গল্প

সি দিনা আছিল বুধবাৰ ৷ ৰাতিপুৱা শুই উঠি প্ৰতিদিনাৰ দৰে নবীনে তাৰ পাণ- দোকানখন খুলিবলৈ আহিল ৷ নিজানপুৰ গাওঁৰ গধূলীবজাৰখনত নবীনৰ পাণ – দোকানখন আছে ৷ সি এই পাণ-দোকানখনেৰেই তাৰ পৰিয়ালটো পোহ – পাল দি আছে ৷ নবীনৰ আঠ বছৰ বয়সতেই দেউতাকে চিৰদিনৰ বাবে ইহলীলা সম্বোৰণ কৰিছিল ৷ এতিয়া ঘৰত সি আৰু তাৰ ৰুগীয়া মাকজনী আছে ৷ মাকে কেন্সাৰ বেমাৰত ভুগিছে ৷ চিকিৎসা কৰিবলৈ নবীনৰ হাতত টকা নাই ৷ সি যিমান পাৰে সিমানেই টকা যোগাৰ কৰিবৰ বাবে চেষ্টা কৰিওঁ সফল হ’ব পৰা নাই ৷ কাৰণ সি যিখন পাণ – দোকাণ তাত থকা বস্তুবোৰৰ ভিতৰত তামোল-পাণ,বিড়ি-চিগাৰেট , চাধা-গুটখা, কেইপেকেটমান বিস্কুত আৰু কেইটিমান চকলেটৰ বাদে আন একো নাই ৷ নবীনে সদায়ে দোকানখনৰ পৰা যিমানখিনি টকা উপাৰ্জন কৰে সেহিখিনিৰে তাৰ ঘৰখন চলাবলৈয়ো নাটনি হয় ৷ তেনে স্থলত মাকক চিকিৎসা কৰিবলৈ টকা পায় ক’ত ? নবীনে পঢ়া শুনা কৰা নাছিল যদিওঁ হিচাপ-নি.........

   April 06, 2014
 

জোনটিয়ে জিৰণী চ'ৰাত বহি চটপিত কৰি আছিল ৷ এবাৰ বহাৰ পৰা উঠি আহি বাছ আহিছে নেকি চালে , পিছে নাই , অহা নাই , তাৰ পিছত ঘডীটোলৈ চালে, চেঃ ন বাজি পচিশ মিনিট গ'লেই , তাৰ পিছত মুখতে ভৰভৰাবলৈ ধৰিলে ৷ এই বাছবোৰো যে ---- আজি এপেও আহিব নালাগে নে ! এনেহলে গাডীয়ে গাডী, কেতিয়াবা কেতিয়াবা উশাহ লবলৈও টান হয় ৷ জোনটিয়ে আকৌ এবাৰ ঘডীটোলৈ চালে ৷ হে ভগৱান চাৰে ন বাজিলেই 10:30 বজাত যে পৰীক্ষা আৰম্ভ হবই ৷ দেউতাক ফোন কৰি কম নেকি গাডী নোপোৱা বুলি ----- ৷ পিছে জোনটিয়ে কিবা এটা ভাবি নকৰিলে ৷ জোনটি মানে জোনটি ভৰালী , এইবাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ৷ জোনটিয়ে বীৰঝৰা কন্যা মহাবিদ্যালয়ত পঢে ৷ কলেজলৈ অহা যোৱাত কষ্ট হলেও জোনটিৰ মনত আছে বহুত আশা ! ডাঙৰ হৈ কিবা এটা কৰি দেখুওৱাৰ হেঁপাহ ৷ জোনটিয়ে মেট্ৰিক পৰীক্ষাটো ভাল নম্বৰ পাই পাছ কৰিছিল ,.........

