Assamese Sad Poem

Assamese Sad Poem

কবিতা :: মই দেখোন অকলশৰীয়া --- ৰাজিদুল ইছলাম

কাৰ বাবে, কিহৰ বাবে

মই এতিয়ালৈকে

ইয়াতেই ৰৈ আছো ৷

কি কৰিম ইয়াতে ?

সকলো দেখোন

গুছি গৈছে......

ইয়াৰ পৰা !

মই আচলতে কি ??

এতিয়াওঁ যে,

ৰৈ আছো.....

কাৰ অপেক্ষাত

কিহৰ আশাত,

মই দেখোন অকলশৰীয়া ৷

কবিতা :: নালাগে --- জাহাঙ্গীৰ আলম

নালাগে তোমাৰ মৰম
নালাগে তোমাৰ প্ৰেৰণা
তুমি বিহীন এই জীৱন
অকলশৰেই মই পাৰ কৰিম ৷

নালাগে তোমাৰ মিচিকিয়া হাঁহি
নালাগে তোমাৰ উষ্ম বুকুৰ পৰশ
নালাগে তোমাৰ সঁহাৰি
জীৱনৰ যাত্ৰাটো মই অকলেই পাৰ কৰিম ৷

নালাগে তোমাৰ মিছা প্ৰতিশ্ৰুতি
নালাগে তোমাৰ উকা বুকুৰ আলিংগন
নিজেই নিজকে সাৱটি ধৰি
নীৰৱে জীৱনটো পাৰ কৰিম ৷

তোমাৰ ছলনাত বিতৃষ্ণা হৈ
অকলশৰেই জীয়াই থকাৰ
এক কঠোৰ সিদ্ধান্ত ললোঁ
কাৰণ তুমিযে ছলনাময়ী ৷

কবিতা :: স্মৃতিৰ ৰোমন্থন --- সোণমণি গোহাঁই

স্তব্ধ সময়,স্তব্ধ ঠাই ,
বেদনাবোৰ কিন্তু বৈ গৈ আছে,
নৈৰ পানীৰ দৰে
কেতিয়াবা,
বতাহৰ দৰে ।

মৰমবোৰ আঘাত হৈ ভিতৰি ভিতৰি
কোঙা কৰি পেলাইছে
জীয়াই থাকিব বিচৰা মনটোক ;

আৰু হৃদয়খন !
সমাধিস্থ সিদিনাৰ চকুৰ বানত ।

কবিতা :: নিষ্ঠুৰ প্ৰিয়তমা --- জাহাঙ্গীৰ আলম

ভবা নাছিলো কাহানিও মই
তুমি যে পেলাই থৈ যাবা
অকলে মোক অথাই সাগৰত ৷

এতিয়া আছো মই অকলে
এটি নিজান দ্বীপৰ মাজত
লগত আছে মাথোঁ মোৰ
তোমাৰ স্মৃতিৰ চাদৰখন ৷

ইমান নিষ্ঠুৰ হ'লা তুমি কেনেকৈ
ভবা নাছিলো কাহানিও মই
ভাবিচানে এবাৰ তুমি
তোমাৰ অবিহনে থাকিম কেনেকৈ ?

তুমি দিয়া গীতৰ কলিবোৰ
বুকুৰ মাজত বুলাই লৈ
অনুভৱ কৰি আছো মই
শত শত মুকুতাৰ স্পশ’ ৷

কবিতা :: মৰমৰ পাহিবোৰ যে মৰহি গ'ল --- সোণমণি গোহাঁই

তেওঁৰ স'তে মোৰ দূৰত্ব...

বহুত নাছিল, একেটা কোঠাৰ দুটা চুক ।

তথাপিও...

অতিক্ৰম কৰাৰ সাহস যে কাৰো নহ'ল।

মানুহ কেনেকৈ ইমান নিৰ্বিকাৰ হ'ব পাৰে ???

মই...

আগত মই আছিলোঁ

ইপাহ সিপাহ ফুলত উৰি ফুৰা

এজনী চঞ্চল পখিলা,

আৰু এতিয়া ?

কাৰাবন্দী নিৰৱতাৰ আৱৰ্তত,

তেওঁ যে নিৰৱ!

আচলতে তেওঁ নিৰৱ নাছিল,

আছিল নিবোকা ।

তেওঁ নিবোকা হোৱাৰ বাবেই

মৰহি গৈছিল মোৰ-তেওঁৰ আৰু

আমাৰ ঘৰদুখনৰ জীৱন ।

অতীতৰ সপোনত তেওঁ তেতিয়াও মগ্ন আছিল

অথচ সমাজৰ সাক্ষীত আছিলোঁ

মই তেওঁৰ বৰ্তমান ।

কবিতা :: প্ৰতিশ্ৰুতি --- জাহাঙ্গীৰ আলম

হাতৰ ওপৰত হাত ৰাখি তুমি
মোক দিছিলা প্ৰতিশ্ৰুতি
কাহানিও ন’হও বিচ্ছেদ দুয়ো
বাছি থাকো যদি ।

প্ৰতিশ্ৰুতিৰ সময়ত তুমি বুকু উজাৰি
ব্যাক্ত কৰিছিলা প্ৰেমৰ অনুভূতি
তুমি বিনে নাই কেও মোৰ
এই বিশাল পৃথিৱীত ।

আছেনে মনত তোমাৰ ? তুমি দিয়া কথাটি
দুয়ো হ'ম চিৰ সুখী এই বিশাল পৃথিৱীত
জীৱনৰ বাটত কোনো বাধাক প্ৰশ্ৰয় নিধি
আগুৱাই যাম দুয়ো হাতত হাত ধৰি ।

জীৱনৰ আধা বাটতেই আজি তুমি
পাহৰি গ'লা নেকি ? সকলো প্ৰতিশ্ৰুতি
জানানে তুমি ? তোমাৰ অবিহনে
অকলশৰীয়া জীৱনটো কটাম মই কি দৰে ।

কবিতা :: আধৰুৱা সপোন --- জানকী ৰায়

নুবুজিলো কেতিয়াও
হয়তো নোৱাৰিলো বুজাব
অথচ দিনে নিশাই প্ৰতিপল
অহৰহ বৈ থাকে
তোমাৰেই ভাবনা হৃদয়ত ।

নিষ্ঠুৰ তুমি নে মোৰ সময় ?
তোমাৰ নিচিনাকৈ মোৰো দেহত
শিৰে শিৰে ৰক্তকণা বৈ
দেহৰ ভাজে ভাজে
দূখ ভাগৰ, শোক চিন্তাই
অহৰ্নিশে তোমাৰো বাগৰ সলায়
কিন্তু কিয় আজি ইমান দুৰ্বল মোৰ অনুভৱ
চিগো বুলিয়েই জানো চিগিব পাৰি
হৃদয়ৰ বান্ধোন !

দেখিছিলো জানা মইওঁ
তোমাৰ দুচকুতে এটি সজল সপোন
সাজিছিলো মৰমৰ ঘৰ
তুমি .... মই .... আৰু আমি .... !

কবিতা :: তুমি মোৰ নোহোৱা --- নয়নজ্যোতি দাস

নীৰৱতা তাইৰ বিলাস !

নহয়..., নহয়...।

কথাৰ ছন্দেৰে মোৰ হৃদয়ৰ দলিচাত

তাই আল্পনা আঁকে ।

তাই আঁচুফুল হৈ ফুলে

জোনাকী মনৰ ঠিকনা তাই নাজানে ।

জীৱন বিলাসৰ সপোন দেখে ।

উদাস দুচকু কাজলেৰে ঢাকে।

তাইৰ বাবে মই আনমনা সপোন এটি হৈ ৰওঁ

তাই মোৰ নহয়

তথাপি তাইক ভালপাওঁ বুলি কওঁ ।।

কবিতা :: প্ৰেম-প্ৰগলভ-প্ৰতাৰণা আৰু অন্যান্য --- মিৰাজ জুলফিক্কাৰ ৰহমান

মই নাজানো প্ৰেমৰ
কিমান গভীৰতাত
মৌনতাই কথা কয়..।
মই নাজানো প্ৰতাৰণা
আৰু বিচ্ছেদৰ যন্ত্ৰণাৰ
অনুভৱ কেনেকুৱা হয়।
মই নাজানো,মই দেখা নাই।

শুনিছো প্ৰেমে হেনো
জীৱনক সুন্দৰ কৰে..।
বাস্তৱত মই তাৰ প্ৰতিফলন
দেখা নাই মই নাজানো।
মই কোনো দেহজ প্ৰেমৰ
কথা কোৱা নাই...
কিম্বা...
আধুনিকতাৰ বাঢ়নী পানীৰ
সোঁতৰ দৰে বাঢ়ি অহা প্ৰেম

কবিতা :: নিসংগ মোৰ জীৱনটো মৰিশালি --- বিষ্ণু বড়া

স্মৃতিৰ চিতাত জ্বলাই দিয়া নহ’ল
তুমি আৰু মই অঁকা ছবিখন
কাৰণ মই ভাল নাপাওঁ মৰিশালি
ভাল নাপাওঁ ধোঁৱাই আৱৰা আকাশ
বিচাৰিছোঁ মাথোঁ প্ৰাণমুক্তিৰ বিচনা

জ্বলাই দিয়া নহ’ল
মোৰ অতীতৰ সেউজীয়া ৰং
এতিয়া সেউজীয়াবিহীন জয়াল হৃদয়ৰ একোণত
প্ৰেতাত্মাৰ উদ্মাদ নৃত্যৰ জুণুক জুণুক নুপুৰৰ ধ্বনি ,
মই এতিয়া প্ৰেমিক চিৰ নিদ্ৰাৰ
নিসংগ মোৰ জীৱনটো মৰিশালি .....।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:134
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,721
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,616
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,703
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:145