Assamese Poetry

Assamese Poetry

কবিতা :: বিষন্নতা --- প্ৰদীপ দাস

এতিয়াও শেষ হোৱা নাই বৰষুণজাক !
যেন অনন্তকাললৈ পৰি থাকিব
টোপ টোপ কৈ...
ৰাতি শেষ হৈছে
দিন পাৰ হৈছে
দিন গৈ গৈ ৰাতি শেষ হৈ
নতুন পোহৰে পোহাৰ পাতিছে
অথচ বৰষুণজাক শেষ হোৱা নাই !
বৰষুণপ্ৰিয় মানুহ এজাকে
প্ৰথমকেইদিন আকাশলৈ মুখ এৰি
চিঞৰিছিল ফুৰ্তিত ,
কৃষকে হাঁহিছিল
ইঞ্জিনীয়াৰবোৰ কঁপিছিল
শ্ৰমিকৰ চৰুলৈ জুই যোৱা নাছিল !
হাঁহি
কান্দোন
আঘাত...
এইবোৰ বৰষুণে নাজানিছিল
বৰষুণজাক টোপ টোপ কৈ পৰিয়ে আছিল....
কবিয়ে বিষন্নতাৰ কাপ তুলি
আকাশলৈ চাইছিল
নাই

কবিতা :: কেনভাচ --- সোনমনি ৰাজ বৰুৱা

সপোনবোৰ থান-বান হৈ ভাঙিব ধৰিছে

সেউজীয়া পাহাৰখনৰ পৰা

জিৰ জিৰকৈ বৈ অহা পানী বোৰ

এতিয়া যেন স্তব্ধ হৈ পৰিছে ??

দূৰণিৰ শুকুলা আকাশখন

ক’লা ডাৱৰে আৱৰি ধৰিছে

অসহায় তাই আজি

দানৱ জাতি মানুহ বোৰে

তাইৰ কোমল দেহা তোৰ

সোৱাদ ল’ব ধৰিছে

তাই বাৰে বাৰে চিঞৰি উঠিছিল

মোৰ জীৱনটো এখন

কেনভাছৰে অঁকা ছবি নহয়

যাক মই মচি আঁকিম

এইটো মোৰ জীৱন

মই নোৱাৰিম আকৌ আঁকিব

এখন ৰঙীন ছবি ৷

কবিতা :: এজাক বতাহ বলিছে --- ৰাজিদুল ইছলাম

এজাক বতাহ বলিছে !

"প্রেমৰ বতাহ"

মোৰ হিয়াত উপচি পৰিছে ৷

হৃদয়ত থৰ থৰ কপনি হৈছে ৷

বলিয়া মনটোৱে,

ক্রমশ মাতাল হৈ পৰিছে

অন্তৰৰ টিঘিল ঘিলত

হুমিয়াই এটা সপোন,

অতি সন্তপর্নে,অতি নিৰৱে ৷

যিয়ে মোক লৈ যায়.....

গহীন বনলৈ অথবা

মাজ সাগৰৰ কোবাল সোঁতত !

যিয়ে মোৰ বাবে

প্রেমৰ সফুঁৰা জগায় !!

আৰু.....

সিয়েই নিশা মোক

প্রেমৰ গীত শুনাই ৷

আৰু কানে কানে কয়

তাই অবিহনে,

উদং হৈ ৰৱ বুকু !!

কবিতা :: স্মৃতিয়ে ৰিঙিয়াই --- ৰাজিদুল ইছলাম

স্মৃতিয়ে ৰিঙিয়াই...

সৌ সিদিনাৰ কথা !

তুমি আৰু মই !!

উইংগাৰত একেলগে

যাত্রা কৰাৰ সময়ত ৷

সেই মূহর্তত....

আনন্দ মূখৰ এটি বাস্তৱতা,

হৃদয়ত খুন্দিয়াই....

খিৰকীৰ মাজেৰে

সোমাই অহা বতাহ জাকে.....

তোমাৰ চুলি কোচা,

হালি-জালি কপাল খন

ঢাকি দিয়া,

আনন্দত মতলীয়া এটি মূহর্ত !

স্মৃতিয়ে ৰিঙিয়াই......

কবিতা :: শব্দহীন কবিতা --- দিলীপ কুমাৰ শৰ্মা

এখন উকা কাগজ
আৰু কিছু বহুৰঙী আক্-বাক্
নীলাৰ বুকুত শুকুলা মেঘৰ ধীৰ গতি
উদিত সূৰ্য্যৰ সেন্দুৰীয়া ফোঁট
মৌপিয়া চৰাইৰ ধেনুভিৰীয়া ঠোঁট
দিন-ৰাতি, ৰ'দ-বৰষুণ, স্বৰ্গ-মৰ্ত্য ...
সেউজীয়া পাহাৰৰ খলা-বমা
কংক্ৰিটৰ মায়াপুৰী...।

বহুৰঙী আক্-বাকেৰে
এখন জীৱন্ত ছবি ।
হৃদয়ৰ ছন্দময় অনুভূতি...
ছবিয়ে কথা কয়, গান গায়
মিচিকিয়াই হাঁহে, হিয়া উজাৰি কান্দে !
চুকে কোণে উৰি ফুৰে
সুখৰ সংজ্ঞা বিচাৰি
সাক্ষী হয় অলেখ বেদনাসিক্ত অন্তৰৰ ।

কবিতা :: হোলী --- জাহাঙ্গীৰ আলম

মলয়া বতাহ জাকে

গোপনে বিৰবিৰাকৈ আহি

কিবা এটি ক’লে মোৰ কাণেকাণে৷

ৰংবিৰঙৰ ৰঙেৰে লগৰীয়াহঁতৰ লগত

এক ৰোমাণ্টিক খেল খেলিলোঁ

যাৰ নাম হ'ল হোলী ৷

ৰংবিৰঙৰ ৰং সানি

নিজেই নিজকে যেন

চিনিব নোৱাৰা হৈ পৰিলোঁ ৷

ৰংবিৰঙৰ ৰঙৰ মুখা পিন্ধি

ফাকু খেলাৰ ছলনাৰে

মোৰ প্ৰেয়সীৰ ঘৰলৈ গৈ

অকণমান ৰং দিয়াৰ ছলনাৰে

কাণেকাণে কৈ পেলালোঁ

হৃদয়ৰ আঁৰেআঁৰে থকা

সমস্ত গোপন কথাবোৰ ৷

তেনেতে মোৰ প্ৰেয়সীয়ে ক’লে

তুমি মোৰ মৰমৰ জাননে ?

হয়,মইয়ে হয় প্ৰিয়া

তেনেতে আনন্দত আত্মাহাৰা হৈ

কেঁচা ৰঙৰ ৰঙেৰে

কবিতা :: সৃষ্টিৰ মহত্ত্ব --- জাহাঙ্গীৰ আলম

এক উন্নতমানৰ সৃষ্টিৰ আঁৰত
লুকাই থাকে এজন মহৎ লোক
যিয়ে ওৰে জীৱন এক সৃষ্টিৰ সন্ধানত
নিজৰ জীৱনক সমৰ্পিত কৰে
এক নতুন সৃষ্টিৰ নামত ৷

নতুন নতুন সৃষ্টিৰে
পৃথিৱীখনক আলোকিত কৰে
এইখন বসুন্ধৰাৰ বুকুত
নিজৰ সৃষ্টিশীল সৃষ্টিৰে
নিজৰ পৰিচয় দাঙি ধৰে ৷

নতুন সৃষ্টি অবিহনে
এইখন বসুন্ধৰাৰ বুকুখন
এদিন উকা হৈ সেমেকি যাব
আমিও কিজানি এদিন
চিঙি পেলাম ভাতৃত্ববোধৰ এনাজৰী ৷

নতুন নতুন সৃষ্টিৰে
বসুন্ধৰাৰ উকা বুকুখন
ৰংচঙীয়া আৰু সেউজীয়া হৈ পৰে
এক উন্নতমানৰ সৃষ্টিয়ে
সকলোকে এক মৰমৰ এনাজৰীৰে বান্ধে ৷

কবিতা :: নালাগে --- জাহাঙ্গীৰ আলম

নালাগে তোমাৰ মৰম
নালাগে তোমাৰ প্ৰেৰণা
তুমি বিহীন এই জীৱন
অকলশৰেই মই পাৰ কৰিম ৷

নালাগে তোমাৰ মিচিকিয়া হাঁহি
নালাগে তোমাৰ উষ্ম বুকুৰ পৰশ
নালাগে তোমাৰ সঁহাৰি
জীৱনৰ যাত্ৰাটো মই অকলেই পাৰ কৰিম ৷

নালাগে তোমাৰ মিছা প্ৰতিশ্ৰুতি
নালাগে তোমাৰ উকা বুকুৰ আলিংগন
নিজেই নিজকে সাৱটি ধৰি
নীৰৱে জীৱনটো পাৰ কৰিম ৷

তোমাৰ ছলনাত বিতৃষ্ণা হৈ
অকলশৰেই জীয়াই থকাৰ
এক কঠোৰ সিদ্ধান্ত ললোঁ
কাৰণ তুমিযে ছলনাময়ী ৷

কবিতা :: স্মৃতিৰ ৰোমন্থন --- সোণমণি গোহাঁই

স্তব্ধ সময়,স্তব্ধ ঠাই ,
বেদনাবোৰ কিন্তু বৈ গৈ আছে,
নৈৰ পানীৰ দৰে
কেতিয়াবা,
বতাহৰ দৰে ।

মৰমবোৰ আঘাত হৈ ভিতৰি ভিতৰি
কোঙা কৰি পেলাইছে
জীয়াই থাকিব বিচৰা মনটোক ;

আৰু হৃদয়খন !
সমাধিস্থ সিদিনাৰ চকুৰ বানত ।

কবিতা :: জীৱন --- সোনমনি ৰাজ বৰুৱা

এইয়াই নেকি জীৱন …?

পোৱাবোৰ হেৰুৱাই

নোপোৱাবোৰ পাবলৈ

জীৱনৰ সৈতে যুঁজি থকা

দুখৰ হিমনাত ৰৈ

হুমুনিয়াহ কঢ়া

দুখৰ ভাৰ লৈ

ৰৈ আছোঁ মই

জীৱনৰ সন্ধিয়া বেলাত

দুখৰ বন্যাত উঠি যাবলৈ

এটি পথৰ অপেক্ষাত … !!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,788
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,523
শিতান: প্ৰবন্ধ
মুঠ পঢ়ুৱৈ সংখ্যা:2,202
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,707
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,558
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:151