   April 03, 2014
 

চ'ত মাহৰ আজি 25 তাৰিখ তাৰ মানে বিহুলৈ আৰু মাত্ৰ চাৰিটা দিন বাকী ৷ গাৱে ভুঞে সকলোতে এই কেইদিন ঢোল পেপাৰ মাতত ডেকা গাভৰুৰ মন আনন্দত উথলি উঠিছে ৷ মুঠতে চাৰিওফালে আনন্দ মুখৰ পৰিৱেশ ৷ এনেকুৱা এটা সময়ত দ্বিপু আহিছে গাৱৰ ঘৰলৈ ৷ গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত চুডান্ত পৰীক্ষা দি দ্বিপু আহি আছে গাৱৰ ঘৰলৈ ৷ বাছৰ পৰা নামি গাওঁৰ আলিবাটত ভৰি দিয়েই দ্বিপু বুৰ গৈ পৰিল আনন্দৰ সাগৰত ৷ দ্বিপুবে অনুভৱ কৰিলে ৰাস্টাৰ দুয়োকাষে থকা সেউজীয়া গছ গছনীবোৰে যেন তাক স্বাগতম জনাইছে ৷ গছৰ ডালত বহি গীত গাই থকা না না ধৰণৰ চৰাই চিৰিকটি বোৰেও যেন তাক সাদৰ সম্ভাষণ জনাইছে ৷ সেই সময়ত দ্বিপুৰ অনুভৱ হৈছিল মই যদি এজন কবি হলোহেতেন তেন্তে নিশ্চয় এটা কবিতা লিখিলোহেতেন ৷ এইদৰে নানা ধৰণৰ কল্পনা কৰি গাৱৰ প্ৰাকৃতিক সৌন্দ্ৰয্যৰে ভৰপুৰ আলিব.........

   April 01, 2014
 

অসম চৰকাৰৰ এই বিদ্যুৎ বিভাগটো নহয় ??? ইমান অনিয়ম !!! কেতিয়া কাৰেণ্ট আহে, কেতিয়া যায় টলকিবই নোৱাৰি....|| চেনীমাইকেইজনীৰ লগত মত-বিনিময় কৰাটো ইহঁতৰ ইৰ্ষা কুলাই পাচিয়ে নধৰা | কিবা খং উঠিব লাগিলে, ব্রহ্মপুত্রখনকে ঘৰলৈকে বোৱাই আনিম | বান্ধ এটা দি ঘৰতে কাৰেণ্ট বনাম বাপ্পেকে...!! সিঁহতে কিয়া..., কিয়া বুলি ভাৱটা হাই ?? মইয়ো লাচিতৰে নাতি কিন্তু !! কৈ থ’লো..... ___ কম্পিউটাৰটো অ'ফ কৰি খৰখেদাকৈ পানী বটলটো বিচাৰি ঘট ঘটকৈ আধামান পি পেলালো | অ' , তাৰমানে মোৰ যথেষ্ট খং উঠিছিল | মায়ে কয়, মোৰ বোলে খংটো অলপ বেছি | সেইয়ে খংটো উঠিলেই পানী খায় পেটৰ ভিতৰতে গাপদি খংটো নোহোৱা কৰিবি | মইয়ো তাকেই কৰো | খং উঠা মাত্ৰকে পানী খায় দিওঁ.... .... .. .. .. বিশাদপূৰ্ণ আকাশখনে ক্ৰমাত অশ্ৰুৰটোপালবোৰ পৃথিৱীৰ বুকুলৈ এৰি দিছে | মই গৈ খিড়িকীৰ কাষ পালোগৈ | টোপালবোৰ ক্ৰমাত গভীৰৰ পৰা গভীৰতম হৈ গৈ আছে....| বৰ্ষাসিক্ত আবেলিটো ক্ৰমাত মায়.........

   March 28, 2014
 

মানৱ নহা দেখি চাকিটো নুমুৱাই থলে নীলিমাই । হঠাৎ কোঠাটো বুৰ গ'ল নিসংগ এন্ধাৰত দুনয়নত অপেক্ষাৰ উজাগৰী জোনটি, লৈ ভাবৰ তন্ময়তাত ক্ৰমশক গহীন হৈ পৰিল নীলিমা । মানৱৰ কথাষাৰি মনত দুলি থাকিল কেৱলঃ ''তই মোৰ বুকুৰ ৰজনীগন্ধা ।"বিছনাত বাগৰৰ উচপিচনি ঢৌ খলাওতেই অশৰীৰী নিশাটো তাইৰ বুকুৰ তিলফুলত অদৃশ্য হৈ গ'ল । বাহিৰত কুকুৰাৰ ডাক শুনি খপজপাই সাৰ পাই উঠিল নীলিমা । খিৰিকীখন খুলি দিলে তাই । লগে লগে এছাটি শীতল বতাহে তাইৰ গা-মন চুই গ'ল । পাছৰাতি টোপনিহীনতাৰ বাবে অৱসন্নতা অনুভব কৰিলে তাই বাহি বিছনাখন পৰিপাটি কৰি তাই গা-ধোৱা ঘৰত সোমাল । গোলাঘাটৰ ৰেংমা পথাৰৰ সৰুধন, মিলি, কছাৰী, লংফাকাইহঁতক খবৰটো দিয়ে ৰাতিটো 'জেংপাটাত' কটাই পুনশ্চ আপোন ঠাই লংকামগাঁওলৈ উভতি আহিল মানৱ _ নীলিমা তেতিয়া হোৰাত খৰি কেইটামান ভৰাই ঘৰলৈ বুলি আহি আছিল । বাটত হঠাৎ মানৱক দেখি তাই ৰই দিলে । তাইৰ চকুত, চকু থৈ ক.........

