গল্প

সেইদিনা আছিল বৰ পখৰ ৰদ । মোৰ উদেশ্য আছিল ডিব্ৰুগড় বনলতা পৰা মামনি বাইদেউ যিকোনো এখন কিতাপ কিনা । মই ঘৰৰ পৰা ১২ মান বজাত ২০০ টকা লৈ ডিব্ৰুগড় বনলতালৈ বুলি উলালো । ৩০ মিনিট মানৰ পাছত মই ডিব্ৰুগড় বনলতা পালোগৈ । বাছৰ পৰা নামি অলপ দূৰ গৈ কিতাপৰ দোকান পালো আৰু দোকানী জনৰ পৰা মামনি বাইদেউ যিকোনো এখন কিতাপ ১৭০ টকা দি কিনিলো । কিতাপ দোকানৰ পৰা হোটেল লৈ বুলি আহিলো হঠাৎ চকু পৰিল হোটেলৰ কাষতে বহি থকা এজন ভিষাৰীৰ ওপৰত , হোটেলৰ মালিকজনে ভিষাৰীজনক গালি - শপনি পাৰি, মাৰি পিটি কোনো মতে ভিষাৰীজনক তাৰপৰা আতঁৰাব বিচাৰিছে কাৰণ ভিষাৰীজন হোটেলৰ সন্মুখত থকাৰ বাবে হোটেলখন চলাবলৈ কিছু অসুবিধা সৃষ্টি হৈছে । এনেতে সেই ৰাস্তাৰে আহি থকা এজন লোকে হোটেলৰ মালিকজনক সুধিলে কি হৈছে দাদা ইমান হূলস্হূল যে - তেতিয়া হোটেলৰ মালিক জনে কলে, এইটো আজি হোটেলখন খুলিবৰ পৰা হোটেলৰ সন্মুখত ৰৈ আছে খে.........

   June 21, 2013
 

প্ৰতিটো দিনৰ প্ৰতিটো সন্ধ্যা অতি মৰমৰ ৷ যদি সেই সন্ধ্যাত প্ৰিয়জন কাষত থাকে , সেই সন্ধ্যা হৈ পৰে আৰু ৰঙীন মৰমৰ আৰু হেঁপাহৰ ৷ যৌৱনৰ একৈশটা বছৰ ধেমালীৰ মাজেৰে কটাই মাহ - হালধিৰ গোন্ধ গাত সানি কাশ্মিৰী হৈ পৰিছিল আনৰ ঘৰৰ বোৱাৰী ৷ এটা বুজাব নোৱাৰা অনুভুতি ৷ কিন্তু তাই এই ৰং ধৰি ৰাখিব নোৱাৰিলে ৷ এটা কালিমা সনা গধুলীয়ে তাইৰ জীৱনলৈ এন্ধাৰ নমাই আনিলে ৷ তাই সৰু এটা দুৰ্ঘটনাত প্ৰিয়জনক হেৰুৱালে ৷ ইমান সুন্দৰ সপোন ভাঙিব পাৰে , তাই কেতিয়াওঁ ভবা নাছিল, কিন্তু আজি সপোন ভঙা দেখি , তাই অনুভৱ কৰিলে সপোনৰো নজৰ লাগে ৷ তাই প্ৰিয়জনৰ লগত কটোৱা প্ৰতিটো মিঠা অনুভতি অনুভৱ কৰিবলৈ ধৰিলে ৷ নজনাকৈয়ে দুধাৰী চকুলোৰে তাইৰ গাৰুটি তিতি গ'ল ৷ শুনিছিলে পৃথিৱীখন ধুনীয়া কিন্তু আজি অনুভৱ কৰিলে পৃথিৱীখন ঘূৰণীয়া ৷ তাই পৃথিৱীখনৰ লগে লগে ঘূৰীবলৈ ধৰিছে , তাই ভয়তে বিছনাখনত জোৰে খামুচি ধৰিলে ৷ প্ৰচণ্.........

   June 19, 2013
 

কলেজত শিক্ষক গোতৰ মিটিং থকা বাবে কেইটামান ক্লাছ হোৱাৰ পাছত বাকীবোৰ নহ'ল ৷ আমি আটাই কেইজনী বান্ধৱী আহি বাছষ্টেন্দ পালোহি ৷ সকলোবোৰ ক্লাছৰ ল'ৰা- ছোৱালী একে সময়তে অহা বাবে বাছষ্টেন্দত ভিৰ হৈছে ৷ তাতে আকৌ বিভিন্ন কামত অহা মানুহ, আলহী খাবলৈ অহা মানুহ আৰু দোকানৰ সন্মুখত বহি আড্ডা দি থকা ল'ৰাবোৰতো আছেই ৷ গতিকে বাছষ্টেন্দ খন লোকে লোকাৰণ্য হৈ পৰিছে ৷ কোনোমতে ভিৰ ঠেলি ঠাই অকণমান উলিয়াই বাছ অহাৰ বাবে ৰৈ থাকিলোঁ ৷ এনেতে ক'ৰ পৰা জানো দুটি সাত- আঠ বছৰীয়া ল'ৰা-ছোৱালী আহি আমাৰ সন্মুখতে থিয় হ'ল ৷ ছোৱালীজনীয়ে মানুহৰ দৃষ্টি আকষৰ্ণৰ বাবে তাইৰ দিঙিত ওলোমাই ৰখা ঢোলটোঅকণমানি হাত দোখনেৰে বজাই দিলে ৷ ইয়াৰ পিছতে ল'ৰাটোৱে তাৰ ক্ষীণকায় দেহটোৰে বিভিন্ন ধৰণেৰে অংগি - ভংগি কৰি মানুহৰ দৃষ্টি আকষৰ্ণ কৰিব ধৰিলে ৷ তাৰ দেহত মলিয়ন সাজ এযোৰ ৷ মূখত বিভিন্ন ৰঙেৰে আক আকা ৷ ছোৱালীজনীয়ে তাইৰ দেহ.........

   June 12, 2013
 

প্ৰনাধিকা, মায়া জনীলৈ.... কেনে আছা ? গ্ৰীষ্মৰ প্ৰখৰ ৰ'দে চাগে শৰীৰ মন যন্ত্ৰময় কৰি তুলিছে নহয়নে ? কি কৰিবা ? তথাপি জানো এৰাই চলিব পাৰি সময়ৰ সোতত ৰৈ থকা কামবোৰক ? এৰা ৰাতিপুৱাৰ মলয়া জাকে ঋতুৰাণী শৰৎ আগমণৰ বতৰা জনালেহি ৷ শৰৎ ... সেই যে সেউজী শৰৎ ৷ পাহৰি গলা নেকি তুমি ? যাবাতো ৷ অতীত সোৱৰাৰ সময় চাগে নাইকিয়া হৈ পৰিছে ৷ এৰা... মনলৈ উভতি নাহে নেকি অতীতৰ সেউজী বাটত ৰঙালী কৰি এৰি অহা এটি জীৱনৰ স্মৃতি ৷ যাক উকা প্ৰতিশ্ৰুতিৰ জোলোঙা এখন আৰি দিছিলা মাথো সেই জনেই মই... ৷ এৰা চিনিব পৰা নাই ? মই ... মই এতিয়াও জীয়াই আছো ৷ অকলে সাতুৰি সাতুৰি জীৱনৰ মাজসাগৰত উপস্হিত... অলপো কষ্ট অনুভব নোহোৱা নহয় ৷ তথাপি ... নাজানো তাৰ লহৰে কলৈ উটুৱাই নিয়ে ৷ তুমি সচাকৈ পাহৰি গলা ? ইমান সোনকালে ... ? হয় ... মইও পাহৰিব খজো ৷ কিন্তু প্ৰকৃতি দেৱীৰ চৰম আঘাতত পুনৰ সজীব হৈ উঠে সেই স্মৃতি ৷ জানা ... সেই দিনা বৰষাৰ চিপচিপীয়া বৰষু.........

   June 09, 2013
 

Pages

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা