বেমাৰৰ বীজানু।।

কবিতা :: মৰমৰ দলিছা --- মহিদুল ইছলাম বুলবুল

লাহে লাহে ভালপোৱা হ’লো তোমাক
প্ৰেম আৰু লগতে বিৰহ চকুপানীও টুকিলোঁ

মৰমৰ দলিছাত তোমাৰেই ছবিলৈ
উৰে নিশা সাৰে থাকি
নিজৰ ভালপোৱাক আৰু সজীৱ
কৰিব খোজো

যাতে বিশ্ববাসী আমাৰ প্ৰেমৰ
সাৰথি হৈ ৰয় ।

কবিতা :: সেই তুমি --- মহিদুল ইছলাম বুলবুল

ৰুণজুণ মেঘমল্লিকাৰ

আতুৰবেলাত অনৰ্থক বাৰিষা

বেহাৰফুলীয়া কবিতাবোৰত

ভালপোৱাৰ একানপতীয়া বতৰা

নিৰৰ্থক অযুহাতৰ খেলিমেলিত

ধূলিয়ৰি দোভাগবেলা

অপেক্ষা আৰু অপেক্ষা

তৰাফুলীয়া ৰাত্ৰিত প্ৰিয়জনৰ অপেক্ষা

অশ্ৰুকাতৰ মালিতাৰ গুণগণ দলিচা

হেৰুৱাৰ বেদনাত যন্ত্ৰণাক্লিষ্ট কলিজা ।

এই যে অভিমানৰ কেঁকুৰিত তুমি

অহাযোৱা কৰা বাৰে বাৰে

আৰু মোৰ বেইমানী হৃদয়খনে

তোমাক দেখিও নেদেখাৰ ভাও ধৰে

কিয় জানা ?

জীৱনৰ তুলাচনীত বোলে

জাত পাতৰ ভৰ বেছি হৈ পৰে,

সমাজৰ মান জুখিব পৰাকৈ

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:134
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,721
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,616
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,703
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:82