Assamese Romantic Poem

Assamese Romantic Poem

কবিতা :: যন্ত্ৰণা --- ধীৰাজ কলিতা

যন্ত্ৰণাই হেচামাৰি ধৰা বুকুখনত
তোৰ অকণমান সহাঁৰিয়ে
সাহস দিছিল বাস্তবৰ লগত
একেলগে খোজ দিবলৈ ।
কিন্তু.....

সেই হাঁহি মুখৰ উৎফুল্লিত বাসনাক
আজুৰি কাঢ়ি নিলে নিষ্ঠুৰ নিয়তিয়ে

সঁচাই সময় বৰ নিষ্ঠুৰ....

বিশেষ একোকে দেখোন বিচৰা নাছিলো তোৰ পৰা
মাত্ৰ বিচাৰিছিলো এবুকু সঁচা মৰম
আৰু মোৰ বাবে তোৰ কিছু সময়......
কিন্তু মোৰ উকা কপালত সেইয়া যেন এক
কাল্পনিক সপোন হৈ ৰ’ল

কবিতা :: স্মৃতি --- সোনমনি ৰাজ বৰুৱা

আপোনজনৰ পৰা আঁতৰি থাকি

কোনে কয় সুখী হ’ব পাৰি

প্ৰতিটো দিনেই যেন নাযায় নোপোৱায় ৷

দুচকুত … ??

অহৰনিশে ভাঁহি ফুৰে

অতীতৰ জালিকটা

স্মৃতিবোৰে ৷

দুহাত মেলিলেই শূণ্যতাবোৰ উলমি

পৰেহি মোৰ আঙলিৰ ফাঁকত

হৃদয়ৰ চাৰিকৰিয়াই

উচুপি থাকে … ???

তেওঁৰ স’তে কটোৱা সেই

ৰঙীন আবেলিবোৰ বিচাৰি ৷

কবিতা :: মৰমৰ পাহিবোৰ যে মৰহি গ'ল --- সোণমণি গোহাঁই

তেওঁৰ স'তে মোৰ দূৰত্ব...

বহুত নাছিল, একেটা কোঠাৰ দুটা চুক ।

তথাপিও...

অতিক্ৰম কৰাৰ সাহস যে কাৰো নহ'ল।

মানুহ কেনেকৈ ইমান নিৰ্বিকাৰ হ'ব পাৰে ???

মই...

আগত মই আছিলোঁ

ইপাহ সিপাহ ফুলত উৰি ফুৰা

এজনী চঞ্চল পখিলা,

আৰু এতিয়া ?

কাৰাবন্দী নিৰৱতাৰ আৱৰ্তত,

তেওঁ যে নিৰৱ!

আচলতে তেওঁ নিৰৱ নাছিল,

আছিল নিবোকা ।

তেওঁ নিবোকা হোৱাৰ বাবেই

মৰহি গৈছিল মোৰ-তেওঁৰ আৰু

আমাৰ ঘৰদুখনৰ জীৱন ।

অতীতৰ সপোনত তেওঁ তেতিয়াও মগ্ন আছিল

অথচ সমাজৰ সাক্ষীত আছিলোঁ

মই তেওঁৰ বৰ্তমান ।

কবিতা :: মই যে অসহায় --- মহিদুল ইছলাম বুলবুল

অভিমানে য’ত বাগৰ সলাই

তাতেই নিশা এটাই হুমনিয়াহ কাঢ়ে

কৃত্ৰিম চহৰখনে হাত বাউলি মাতে

নিশাৰ নিৰৱতাক...

ক্ৰমশঃ শেষ হ’ব ধৰে

দুচকুৰ যাউতিযুগীয়া সপোন..

কবিতা :: তুমি মোৰ নোহোৱা --- নয়নজ্যোতি দাস

নীৰৱতা তাইৰ বিলাস !

নহয়..., নহয়...।

কথাৰ ছন্দেৰে মোৰ হৃদয়ৰ দলিচাত

তাই আল্পনা আঁকে ।

তাই আঁচুফুল হৈ ফুলে

জোনাকী মনৰ ঠিকনা তাই নাজানে ।

জীৱন বিলাসৰ সপোন দেখে ।

উদাস দুচকু কাজলেৰে ঢাকে।

তাইৰ বাবে মই আনমনা সপোন এটি হৈ ৰওঁ

তাই মোৰ নহয়

তথাপি তাইক ভালপাওঁ বুলি কওঁ ।।

কবিতা :: তোমাক মই ভাল পাব নোৱাৰোঁ --- পংকজ ৰাজ কলিতা

নৈ পাৰৰ শিমলু জোপাৰ আঁৰত

থিয় হৈ তোমাক মই চাব পাৰোঁ

ঘৰমুৱা বেলিৰ হেঙুলীয়া কিৰণে

হেঙুলীয়া কৰি তোলা তোমাৰ

চুলিতাৰিৰ প্ৰেমত মই পৰিব পাৰোঁ

তোমাক সপোনত দেখি নিজক

সুখী কৰিব পাৰোঁ

কিন্তু তোমাক মই ভাল পাব নোৱাৰোঁ

কাৰণ তোমাক দিবলৈ মোৰ

আন একো নাই আছে মাথোঁ

এখন কঙাল হৃদয় যি তোমাৰ

প্ৰেমক ধৰি ৰাখিবলৈ অসমৰ্থ ।

কবিতা :: অৱশেষ --- নয়নজ্যোতি দাস

আপোন বতাহ জাক
আহে আৰু উভতি যায়

ভাৱনাৰ সূতাডাল কঁপি কঁপি থৰ লাগে ।

আৰম্ভণি বোৰ শেষ হয়,
আৰু শেষ বোৰ স্বাভিমানী হৈ উভতি আহে

সন্দেহ বোৰ সলনি হয়,
শেষ নহয় ।

তথাপি তোক ভালপাওঁ (সন্দেহ নাই)
তইটো মোৰ জীৱন,
মোৰ স্বাভিমান ।

কবিতা :: তুমি আহিছিলা --- সুমন দত্ত

তুমি আহিছিলা
মোৰ সপোনত
যেতিয়া শেৱালি ফুলি
তল সৰিছিল…

তুমি আহিছিলা
অতি গোপনে গুজি দিছিলা
প্ৰেমৰ এটি বীজ
মোৰ উকা হৃদয়ৰ চোতাল খনত…

আহিছিলা তুমি
কুঁৱলিৰ ফাঁকে ফাঁকে
আনিছিলা তোমাৰ
সেমেকা চুলিৰ মাদকতা..

আৰু মই কেৱল
তধা লাগি চাই ৰ’লো
শৰৎৰ চন্দ্ৰকো পিছপেলোৱা
তোমাৰ অতুলনীয়তাক…

তুমি আহিছিলা
এজন চিত্ৰকৰৰ
তুলা চালনীৰ যেন
অমৰ সৃষ্টিহৈ…
তুমি আহিছিলা
হৃদয়ৰ প্ৰতিতো ভাজত
তোমাৰ নামটি
লিখিবলৈ…

কবিতা :: ৰুমালখন --- সীমান্ত বৰদলৈ

কোনোবা এটা উৰুঙা বসন্তত
ৰুমালখন এৰি আহিছিলা
শূণ্য চকীখনত।
ৰুমালখন উৱলি গ’ল
ৰুমালখন হেৰাই গ’ল ।

ৰুমালত লাগি থকা পাৰফিউমৰ গোন্ধটোৱে
মোক প্ৰায়েই লৈ গৈছিল সেই বাগিচাখনলৈ
যাৰ ফুলবোৰে মোক কোনোদিনে উপলুঙা কৰা নাছিল।
বাগিচাখনলৈ গ’লেই ফুলবোৰ জীপাল হৈ উঠে
ফুলবোৰ যেন একো একোখন ৰঙীন ৰুমাল ।

ৰুমালখনৰ অবিহনে পাৰ হৈ গ’ল কেইবাটাও বসন্ত
ৰুমালখন উৱলি গ’ল
ৰুমালখন হেৰাই গ’ল
ৰুমালখনৰ গোন্ধটো নাকত লগা যেন পাঁও
উভতি যাঁও বাগিচাখনলৈ হেৰুৱা বসন্তবোৰক বিচাৰি ।

কবিতা :: কোন নো তুমি ? --- ভাৰ্গব বৰমুদৈ

জোনৰ পোহৰত ৰিম-জিম কৈ

আহিলা মোৰ বুকুলৈ

চিক-মিক কৈ দূপৰ ৰাতি

আহিলা মোৰ বুকুলৈ

আকাশত জিলিকি থকা তৰাবোৰৰ দৰে

তোমাৰ যে মূখখনি জোনৰ দৰে

নিয়ৰত তিতি বুৰি কম নেকি

কোন নো তুমি ?

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,721
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:134
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,616
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,703
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:82