অংকীয়া নাটৰ উপাদান --- অৰুণাভ কুমাৰ নাথ

অসমীয়া জাতীয় জীৱনৰ চিত্ৰ অংকিত, লোকধৰ্মী, আৰু নাট্যধৰ্মী অভিনয় সম্ভূত অসমৰ একমাত্ৰ নাট্য সম্পদ হ’ল অংকীয়া নাট ৷ অসমৰ ধৰ্ম, ভাষা, সাহিত্য আৰু গুৰু মহাপৰুষ শংকৰদেৱৰ সৃষ্টি এই অংকীয়া নাট ৷ শংকৰদেৱেই হৈছে অসমৰ নাট্য সাহিত্যৰ প্ৰথম স্ৰষ্টা ৷ তাৰোপৰি পৃথিৱীৰ ভিতৰত অসমতেই সৰ্বপ্ৰথমে আঞ্চলিক ভাষাত নাটকৰ উৎপত্তি হৈছিল ৷

মহাপুৰুষ শংকৰদেৱে জনসাধাৰণৰ মাজত আধ্যাত্মিক চেতনা জাগ্ৰত কৰি কৃষ্ণ নামৰ প্ৰতি সকলোকে আকৃষ্ট কৰি সকলেৰে মন প্ৰাণ ভকতিতত নিমজ্জিত কৰিবলৈ এই অংকীয়া নাট ভাওনাকে মাধ্যম ৰূপে গ্ৰহণ কৰিছিল ৷

শংকৰদেৱৰ এই নাটকসমূহত কেইবাবিধো বিশেষ উপাদান সংযোগ কৰি নাটসমূহক উৎকৃষ্ট মৰ্যদা প্ৰদান কৰিবলৈ সক্ষম হৈছে ৷ সেই সমূহ হৈছে –

ক) প্ৰাচীন নাট্য শাস্তৰ উপাদান
খ) বিভিন্ন তীৰ্থ ভ্ৰমণৰ পৰা পোৱা উপাদান
গ) অসমৰ থলুৱাভাৱে প্ৰচলিত বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰমৰ উপাদান
ঘ) নিজস্ব সৃজনী প্ৰতিভা ৷

এই সমগ্ৰ উপাদানবোৰত আছিল ভাওনাৰ গাম্ভীৰ্যতা, আধ্যাত্মিক চেতনা, ভক্তি ৰসৰ প্ৰাচুৰ্য আদি ৷

শংকৰদেৱ বিৰচিত নাটসমূহ হল - পত্নীপ্ৰসাদ, কালীয় দমন, কেলি গোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, শ্ৰী ৰামবিজয় ৷

শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱেও গুৰুৰ আদৰ্শ আৰু লক্ষ্য আগত ৰাখি অংকীয়া নাট ৰচনা কৰিছিল ৷ অৱশ্যে মাধৱদেৱৰ পাচখন নাটৰ ভিতৰত অৰ্জুন ভঞ্জনকহে নাটৰ আখ্যা দিয়া হয় ৷ বাকী কেইখনক কেৱা হয় ঝুমুৰা ৷ মাধৱদেৱ নিজস্ব প্ৰতিভাৰে গীত নৃত্য আৰু স্ত্ৰী চৰুত্ৰ পয়োভৰেৰে শিশু কৃষ্ণৰ নানা লীলাক সংযোজিত কৰি কেইখনমান নাট বা ঝুমুৰা ৰচনা কৰিছিল ৷ সেইসমুহ হল অৰ্জুন ভঞ্জন, চোৰ ধৰা, পিম্পৰা গোচোৱা, ভোজন বেহাৰ, ভূমি লেটেৱা ৷

এই পাচখন নাটৰ বাহিৰেও মাধৱদেৱৰ নামত কোটোৰা খেলোৱা, ব্ৰহ্মামোহন, ভূষণ হৰণ, ৰাস জুমুৰা নামৰ চাৰিখন নাট পোৱা যায় ৷ কিন্তু এইকেইখন নাট মাধৱদেৱৰ নহয় বুলি পণ্ডিতসকলে সন্দেহ প্ৰকাশ কৰে ৷
অংকীয়া নাটসমূহত থকা ৰাগ তালযুক্ত গীতসমূহকে অংকীয় গীত বোলা হয় ৷ অংকীয়া নাটসমুহত গীতৰ প্ৰয়োভৰ ইমানেই বেছি যে ইয়াৰ সংলাপ আৰু কথাসুত্ৰখিনি পৰিহাৰ কৰিলেও অকল গীতৰ সহায়তেই নাট্য কাহিনিৰ আভাস পাব পাৰি ৷

অংকীয়া নাটত সাধাৰণতে তিনি প্ৰকাৰৰ গীত পোৱা যায় ৷
ক) ভতিমাযুক্ত গীত
খ) ৰাগ তালযুক্ত কাহিনিৰ আধাৰত ৰচনা কৰা গীত
গ) পয়াৰ বা স্তুতিসূচক গীত ৷

ক) ভতিমাযুক্ত গীত - নাটৰ ভতিমাযুক্ত গীতক তিনি ভাগত ভাগ কৰিব পাৰি ৷ প্ৰাৰম্ভিক ভতিমা, মধ্য ভতুমা, আৰু মুক্তি মংগল ভতিমা ৷ শংকৰদেৱৰ আটাই কেইখন নাটকতে এই ভটিমা পোৱা যায় ৷ কিন্তু মাধৱদেৱৰ ভোজন বেহাৰ নাটতহে এটা ভতিমা পোৱা যায় ৷

খ) ৰাগ তালযুক্ত কাহিনীৰ আধাৰত ৰচনা কৰা গীত - শংকৰদেৱৰ ছয়খন নাটত মুঠ এশবিধ গীত পোৱা যায় ৷ আনহাতে মাধৱদেৱৰ পাচখন নাটত পঁচিশটা গীত পোৱা যায় ৷ তেওঁলোকে গীতসমূহত ব্যৱহাৰ কৰা ৰাগ সমূহ হল –

শংকৰদেৱৰ নাটৰ ৰাগ ::

অহিৰ
আশোৱাৰী
কল্যাণ
কাণাড়া
কাৰুণ্য কেদাৰ
কেদাৰ
কৌ
গৌৰী
তুড়
তুড় ভাটিয়ালী
ধনশ্ৰী
নাট
পূৰ্বী
বসন্ত
বেলোৱাৰ
ভাটিয়ালী
নাট মল্লাৰ
মাহুৰ
মাহুৰ ধনশ্ৰী
শ্যাম
শ্ৰী

মাধৱদেৱৰ নাটৰ ৰাগ ::

আশোৱাৰী
বেলোৱাৰ
কল্যাণ
কাণাড়া
গৌৰী
কামোদ
তুড় ভাটিয়ালী
বসন্ত
বড়াৰি
ভাটিয়ালী
শ্যাম
শ্ৰী
সুন্ধুৰা
শ্ৰী গান্ধাৰ

ওপৰোক্ত গীতসমূহত ব্যৱহাৰ হোৱা তালসমূহ এনেধৰণৰ- একতাল, পৰিতাল, জৌতিমান, জৌতিতাল, ধৰম জৌতি, চুতকলা, ৰূপকতাল, খৰমান আদি ৷

এনেদৰেই গুৰু দুজনাই অংকীয়া নাটত ৰাগ, গীত সৃষ্টি কৰি গৈছে ৷ আচলতে গুৰু দুজনাই অসমীয়া জাতীয় সংস্কৃতিৰ ভৰাল চহকী কৰি থৈ গৈছে ৷

...( সহায় লৈ )

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,395
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,409
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:319
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,188
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,461