গল্প

দত্ত অফিচলৈ যাবলৈ ওলাইছেহে এনেতে আহিল বেয়া খবৰটো । বৰুৱাৰ লৰাটোৰ বাইক এক্সিডেন্ট হ'ল । অৱস্থা সংকট জনক । গুৱাহাটীলৈ নিছে । অল্পভাষী মৰমিয়াল বৰুৱাৰ দৰে লৰাটো নহল ।কলেজ যোৱাৰ লগে লগে বাইক লাগিব বুলি কিমানযে হাল্লা লগাইছিল লৰাটোৱে । অৱশেষত উপায় নাপায় বাপেকে বাইক কিনি দিব লগীয়া হৈছিল । আৰু তাৰ পৰিণতিত এই বেয়া খবৰ শুনিব লগা হ'ল । আজি দিনটো একো এটা মুখত দিয়া নাই বৰুৱাই । কাৰো লগত একো কথা পতা নাই । থমথমকৈ একে ঠাইতে বহি আছে । মানহটোক দেখি বৰ দুখ লাগিল দত্তৰ । হেজাৰ হলেও নিজৰেই সন্তান । বাইকখন কিনিবৰ বাবে বৰুৱাই কিমানযে মাথা মাৰিব লগীয়া হৈছিল । ছোৱালী জনীৰ বাবে ফিস্কড্ ডিপজিট কৰি থোৱা টকা কেইটাৰে বাইক কিনি দিছিল লৰাটোক ।লৰাটোৰ উৎপাত আৰু অশান্তি দেখি ছোৱালী জনীয়েই দেউতাকক বাইক কিনিবলৈ কৈছিল । এৰা সি যদি ছোৱালী হৈ জন্মিল হয় আজি এই খবৰ শুনিব লগীয়া নহল হয় । তাৰ জ.........

   October 03, 2016
 

এক বিশেষ কায়দাৰে কেঁচিখনৰ গুৰিফালে থকা ফুটা দুটাৰ এটা ফুটাত সোঁহাতখনৰ বুঢ়া আঙুলিটো আৰু আনটো ফুটাত অনামিকা আঙুলিটো সোমোৱাই লৈ ওখ চকীখনত এজন জীৱিত মানুহক মৃত মানুহ এজনৰ দৰে বহুৱাই তেওঁৰ চাৰিওফালে ঘূৰি ঘূৰি দীঘল আৰু অসমান হৈ থকা চুলিবোৰ সমান কৰিবলৈ যেতিয়া সি চেষ্টা কৰে , সেই সময়ত তাৰ মনলৈ সামান্য ভাৱ এটাও নাহে যে সমাজত তাৰ পৰিচয় এজন নাপিত । 'কৰ্মই ধৰ্ম' বুলি কোৱা কথাষাৰিৰ আঁত ধৰি এটা যন্ত্ৰৰ দৰে সি কেৱল কৰি যায় নিজৰ কাম । এনেকুৱা সময়তে কেতিয়াবা হাতত কম সময় থকা ব্যস্ত মানুহ এজন আহি ওলাইহি আৰু তালৈ চাই প্ৰশ্ন কৰে - : ভাইটি , হ'বনে এতিয়া ? আৰু কেইজন আছে ? : দুজন । - মানুহজনলৈ নোচোৱাকৈয়ে চিৰাচৰিত উত্তৰটো দি সি হাতৰ কেঁচিখন ওখ চকীখনত বহি থকা মানুহজনৰ মূৰৰ ওপৰত এৰি দিয়ে । দৈনিক বিশ-পঁচিশজন মানুহৰ আগমন ঘটা তাৰ চেলুনখনৈ কেতিয়াবা দুই- এজন নতুন গ্ৰাহক আহে । তিনি আলিটো.........