   March 25, 2014
 

জোনাক ৰাতি ৷ জোনৰ পোহৰত গোটেইখন দিন যেন পোহৰ হৈ আছে ৷ বাৰিষাৰ ফেনে- ফোটোকাৰে ভৰি থকা ঘৰৰ পাছফালৰ খাল-ডোং বোৰৰ পৰা বেঙৰ মাত ভাঁহি আহিছে ৷ তগৰে হাতত কেৰাচিন তেলৰ চাকি গছিলৈ জপনা মূখৰপৰাই ৰাস্তাৰ ফালে চকু ফুৰালে ৷ "ৰাতি ভালেখিনি হ'ল জানো মানুহটো ক'ত থাকিল ইমান পৰলৈ ?" তাই মূখৰ ভিতৰতে ভোৰভোৰালে দূৰৈত কোনোৱাই অবাইচ ভাষাৰে কাৰোবাক গালি পাৰিছে ৷ তাই কান থিয় কৰি শব্দতো ক'ৰ পৰানো আহিছে তাকে অনুসৰন কৰিলে ৷ আবাজটো ৰাস্তাৰ সিটো পাৰৰ চোবোৰীটোৰ পৰা আহিছে ৷ এজনী তিৰুতাই ৰাউছি যুৰি কান্দি আছে ৷ তাই বুজি পালে এয়া নিশ্চয় কনমাই হ'ব ৷ বেচেৰীটোলৈ বেয়াই লাগে ৷ কেইদিননো হৈছে বিয়াত বহিব ৷ মদাহী গিৰিয়েকৰ চৰ-ভুকু খায় ইমান ধুনীয়া ছোৱালীজনী দুদিনতে হাড়ে- ছালে লাগি চাব নোৱাৰা হ'ল ৷ অজানিতে এক দীঘল হুমনিয়া বাহিৰ হৈ গ'ল ৷ বতাহ লাগি হাতত লৈ থকা চাকি গছি কঁপি উঠিল ৷ তাই ঘৰলৈ উভতি আহিল ৷ চাকি গ.........

   March 07, 2014
 

ডুমনিচকী চাহ বাগানৰ প্ৰান্তত আদিবাসীসকলৰ এখন গাঁও ৷ গাঁওখনৰ প্ৰায়বোৰ মানুহে চাহ-বাগানত কাম কৰি জীৱিকা নিৰ্বাহ কৰে ৷ সেই কাৰণে এওঁলোকক বাগানীয়া বুলি কোৱা হয় ৷ এওঁলোক বৰ দূখীয়া আৰু গাঁও খন শান্তি-সমৃদ্ধিৰে ভৰপূৰ ৷ নিজৰ ঘৰখন চলাবলৈ দিন-ৰাতি কাতি কৰি কপালৰ ঘাম মাটিত পেলায় কাম কৰে আৰু নিজৰ পৰিয়ালটোক পোহ-পাল দিয়ে ৷ এই চাহ বাগানখনৰ ওচৰতে চপনাহঁতৰ ঘৰ ৷ চাহ বাগানৰ মাজে মাজে চপনাই নাচি-বাগি হাঁহি- ধেমালী কৰি ডাঙৰ- দীঘল হৈছে ৷ চাহ বাগানখনেই যেন তাইৰ বাবে সৰগ, ইয়াতেই তাই সপোন ৰচে আৰু এয়েই তাইৰ জীৱন য'ত মনৰ ইচ্ছা- অনুভুতিবোৰ লুকাই আছে ৷ চপনা দেখিবলৈ বৰ ধুনীয়া ৷ তাইৰ দেহ যৌৱনৰ পৰশ পাই তেজে ফুটূ- ফুটূ কৰিছে ৷ তাইৰ দেহৰ সৌন্দৰ্য্য গাঁওখনৰ আনবোৰ ছোৱালীৰ তুলনাত বহুত বেছি ৷ কিন্তু এই সৌন্দৰ্য্য কিমান দিনলৈ বৰ্ত্তি থাকিব হয়তো কোনেওঁ ক'ব নোৱাৰে ৷ এদিনাখন এজন অচিনাকি যুৱকৰ চ.........

   March 05, 2014
 

জীৱনৰ বাটত ঘাট-প্ৰতিঘাটবোৰৰ মাজত কিছুমান খন্তেকীয়া তৃপ্তি-অতৃপ্তিকৰ নাটকীয় অভিনয়ে ৰেহ-ৰূপ সানি এটা সময়ত স্মৃতিৰূপে পৰিগণিত হয় ৷ নিয়তিৰ কোলাত উমলি উমলি অৱশেষত সিঁচৰিত হয় অতীতলৈ ৷ মানৱ জীৱনৰ প্ৰতিটো খোজতে উজুতি খোৱাৰ ৰেখা টানি দিয়ে ৷ কিছুমান হয়তো বৰলুইতৰ পানীৰ দৰে নিৰ্মল আৰু আনন্দদায়ক আৰু কিছুমান সুবিশাল আকাশৰ ক'লা ক'লা মেঘৰ দৰে বেদনাদায়ক ৷ সুখ-দুখৰ উপভোগেই হৈছে জীৱন ৷ স্মৃতিৰ চিহ্ণৰূপে অতীত সদায়ে প্ৰতীক যি কেতিয়াও মুচি পেলাব নোৱাৰি কিন্তু সঞ্জীৱিত হয় হৃদয়ৰ প্ৰতিটো কোণত ৷ অতীতৰ কথাবোৰে সমীনৰ মনত আজি বাৰুকৈয়ে স্পৰ্শ কৰিছে ৷ সপোনৰ ডেউকা মেলি উৰা মাৰিবলৈ মন গৈছে অতীতৰ ঠিকনা বিচাৰি ৷ পলে-অনুপলে স্কুলীয়া জীৱনৰ কাজলৰঙী চকুযুৰিয়ে অতীতলৈ ৰিঙিয়াই মাতিছে ৷ আশাৰে উপচি থকা দুটোপাল চকুলোৰ বন্যাই সমীনৰ মনটো উদাসীন কৰি তুলিছে ৷ হিৃদপিণ্ডৰ ধিমিক ধিমিক স্পন.........

   February 27, 2014
 

মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকালৈ যোৱাৰ প্ৰাকক্ষণত মাক পুতোলীবায়ে শপত দিছিল - মদ, নাৰী আৰু মাংসৰ পৰা আঁতৰি থাকিবলৈ ৷ মই অভি ৷ অভিনন্দা ৷ মহত্মা গান্ধীৰ মাক মই নহয় ৷ মই কোনো মহত্মা গান্ধীক জন্মও দিব নোৱাৰো ৷ তেনে দুৰাকাংক্ষাও মোৰ নাই ৷ মোৰ সন্তান মহত্মা ন'হলেও হ'ব ৷ সহজ সৰল ভাৱে সততা বজাই ৰাখি সাহসেৰে উচ্চশিৰে সমাজত চলি থাকিব পৰা হ'লেই হ'ল ৷ প্ৰতিগৰাকী মাতৃয়েই বিচাৰে নিজৰ সন্তান সমাজত ধ্ৰুবতৰা হৈ জিলিকি থকাটো, যি দৰে ভালপোৱাৰ শক্তিত আকুণ্ঠ বিশ্বাস কৰা মোৰ দৰে প্ৰতিগৰাকী ছোৱালীয়েই বিচাৰে নিজৰ ভালপোৱাৰ পাত্ৰজনৰ সু-সৌৰভ চৌদিশে বিয়পি পৰাটো ৷ মই গৰ্বিত যে সৰুৰে পৰা যি জনক ভাল পাঁও, তেওঁৰ এটাও বেয়া গুণ কোনেও সহজে ক'ব নোৱাৰে ৷ তেওঁ জীৱনৰ পাঠ শিকোৱা মোৰ বান্ধবী এগৰাকীৰ ভাষাত - "গ্ৰীষ্মৰ প্ৰখৰ দোপৰতো পথাৰৰ মাজত থাকি লেৰেলি নপৰা সেউজীয়া , খেতিৰ ভৰপক বতৰত হালোৱা- ৰোৱ.........

