প্ৰেমৰ গল্প

প্ৰেমৰ গল্প

গল্প :: প্ৰেম --- মন্জুষা দেৱী

গহীন গম্ভীৰ পৰিবেশ ৷ নিমাওমাও পৰিবেশে অৰ্ণৱৰ হিয়া খন আজুৰি নিব লৈছে ৷ যন্ত্ৰণাৰ উমান পাই বুকু খন উঠানমা কৰিছে তীব্ৰ গতিত ৷ বুকুৰ ভিতৰৰ ধানবনা শব্দ মাহীয়ে শুনা পাব বুলি বুকুখন জোৰকৈ ধৰিছে ৷ বৰ অসহায় আজি পৰিস্থিতিৰ ওচৰত অৰ্ণৱ ৷ নিজৰ মানসিকতাৰ ওপৰত ধিক্কাৰ জন্মিছে ৷ মাহীৰ প্ৰেম , মাহীৰ ত্যাগ,মাহীৰ মহানতাৰ সন্মুখত অৰ্ণৱ আজি তুচ্ছ ৷

চুটি গল্প :: তোমাৰ সন্ধানত --- দীপাংক শৰ্ম্মা

পুৱা ৯ মান বজাত, বাইক খন পাৰ্ক কৰি, অজয়, ল’ৰাল’ৰিকৈ সোমাই আহিল, হস্পিতেললৈ । “PrimeCare Hospital”. চহৰৰ এখন ব্যস্ত প্ৰাইভেট হস্পিতেল । অজয়, হস্পিতেলৰ পেথ’ল’জি বিভাগৰ লেৱ টেকনিচিয়ান । আজি তাৰ পুৱাৰ ডিউটি আছিল । পিছে ঘৰৰ পৰা ওলাই কিছু দুৰ আহোতে, বাইক খনৰ টায়াৰ পাম্পছাৰ হ’ল । ইফালে ডিউটিটো পুৱা ৮ বজাতেই আৰম্ভ হয় । খৰধৰকৈ বাইকৰ, টায়াৰ Repair কৰি আহোতে আজি পলমেই হ’লহি তাৰ ।

অনুগল্প :: তুমিহীনতাৰে শূণ্য এই জীৱন --- বিষ্ণু বড়া

আজিও মোৰ প্ৰশ্ন হয় তাই মিছাতে ইমান ভাল পোৱা অভিনয় কৰিছিল নেকি
যদি তাই মোক ভাল পাইছিল কিয় মোক সঁচা কথা কৈ নগ’ল
কিয় মোক অকলে এৰি থৈ গ’ল
মোক কিয় লগতে লৈ নগ’ল

মই জানো তাই মোক বহুত ভাল পাইছিল
যেনেকৈ মই ভাল পাইছিলোঁ

কিন্তু ক'ত কি ভুল হ’ল
হঠাৎ এদিন ৰাতি এটা মেছেজ আহিল

*By hun*

পিছ দিনা মই ফোন কৰি কৰি ভাগৰি গ’লো
শেষত লগৰ এটাই ফোন কৰি কয়

*তাই আৰু চিৰদিনৰ বাবে নাই*

যদি তাই মোক এৰি আনৰ হ’ল হয় মই অলপো দুখ নকৰিলো হয়

যাৰ বাবে মই অকলশৰীয়া হৈ পৰিলো
নিজৰ মাজতে নিজক বন্দী কৰি.........

গল্প :: য়ে, চিলচিলা হে প্যাৰ কা - A SHORT LOVE STORY ! --- বসন্ত নিৰ’লা

“কি হ’ল দুদিন ধৰি মাত-বোল নাই ?”

“ তুমি জানাই নহয় এয়াৰচেলে যে অন্তিম বিদায় লৈছে”

“জিঅ’ ছিমখন কিনি দিছিলো নহয়, ক’ল এটাতো কৰিৱ পাৰা”

“ইহ… মোৰেই গাত সকলো দোষ, কৈছিলো নহয় মই যোৱা সপ্তাহত জিঅ’ত ৩৯৯ ৰ ৰিচার্জ লাগে বুলি আৰু তেতিয়া তুমি আজি নহয় কালিলৈ বুলি কৈ আজিলৈকে ৰিচাৰ্জ কৰি দিয়াই নাই”
“হ’ৱ বাৰু, বাইকত উঠা হাটখোলাত ৰিচার্জ কৰাই দিম” – এইবুলি ৰাঘৱে বাইকখনক চেল্ফ ষ্টার্ট দিলে ।

“ আজি বাৰু ক’লৈ যাম ?” – বাইকত উঠাৰ আগতে শ্মামালীনাই প্রশ্ন কৰিলে ।

ইয়াৰ লগে-লগে ১৮০ চি.চি. ৰ পালচাৰ বাইকে নিজ গতি ল’লে আৰু ৰাঘৱেই উত্তৰ দি কৈ গ’ল-

গল্প :: ফ্রেইণ্ড ৰিকুয়েষ্ট ( Friend Request ) --- বসন্ত নিৰ’লা

আজি দেওবাৰ । শুই উঠিয়েই অনুৰাগ ব্যস্ত মোৱাইল টিপাত । এয়া নিত্য- নৈমেন্তিক নহয়, সচৰাচৰ ৰাতিৰ ওৱাটছ মেজেছবোৰক চাই লৈ ফেচবুকত যিসকলৰ জন্মদিন থাকে আটাইবোৰকে ওলগ জনাই সামৰে ; নহ’লেনো অফিচলৈ দেৰি হৈয়েই যাৱ আৰু বেংকৰ চাকৰিত দেৰি কৰা মানে দিনটোলৈ সর্বনাশী বিপদ মাতি অনা । কিন্তু আজি দেওবাৰ, ফ্রী ডে’ । “বাবা ঐ” , বাহিৰৰ পৰা মায়ে মাত লগাইছে । সম্ভৱ বৰুৱানী বৰমায়ে ভাৱিছে তেওঁৰ “ৰাজা ল’ৰা”-য়ে সাৰ পোৱা নাই । সেয়েহে অনুৰাগৰ কোঠালীৰ বন্ধ দুৱাৰৰ সন্মুখত থিয় হৈ তেওঁ আকৌ মাত লগালে, “সময় হৈছে উঠ, বেছি দেৰিলৈকে শুই থকাও ভাল নহয়” । “নাই মা, মই সাৰে আছো । ওলাইছো বাহিৰলৈ ৰ’ৱ, প্রথমতে কিছু ইম্প’র্টটেন্ট

চুটি গল্প :: লাভ আফটাৰ দি ব্ৰেক’আপ - LOVE AFTER THE BREAK – UP---বসন্ত নিৰ’লা

“Thank you” আৰু কিছুমান বিশেষ ‘ইমোজী’ৰে মেছেজবোৰৰ ৰিপ্লাই দিয়াত ব্যস্ত থাকিলেও অতি আগ্রহৰে অপ্রত্যাশিত মেছেজৰ বাবে অপেক্ষাৰত ইসিতা । কিন্তু নাই, সেই বিশেষ ব্যক্তিগৰাকীয়ে এতিয়ালৈ “হেপ্পী বার্থডে’” বুলি ইসিতালৈ মেছেজ কৰা নাই । ধৈর্য্যৰ সীমা চেৰাই যোৱাত মোবাইলটোক বিচনাতে পেলাই থৈ ইসিতা কিছু কথা নিজৰ মন-মগজুৰ লগতে পাতিব ল’লে ।

মগজুৱে ক’লে, “অপেক্ষা কাৰ মেছেজৰ কৰিছা ? যাৰ সৈতে তুমি কিছুদিন আগতে ‘ব্রেক-আপ’ হোৱা বুলি জনাইছা” ।

মনে কৈছে, “ যিয়েই নহওঁক তাৰ জন্মদিনত মই শুভেচ্ছা জনাইছিলো, গতিকে তাৰো দায়িত্ব হয় মোক শুভেচ্ছা জনোৱা” ।

গল্প :: মাৰ্দাৰ --- দীপাংক শৰ্ম্মা

খবৰটো চহৰ খনত জুইৰ দৰে বিয়পি পৰিল । মৃত্যুঞ্জয় বৰুৱাৰ হত্যা । ৰাজ্যৰ প্ৰমুখ পলিটিকেল পাৰ্টী জনমুক্তি মঞ্চৰ মুখপাত্ৰ, যুবনেতা আৰু চহৰৰ এজন প্ৰখ্যাত builder আছিল এই মৃত্যুঞ্জয় বৰুৱা ।

চহৰৰ মাজেদি বৈ যোৱা বীৰজৰা নদীৰ এখন দলংৰ কাষত তেওঁৰ গাড়ী খন ৰখাই থোৱা অবস্থাত পোৱা গৈছে । মৃতদেহ চালকৰ আসনত বহি থকা অবস্থাতেই আছে । কপালত গুলীৰ চিন স্পষ্ট । সমগ্ৰ শৰীৰ তেজেৰে ৰাঙলী । চহৰৰ সকলো নিউজ চেনেলত কেৱল মাত্ৰ এতিয়া এইটোৱে খবৰ । মাৰ্দাৰ স্পট এতিয়া পুলিছে আগুৰি ৰাখিছে । Crime Scene ৰ প্ৰটিতো খুটিনাটী টুকি ৰখাত, পুলিছ ব্যস্ত ।

গল্প :: এটি প্ৰতিক্ষিত সপোন --- যুতিকা-জোনাক

‘জোনালী’ ।।।।।।।।।!

‘অ’ বাইদেউ, কওকচোন ।।।।।’

‘আজি বেয়া নোপোৱা যদি মোৰ ক্লাছটো কৰি দিবানেকি ? খৱৰ আহিছে মাৰ গাটো বেয়া । ডাক্তৰৰ ওচৰলৈ লৈ যাব লাগিব । প্লিজ মোৰ ক্লাছটো লৈ দিয়ানা । পৰীক্ষালৈ বেছি দিন নাইয়ে নহয় ।’

‘আৰে বাইদেউ আপুনি যাওঁক । মই ক্লাছটো লৈ দিম । আপুনি মাক সোনকালে লৈ যাওঁকগৈ ।’

‘থেংকয়ু জোনালী ।’

চাহ-বাগানৰ মাজে মাজে প্ৰেমৰ আঁৰে-আঁৰে --- মৃণালৰাজ কলিতা

ডুমনিচকী চাহ বাগানৰ প্ৰান্তত আদিবাসীসকলৰ এখন গাঁও ৷ গাঁওখনৰ প্ৰায়বোৰ মানুহে চাহ-বাগানত কাম কৰি জীৱিকা নিৰ্বাহ কৰে ৷ সেই কাৰণে এওঁলোকক বাগানীয়া বুলি কোৱা হয় ৷ এওঁলোক বৰ দূখীয়া আৰু গাঁও খন শান্তি-সমৃদ্ধিৰে ভৰপূৰ ৷ নিজৰ ঘৰখন চলাবলৈ দিন-ৰাতি কাতি কৰি কপালৰ ঘাম মাটিত পেলায় কাম কৰে আৰু নিজৰ পৰিয়ালটোক পোহ-পাল দিয়ে ৷ এই চাহ বাগানখনৰ ওচৰতে চপনাহঁতৰ ঘৰ ৷ চাহ বাগানৰ মাজে মাজে চপনাই নাচি-বাগি হাঁহি- ধেমালী কৰি ডাঙৰ- দীঘল হৈছে ৷ চাহ বাগানখনেই যেন তাইৰ বাবে সৰগ, ইয়াতেই তাই সপোন ৰচে আৰু এয়েই তাইৰ জীৱন য'ত মনৰ ইচ্ছা- অনুভুতিবোৰ লুকাই আছে ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,496
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,523
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,605
শিতান: প্ৰবন্ধ
মুঠ পঢ়ুৱৈ সংখ্যা:2,202
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,679
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,707