   July 30, 2016
 

প্ৰিয়তম , সেই নূপুৰ পিন্ধি ভাল পোৱা, শৰতৰ হিমচেঁচা নিয়ৰ গচকি ভাল পোৱা ছোৱালী জনী আজিও কেনে আছে তুমি জানানে ? সুদীর্ঘ কিমানটা যেবছৰ ! বহু যন্ত্ৰণাৰ মাজেৰে জীয়াই থকা ছোৱালী জনীক এবাৰো চাবৰ মন নাযায় নে ? মনৰ কোনোবা এটা কোণত তুমি আজিও মোৰ হৈ আছা । ক'তবাৰ পাহৰিব খুজিও পাহৰিব নোৱাৰিলোঁ । তুমিও চোন নোৱাৰিলা । তোমাৰ প্ৰতি থকা সেই মৰম ভালপোৱা আজিও আগৰ দৰেই যতনাই থৈছোঁ । চকুৰ আতৰ হলেও মন আতৰ নহ'ল জানা । আৰু তুমি ? প্ৰিয়তম, তোমাৰ প্ৰতিটো ফেচবুকৰ ষ্টেটাছ মই পঢ়ি যাওঁ তুমি গম নোপোৱাকৈ । তোমাৰ প্ৰতিটো শব্দতেই মই শেৱালি জনী হৈ জী উঠো প্ৰতি পল । প্ৰিয়তম, বহু কথাই কবলৈ থাকিল । প্ৰিয়তম, তোমাৰ অনুভৱত মোক অলপ জীয়াই থাকিব দিবা নে ? চুই চাব দিবানে ? তুমি যে এদিন লিখিছিলা, " পুৱাৰ হীম চেঁচা বতাহজাকে বুকুত বৰকৈ আঘাত হানিছিল । কানে কানে কৈ গৈছিল, তুমি বৰ অকলশৰীয়া ।" কিমান যে দ.........

   December 30, 2015
 

পাহৰণি আৰু বিস্মৃতিৰ গর্ভত পোত খাই থকা সকলোবোৰক স্থান আৰু সময়েহে যেন নিয়ন্ত্ৰণ কৰে।কিয়?কেনেকৈ?কাৰ বাবে? আদি হাজাৰটা প্ৰশ্ন জীৱনক লৈ।বুজা নুবুজাৰ সাথৰতে শেষ হৈ যায় ভাৱনাবোৰ।মনৰ মাজতে আৱেগ আৰু বিবেকৰ মৌনযুদ্ধখন এনিটাইম বিহ্বল হৈ থাকে।সুখ-দূঃখৰ তর্জুখনত হাঁহি কান্দোনৰ জোখ মাপ।আৰু সময়ৰ অবিশ্ৰান্ত গতিত নির্বাকিত সহযাত্ৰী হওঁ আমিবোৰ।এইবোৰেই যেন জীৱন। “কেনে আছে সকলোবোৰ?মোক বাৰু আগৰদৰেই দেখিব নে?“বাৰে বাৰে একেই গতানুগতিক প্ৰশ্ন।ক্ষান্ত গতিৰে বেলিটি ক্ৰমশঃ হেঙুলীয়া হ‘বলৈ ধৰিছে।চিনাকী অসমৰ অচিনাকী বতাহ।অনুকম্পাৰে ভৰা মৃদু লহৰে হৃদয় কঁপাই নিছে।কৃত্ৰিম বতাহজাককো মনটোৱে আৱেগ সানি অশান্ত আৰু অধীৰ কৰি পেলাইছে।ইমান অবোধ্য মানুহৰ মনবোৰ। ট্ৰেইনখনৰ গতিয়ে সৃষ্টি কৰা এজাক কৃত্ৰিম বতাহে মোৰ গালে মূখে স্পর্শ কৰিছে।সুদীর্ঘ সাতবছৰৰ পাছত আকৌ এবাৰ উভট.........

   October 21, 2014
 

এইটো এটা সচাঁ ঘটনাৰ ওপৰত লিখা হৈছে……………… যেতিয়া ল’ৰা-ছোৱালীবোৰ স্কুলৰ পৰা পাচ কৰি কলেজ পায় তেতিয়া প্রায় ভাগ ল’ৰা-ছোৱালী পঢ়াৰ লগতে প্রেমত পৰা দেখা যায় । কলেজ পোৱাৰ লগে লগে হাত এটি ধুনীয়া মোবাইল ফোনৰ লগতে আৰু প্রায়বোৰ ল’ৰাবোৰৰ লগত বাইক এখন দেখা যায় । ঠিক তেনেদৰে মোৰ ও নলে-গলে লগা বন্ধু জন এজনী অচিনাকী ছোৱালীৰ প্রেমত পৰিল । ছোৱালী জনীৰ ঘৰ নগাঁও ওত । মই জনা মতে সিহতঁৰ চিনাকী হয় ৰং নাম্বৰৰ সৈতে । তেনেকৈ বহু দিন কথা পতাৰ পিচত এদিন প্রোপজ (Propose) দিলে । তাৰ পিচত ছোৱালী জনীয়ে ক’লে মই তুমাক নেদেখাকে কেনেকৈ ভাল পাওঁ বুলি কওঁ । তেতিয়া কলে ঠিক আছে তুমাৰ ফেচবুক একাউত আছেনে ? আছে বুলি কৈছিল যদিও তাই হেনু বহু দিন ব্যবহাৰ কৰা নাই । তাৰ পিচত মেচেজৰ জড়িয়তে তাইৰ Email আৰু Password দিলে আৰু লিখা আছিল হয়তো তাত মোৰ ফটো থাকিব পাৰে, তুমিও মোৰ (Profile) প্রফাইলতে তুমাৰ ফটো এখন Upload কৰি দিবা । ৰ্দুভাগ্য.........

   September 28, 2014
 

“গ‘ম পালোঁ দিয়া।ঐ তোমাৰ নতুন গার্ল ফ্ৰেইন্দ জনীৰ সৈতে মোকো চিনাকী কৰাই দিবাচোন।নহ'লে নাম্বাৰটোকে দিবা।“-সাগৰিকাই গতানুগতিক অভিমানত দিয়া কমন মেছেজটো।আচলতে মই যে সাংঘাটিক স্বাভিমানী নিজেই অনুভৱ কৰোঁ ঘাইকৈ সাগৰিকাৰ খালী হৈ থকা প্ৰেমিকৰ চীটটো দখল কৰাৰ পাছতহে।অভিমানী হৈ সাগৰিকাৰ ওপৰত খং কৰিবলৈ একপ্ৰকাৰেই সুযোগেই বিচাৰি ফুৰোঁ।তাই বুজি পাই।তাই হয়তো মোক অভিমানী কৰি তুলিবলৈ প্ৰবল অনুৰাগী। ময়ো সাগৰিকাৰ হৃদয়ত অভিমানৰ জুই একুৰা জ্বলাবলৈ পালে ভালেই পাইছিলোঁ।লগৰ কোনোবা এটা অগত্যা মোবাইলত বেলেঞ্চে কার্ফিউ ঘোষণা কৰিলে ১২১ ডাইল কৰি কৰি সাগৰিকাক ওৱেইটিং পোৱাওঁ।কি যে জ্বলিছিল তাই। “ৱাহ বেলেগ আউ,ঠিকেই কৰিছা মোক কাম কৰো বুলি কৈ বেলেগৰ লগত বিজি,এনেকুৱাহে প্ৰেমিক থাকিব লাগে।“ আদি মেছেজবোৰ আজিও ব্ৰেকাপ ফাইলৰ কোনোবা এটা কোণত সক্ৰিয় হৈ আছে। যি নহ‘লেও সাগৰিক.........

   September 14, 2014
 

"ভাইটি , ভাৰাটো দে " কণ্ডাক্টৰ জনৰ মাতত মই খপ্ জপ্ কৈ উঠিলোঁ । টোপনিয়ে গৈছিলোঁ বোধহয় ! অলপ প্ৰকৃতিস্থ হৈ মই ৱালেটটো উলিয়াবলৈ পকেটতত হাত ভৰালোঁ । " সোনকালে দে আকৌ ( অশ্লীল ) । কি মূৰটো কৰি আছ ?!" সেইজনাৰ হুতা মাতত মই অলপ লাজ পালোঁ সৱৰে আগত । একো নকলোঁ । ভাৰাটো দি চাৰিওফালে চালোঁ । সকলো নিজৰ মাজতে ব্যস্ত । এজনে মুঠিফোনত তৰ্কাতৰ্কি লাগিছে প্ৰেয়সীৰ লগত । মিঠা মিঠা গালিবোৰতে গম পাইছোঁ । আজি ছাগে' ' ব্ৰেক আপ ' হ'ব ! এজনে আৰামত বগা ধোঁৱাৰ লাঠিত সুখটান মাৰিছে । কোনেও একো নাইকোৱা ।ময়ো একো নকলো । এটা ছিটত দেখিলোঁ এজন মানুহ । চকু দুটা মলিন । ভালদৰে চাই দেখিলোঁ তেওঁৰ ভৰি এটা নাই । সম্ভৱ ভিক্ষা মাগিবলৈ আহিছে শিৱদৌলত । হঠাৎ বাক্য এষাৰ শুনি আচৰিত হ'লোঁ । দুৰ্বল মাতেৰে সেই পংগুজনে কণ্ডাক্টৰক কৈছে " মোৰ পৰাও ল'বানে সৰুপোনা ?" " বাছত উঠিলি যেতিয়া ভাৰা দিবই লাগিব (অশ্লীল) । তোৰ বাপেৰৰ বা.........

