Axomiya Kobita

Axomiya Kobita

কবিতা :: শব্দহীন কবিতা --- দিলীপ কুমাৰ শৰ্মা

এখন উকা কাগজ
আৰু কিছু বহুৰঙী আক্-বাক্
নীলাৰ বুকুত শুকুলা মেঘৰ ধীৰ গতি
উদিত সূৰ্য্যৰ সেন্দুৰীয়া ফোঁট
মৌপিয়া চৰাইৰ ধেনুভিৰীয়া ঠোঁট
দিন-ৰাতি, ৰ'দ-বৰষুণ, স্বৰ্গ-মৰ্ত্য ...
সেউজীয়া পাহাৰৰ খলা-বমা
কংক্ৰিটৰ মায়াপুৰী...।

বহুৰঙী আক্-বাকেৰে
এখন জীৱন্ত ছবি ।
হৃদয়ৰ ছন্দময় অনুভূতি...
ছবিয়ে কথা কয়, গান গায়
মিচিকিয়াই হাঁহে, হিয়া উজাৰি কান্দে !
চুকে কোণে উৰি ফুৰে
সুখৰ সংজ্ঞা বিচাৰি
সাক্ষী হয় অলেখ বেদনাসিক্ত অন্তৰৰ ।

কবিতা :: সৃষ্টিৰ মহত্ত্ব --- জাহাঙ্গীৰ আলম

এক উন্নতমানৰ সৃষ্টিৰ আঁৰত
লুকাই থাকে এজন মহৎ লোক
যিয়ে ওৰে জীৱন এক সৃষ্টিৰ সন্ধানত
নিজৰ জীৱনক সমৰ্পিত কৰে
এক নতুন সৃষ্টিৰ নামত ৷

নতুন নতুন সৃষ্টিৰে
পৃথিৱীখনক আলোকিত কৰে
এইখন বসুন্ধৰাৰ বুকুত
নিজৰ সৃষ্টিশীল সৃষ্টিৰে
নিজৰ পৰিচয় দাঙি ধৰে ৷

নতুন সৃষ্টি অবিহনে
এইখন বসুন্ধৰাৰ বুকুখন
এদিন উকা হৈ সেমেকি যাব
আমিও কিজানি এদিন
চিঙি পেলাম ভাতৃত্ববোধৰ এনাজৰী ৷

নতুন নতুন সৃষ্টিৰে
বসুন্ধৰাৰ উকা বুকুখন
ৰংচঙীয়া আৰু সেউজীয়া হৈ পৰে
এক উন্নতমানৰ সৃষ্টিয়ে
সকলোকে এক মৰমৰ এনাজৰীৰে বান্ধে ৷

কবিতা :: জীৱন --- সোনমনি ৰাজ বৰুৱা

এইয়াই নেকি জীৱন …?

পোৱাবোৰ হেৰুৱাই

নোপোৱাবোৰ পাবলৈ

জীৱনৰ সৈতে যুঁজি থকা

দুখৰ হিমনাত ৰৈ

হুমুনিয়াহ কঢ়া

দুখৰ ভাৰ লৈ

ৰৈ আছোঁ মই

জীৱনৰ সন্ধিয়া বেলাত

দুখৰ বন্যাত উঠি যাবলৈ

এটি পথৰ অপেক্ষাত … !!

কবিতা :: যন্ত্ৰণা --- ধীৰাজ কলিতা

যন্ত্ৰণাই হেচামাৰি ধৰা বুকুখনত
তোৰ অকণমান সহাঁৰিয়ে
সাহস দিছিল বাস্তবৰ লগত
একেলগে খোজ দিবলৈ ।
কিন্তু.....

সেই হাঁহি মুখৰ উৎফুল্লিত বাসনাক
আজুৰি কাঢ়ি নিলে নিষ্ঠুৰ নিয়তিয়ে

সঁচাই সময় বৰ নিষ্ঠুৰ....

বিশেষ একোকে দেখোন বিচৰা নাছিলো তোৰ পৰা
মাত্ৰ বিচাৰিছিলো এবুকু সঁচা মৰম
আৰু মোৰ বাবে তোৰ কিছু সময়......
কিন্তু মোৰ উকা কপালত সেইয়া যেন এক
কাল্পনিক সপোন হৈ ৰ’ল

কবিতা :: মই যে নষ্ট কবি --- মহিদুল ইছলাম বুলবুল

ৰাতিপুৱাৰ কুঁৱলি বোৰক
নকবা সুখৰ সাধু
লাজত গোলাপৰ পাহিবোৰ দোঁ খাব।
অতীতৰ সাধুকথা।
দুখৰ হুমুনিয়াহ।

প্লিজ...
নাহিবা মনৰ পৰিসীমালৈ আকৌ
পাৰ হৈ নাযাবা মোৰ পদূলিৰে
কেৰাহিকৈও নাচাবা মোলৈ
মা কছম্
মাতাল হৈ যাম আকৌ এবাৰ
তোমাৰ প্রেমত
হৃদয়ত বাজি উঠিব
প্রেমৰ বীণ।

জানাই দেখোন
মই নষ্ট কবি।

কবিতা :: ফাগুনৰ বতৰা --- দিলীপ কুমাৰ শৰ্মা

ধূসৰ উদং পথাৰত
সেন্দুৰ সনা ৰঙৰ
পোহাৰ লৈ
তুমি পলাশ ।
লঠঙা গছবোৰৰ ডালে ডালে
পছোৱা বতাহে সিঁচি দিয়ে
তোমাৰেই ৰং ...