   February 14, 2014
 

ফাগুন ভাল লাগিছিল এটা সময়ত ৷ আজিকালি কিয় নাজানোঁ ফাগুন কিবা ভাল নালাগে ৷ ফাগুনৰ মতলীয়া বতাহ জাকৰ মাজতে তিনিআলিৰ দোকানৰ পৰা ৰেচন খিনি লৈ অহাৰ উদ্দেশ্যে আগবাঢ়িছোঁ লাহে-লাহে ৷ তিনি কুৰি দহ তা বছৰ আয়ুস খালো যদিও মই এতিয়াও কঁকাল ভগা বিৰালী হোৱা নাই ৷ নিজৰ কাম নিজেই কৰো ৷ অৱশ্যে পেঞ্চনৰ টকা কেইটা ভতিজা তোয়েই আনি দিয়ে, ল'ৰা হতে অকলে যাব নিদিয়ে, তাকেই দায়িত্ব দিছে ৷ ঔষধৰ দায়িত্ব দিছে ৰুদ্ৰৰ পুতেক'ক ৷ সি দুই-এটকা হেৰ-ফেৰ নকৰা নহয় , এই অমুকাক কি ফাঁকি দিব গলত ধৰিলেই উকটি পেলাব ৷ পিছে মই একো নকওঁ ৷ বান্দৰে কি সাগৰ'ৰ পানী খাই শেষ কৰিব ৷ ভগৱানৰ কৃপাত সকলো আছে বুলিয়েই ক'ব পাৰি ৷ ডেৰ কুৰি বছৰ মাষ্টৰী কৰিলোঁ ৷ দুইজন লৰা অভিযন্তা ৷ ডাঙৰ লৰাতো দিল্লীত আৰু সৰু ল'ৰাতো বাংগালোৰ ত থাকে পৰিয়াল স'হ ৷ দুই জনেই কোম্পানিত চাকৰি কৰে ৷ ফোনত খা-খবৰ নোলোৱাকৈ নাথাক.........

   November 11, 2013
 

অফিচৰ পৰা সোনকালেই আহি পোৱাৰ বাবে নগেন শইকীয়াৰ ছোৱালীজনীৰ খবৰ এটা লৈ অহাৰ মন মেলি লাহে-লাহে খোজ ল’লো পৰিবাৰে কোৱা কথা বোৰ মনতে পাগুলি-পাগুলি ৷ কিহৰ কাৰনে বাবা আজিকালি স্কুলৰ পৰা অহা পলম হয় , তাৰ পকেট খৰচৰ পৰিমাণো বেচি হৈছে আগত’কে ৷ বাবা হ'ল আমাৰ একমাত্ৰ সন্তান ৷ নৱম মান শ্ৰেণীত পঢ়ে ৷ একে বাৰে সৰু বুলিও ক'ব নোৱাৰি ৷ তাৰ বয়সত মই পিতাই লগত পথাৰত আলি-পাহ কাটিছিলোঁ ৷ জিকি নহ'ওক সময় সলনি হল , চিন্তাও সলনি হল , সলনি হল সা-সুবিধা ৷ বাতৰি কাকত , টেলিভিছনত সিহঁতৰ বয়সৰ ল'ৰা হতে ঘটোৱা ঘটনা বোৰ দেখি-পঢ়ি মোক বাৰুকৈয়ে চিন্তাত পেলালে ৷ অফিচতো এনে বোৰ ঘটনা প্ৰায়েই আলোচনা হয় ৷ মা’কে হয়তো ঠিকেই কৈছে বাপেক হিচাপে মোৰো এটা কৰ্তব্য আছে, সি কি কৰিছে কি নাই কৰা এবাৰ চকু ফুৰোৱা’ত ৷ তিনিজনীয়া সৰু পৰিয়ালতো ভৰণ-পোষণ দিব পৰাকৈ চৰকাৰী চাকৰি এটা যদিও আছে , পৰিয়াল তোৰ বাবে কিবা উদাসিন মনোভাব এট.........

   November 05, 2013
 

শৰতৰ শেৱালি সৰা ৰাতিপুৱা এটা।সি শুনকালে শুই উঠি বাট ললে হাবিতলীয়া লুঙলুঙীয়া বাটটোৱেদি।সি মানে আমাৰ গুনাধৰ দাইতিৰ পুতেক ঘনকান্ত।যোৱা বছৰতে সি আহি এই নতুন ঠাইখনত ভৰি দিছিলহি।তেতিয়াৰ পৰাই তাৰ বৰলুইত খনৰ লগত সম্পৰ্ক।লুইতৰ প্ৰতিটো ঢৌৰ দৰে তাৰ বুকুতো সপোন গঢ়াৰ সোনোৱালী ঢৌ।বৰলুইতৰ বুকুৱেদি আগতে সি পাৰ হৈ পোৱা নাছিল।এইয়া তাৰ বাবে জীৱনৰ এক ডাঙৰ অভিজ্ঞতা।প্ৰথম বাৰ যেতিয়া বৰলুইতৰ বুকুৱেদি নাৱৰে যাত্ৰা কৰিছল সেইদিনাখন সি বৰ ভয় খাইছিল।তথাপি চৰকাৰ আদেশ তথা কৰ্ম সংস্থাপনৰ জটিলতাৰ বাবে সি আহি ধুবুৰীৰৰ মানকাচৰৰ পালেহি।বুকুত তাৰ অযুত সপোন।সৰুৰে পৰা বৰলুইতখনক ওচৰৰ পৰা চোৱাৰ হেঁপাহ আছিল।তথাপি বৰলুইতৰ কোৱাল সোঁত দেখি তাৰ বুকু কেতিয়াবা কপি নুঠা নহয়।বৰলুইত খনৰ বুকুৱেদি পাৰ হলে তাৰ প্ৰথম দিনা ভয়ে ভয়ে পাৰ হোৱা সেই সময়লৈ মনত পৰে।শৰতৰ সেই শেৱালি সৰা ৰাতিপুৱ.........

   October 22, 2013
 

ৰাতিপুৱাৰ কোমল ৰ'দে সেউজীয়া ধৰণীৰ বুকুত হেঁপাহেৰে উপচায় দিলে সোণোৱালী কিৰণ ৷ নিশাৰ স্বপ্নলীলা নেওচী, আলিংগনৰ শোভা ভেদি আনিলে ব্যস্ততাৰ মালাধাৰী ৷ কোলাহলৰ জোৱাৰৰ আহ্বান য'ত নাই নীৰবতা, নিসংগতা আছে মাথোন ব্যস্ততা ৷ নিন্দ্ৰাময় ৰঞ্জনৰ চকুহালত আৱৰণ ৰূপে প্ৰত্যক্ষ হৈছে এইবোৰ ৷ ৰিণিকি ৰিণিকি পোৰৰ কণিকাবোৰ হেঙুলী ৰহণ সানি সোমায় আহিছে অশৃংখল কোঠালিটোৰ ইমূৰত থকা খিৰিকীখনৰ ফাকেৰে ৷ পলকতে কোঠালিটোৰ চাৰিওফালে পোহৰে উমলিবলৈ ধৰিলে ৷ ৰঞ্জনে চকুহাল মোহাৰি শোৱাৰ পৰা উঠি বিচনাখনতে বহি পৰিল ৷ আজি দেওবাৰ ৷ ৰঞ্জনৰ বুকুত এটা ভাল লগা অনুভুতিয়ে ভূমূকি মাৰিলে ৷ কাৰণ গুৱাহাটীলৈ পঢ়িবলৈ অহাৰ দিনৰে পৰা ব্যস্ততাৰ মাজেৰে দিনবোৰ পাৰ কৰিছে ৷ সি বিচাৰে এখন সপোনৰ পৃথিৱী, প্ৰেম-ভালপোৱাৰে পৰিপূৰ্ণ এখন সৰগীয় ঠাই ৷ সোণৰ শয্যাত পৰি সৰগীয় অপেশ্বৰীৰ নৃত্য-দৰ্শন, জিমমিল জোনাক ৰাতিৰ আ.........

   October 05, 2013
 

->ঐ লৰাটো ! সোনকাল কৰ |কিমান সময় লবি আৰু ? সাউতকৈ বেটাৰ জোতাযোৰ আনি দে |অ' অ' বিচনাত থোৱা কিতাপখিনী বেগটোত ভৰাই দে যা... পিন্টুৰ কিতাপকেইখন দেখি মোৰ বৰ ইৰ্ষা হয় |মইয়ো যদি এনেকৈ স্কুল যাব পালো হয় !এই আখৰবোৰ পঢ়িব পাৰিলো হয় ! কিতাপকেইখন লিৰিকি বিদাৰি স্কুলবেগটোত ভৰাই দিলো | ->ঐ লৰাটো ?? ইমান পৰ লাগে নে ? বাছ আহিলেই লৈ আহ বেগটো... দৌৰি গৈ বেগটো বাইদেউৰ হাতত দিলো | ->যা, বাচন কেইটা ধুই লগৈ |বাৰ্থৰুমৰ কাপোৰ কেইটাও ধুই দিবি... দুচকুৰ অশ্ৰুৱেই যেন মোৰ জীৱনৰ সাৰথি |পিতাই অ' , তইনো বাৰু মোক কিয় ইয়ালৈ পঠালি... চাবোনৰ ফেণৰ সতে উটুৱাই দিয়াৰ প্ৰয়াস কৰিছো মোৰ মনৰ বিষাদৰ ধুমুহাজাকক | নিজৰ বুলিবলৈ মোৰো আই পিতাই আছে তথাপিও আজি মই ইমান অকলশৰীয়া কিয় ?? ->এইকেইটা কাপোৰ ধুওঁতে আৰু কিমান পৰ লগাবি ?সোনকালে ধু ...চাৰৰ অফিচৰ টাইম হৈছে ,জোতাযোৰ পলিচ কৰিব লাগে... এনেদৰেই ব্যস্ততাৰে পাৰ হয় মোৰ দিনবোৰ |পুৱা শুই.........

   September 29, 2013
 

বাৰীষাৰ বতৰ,সুন্দৰে বাৰান্দাত তামোল এখন মুখত পাগ দি বহি আছে ।মনত কিছু সমাজ খনৰ প্ৰতি থকা আবেগ।সেই সুন্দৰৰ সমাজ খন কেনেদৰে বিচ্ছিনতাবাদত পৰিনত হলগৈ আৰু বহুত কিবা কিবি মন দাপোনত উটি ভাহিঁ ফুৰিব ধৰিছিল।অতীতৰ মধুৰ ক্ষনবোৰ বতাহ এচাটি উৰি যোৱাৰ দৰে উৰি গুছি গৈছিল। এজাক নেৰানেপেৰা বৰষুনে আজি কেইবাদিনো ধৰি আমনি কৰি আছে ।গাওঁখনৰ কাষেদি শিঙৰাজান নদীৰ এটি সুতি ফাটি গৈছে।বাৰীষাৰ ফেনে ফুটুকাৰে ভৰা নদীখন নৱপুস্পিতা গাভৰুজনীৰ দৰে লাগিছে।তাত এদিন সকলোৱে একেলগে মাছ ধৰিছিল আৰু গাৱঁত বৰভোজৰ মেলা পাতিছিল। কিন্তু গাওঁনৰ সেই সেউজীয়া পৰিৱেশ এজাক কলীয়া ডাৱৰে চানি ধৰিছিল যোৱাটো বহাগতে।গাৱঁৰ বৰ নামঘৰৰ উন্নতিৰ হকে প্ৰতিবছৰে গাওঁখনৰ দুয়ো খেল মিলি হুচৰি আৰম্ভ কৰিছিল আৰু তাতেই যেন আৰম্ভ হৈছিল সমাজ কেন্দ্ৰিক বিসম্বাদৰ ঢৌ। গাওঁখনৰ সৰহ সংথ্যক লোক যিহেতু বেপাৰ বানি.........

   August 16, 2013
 

বুকুত একুৰা কেচা মৰম লৈ যীশু ডিব্ৰুগড়ৰ পৰা মিৰ্জা অবিমুখে ৰাওনা হ'ল ৷ আজি প্ৰায় ২৫ বছৰৰ মূৰত সি নিজৰ ঘৰখনলৈ আহিছে ৷ মাকৰ মৃত্যুৰ পিছত সিহঁতৰ পৰিয়ালটো অৰ্থাৎ দেউতাক আৰু ভায়েক নিভাজ, দেউতাকৰ কৰ্ম সূত্ৰে ডিব্ৰুগড়তে থাকিবলৈ ল'লে ৷ সিহঁতৰ সেই পুৰণা মৰমৰ ঘৰটোত ভাৰতীয়া পদুম আৰু তাৰ মাক আজিও আছে ৷ মাজতে মোমায়েকৰ বিয়াত আহোঁতে দেখিছিল, সিহঁতে মাকৰ দৰেই ঘৰখন সুন্দৰকৈ সজায় ৰাখিছে ৷ তেতিয়া সি একো বুজিব পৰা হোৱা নাছিল আৰু আজি সি সম্পূৰ্ণ ব্যক্তিত্বশীল এজন পুৰুষ ৷ যাৰ অনুভুতি আছে, প্ৰেম আছে ৷ সি নিজৰ কল্পনাক কেনভাচত ৰং সানি আকাৰ দিব পাৰে ৷ ঈশ্বৰ প্ৰদত্ত তাৰ এই দৈব্য গুনৰ বাবে আজি সি প্ৰশংশীত , পুৰস্কৃত ৷ দুচকুৰ মাজত ৰঙীন ভাৱবোৰে খেলি খেলি তাৰ মনত মৰমৰ কুহুৰ ছবিখন মনলৈ আনিলে ৷ সি যে তাইক দুবছৰ থাকোতে এৰি আহিছে ৷ আজি তাই কেনে দেখা হৈছে ৷ তেতিয়াই তাই ফ্ৰকবোৰেৰে কিমান মৰম ল.........

