জ্ঞান সঁফুৰা

খেল কুইজ

১. কাবাডী খেলৰ এটা দলত কিমানজন খেলুৱৈ থাকে ?
- সাতজন (৭ জন) ৷

২. কাবাডী খেলত ‘কেণ্ট’ মানে কি ?
- কাবাডীখেলত প্ৰতিপক্ষৰ ক’ৰ্টলৈ যোৱা খেলুৱৈজনে উশাহ সলনি নকৰাকৈ নিজৰ ক’ৰ্টলৈ উভটি অহাকে কেণ্ট বোলে ৷

৩. কাবাডী খেলত ‘ৰেইডাৰ’ মানে কি ?
- কেণ্ট বিপৰীত পক্ষৰ ক’ৰ্টত প্ৰৱেশ কৰাকে ৰেইডাৰ বোলে ৷

৪. ফুটবল খেলৰ দুটা গ’ল পোষ্টৰ মাজত দূৰত্ব কিমান ?
- ৮ গজ ৷

বিজ্ঞানৰ কুইজ

১. সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি ?
- শনি ৷

২. সৌৰজগতৰ কেন্দ্ৰ কি ?
- সূৰ্য ৷

৩. মহাকাশলৈ প্ৰথম প্ৰাণী কঢ়িয়াই নিয়া মহাকাশযান খনৰ নাম কি আছিল ?
- স্পুটনিক – ২ ৷

৪. কোনখন দেশে প্ৰথমে চন্দ্ৰত অৱতৰণ কৰা মহাকাশযান উৎক্ষেপণ কৰিছিল ?
- আমেৰিকা যুক্তৰাষ্ট্ৰ ৷

৫. জুই জ্বলিবলৈ কোনটো গেছৰ দৰকাৰ ?
- অক্সিজেন ৷

৬. পৃথিৱীৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি ?
- স্পুটনিক – ১ ৷

৭. আলোকবৰ্ষৰ সহায়ত কি জোখা হয় ?
- পোহৰে এবছৰত অতিক্ৰম কৰা দূৰত্বক আলোকবৰ্ষৰে জোখা হয় ৷

আৱিষ্কাৰ কুইজ

১. টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল ?
- আলেকজেণ্ডাৰ গ্ৰাহাম বেল ৷

২. অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল ?
- প্ৰীষ্টলী ৷

৩. এৰোপ্লেন কোনে আৱিষ্কাৰ কৰিছিল ?
- অলভিল আৰু উইলবাৰ ৰাইট ৷

৪. ডিজেল ইঞ্জিন কোনে উদ্ভাৱন কৰিছিল ?
- ৰুডলফ ডিজেল ৷

৫. অণুবীক্ষণ যন্ত্ৰ কোনে উদ্ভাৱন কৰিছিল ?
- জেদ জেনছেন ৷

৬. ডিনামাইট কোনে উদ্ভাৱন কৰিছিল ?
- আলফ্ৰেড ন’বেল ৷

বিশ্ব কুইজ

বিশ্ব কুইজ

১. বিশ্বৰ সৰ্বাধিক ধনী দেশ কোন খন ?
- চুইজাৰলেণ্ড।

২. বৰ্তমান পৃথিৱীৰ সপ্তাশ্চৰ্য আশ্চৰ্য কি কি ?

১) চীনৰ প্ৰাচীৰ

২) আগ্ৰাৰ তাজমহল

৩) মেক্সিকোৰ চিচেল ইট্‌জা

৪) ব্ৰাজিলৰ ষ্টেচু অব দা খাইষ্ট দা ৰিডীমাৰ

৫) পেৰুৰ মাচু পিছু

৬) জৰ্ডানৰ পেট্ৰা

৭) ৰোমৰ কলোছিয়াম।

৩. বিশ্বত সৰ্বাধিক সোণ ক’ত উৎপাদন হয়?
- দক্ষিণ আফ্ৰিকাত।

৪. এছিয়াৰ প্ৰথম তেল শোধনাগাৰটো ক’ত?
- ডিগবৈত।

অসম কুইজ

অসম কুইজ

১. কোনজন অসমীয়াক ‘কলাগুৰু’ বোলা হয় ?
- বিষ্ণুপ্ৰসাদ ৰাভা ৷

২. কোনজন অসমীয়াক ‘ৰূপকোঁৱৰ’ বোলা হয় ?
- জ্যোতিপ্ৰসাদ আগৰৱালাক ৷

৩. কোনজন অসমীয়া ‘লোকপ্ৰিয়’ নামেৰে খ্যাত ?
- গোপীনাথ বৰদলৈ ৷

৪. কোনজন অসমীয়া ‘কৰ্মবীৰ’ নামেৰে জনজাত ?
- নবীনচন্দ্ৰ বৰদলৈ ৷

৫. কোনজন অসমীয়াক ‘দেশভক্ত’ নামেৰে খ্যাত ?
- তৰুণৰাম ফুকন ৷

৬. অসমীয়া সাহিত্যত ‘ভাঙনি কোঁৱৰ’ নামে কোন জনজাত ?
- আনন্দ চন্দ্ৰ আগৰৱালা ৷

৭. ‘বিহগী কবি’ হিচাপে কোনজন কবি জনজাত ?
- ৰঘুনাথ চৌধৰী ৷

সাহিত্য

১. অসমীয়া ভাষা- সাহিত্যৰ জনক কোন ?
- শ্ৰীমন্ত শংকৰদেৱ ৷

২. শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি ?
- কীৰ্ত্তন

৩. প্ৰথম অসমীয়া গদ্য লেখক কোন ?
- ভট্টদেৱ ৷

চলচ্চিত্ৰ

১. অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল ?
- ১৯৮৫ চন ৷

২. অসমৰ প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাতা গৰাকী কোন?
- জ্যোতিপ্ৰসাদ আগৰৱালা ৷

৩. কোন চনত জ্যোতি চিত্ৰাবন স্থাপিত হয় ?
- ১৯৬৮ চন ৷

৪. প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি ?
- জয়মতী (১৯৩৫) ৷

৫. কথাছবি ৰূপ দিয়া প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?
- মনোমতী ৷

৬. প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীণ চিনেমা খনৰ নাম কি ?
- ভাইটি (১৯৭২)

বুৰঞ্জী

১. অসমৰ প্ৰাচীন নাম কি ?
- প্ৰাগজ্যোতিষপুৰ

২. কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে ?
- ভাস্কৰবৰ্মাৰ দিনত ৷

৩. চীনা পৰিব্ৰাজকজনৰ নাম কি ?
- হিউৱেন চাং

৪. ‘অসম’ নাম কেতিয়াৰ পৰা হয় ?
- আহোমসকলৰ ৰাজত্ব কালৰ পৰা ৷

৫. আহোমসকলৰ আদি ৰজা কোন আছিল ?
- চুকাফা ৷

৬. আহোমৰ শেষ ৰজাজনৰ নাম কি ?
- স্বৰ্গদেউ পুৰন্দৰ সিংহ ৷

৭. আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল ?
- প্ৰায় ৬০০ বছৰ ৷

৮. আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল ?
- ইটাখুলি ৰণ (১৬৮২ খ্ৰী:) ৷

জ্ঞান সঁফুৰা

বৰ্তমান জনপ্ৰিয় লিখনি