আধুনিক অসমীয়া চুটি গল্প

আধুনিক অসমীয়া চুটি গল্প

দীপাংক শৰ্ম্মা's picture

চুটি গল্প :: তোমাৰ সন্ধানত --- দীপাংক শৰ্ম্মা

পুৱা ৯ মান বজাত, বাইক খন পাৰ্ক কৰি, অজয়, ল’ৰাল’ৰিকৈ সোমাই আহিল, হস্পিতেললৈ । “PrimeCare Hospital”. চহৰৰ এখন ব্যস্ত প্ৰাইভেট হস্পিতেল । অজয়, হস্পিতেলৰ পেথ’ল’জি বিভাগৰ লেৱ টেকনিচিয়ান । আজি তাৰ পুৱাৰ ডিউটি আছিল । পিছে ঘৰৰ পৰা ওলাই কিছু দুৰ আহোতে, বাইক খনৰ টায়াৰ পাম্পছাৰ হ’ল । ইফালে ডিউটিটো পুৱা ৮ বজাতেই আৰম্ভ হয় । খৰধৰকৈ বাইকৰ, টায়াৰ Repair কৰি আহোতে আজি পলমেই হ’লহি তাৰ ।

বিষ্ণু বড়া's picture

অনুগল্প :: তুমিহীনতাৰে শূণ্য এই জীৱন --- বিষ্ণু বড়া

আজিও মোৰ প্ৰশ্ন হয় তাই মিছাতে ইমান ভাল পোৱা অভিনয় কৰিছিল নেকি
যদি তাই মোক ভাল পাইছিল কিয় মোক সঁচা কথা কৈ নগ’ল
কিয় মোক অকলে এৰি থৈ গ’ল
মোক কিয় লগতে লৈ নগ’ল

মই জানো তাই মোক বহুত ভাল পাইছিল
যেনেকৈ মই ভাল পাইছিলোঁ

কিন্তু ক'ত কি ভুল হ’ল
হঠাৎ এদিন ৰাতি এটা মেছেজ আহিল

*By hun*

পিছ দিনা মই ফোন কৰি কৰি ভাগৰি গ’লো
শেষত লগৰ এটাই ফোন কৰি কয়

*তাই আৰু চিৰদিনৰ বাবে নাই*

যদি তাই মোক এৰি আনৰ হ’ল হয় মই অলপো দুখ নকৰিলো হয়

যাৰ বাবে মই অকলশৰীয়া হৈ পৰিলো
নিজৰ মাজতে নিজক বন্দী কৰি.........

বসন্ত নিৰ’লা's picture

গল্প :: য়ে, চিলচিলা হে প্যাৰ কা - A SHORT LOVE STORY ! --- বসন্ত নিৰ’লা

“কি হ’ল দুদিন ধৰি মাত-বোল নাই ?”

“ তুমি জানাই নহয় এয়াৰচেলে যে অন্তিম বিদায় লৈছে”

“জিঅ’ ছিমখন কিনি দিছিলো নহয়, ক’ল এটাতো কৰিৱ পাৰা”

“ইহ… মোৰেই গাত সকলো দোষ, কৈছিলো নহয় মই যোৱা সপ্তাহত জিঅ’ত ৩৯৯ ৰ ৰিচার্জ লাগে বুলি আৰু তেতিয়া তুমি আজি নহয় কালিলৈ বুলি কৈ আজিলৈকে ৰিচাৰ্জ কৰি দিয়াই নাই”
“হ’ৱ বাৰু, বাইকত উঠা হাটখোলাত ৰিচার্জ কৰাই দিম” – এইবুলি ৰাঘৱে বাইকখনক চেল্ফ ষ্টার্ট দিলে ।

“ আজি বাৰু ক’লৈ যাম ?” – বাইকত উঠাৰ আগতে শ্মামালীনাই প্রশ্ন কৰিলে ।

ইয়াৰ লগে-লগে ১৮০ চি.চি. ৰ পালচাৰ বাইকে নিজ গতি ল’লে আৰু ৰাঘৱেই উত্তৰ দি কৈ গ’ল-

নিৰজ ভাৰদ্বাজ's picture

গল্প :: মানুহে মানুহৰ বাবে --- নিৰজ ভাৰদ্বাজ

দিনটোৰ ব্যস্ততাৰ অন্তত ঘৰলৈ বুলি বাছত উঠিল আকাশে । চিটি বাছৰ ভিৰৰ মাজতে নিজকে কেনেবাকৈ চিট এটা প্ৰদান কৰিব পাৰি আৰামত গা এৰা দিলে । "দাদা সহায় কৰক" সৰু ল’ৰা এটাৰ মাত, ল’ৰাটোলৈ এবাৰ চাই পকেটত হাত দিলে আকাশে, "এ খুচুৰা পইচা নাই দেখোন ২০ টকা এখন দিব নোৱাৰি" মনতে ভাবিলে । আশাবাদী হৈ থকা ল’ৰাটো খালী হাতে আগবাঢ়িল ।

গুৱাহাটীৰ সন্ধিয়া ট্ৰেফিক জাম, যেন বাছখনে আকাশক ঘৰত যাব দিব খোজা নাই । অলপ সময় ৰৈ বাছখনৰ পৰা নামি সৰু গলিয়েদি ঘৰলৈ খোজ দিলে আকাশে । ঠাণ্ডাৰ দিনত অহা চেঁচা বতাহজাকে জেকেটৰ চেইনডাল টানিবলৈ বাধ্য কৰালে তাক ।

বসন্ত নিৰ’লা's picture

গল্প :: ফ্রেইণ্ড ৰিকুয়েষ্ট ( Friend Request ) --- বসন্ত নিৰ’লা

আজি দেওবাৰ । শুই উঠিয়েই অনুৰাগ ব্যস্ত মোৱাইল টিপাত । এয়া নিত্য- নৈমেন্তিক নহয়, সচৰাচৰ ৰাতিৰ ওৱাটছ মেজেছবোৰক চাই লৈ ফেচবুকত যিসকলৰ জন্মদিন থাকে আটাইবোৰকে ওলগ জনাই সামৰে ; নহ’লেনো অফিচলৈ দেৰি হৈয়েই যাৱ আৰু বেংকৰ চাকৰিত দেৰি কৰা মানে দিনটোলৈ সর্বনাশী বিপদ মাতি অনা । কিন্তু আজি দেওবাৰ, ফ্রী ডে’ । “বাবা ঐ” , বাহিৰৰ পৰা মায়ে মাত লগাইছে । সম্ভৱ বৰুৱানী বৰমায়ে ভাৱিছে তেওঁৰ “ৰাজা ল’ৰা”-য়ে সাৰ পোৱা নাই । সেয়েহে অনুৰাগৰ কোঠালীৰ বন্ধ দুৱাৰৰ সন্মুখত থিয় হৈ তেওঁ আকৌ মাত লগালে, “সময় হৈছে উঠ, বেছি দেৰিলৈকে শুই থকাও ভাল নহয়” । “নাই মা, মই সাৰে আছো । ওলাইছো বাহিৰলৈ ৰ’ৱ, প্রথমতে কিছু ইম্প’র্টটেন্ট

শ্ৰী ৰাজেন দাস's picture

গল্প :: আৰ্তি --- শ্ৰী ৰাজেন দাস

ঘৰখন উদুলি-মুদুলি | ইয়াৰ কাৰণো আছিল | বৰবাপু দূৰৈত পঢ়িবলৈ যাব | ইটো-সিটো মানুহে ঠাহ খাইছে বাৰান্দা | এনেতে বাবুৱে মাত দিলে---- : আমাৰ দাদা দূৰৈত পঢ়িব যাব ; সপোন এটা বুকুচাত লৈ ; সেই সপোনটো আমি আইৰ ৰিহাৰ আঁচলত চাম | আইতাৰ জধলা চুমাৰ জিলিকনি খেপিয়াম . নিলীম দা ___ আপুনি দেৰগাঁও যাব নহয় , দাদাৰ লগতে যাব পাৰিব |

বসন্ত নিৰ’লা's picture

চুটি গল্প :: লাভ আফটাৰ দি ব্ৰেক’আপ - LOVE AFTER THE BREAK – UP---বসন্ত নিৰ’লা

“Thank you” আৰু কিছুমান বিশেষ ‘ইমোজী’ৰে মেছেজবোৰৰ ৰিপ্লাই দিয়াত ব্যস্ত থাকিলেও অতি আগ্রহৰে অপ্রত্যাশিত মেছেজৰ বাবে অপেক্ষাৰত ইসিতা । কিন্তু নাই, সেই বিশেষ ব্যক্তিগৰাকীয়ে এতিয়ালৈ “হেপ্পী বার্থডে’” বুলি ইসিতালৈ মেছেজ কৰা নাই । ধৈর্য্যৰ সীমা চেৰাই যোৱাত মোবাইলটোক বিচনাতে পেলাই থৈ ইসিতা কিছু কথা নিজৰ মন-মগজুৰ লগতে পাতিব ল’লে ।

মগজুৱে ক’লে, “অপেক্ষা কাৰ মেছেজৰ কৰিছা ? যাৰ সৈতে তুমি কিছুদিন আগতে ‘ব্রেক-আপ’ হোৱা বুলি জনাইছা” ।

মনে কৈছে, “ যিয়েই নহওঁক তাৰ জন্মদিনত মই শুভেচ্ছা জনাইছিলো, গতিকে তাৰো দায়িত্ব হয় মোক শুভেচ্ছা জনোৱা” ।

যুতিকা ফুকন (যুতিকা-জোনাক)'s picture

গল্প :: এটি প্ৰতিক্ষিত সপোন --- যুতিকা-জোনাক

‘জোনালী’ ।।।।।।।।।!

‘অ’ বাইদেউ, কওকচোন ।।।।।’

‘আজি বেয়া নোপোৱা যদি মোৰ ক্লাছটো কৰি দিবানেকি ? খৱৰ আহিছে মাৰ গাটো বেয়া । ডাক্তৰৰ ওচৰলৈ লৈ যাব লাগিব । প্লিজ মোৰ ক্লাছটো লৈ দিয়ানা । পৰীক্ষালৈ বেছি দিন নাইয়ে নহয় ।’

‘আৰে বাইদেউ আপুনি যাওঁক । মই ক্লাছটো লৈ দিম । আপুনি মাক সোনকালে লৈ যাওঁকগৈ ।’

‘থেংকয়ু জোনালী ।’

মৃণালৰাজ কলিতা's picture

গল্প :: নবীনৰ পান – দোকান --- মৃণালৰাজ কলিতা

সি দিনা আছিল বুধবাৰ ৷ ৰাতিপুৱা শুই উঠি প্ৰতিদিনাৰ দৰে নবীনে তাৰ পাণ- দোকানখন খুলিবলৈ আহিল ৷ নিজানপুৰ গাওঁৰ গধূলীবজাৰখনত নবীনৰ পাণ – দোকানখন আছে ৷ সি এই পাণ-দোকানখনেৰেই তাৰ পৰিয়ালটো পোহ – পাল দি আছে ৷ নবীনৰ আঠ বছৰ বয়সতেই দেউতাকে চিৰদিনৰ বাবে ইহলীলা সম্বোৰণ কৰিছিল ৷ এতিয়া ঘৰত সি আৰু তাৰ ৰুগীয়া মাকজনী আছে ৷ মাকে কেন্সাৰ বেমাৰত ভুগিছে ৷ চিকিৎসা কৰিবলৈ নবীনৰ হাতত টকা নাই ৷ সি যিমান পাৰে সিমানেই টকা যোগাৰ কৰিবৰ বাবে চেষ্টা কৰিওঁ সফল হ’ব পৰা নাই ৷ কাৰণ সি যিখন পাণ – দোকাণ তাত থকা বস্তুবোৰৰ ভিতৰত তামোল-পাণ,বিড়ি-চিগাৰেট , চাধা-গুটখা, কেইপেকেটমান বিস্কুত আৰু কেইটিমান চকলেটৰ বাদে আন একো নাই ৷ নবীনে সদ

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: গল্প
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা