অগ্নিপথ --- দলিল আহমেদ

অগ্নিপথ, অগ্নিপথ, অগ্নিপথ
বৰ লুইতৰ পাৰৰে –
সেউজীয়া পথাৰৰ আলিৰে
হিলদল ভাঙি অগ্ৰসৰ হৈ লোৱা
এক শপথ, এক শপথ, এক শপথ ৷

সোনালী ৰং সনা
অতীত গৌৰৱ মজদুৰ- কৃষক,
এমুঠি আশাৰ বাট কৰা মুকলি,
গাই যোৱা বোকাত জহি যোৱা জনৰ গান
ভাতৃঘাতী হত্যা, হিংসা পাহৰি
ৰক্ষা কৰা ঐতিহ্য সমন্বয়ৰ মান ৷

দেশেই নাট ঘৰ, ৰাইজেই ভাৱৰীয়া,
শ্ৰম, ক্লান্তি, অৱসাদ দুৰ কৰি
সুৰভি সনা পৰিবেশ সৃষ্টি কৰি
নিস্কন্ট, সংকীৰ্নতা পাহৰি
আগুৱাই যোৱা ক্ষুধাৰ্ত্জনক প্ৰাণ দি,
জীৱনৰ সূখ লোৱা বিচাৰি,
এয়াই বিশ্ব দৰবাৰলৈ যোৱাৰ পথ,
অগ্নিপথ, অগ্নিপথ, অগ্নিপথ ৷
বৰ লুইতৰ পাৰৰে –
সেউজীয়া পথাৰৰ আলিৰে
হিলদল ভাঙি অগ্ৰসৰ হৈ লোৱা
এই শপথ, এক শপথ, এক শপথ,
অগ্নিপথ, অগ্নিপথ, অগ্নিপথ ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,721
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:134
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,531
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,828
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,459