শুকান পথাৰৰ
আলিয়ে আলিয়ে
চিনাকী সুৰৰ মাজত
তুমি ফাগুনৰ পলাশ ।
উন্মনা প্ৰেমিকাৰ
ধমনীৰ চালিকা শক্তি
হৃদয়ৰ ৰং...

তুমি উতনুৱা ফাগুনৰ পলাশ
তোমাৰ ৰঙেৰে
ৰাঙলী হয়
সন্ধিয়াৰ বিস্তৃত পৰিধি ।
মৌন আকাশে মিচিকিয়াই হাঁহে
নিলাজ সময়ে সখীৰ সতে
আলিঙ্গন কৰে
সৰা পাতবোৰে প্ৰাণ পায় ।

কবিতা :: পথভ্ৰষ্টৰ কবিতা --- অৰ্চনা জি. শইকীয়া

অনুগ্ৰহ কৰি মোক মোৰ ঠিকনা নুসুধিব..
ক্লেদময় পিছলাঘাটত মই
কাহানিবাই হেৰুৱাই পেলাইছো
মোৰ ভাল লগা- ভালপোৱা।

মোৰ তিক্ত ঘামত লাগি
আহত জোনাকীকেইজনীও অপাৰগ,
নোৱাৰে দিব মোৰ ঠিকনা।

মোৰ মন-মগজুত লাগি থকা
ঘাঁ বোৰৰ বিষপানী খাই
মই জীয়াই আছোঁ।

তেজ বুলিবলৈ মোৰ গাত
পুখুৰীৰ ঘোলাপানী।

এটুকুৰা বায়ুত দুটা নিশাহ নিদিয়াকৈ
সেউজীয়াই নীলাই মই বাগৰি ফুৰোঁ।

ক'ত পাব আপুনি মোৰ ঠিকনা!!
গৰমত পুখুৰী,
ঠাণ্ডাত জ্বলাই দিয়া খেৰৰ দ'ম
বৰষুণত কাঠফুলাৰ পৃথিৱী;
প্ৰতিনিয়ত সলনি হয় মোৰ ঠিকনা।

কবিতা :: সাম্প্ৰতিক --- দীপংকৰ শৰ্মা

কাৰ বুকুৰ এন্ধাৰ নাশিবলে
কোন জ্বলিল
কাৰ জীৱনৰ স’তে কাক সাঙুৰি
গাভৰু হ'ল পৃথিৱী
মাতৃ হ'ল নদী

আকাশ কঁপাই
উৰি অহা চিলনী জাকৰ কোলাহলত
নিঃস্বৰ চিৎকাৰ
ঈশ্বৰে নকটা বাটত সময়ৰ হুংকাৰ
মুখা পিন্ধা সমাজত
মানৱতাৰ সাঁথৰ

তুমি মই আমি কেন্দ্ৰীভূত
বিকেন্দ্ৰীকৰণৰ তৰাং চিন্তাৰে -----

কবিতা :: প্ৰাচীন কালৰ নাৰী --- জাহাঙ্গীৰ আলম

প্ৰাচীন কালৰ নাৰীয়ে

আজিও পৰাম্পৰাগত পোছাকৰ মান ৰাখিছে

পৰাম্পৰাগত পোছাকেই

নাৰীৰ সৌন্দৰ্য্যক আঁৱৰি ৰাখে।

চকুত কাজল পিন্ধনত শাৰী

তেতিয়াহে লাগে নাৰী অতি শুৱনি |

প্ৰাচীন কালৰ নাৰীক |

নালাগে গাড়ী নালাগে সম্পত্তি

নালাগে গহনা নালাগে অট্টালিকা |

নালাগে বিউটি পাৰ্লাৰ নালাগে ফেমেলী ৰেষ্টুৰেণ্ড

লাগে মাঁথো জনম জনমৰ এক প্ৰতিশ্ৰুতি,

যি প্ৰতিশ্ৰুতিয়ে জীৱনৰ যাত্ৰাটো সৰল কৰে

দৈনন্দিন জীৱনত সুখৰ বাৰ্তা কঢ়িয়াই আনে ।

কবিতা :: ভোগালী --- বিক্ৰম কলিতা

শীতৰ ঠৰঙাবোৰ ভেদি

আহিছে লাহে-লাহেকৈ

ভোগৰ উৎসৱ ভোগালী,

উদং পথাৰখনেও যেন

শীতৰ মেলা পাতিছে।

ভৰি পৰিছে আটকধুনীয়া মেজিৰে

ডেকা-গাভৰুৰ গাত তত নাইকিয়া

শুকান খেৰ-নৰা বিচাৰি মেজি সাঁজি

ভোগৰ উৎসৱক আদৰিবলৈ।

আইৰ আখল উভৈনদী

চিৰা-সান্দহ-পিঠাগুড়ি

ভোগ-বিলাসৰ সামগ্রীৰে।

কোনে কি কৰিব কি নকৰিব

সেইলৈয়ে সকলো ব্যস্ত,

চুবুৰীয়ে চুবুৰীয়ে ঢেঁকী-উড়ল

শব্দই ৰজনজনাই গৈছে।

উৰুকাৰ নিশা সকলোৱে মিলি

হাঁহে-মাহে এসাজ ভোজ-ভাত খাম,

ল’ব লাগিব মাটি মাহৰ সোৱাদ

খাব লাগিব মোৱা আলুৰ মিঠা

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:134
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,721
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:82
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:209
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,531