   August 11, 2014
 

" হেই অনুৰাগ , লাইব্ৰৰীলৈ যাওঁ ব'ল ।" "অ, ব'ল , মোৰো ফৰ্ম- ফিলাপ কৰিবলগীয়া আছিল ।" ক্লাছকেইটা একেৰাহে থকাত একেবাৰে আমনি লাগি গৈছিল । ইফালে স্ক'লাৰশ্বিপৰ ফৰ্ম দিছে । আজি পূৰ কৰিব লাগে । কাইলৈ শেষ দিনাংক । কলেজলৈ অহাৰ পৰাই জীৱন যন্ত্ৰৰ দৰে হৈ পৰিছে । ইয়ালৈ আহি দেখিলোঁ , সাংঘাতিক ৰেচ । প্ৰতিযোগিতাৰ দৌৰ । এক চেকেণ্ড পলম হ'লেই বাহিৰ হ'ব লাগিব । " মোৰখনো পূৰাই দিবি দেই !" জ্যোতিষে ক'লে । " ঠিক আছে ।" মই ক'লোঁ । সকলোবোৰেই কেৱল ইয়াত ভাল ৰিজাল্ট , ভাল পাৰ্চেন্টেজ , স্ক'লাৰশ্বিপৰ কথাহে কয় । ইংৰাজী সাহিত্য পঢ়িছোঁ , যেন পৰীক্ষাত মাৰ্কছ পোৱাৰ পিছত সকলো শেষ । পৰীক্ষা শেষ হোৱাৰ পিছত দৰকাৰ নাই যেন সেই শিক্ষাৰ ! তাৰেই উৎসাহ দিয়ে স্কলাৰশ্বিপে । " তোৰ দেউতাৰে কি কৰে অ' ?" জ্যোতিষৰ প্ৰশ্নত মই যেন অপ্ৰস্তুত হ'লোঁ। " কিয় লাগে তোক ?" " হাৰে !! ফৰ্মত লিখিব লাগিব occupation of father :" "মই হে পূৰাম । দে সোধাৰ ঠ.........

   August 09, 2014
 

বৰষুণৰ উমান পালেই হৃদয়ে দিগ-বিদিগ হেৰুৱাই নতজানু হৈ পৰে।..!বৰষুণ বৰষুণ বৰষুণ । কিমান যে ভাল পাওঁ এই বাৰিষাক।বৰষা মোৰ সখী।হৃদয়ৰ ব্যাকুল কাতৰ আহবানতেই এদিন এই বৰষাই মোক দি গৈছিল মোৰ ভালপোৱা,মোৰ প্ৰেম,মোৰ প্ৰেমিক অবিনাশক।সেইদিনা হয়তো বৰষুণে আমনি নকৰাহ'লে অবিনাশক কেতিয়াও লগ নাপালোহেঁতেন।বৰষুণৰ উপদ্ৰপক বাধা দিব নোৱাৰি বাইক ৰখাই অবিনাশে আমি ৰৈ থকা যাত্ৰী জিৰণি চ'ৰাৰ সৰু ঘৰটোতে হুৰমূৰকৈ সোমাইছিলহি।আমাৰ কেইজনীৰ উপস্থিতিৰ উমান পোৱাহ'লে সি কেতিয়াও তাত প্ৰৱেশ নকৰিলেহেঁতেন।ক'ৰবাত কিবা হৈছিল নেকি ?আমাৰ ৰুমলৈ যাব পৰা এখনো গাড়ী পোৱা নাছিলো।কলেজৰ পৰা আবেলি প্ৰায় তিনিবজাতে ওলায় আহিলোঁ।তেতিয়াৰ পৰা বৰষুণ দিয়েই আছিল।অবিনাশে তাত উপস্থিত হৈয়ে যেতিয়া আমাক দেখিছিল সাংঘাটিক অস্বস্তিকৰ অনুভৱ কৰিছিল।বেচেৰাৰ গোটেই গাটো তিতিবুৰি অৱস্থা একডম কাহিল।ঘনে ঘনে মোবাইলট.........

   July 13, 2014
 

আজি কেইবাদিনো ধৰি নীলক মাকে একেটা কথাকে মন্ত্ৰ পঢ়োৱাদি পঢ়ুৱাই আছে - মাহীয়েৰৰ ঘৰৰ পৰা আহগৈ ৷ মাহীয়েকৰ ঘৰলৈ যাবলৈ সি বৰ টান পাই৷ মাকৰ দৰে একেই৷ অকল কব আৰু নীল, সদায় এনেদৰেই থাকিবিনে? কিবা এটা নকৰ জানো? কিবা এটা নকৰ মানে ? নকৰাকৈটো থকা নাই৷ ইণ্টাভিউ মাৰিয়েই আছে৷ চাকৰিহে নাপায়৷ তাত তাৰ দোষ কি? চাকৰি যেনিবা তালৈ কোনোবাই থৈহে দিছে - আহ বোপাই আমাৰ ইয়াত পোষ্ট খালী তুমি সোমাই দিয়াহি৷ এইবোৰ কথাকে বায়েক ভনীয়েকে নুবুজে৷ আৰু আহিবৰ সময়ত বায়েকলৈ বুলি বস্তু এবোজা তাৰ টেটুত ওলোমাই দিয়ে তাৰ মাথাই বেয়া হৈ যায়৷ যি কি নহওক সি মাকৰ ওপৰত চৰ্ত আৰোপ কৰিলে যদি তেল ভৰাবলৈ পইচা দিয় তেতিয়া হলে ভনীয়েৰৰ ঘৰৰ পৰা আহিবগৈ পাৰো ৷ মাক সহজতে মান্তি হ'ল৷ নীলৰ মাক হাইস্কুলৰ অৱসৰ প্ৰাপ্ত শিক্ষিয়ত্ৰী৷ পেঞ্চন অৱশ্যে বৰ্তমানলৈকে হোৱা নাই৷ মাকে নীলৰ হাতত ষ্টেট বেংকৰ এটিম কা.........

   July 09, 2014
 

পুৱাই বাতৰি কাকত খন হাতত লৈ আগফালৰ বাৰান্দাত বহিলো ৷ পেপাৰ খনত চকু গ'ল ," বৰ বৰ ৰাজনীতিকৰ ক'লা ধন চুইছ বেংকত" ৷ মনটো গধুৰ লাগি আহিল ৷ পুঁৱাতে ফিকা চাহ এবাতি আৰু এটা চিগাৰেট নহলে মনটো ভাল নালাগে ৷ গধুৰ গধুৰ লাগে ৷ পেপাৰ খন সামৰি তিনিআলিলৈ ওলাই আহিলো ৷ চিগাৰেট এটাকে ফুকি আঁহো ৷ ঠিক তিনিআলি পোৱাৰ আগতে এটা খিটিং খিটিং শব্দত চকু আলিবাটত পৰিল ৷ এটি সোণবৰণীয়া গোলাকাৰ বস্তু এটাই জপিয়াই আছে ৷ বুটলি ললো ৷ হাতৰ তলুৱাত এটি পুৰণিকলিয়া সোনৰ পইছাই নাছি আছে ৷ লিড়িকি বিদাৰি চালো ৷ হনুমান থকা পইচা ৷ পইচাটো পকেটত ভৰাই চাহৰ দোকান পালোগৈ ৷ চাহকাপ আৰু চিগাৰেটৰ সোৱাদ লৈ থাকোতে অনুমান কৰিছো , পকেটত পইচাটোৱে জপিয়াই আছে ৷ চাহকাপ খাইয়ে ঘৰ মুৱা হলো ৷ যোৱাকালি ঘটিৰামে কৈছিল বোলে চলিহা বেজে হনুমান থকা পুৰণা পইচা বিচাৰি আছে ৷ গুপ্তধন উলিয়াই আনিব পাৰে বোলে ! মোৰ পইচাটো জীয়া চাগে ! কথাবো.........

   June 04, 2014
 

নয়ন জানো কলৈ গ'লগৈ ? আজি দেখোন নাই মোৰ লগত বিৰিখৰ তলত বহি সুখ- দুখৰ কথাবোৰ পাতিবলৈ । ইমান শান্ত ল'ৰাটো ,মানুহৰ আগত মুখেৰে মাতষাৰিও নোলাইছিল অথচ মোক কিবা কথা কোৱা মেচিনৰ দৰে কথাবোৰ কয় । কেতিয়াবা তাক বৰ উদাস যেন লাগে । মই তেতিয়া তাক সোধো কিয় ইমান মন মাৰি আছা ? তুমি এনেকৈ থাকিলে মোৰ কি ভাল লাগিব নেকি ? প্ৰত্যুত্তৰত সি কয় - তোমালোক ছোৱালীবোৰৰ দৰে আমাৰ ল'ৰাবোৰৰ জীৱনটো ইমান সহজ নহয় | অ । তহঁতৰ তো মাত্ৰ এটা ভাল ল'ৰালৈ বিয়া সোমাই সুখেৰে জীৱন কটোৱাটোৱেই প্ৰধান চিন্তা নহয় জানো ? পিছে সেই সুখৰ জীৱনটো পাবলৈ আমি ল'ৰাবোৰেহে মূৰ ঘমাব লাগিব। -সি অলপ খঙেৰে কথাখিনি খৰকৈ কয় আৰু চকু চলচলীয়া হৈ আহে । সেইদিনাখনেই তাৰ মুখেৰে শেষবাৰৰ বাবে কথা শুনিলোঁ । ল'ৰাটোৰ মনত মই বাৰুকৈয়ে সোমাব পাৰিছিলোঁ হয়তো সেইবাবেই তাক মই মনে প্ৰাণে ভালপাই পেলাইছিলোঁ । হয়তো সি কথাষাৰ কাহানিও কল্পনাও কৰা নাছিল । স.........

   May 09, 2014
 

দেওঁবাৰবোৰ আগতে আমাৰ কাৰণে বৰ ব্যস্ত আছিল। ৰাতিপুৱা ৰংগোলী, তাৰপাছত শ্ৰীকৃষ্ণ, শক্তিমান। মুঠতে কামেই কাম। তাৰমাজতে ভন্টিৰ লগত নোহোৱা নোপোজা কথাত কাজিয়া লগা এইবোৰটো আছেই। তাতে গোটেই সপ্তাহটোৰ বাতৰি কাগজৰ পৰা বাচি বাচি গাংগুলি, দ্ৰাভিডৰ ফটো কাটি ঘৰ লেতেৰা কৰাটো এটা নিয়মীয়া কাম আছিল। আমাৰ অতপালিত ৰব নোৱাৰি কেতিয়াবা মায়ে কোৱা মনত পৰে “এই দেওঁবাৰবোৰ নাহিলেই ভাল।” এনে এটা দেওবাৰতে এদিন গধুলি কৰিবলৈ কোনো কাম নাছিল। মোৰ লগৰটো যে জুনেছ (সেই যে পূজাত ৰিভলভাৰ কিনি বাহাদুৰি মাৰি ফুৰিছিল) সিও নাছিল। এনেতে আমাৰ ওচৰৰ ভাইটী মামা আহিল একদম পুৰা ফিটফাট হৈ “ব’ল ফুৰি আহোঁ।”-----“ক’ত যাব?” “বিয়া এখন খাই আহোগৈ ।”---- “ৰ’ব । মইও যাম ।” মাৰ অনুমতি ল’লোগৈ (বিৰাট নম্ৰ, ভদ্ৰ আৰু অমায়িক আছিলোঁ তেতিয়া, হি হি হি) ভন্টিৰো কোনো কাম নাছিল । দীঘল গামোছা এখনকে শাড়ী বনাই পিন্ধি আছিলে ।.........

   May 06, 2014
 

বাহিৰত এজাক কিনকিন বৰষুণ । হোষ্টেলৰ প্ৰায়বোৰ কোঠা খালি । সকলো গৈছে নিজৰ নিজৰ বান্ধৱীৰ লগত সন্ধিয়াটো উপভোগ কৰিব । আৰু আমিবোৰ পৰি ৰৈছোঁ অকলে নীৰৱে । এইকেইদিন যে বৰ বেয়া দিন চলি আছে মোৰ । দিনত শিলচৰৰ গেলা গৰম, গধূলি বাহিৰ ওলোৱাটো বন্ধ কৰি এজাক বৰষুণ । দিনত প্ৰফেছাৰসকলৰ অতপালি আৰু ৰাতি নিসঙ্গতাৰ লগত সহৱস্থান । তাতে পদাৰ্থ বিজ্ঞানৰ গধুৰ গধুৰ তত্ত্ববোৰটো আছেই । এনে সময়ত আমিবোৰৰ কাৰণে ফেচবুকৰ বাহিৰে আৰু বেলেগ আশ্ৰয় নাথাকে । তাতে আকৌ ভূতৰ ওপৰত দানৱ পৰা দি এইকেইদিন অকবত যি তৰ্ক- বিতৰ্ক, সোমাবই ভয় লগা হৈছে; কাৰ ক’ত নাক কটা যায়, কাৰ ক’ত মুখা খুল খায় একো ঠিক নাইকিয়া হৈছে । “হাই, কি কৰিছা?”, আৰে কেতেকীৰ বাৰ্তাচোন মোৰ তাত? মই যেন নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাই? কালি এদ কৰিছিলোঁ যে । মোৰ যেন নাচিবহে মন গৈছে। “আছোঁ এনেই। তুমি?” “আমাৰ ইয়াত বৰষুণ। এনেই কোঠাতে সোমায় আছোঁ।”.........

   April 29, 2014
 

"বাবু আপাটোৰ বৰ অসুখ টকা এশ কোনোৰকম দিব নোৱাৰেনে ?" -চা মালিনী টকা দিয়াত মোৰ আপত্তি নাই । কিন্তু... আগৰ দৰে তই এতিয়া আৰু দেহা মাৰিব নোৱাৰা হৈ আহিছ । মই উপায়হীন ।' মা, স্কুলত পৰীক্ষাৰ ফিচ জমা দিবলৈ কৈছে ছাৰে । নহ'লে হেনো পৰীক্ষাত বহিবলৈ নিদিয়ে । স্কুলৰ মোনাটো বিছনাত থৈয়ে ধনটিয়ে কথাটো মাকক জনালে । "মই বাবুৰ পৰা আনি দিমদে । আজি বাবুহঁতৰ ঘৰত চহৰৰপৰা আলহী অহাৰ কথা । গতিকে মালিনীয়ে পুতেকক লৰালৰিকৈ পইতা ভাতকেইটা খাব দি ওলাই গ'ল । ধনটি তেতিয়া বহুত সৰু যেতিয়া মালিনীৰ কঁপালৰ সেন্দুৰ ধুমুহাই উৰুৱাই নিয়ে সেই ধুমুহাই হেতালি কৰা ঘৰখনত একমাত্ৰ পুতেকৰ মুখখন চাই মালিনী জীয়াই আছে । মালিনীৰ এটাই সপোন- ধনটি পঢ়ি শুনি কিবা এটা কৰিব । সপ্তম মান শ্ৰেণীৰ ছাত্ৰ ধনটি পঢ়া-শুনাত যথেষ্ট চোকা । মৰিগাঁওৰ হয়বৰ গাঁওত মালিনীহঁতৰ ঘৰ । গিৰীয়েক ঢুকোৱাৰ পাছৰে পৰা পাঁচমহীয়া ক.........

   April 20, 2014
 

দুপৰীয়া সময় খিনিত কণিকাই প্ৰায় ৰং চেনেলত দিয়া অসমীয়া চিৰিয়েলবোৰ চায় ৷ তাতে আজি ৰবিবাৰ গতিকে কলেজ নাই ,ৰবিবাৰৰ দিনটোত কনিকাই টিভি চাই ফেচবুকত বন্ধুবোৰৰ ফটোত কমেন্ট , লাইক মাৰি বৰ ভাল পায় ৷ এনেতে এজন বন্ধুয়ে কনিকালৈ মেচেজ দিলে — বন্ধু: — হাই ---!!! কনিকা : — হাই ----! ! বন্ধু: -- কি কৰি আছা ? কনিকা: --- নাই এনে আছো, আপুনি ? বন্ধু: --- নাই এনেই ! আপুনি মোক এটা হেল্প কৰিব পাৰিবনে ? কনিকা : -- কওকচোন কি ? বন্ধু: -- আপুনি মোৰ কাৰণে এজন গাৰ্ল ফ্ৰেণ্ড বিচাৰিব পাৰিবনে ?? অচিনাকি বন্ধুজনৰ কথাত কনিকাৰ এইবাৰ খং উঠিল যদিও ভদ্ৰ ভাবে কলে --- চাঁওক এই প্ৰেম , ভালপোৱাৰ মামলাত মই একেবাৰে কেঁচা গতিকে এই বিষয়ে মোক একো নুসুধিলেই ভাল পাম ৷ বন্ধু : --- অ, হয় নেকি ?? পিছে আপোনাৰ বয় ফ্ৰেণ্ড আছে নে নাই ? কনিকা : --- আপুনি কি ভাবে ? বন্ধু : --- থকা যেন লাগে ! নাই যদি প্ল.........

   April 15, 2014
 

চিৰাচৰিত বৈশিষ্ট্যপূৰ্ণ কুকুৰ লৰত আহি আহি সি চিনাকি ডাষ্টবিনটোৰ আগত থমকি ৰ'ল । সচৰাচৰৰ দৰেই কেইটামান ভিকহু ল'ৰা-ছোৱালীয়ে প্লাষ্টিক, কাগজ, কাপোৰ আৰু এৰেহা খাদ্য বিচাৰি আছে । ওচৰৰে বজাৰখনৰ কাৰণে এই ডাষ্টবিনটোত এনে ধৰণৰ বস্তু প্রায়েই অপৰ্য্যাপ্ত পৰিমাণে পোৱা যায়। অৱশ্যে শক্তিশালী জনেহে সিংহভাগ লাভ কৰে। "সি" গুৱাহাটী মহানগৰৰ এটা মালিক নোহাৱা ভতুৱা কুকুৰ। মহানগৰ-চহৰৰ বিষয়ে তাৰ কুকুৰসুলভ বুদ্ধি-বৃত্তিৰে একো নাজানিলেও গণেশগুৰিৰ বজাৰৰ এই অঞ্চলটো তাৰ নখদর্পনত । তাৰ জন্মও ইয়াতেই । স্থানীয় কুকুৰৰ দলটোৰ সি এজন মধ্যমস্থানীয় সদস্য । এই মূহুর্তত সি অকলে ঘুৰি ফুৰিলেও কুকৰ স্বভাৱতে সামাজিক প্রাণী । ইহঁত দলত থাকে, দলবান্ধি চিকাৰ কৰে, পোৱালীৰ চোৱা চিতা কৰে আৰু প্রয়োজন মতে দলপাতি যুদ্ধ-বিগ্রহো কৰে । ইহঁতৰ সামাজিক বন্ধন অত্যন্ত শক্তিশালী । মুখ্যত: ইয়ে জ.........

   April 12, 2014
 

চাকৰি সুত্ৰে ৰূপমে আজিকালি গুৱাহাটীত থাকে ৷ দেওবাৰ টোৰ বাহিৰে আন দিনত ৰুপমে অফিচৰ কামতে ব্যস্ত থাকিব লগিয়া হয় গতিকে ৰুপমে নিজৰ কাপোৰ ধোৱা চুলি কটৱা , দাঢি খুঢুৱা আদি কামবোৰ দেওবাৰটোতে কৰিব লগিয়া হয় ৷ ৰুপমৰ চাকৰি পোৱা বেছি দিন হোৱা নাই তাতে আকৌ গুৱাহাটী চহৰত অকলে ভাড়া ঘৰত থাকিব লগিয়া হৈছে গতিকে ৰুপমৰ অলপমান কষ্ট নোহোৱা নহয় ৷ কিন্তূ ৰুপম গাওঁৰ ল’ৰা এই খিনি কাম কৰা অভ্যাস ৰুপমৰ আগৰ পৰাই আছিল ৷ গতিকে অলপ মান কষ্ট হ’লেও সকলোখিনি কাম ৰুপমে সহজতেই মেনেজ কৰি লব পাৰিছিল ৷ আজি দেওবাৰ , ৰুপমে ৰাতিপূৱাৰ চাহ কাপ হাতত লৈ খাবলৈ আৰম্ভ কৰিছে মাত্ৰ এনেতে দুৱাৰত কোনোৱাই নক কৰিলে ৷ কোন হ’ব পাৰে বাৰু ৰুপমে মনতে ভাবিলে ........ভাবি ভাবি ৰুপমে দুৱাৰ খন খুলি দিলে ৷ আৰে ........ দিগন্ত , তু মি, তুমি ক'ৰ পৰা আহিলা নো ৷ এ.........

   April 12, 2014
 

Pages

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: আমাৰ গাঁও
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা