Assamese Poem

Assamese Poem

কবিতা :: কলম --- জাহাঙ্গীৰ আলম

মোৰ অন্তৰখন ক’লা চিয়াঁহীৰে ভৰা যদিও
কৰ্মৰ দ্বাৰা বিশ্বক মই উজ্বলাই ৰাখোঁ
মই অবিহনে ন্যায়ালয়ত ন্যায়াধীশে
চুৰান্তু সিদ্ধান্তত স্বাক্ষৰ কৰিব নোৱাৰে ।

সেয়ে অন্তৰখন ক’লা বুলি নকৰিব হে'লা
মই অবিহনে শিক্ষাৰ্থীৰ শিক্ষা জীৱন অসম্পূৰ্ন
মই অবিহনে সকলোৰে পৰিচয় থাকে লুকাই
মোৰ অবিহনে কোনেও বিশ্বত জিলিকিব নোৱাৰে ।

মই কোনোবাৰ পকেটত কোনোবাৰ টেবুলৰ ওপৰত
এক নিৰ্জীৱ জড় পদাৰ্থৰ দৰে পৰি থাকোঁ
যেতিয়াই কোনোবাৰ হাতৰ পৰশ পাওঁ
সক্ৰিয় হৈ ইতিহাস ৰচিবলৈ ধৰোঁ ।

কবিতা :: সেই তুমি --- মহিদুল ইছলাম বুলবুল

ৰুণজুণ মেঘমল্লিকাৰ

আতুৰবেলাত অনৰ্থক বাৰিষা

বেহাৰফুলীয়া কবিতাবোৰত

ভালপোৱাৰ একানপতীয়া বতৰা

নিৰৰ্থক অযুহাতৰ খেলিমেলিত

ধূলিয়ৰি দোভাগবেলা

অপেক্ষা আৰু অপেক্ষা

তৰাফুলীয়া ৰাত্ৰিত প্ৰিয়জনৰ অপেক্ষা

অশ্ৰুকাতৰ মালিতাৰ গুণগণ দলিচা

হেৰুৱাৰ বেদনাত যন্ত্ৰণাক্লিষ্ট কলিজা ।

এই যে অভিমানৰ কেঁকুৰিত তুমি

অহাযোৱা কৰা বাৰে বাৰে

আৰু মোৰ বেইমানী হৃদয়খনে

তোমাক দেখিও নেদেখাৰ ভাও ধৰে

কিয় জানা ?

জীৱনৰ তুলাচনীত বোলে

জাত পাতৰ ভৰ বেছি হৈ পৰে,

সমাজৰ মান জুখিব পৰাকৈ

কবিতা :: জীৱন মানে কি ? --- মহিদুল ইছলাম বুলবুল

আহিছে মানুহ গৈছে মানুহ

কোনে ৰাখিছে হিচাব ,

মানুহ নাথাকিলেই ক্ষতি কি

থাকিলেই কি লাভ ।

মই নাথাকিলেও দিন ৰাতি হ’ব

জোন বেলি তৰা ওলাব,

বৰষুণ দিব গছে পাত সলাব

চৰায়ে গীত গাব ।

মই আহিছো খাবলৈ পিন্ধিবলৈ

টোপনি মাৰিবলৈ,

এনেকৈ পাৰ হৈ আছে মোৰ

জীৱন নৈ ।

ক'ৰ পৰা আহিছো যাম ক’লৈ

একো নেজানো মই,

কোন সাগৰত গৈ বিলীন হ’ব

জীৱন নামৰ নৈ ।

বান্ধিলো ঘৰ সজালো সংসাৰ

আৰু ক’তো কি ,

সময় হ’লেই এৰিব লাগিব

এই মায়াপুৰী ।

কিবা মই নগদ কিনিলো ।

কিবা আছে বাকী,

কবিতা :: জীৱনৰ বাটত --- মহিদুল ইছলাম বুলবুল

সপোন সৰা বাটৰ ধূলিত
তোমাক পোৱাৰ অযুত সপোন....

হেঁপাহ তোমাৰ সৈতে জগত ঘুৰাৰ
সপোন সাৰ্থকৰ অপেক্ষাত
ৰৈ আছোঁ
কেৱল ৰৈ আছোঁ..
আহিব এদিন সময়
য’ত সময় হাৰ মানি আমাক ক’ব
যোৱা
এতিয়া তোমালোকে
নিজৰ মৰ্জিত জীৱন কটোৱা...!

তেতিয়া বুজিম যে
জীৱনটো সাৰ্থক হ’ল ।

কবিতা :: পৰিচয় --- বিক্ৰম কলিতা

আজি হাহাকাৰ

মই মোৰ পৰিচয় বিচাৰি

হিংসা-সন্ত্ৰাসেৰে জৰ্জৰিত

ঠাইখনত মোৰেই বা পৰিচয় কি !

বিকৃত মানসিকতাত

কলুষিত আজি মই

কাণ পাতিলেই শুনো মই

ধর্ষণকাৰীৰ বিজয় উল্লাস ।

সিহঁতবোৰৰ উন্মাদনাত

পাহৰি যাওঁ মই মোৰ পৰিচয় ।

সাৰি যোৱা নাই মাতৃ, ভগ্নী, জিয়ৰী

ধিক্কাৰ সেই জাতি

আজি দেখো নিৰাপদ নহয় অন্তসত্তা নাৰী ।

ক'ত দিওঁ মই মোৰ পৰিচয়

নে সেইসকল কুলঙ্গাৰৰ মাজত!

বচাব পাৰিছো জানো মই

সেইসকল নাৰীক !!

যাৰ ঔৰষতে জনম মোৰ ।

নির্লজ-নিৰ্লিপ্ত ভাবে

বিচৰণ কৰিছে সিহঁতবোৰে,

কবিতা :: আধুনিক মই --- বিক্ৰম কলিতা

আজি পশ্চিমীয়া সংস্কৃতিয়ে

ছানি ধৰিছে কিন্তু,

এইবোৰ কিমান দিনলৈ ?

নিজৰ সংস্কৃতিক জলাঞ্জলি দি

আধুনিকতাৰ পোছাক পিন্ধা

সভ্য সমাজৰ ভদ্ৰলোক মই।

নাই মোৰ কোনো স্থিৰতা,

ইয়াত নাই কোনো অপশক্তিৰ ছাল

নিজেই নিজক বিক্ৰী কৰি দিছো।

আধুনিক হ’বলৈ গৈ

মই বিক্ৰী কৰি দিছো মোৰ আইক

জলাঞ্জলি দিছো নিয়ম-কানুন।

মই এ সভ্য সমাজৰ আধুনিক

নিবিচাৰো মই নগ্ন বুকুৰ মৰম

বিচাৰো মাথো

মই শব্দৰ মায়াজাল।

মই নহওঁ পার্কৰ এন্ধাৰ

এচুকৰ সেই প্ৰেমিক,

নিয়ন লাইটৰ পোহৰত

নকৰো মই কোনো

কবিতা :: প্ৰাচীন কালৰ নাৰী --- জাহাঙ্গীৰ আলম

প্ৰাচীন কালৰ নাৰীয়ে

আজিও পৰাম্পৰাগত পোছাকৰ মান ৰাখিছে

পৰাম্পৰাগত পোছাকেই

নাৰীৰ সৌন্দৰ্য্যক আঁৱৰি ৰাখে।

চকুত কাজল পিন্ধনত শাৰী

তেতিয়াহে লাগে নাৰী অতি শুৱনি |

প্ৰাচীন কালৰ নাৰীক |

নালাগে গাড়ী নালাগে সম্পত্তি

নালাগে গহনা নালাগে অট্টালিকা |

নালাগে বিউটি পাৰ্লাৰ নালাগে ফেমেলী ৰেষ্টুৰেণ্ড

লাগে মাঁথো জনম জনমৰ এক প্ৰতিশ্ৰুতি,

যি প্ৰতিশ্ৰুতিয়ে জীৱনৰ যাত্ৰাটো সৰল কৰে

দৈনন্দিন জীৱনত সুখৰ বাৰ্তা কঢ়িয়াই আনে ।

কবিতা :: নদী --- মহিদুল ইছলাম বুলবুল

নদীখনে সেউজীয়াবোৰ

আপোন কৰিছিল

শীতৰ শিহঁৰণত ৰ'দৰ উত্তাপত

খিলখিলাই উদগম হৈছিল মৰমবোৰ

তাৰিখ সলনি হৈ পৰিল

নদীখনে সুতিঁ সলালে

সেউজীয়াবোৰ হালধীয়া হ'ল

সাক্ষী হৈ ৰ'ল আকাশ বতাহ

নদীখনে গাই বিৰহৰ গান

সেউজীয়াৰ মিঠা বিষৰ অভিমান ।

কবিতা :: মাৰাং --- সমুজ্জ্বল ডেকা

সেমেকি সেমেকি টুপ্ টুপ্ সৰিল

চকুৰ বহল পতাত এজাঁক বনৰ হৰিণী চৰিল

বুকুখনিৰ ইপাৰ-সিপাৰ সোঁমাজেদি বোৱা নিজৰাৰ দুটি পাৰ;

মাৰাং অ' মাৰাং

তিয়াঁই তিয়াঁই জুৰোৱা মোৰ তীক্ষ্ণ উত্তাপিত পৰাণ ৷

গধূলিৰ শেৱালি ফুল গোন্ধতে আমোলমোল

টোপনি নাহে কি সাজে দুকাণত বাজি আছে

সুৰৰ ছন্দে-ছন্দে তোমাৰ হাঁহি কি যে গুণগুণ গুণগুণ ৷

(বি.দ্ৰ : মাৰাং শব্দৰ অৰ্থ হ'ল বৰষুণ ৷)

কবিতা :: তুমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা --- বিষ্ণু বড়া

আকৌ এবাৰ আহা আমাৰ মাজলৈ
তুমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা,
তোমাৰ কলমে শক্তি নিগৰাই
জাগ্ৰত কৰাহি
চহা কৃষক-বনুৱাক

‘নাঙল যাৰ, মাটি তাৰ’ এই শ্লোগানেৰে
আকৌ এবাৰ প্ৰতিবাদ কৰিবৰ হ'ল
দৰিদ্ৰ কৃষকৰ ওপৰত হোৱা
জমিদাৰী শোষণৰ

গোলামি কৃষকৰ পথাৰত
ভূমিৰ অধিকাৰৰ বীজ এমুঠি
আকৌ এবাৰ সিঁচি দিয়া।
তোমাৰ কেঁচা মাটি গোন্ধৰ কবিতা,
অসমীয়া জাতিৰ জয়গানৰ সংগীতেৰে
আকৌ এবাৰ জোকাৰি দিবৰ হ'ল,
প্ৰগতিবাদী ভাৱনাৰ অনুধাৱনৰ জৰী ডাল

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,781
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,704
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,321
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,120
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,703