   August 13, 2013
 

- কথাটো সি বিশ্বাস কৰিব পৰা নাই ৷ ব্ৰজ পৰা মানুহৰ দৰে বিচনাতে সি কুচি-মুচি বহু সময় বহি থাকিল ৷ অৰ্ণৱে কিবা-কিবি কৈ আছে ৷ সি একো শুনা নাই ৷ তাৰ দুচকুত ৰাতি হৈ যোৱা ঘটনাটোৰ দৃশ্যবোৰ এফালৰ পৰা ভাঁহি উঠিল ৷ তেজেৰে লুতুৰি – পুতুৰি হৈ পৰি থকা কুষ্ঠৰোগীটো ৷ মৃত্যু যান্তণাত চতফটাই সহায়ৰ বাবে কাতৰ ভাৱে সিঁহত দুটিলৈ চাই থকা তাৰ সৰু চকু দুটি , কি দৰে ৰাতিৰ এন্ধাৰৰ সুযোগলৈ অৰ্ণব আৰু সি পলাই গুচি গৈছিল স্বাৰ্থপৰৰ দৰে ৷ তাৰ সকলোবোৰ এফালৰ পৰা মনত পৰি গ’ল ৷ - “ অৰ্ণব ব’লছোন এবাৰ মেডিকেলৰ পৰা আহো ৷” - অৰ্ণৱৰ ফালে নোচোৱাকৈয়ে সি ক’লে ৷ - “কোনো দৰকাৰ নাই, মিছা-মিছি এইবোৰ ঝামেলাত সোমাই লোৱাৰ, এনেও ক’ত মানুহ মৰি আছে, ভিক্ষাৰী এটা মৰিলে তাতে কিনো মহাভাৰতখন অশুদ্ধ হ’ল ৷” তাৰ কথা শুনি অৰ্ণৱ একপ্ৰকাৰ জাঙুৰ খাই উঠিল ৷ - “কিন্তু , ভূলটো আমাৰেই আছিল, হয়তো মেডিকেলত নিয়া হ’লে বাছিলে…….. - “হ’ব হ’.........

   July 19, 2013
 

-> বাহ আজি কিন্তু তোমাক কচম চে তামাম লাগিছে দেই জ্যোতি -> হব হব দেৰি হৈছে সোনকালে ছাতিৰ তললৈ আহা আৰে আৰে তিতিছা কিয়? -> নাই দেৰি হোৱা নাই দেখোন । ১১ বজাতহে ৰিজাল্ট নোটিচ মাৰিব। জিত আৰু জ্যোতি 'ক' শ্রেণীৰে পৰা একেলগে পঢ়ি আহিছে আৰু আজি সিঁহতৰ উচ্চ মাধ্যমিক দ্বিতীয় বর্ষৰ ফলাফল দিয়াৰ কথা।সিহঁত দুয়ো সৰুৰে পৰা পঢ়াত তীক্ষ্ণ।আৰু আজিলৈকে দুয়ো পঢ়াৰ ক্ষেত্রত বহু আগবাঢ়ি যাব পাৰিছে কিন্তু আজি জিতৰ মনটো ভাল নহয় তাকে লক্ষ্য কৰি জ্যোতিয়ে সুধিলে - আৰে আজি ৰিজাল্ট দিব তুমি এনেদৰে থাকিলে মোৰ খুব বেয়া লাগে জানা ,আৰে তিতিছা যে অলপ ওচৰলৈ আহা। আজি দেখোন মোলৈ বৰ লাজ কৰিছা ? - আমাৰ ঘৰৰ অৱস্হা তুমি জানাই আজি স্কুললৈ আহিবলৈকো ছাতি এটা নাই। এটা লৰা হৈ গাঁৱৰ মাজেৰে এজনী ছোৱালীৰ লগত একেটা ছাতি লৈ আহিবলৈ বৰ লাজ বুইছা , মই আৰু পঢ়িব নোৱাৰিম তোমাৰ সতে ।দেউতাই ইতিমধ্যে মোৰ পঢ়াৰ বাবে সকলো উদং ক.........

   June 23, 2013
 

Pages

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা