প্ৰবন্ধ

মিছাইল মানৱ:কালাম --- আব্দুল কুদ্দুচ


ড0 এ.পি.জে.আব্দুল কালাম তামিলনাডু ৰাজ্যৰ এখন দ্বীপ নগৰী
ৰামেশ্বৰম(পূৰ্বৰ মাদ্ৰাজ)ত তেওঁৰ জন্ম হয় ১৯৩১ চনৰ ১৫ অক্টোবৰত। তেওঁৰ
পিতৃ জয়নাল আবেদীনৰ কোনো আনুষ্ঠানিক শিক্ষা-দীক্ষা নাছিল যদিও তেঁখেত
বুদ্ধিমান আৰু প্ৰকৃতাৰ্থত উদাৰমনা লোক আছিল ।

কালামৰ ঘনিষ্ঠ বন্ধু আহমদ জালালুদ্দিন(কালানতকৈ পোন্ধৰ বছৰ
ডাঙৰ)। জালালুদ্দিনৰ সৈতে কালাম নিতৌ সন্ধিয়া ঘৰুৱা দ্বীপৰ বালুময় উপকূলত

আড্ডাঃ এক সামাজিক ব্যাধি --- কিশোৰ বড়ো

যৌৱনত ভৰি দিয়াৰ লগে লগে আড্ডা মৰাটো যুৱচামৰ অবিছেদ্য অংগ । সম্প্রতি প্রায়ভাগ কিশোৰ বা যুৱচামৰ আড্ডা মৰাটো চৰিত্ৰত পৰিণত হৈছে । মনকৰিবলগীয়া যে যুৱক সকলে প্রায়ভাগ সময়তে নিজৰ কাম কাজ,স্কুল-কলেজ বাদ দি হোটেল,ৰেষ্টোঁৰা,পাৰ্ক,দোকান নতুবা দোকানৰ আগত,আলিয়ে-পদূলিয়ে,তিনি আলি বা চাৰি আলিত জুম বান্ধি আড্ডা মৰা সম্প্রতি পৰিলক্ষিত হয় । ই পৰম্পৰাগত ভাবে অবিৰত চলিয়েই আছে । আমাৰ সমাজৰ ভবিষ্যত প্রজন্মৰ লগতে উঠি অহা কিশোৰ বা শিশুমনে যেতিয়া এনে আড্ডা মৰা প্রত্যক্ষ কৰে তেতিয়া সিহঁতেও অনুসৰণ কৰে । ই কুমলীয়া মনত বেয়াকৈ পোখা মেলিব । আমি এতিয়াই সজাগ নহলে ই আমাৰ সমাজখনক বাৰুকৈয়ে স্খলিত কৰিব । মাথোঁ আনন্দৰ খোৰাক লোৱা

সমাজ প্ৰদূৰ্ষণ আৰু আমি --- অমল কলিতা

বৰ্তমান সময়ত পৰিবেশ প্ৰদূৰ্ষণৰ কথা সকলোৱে কয়, তাৰ ওপৰত বিভিন্ন চিন্তা-চৰ্চা কৰে, আন্তজাৰ্তিক পৰ্য্যায়তো বিভিন্ন আলোচনা - বিলোচনা হৈছে ৷ পৰিবেশ প্ৰদূৰ্ষণ ৰোধ কৰিবৰ কাৰণে হাজাৰ-হাজাৰ নীতি-নিয়ম ৰচনা কৰা হৈছে ৷ সংবাদ মাধ্যম, টেলিভিচন আদিটো ইয়াৰ ওপৰত বহুল চৰ্চা কৰা হয় ৷ পৰিবেশ প্ৰদূৰ্ষণৰ বিৰুদ্ধে বৌদ্ধক সমাজৰ পৰা আদি কৰি সকলো স্তৰৰ মানুহেই নিজ নিজ মতামত মুক্ত কণ্ঠৰেই প্ৰকাশ কৰে সমাজৰ আগত ৷ হয় আজিৰ প্ৰজন্মই পৰিবেশ প্ৰদূৰ্ষণৰ কাৰণ আৰু ইয়াৰ ফলত সৃষ্টি হ'ব পৰা আতংকৰ বিষয়ে ভালদৰেই উপলব্ধি কৰিব পাৰিছে ৷ এইটো আমাৰ কাৰণে, এই পৃথিৱীত বসবাস কৰা সকলো জীৱ-জন্তু, চৰাই-চিৰিকতি, কীট-পতংগ, গছ-গছনি আদিৰ বাবে এটি

জ্ঞান চৰ্চাৰ নহয় কেৱল ৰূপ-চৰ্চাৰহে অধিষ্ঠাত্ৰী দেৱী “সৰস্বতী” --- মানবজ্যোতি ভূঞা

বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজাৰ দিনটো আমাৰ স্কুল-কলেজৰ ছাত্র-ছাত্রীৰ কাৰণে বিশেষ তাৎপৰ্যপূৰ্ণ । অকল পঢ়া-শুনাতে নহয়, সংগীত, নৃত্য-নাটক, চিত্রাংকন, ভাস্কৰ্যকে আদি কৰি সকলো কলাবিদ্যাৰে সাধনাত ব্রতী মানুহ মাত্রৰে পূজা দেৱী “মা সৰস্বতী” ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,485
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,687
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,581
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,321
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,571
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,603