অনুভৱ :: আন্তৰ্জাতিক নাৰী দিবসৰ চিন্তাৰ দোমোজাত মই --- মন্জুষা দেৱী

মন্জুষা দেৱী's picture

নাৰী কিমান সুৰক্ষিত তথা সংৰক্ষিত এচাম মানসিক বিকাৰ গ্ৰস্ত পুৰুষৰ হাতৰ পৰা ? নাৰী লাঞ্ছিতা অবহেলিত নিজৰ পৰিয়ালৰ সদস্যৰ পৰা, নিজৰ আপোন মানুহৰ পৰাই । ৮ মাৰ্চ (International Womans Day ) নাৰী দিবসৰ দিনা নাৰীক সন্মান কৰিলে নাইবা নাৰী সুৰক্ষাৰ বাবে শ্লো গান গালে জানো নাৰী সুৰক্ষিত হ’ব ? ৮ মাৰ্চ বিশ্ব নাৰী দিৱস । আমি বেলেগ দিৱস ৰ দৰে নাৰী দিৱসও পালন কৰি আহিছো আৰু পালন কৰি থাকিম , নহ’লে আমি অত্যাধুনিক অলংকাৰেৰে নিজকে কেনেকৈ অলং‌কৃত কৰিম ?? নাৰী দিৱসৰ গুৰুত্ব , প্ৰয়োজনীয়তা অনুভৱ
নকৰিলেও ভেলেন টাইন ডে , সৰস্বতী পুজাৰ দৰে নাৰী দিৱস পালন কৰি আহিছো । এই খিনিতে মনলে প্ৰশ্ন আহে নাৰী দিৱসও বাকি দিৱসৰ দৰে মাথো fashion সদৃশ হৈ পৰিব নেকি বাৰু ??

“বেটী বচাও বেটী পঢ়াও” এই চৰকাৰী শ্লো গানেৰে টিভিৰ পৰ্দা বোৰ ৰনজনাই থাকে কিন্তু চৰকাৰৰ এই নাৰী মুক্তি প্ৰচেস্টাৰ পিছতো প্ৰতিদিনেই ভ্ৰুণ হত্যাৰ দৰে জঘন্য কাণ্ড ঘটি আছে ৷
ফুলকুমলিয়া শিশুৰ পৰা বৃদ্ধ নাৰী পৰ্যন্ত শোষণৰ স্বিকাৰ হ’বলগীয়া হয় । বহুত মা বাপেকে পুত্ৰ সন্তানক বেছি গুৰুত্ব দিয়ে বংশ ৰক্ষাৰ নিমিত্তে । সকলো পুত্ৰ সন্তানে যদি নিজৰ দাযিত্ব নিয়াৰিকে কৰিল হয় তেতিয়া হ’লে দিনক দিনে বৃদ্ধ শ্ৰমৰ সংখ্যা বাঢ়ি নগ’ল হয়।

ছোৱালী এজনী যে মা দেউতাকক যিমান মৰম চেনেহ আদৰ দিব পাৰে ল’ৰা সন্তানৰ পৰা সিমান আদৰ চেনেহ কমেই দেখা পোৱা যায়।

ছোৱালী এজনীক বেলেগৰ চোতালত উলিয়াই দিয়া মানে হ’ল মোৰ সংস্কাৰ ব্যৱহাৰ আদৰ্শক নতুন ঘৰলে লৈ যোৱা । আপোনাৰ সেয়া হে আচল গৌৰৱ আৰু জোৱাই পালে যি জন হ’ব পাৰে আপোনাৰ পুত্ৰ সদৃশ ।

নাৰীৰ গৰ্ভত জন্ম লাভ কৰি নাৰীৰ ওপৰত দম্ভালী মাৰা পুৰুষ মোৰ দৃস্টিত কাপুৰুষ মাথো ।
নাৰীৰ দুৰ্বলতাক নিজৰ অস্ত্ৰ কৰি ক্ষন্তেকীয় সুখৰ কাৰণে বহুতো পুৰুষে পশুতুল্য কাৰ্য কৰিবলৈ কুন্ঠাবোধ নকৰে । তেনে পুৰুষৰ পৰা নিজৰ পত্নী জীয়াৰী কোনো এজনী ও বাদ নপৰে ।

মানুহ কিমান নিচ পাৰে যেতিয়া দৰিদ্ৰতাৰ বাবে কোনোবা ছোৱালীয়ে ফটা কাপোৰ পিন্ধিব লগা হয় কিন্ত্ত তাৰ মাজতো এচাম দুস্ট চক্ৰই কামনাৰ গোন্ধ বিচাৰি ফুৰে । দৰিদ্ৰতাৰ বাবে কাপোৰ পিন্ধিব নোপোৱা আৰু আধুনিকৰ কবলত কাপোৰ নিপিন্ধাৰ মাজত আকাশ পাতলৰ পাৰ্থক্য আছে ৷ ফেচবুকৰ মজিয়াতেই দেখা পাইছিলো ট্ৰাইভেল সৰু ছোৱালী এজনীয়ে কচু বিক্ৰী কৰিব অহা দৃশ্য যি খনত তাইৰ দেহৰ গোপন অংগ উন্মুক্ত হৈ আছিল আৰু সেই ফটো খনক বেলেগ দৃস্টি ভংগীৰে প্ৰকাশ কৰি দিলে ৷ নিজ চকুৰে দেখা সকলো কথা সদায় সচা নহয় ৷ আমি বেলেগৰ অনুভৱ অনুভুতিক সদায় নিজৰ মানসীকতাৰ দৃস্টি ভংগীৰে চাব বিচাৰো ৷ আমি আমাৰ মানসিকতাক যেতিয়া লৈকে ঠেক গন্ডীৰ মাজত বান্ধি ৰাখিম চৰকাৰৰ কোনো আচনি, কোনো প্ৰচেস্টা ফলবৰ্তী নহ’ব ৷

সিদিনা বাতৰি কাকতত পঢ়িব পাইছিলো ৮ মহীযা শিশুৰ ধৰ্ষণ বাতৰি । কিমান পিষাচ মনোবৃত্তিৰ হ’ব পাৰে এচাম পুৰুষ ভাবিলেই অন্তৰ ঘৃণাৰে উপচি পৰি যায়।

ফেচবুকৰ কোনোবা চুকত , কলমৰৰ চিঞাহীৰ মাজত ' বাতৰি কাকতৰ মাজৰ পৃষ্ঠাত মাথো নাৰী দিৱসৰ চিন্তাই পৰিচয় বিহীন ভাৱে উচুপি নাথাকে যেন...
কলমৰ মাজেৰে নিগৰি বৈ অহা হুমুনিয়াৰ গধুৰ শব্দ বোৰ মাথো শব্দ নহৈ মুকুতা সদৃশ হৈ পৰক আৰু সফল হওঁক নাৰী দিৱসৰ উদ্দেশ্য তথা “বেটী বচাও বেটী পঢ়াও”ৰ আন্দোলন মুখী যাত্ৰা ......

শেহতীয়া অনুভৱ

মুঠ পঢ়ুৱৈ সংখ্যা: 238

নাৰী কিমান সুৰক্ষিত তথা সংৰক্ষিত এচাম মানসিক বিকাৰ গ্ৰস্ত পুৰুষৰ হাতৰ পৰা ? নাৰী লাঞ্ছিতা অবহেলিত নিজৰ পৰিয়ালৰ সদস্যৰ পৰা, নিজৰ আপোন মানুহৰ পৰাই । ৮ মাৰ্চ (International Womans Day ) নাৰী দিবসৰ দিনা নাৰীক সন্মান কৰিলে নাইবা নাৰী সুৰক্ষাৰ বাবে শ্লো গান গালে জানো নাৰী সুৰক্ষিত হ’ব ? ৮ মাৰ্চ বিশ্ব নাৰী দিৱস । আমি বেলেগ দিৱস ৰ দৰে নাৰী দিৱসও পালন কৰি আহিছো আৰু পালন কৰি থাকিম , নহ’লে আমি অত্যাধুনিক অলংকাৰেৰে নিজকে কেনেকৈ অলং‌কৃত কৰিম ?? নাৰী দিৱসৰ গুৰুত্ব , প্ৰয়োজনীয়তা অনুভৱ
নকৰিলেও ভেলেন টাইন ডে , সৰস্বতী পুজাৰ দৰে নাৰী দিৱস পালন কৰি আহিছো । এই খিনিতে মনলে প্ৰশ্ন আহে নাৰী দিৱসও বাকি দিৱসৰ দৰে মাথো fashion সদৃশ হৈ পৰিব নেকি বাৰু ??

“বেটী বচাও বেটী পঢ়াও” এই চৰকাৰী শ্লো গানেৰে টিভিৰ পৰ্দা বোৰ ৰনজনাই থাকে কিন্তু চৰকাৰৰ এই নাৰী মুক্তি প্ৰচেস্টাৰ পিছতো প্ৰতিদিনেই ভ্ৰুণ হত্যাৰ দৰে জঘন্য কাণ্ড ঘটি আছে ৷
ফুলকুমলিয়া শিশুৰ পৰা বৃদ্ধ নাৰী পৰ্যন্ত শোষণৰ স্বিকাৰ হ’বলগীয়া হয় । বহুত মা বাপেকে পুত্ৰ সন্তানক বেছি গুৰুত্ব দিয়ে বংশ ৰক্ষাৰ নিমিত্তে । সকলো পুত্ৰ সন্তানে যদি নিজৰ দাযিত্ব নিয়াৰিকে কৰিল হয় তেতিয়া হ’লে দিনক দিনে বৃদ্ধ শ্ৰমৰ সংখ্যা বাঢ়ি নগ’ল হয়।

ছোৱালী এজনী যে মা দেউতাকক যিমান মৰম চেনেহ আদৰ দিব পাৰে ল’ৰা সন্তানৰ পৰা সিমান আদৰ চেনেহ কমেই দেখা পোৱা যায়।

ছোৱালী এজনীক বেলেগৰ চোতালত উলিয়াই দিয়া মানে হ’ল মোৰ সংস্কাৰ ব্যৱহাৰ আদৰ্শক নতুন ঘৰলে লৈ যোৱা । আপোনাৰ সেয়া হে আচল গৌৰৱ আৰু জোৱাই পালে যি জন হ’ব পাৰে আপোনাৰ পুত্ৰ সদৃশ ।

মুঠ পঢ়ুৱৈ সংখ্যা: 549

কিছুদিন আগৰ কথা অফিচৰ কামত মোৰ বেংকত যাব লগা হৈছিল । অফিচৰ পৰা মাত্ৰ পাঁচ মিনিটৰ ৰাস্তা সেয়ে এইখিনি ৰাস্তা মই খোজকাঢ়িয়ে যাব ওলালো । অৱশ্যে মই আগে পিছেও নোজোৱা নহয় । ৰাস্তা কাষৰ ফুটপাথেৰে মই খোজ দিলো বেংক পোৱাৰ অলপ আগতে ফুটপাথটোৰ গাতে লগাকে এটা ডাঙৰ ডাষ্টবিন আৰু চাৰিওফালে খুব লেতেৰা আৰু দূৰগন্ধ সিচৰিত হৈ থাকে বাবে সেইখিনি ৰাস্তা নাকত খোপা দিয়ে পাৰ হ’ব লগা হয় । প্ৰায়ে সেই ডাষ্টবিনটোত ল'ৰা ছোৱালী, মতা মাইকী পিঠিত একোখন বস্তা ওলোমাই কিবাকিবি বিচাৰি থকা দেখা পোৱা যায় । মই যেতিয়া সেই ডাষ্টবিনটোৰ ওচৰ পাইছিলো তাত এজনি মাইকী মানুহে পিঠিত এটা বস্তা ওলোমাই কিবা কিবি বুটলি বস্তাটোত ভৰাই আছে আৰু তাৰ কাষতে ঠেলা এখন ধৰি সৰু ল'ৰা এটাই ঠিয় দি আছে । মই ল’ৰালৰিকে বেংকৰ কামখিনি শেষ কৰি আকৌ সেই ৰাস্তাটোৰেই উভতিব ল’লো , ডাষ্টবিনটো পাৰ হৈ অলপ দূৰত দেখিলো সৰু ল'ৰাটোৱে ৰাস্তাত বহি ফুটপাথৰ ওপৰত কাগজ এখন থৈ কিবা কৰি আছে । মই ঠিক ল'ৰাটো বহি থকাৰ পৰা দূখোজ আগত আহি ঠিয় হৈ ল'ৰাটোৰ ফালে চালো এখন হাতেৰে সি কাগজখন ধৰি কাগজখনত থকা আখৰকেইটা ভালকৈ চাইছে আৰু আনখন হাতত কলম এটা লৈ মনোযোগেৰে লিখিবলৈ যত্ন কৰিছে । হঠাতে মোক দেখি সি ৰৈ দিলে আৰু অলপ ভয় খোৱাৰ দৰে হ'ল । মই তাৰ পিনে চাই মিচিকিয়াই দিলো আৰু সি ও অলপ হঁহাৰ দৰে কৰিলে, তাৰ পিছত মই ইংগিতেৰে তাক লিখিবলৈ ক’লো কিন্ত সি মোৰ ফালে চাই বহিয়ে থাকিল । তাৰ মনোযোগ ভাগিব বুলি মই গুচি আহিলো । গোটেই দিনটো মই সেইদিনা ল'ৰাটোৰ কথায়ে ভাবি থাকিলো । পঢ়া শুনাৰ প্ৰতি প্ৰবল ইচছা থাকিও তাৰ জীৱন ডাষ্টবিনতে অতিবাহিত হৈছে ।

মুঠ পঢ়ুৱৈ সংখ্যা: 596

২০০৬ চনৰ ঘটনা ।

দিল্লীৰ কৰোলবাগত মই মোৰ বাইদেউৰ ঘৰলৈ গৈছিলোঁ । তাৰেই ওচৰত সংগীত অনুষ্ঠানৰ শব্দ মোৰ কাণত বাজি উঠিল । মই অলপ ওলাই গ’লো । এঘৰ মানুহৰ ঘৰত সন্তান জন্মিছে আৰু সেই উৎসৱ মুৱা পৰিবেশক আৰু ৰহণ সানিছিল হিজড়া (কিন্নৰ) ৰ নৃত্য বোৰে । পৰিবশটো মোৰ বাবে বহুতো আচহুৱা কিয়নো টিভিতেই অকল এইবোৰ দৃশ্য দেখা পোৱা আছিলো । মই আৰু আগবাঢ়ি গ’লো কিন্তু পৰিবেশৰ গোটেই ৰঙ সলনি হৈ গ’ল হঠাতে যেতিয়া আদহীয়া মাইকী এজনীৰ প্ৰচণ্ড চৰ এজনী হিজৰাৰ গালত পৰিল । সেই দৃশ্যই মোক বহুত কষ্ট দিছিল হয় কিন্তু তাতোকৈ বেছি কষ্ট দিছিল যেতিয়া সেই প্ৰচণ্ড চৰৰ আৰৰ কাহিনী গম পাইছিলো ।

সেই আদহীয়া মাইকী জনীয়ে নাতি ল’ৰা হোৱা বিচাৰিছিল কিন্তু কন্যা সন্তান জন্ম হোৱাৰ ক্ষোভ সেই কিন্নৰ গাত পৰিল যিয়ে তেখেতৰ নাতিনীৰ দীৰ্ঘায়ুৰ কামনা কৰিছিল ।

কিন্নৰ য়ে বিনা দোষত তেনে অপমান পোৱাৰ পিছত মাথোঁ এষাৰ কথা কৈ আতৰিল যিষাৰ কথা মোৰ কাণত বাজিছিল অহৰহ ।

"ধন্য মানক যে ছোৱালী হে জন্মিছে মোৰ দৰে কিন্নৰ এটাৰ জন্ম নহ’ল "।

মই সেই চেহেৰা দেখিছোঁ সেই কৰুণ চকুহাল পৰ্যবেক্ষণ কৰিছো । মোৰ ও ইচ্ছা গৈছিল সেই মাইকী জনীক দুৰ্ব্যৱহাৰ কৰিবলৈ কিন্তু অসমীয়াত কথা এষাৰ আছে নহয় অচিন কাঠৰ থোৰোকা নলগাবা ।

মুঠ পঢ়ুৱৈ সংখ্যা: 643

বিশ্বৰ প্ৰাচীনতম গ্ৰন্থ ঋগবেদক পণ্ডিত সকলে প্ৰাচীন ভাৰতীয় সংস্কৃতি অধ্যয়নৰ সমল পুথি ৰূপে ব্যৱহাৰ কৰে । ভাৰততেই মানৱ সভ্যতাৰ আৰম্ভণি বুলি ক'লেও ভুল কোৱা নহ’ব ।

মানুহে প্ৰথম বাৰ জন্ম লাভ কৰে মাকৰ গৰ্ভৰ পৰা আৰু দ্বিতীয় বাৰ জন্ম লাভ কৰে সংস্কাৰৰ জৰিয়তে । "জন্মনা জয়তে শুদ্ৰং সংস্কাৰাৎ দ্বিজ উচ্যতে।"

পৰিৱৰ্তন শীল যুগৰ সৈতে খাপ খাই চলিবৰ বাবে আমাৰ ধ্যান ধাৰণা মানসীকতাক পৰিৱৰ্তন কৰিব লগা হয় তাক মুঠেই অগ্ৰাহ্য কৰিব নোৱাৰি । যিহেতু আমি হ’লো ইলেক্ট্ৰনিক যুগৰ মানুহ । ইলেক্ট্ৰনিক যুগৰ চমৎ কাৰিক আৱিষ্কাৰে আমাক দিনক দিনে আপ্লুত কৰি ৰাখিছে । ইন্টাৰনেটৰ নানান দিশে পৃথিৱীখনক আমাৰ হাতৰ মুঠিত ৰাখিবলৈ সক্ষম হৈছে ।

বিজ্ঞানৰ এনে চমৎকাৰিত অভিনৱ আৱিষ্কাৰৰ যোগেদিয়েই দিনক দিনে অপৰাধ মূলক কাৰ্য্য সংঘটিত হৈছে আমি যাক অগ্ৰাহ্য কৰিব নোৱাৰিম ।

আমি অত্যাধুনিক সমাজৰ বাসিন্দা । আধুনিকতা আমাৰ শিৰা উপশিৰাই ধাৱমান ।
কিন্তু শিক্ষিত সমাজতেই প্ৰৱল হাৰত বৃদ্ধি পাইছে অন্ধবিশ্বাস ।
গ্ৰাম্য অথবা নিৰক্ষৰ লোককে ধৰি শিক্ষিত সমাজ খনেও ধৰ্ম আৰু অন্ধবিশ্বাসৰ প্ৰৱণতাৰ পৰা মুক্ত হ’ব পৰা নাই । সেয়েহে ছাগে আমি অতীজৰ পৰা পুৰ্বপুৰুষ সকলে চলাই অহা অন্ধবিশ্বাসৰ প্ৰথা বৰ্তমানৰ এই একবিংশ শতিকাত ও পাৰ্যমানে চলাই আহি আছোঁ ।

লোকবিশ্বাসৰ আধাৰতেই অন্ধবিশ্বাসৰ সৃষ্টি হয় । লোকবিশ্বাসৰ বহল পৰিসৰে অন্ধবিশ্বাসকো সামৰি লয় ।
লোক বিশ্বাস সাধাৰণতে যুক্তি নিৰ্ভৰ শীল কিন্তু অন্ধবিশ্বাস হ’ল যুক্তি বিহীন । য’ত বিজ্ঞান বিফল হৈছে তাতেই অন্ধবিশ্বাস সফল হৈছে ।

মুঠ পঢ়ুৱৈ সংখ্যা: 524

সমাজ পৰিৱৰ্তনশীল .. সমাজৰ লগত খাপ খাই আমাৰ মন ধ্যান ধাৰণাৰ পৰিৱৰ্তন হোৱাটো স্বাভাৱিক যি হেতু পৰিৱৰ্তনৰ নিজস্ব সুকীয়া সৌন্দৰ্য্য আছে ... আগতে প্রেমৰ আৰম্ভণি হৈছিল দুই চকুৰ মিলনত...চিঠিৰ মিঠা মিঠা আবেগতত !!!! সময়ৰ লগে লগে প্ৰেমৰ ৰূপ ও সলনি হ’ল ...এতিয়া দুই চকুৰ মিলনত প্ৰেম নহয় প্ৰেম হয় ইন্টাৰনেটত .... য’ত চকুৰ মিলন দূৰৰ কথা ইজনে সিজনৰ মুখ খনেই ভালকৈ দেখা নাপায় .. আগতে প্ৰেমৰ প্ৰস্তাৱ দিছিল চিঠিৰ যোগেদি ‘ মই তোমাক খুউব ভাল পাওঁ তুমি মোক ভাল পোৱা নে ? ' লাহে লাহে প্ৰেমৰ প্ৰস্তাৱত ও পৰিৱৰ্তনে ভুমুকি মাৰিলে.... বৰ্তমানৰ প্ৰেমৰ প্ৰস্তাৱ এনেকোৱা ' তই মোৰ ল’ৰা ছোৱালীৰ মাক হ’বি নেকি ? ' !!!!!!!!!! এতিয়াৰ দৰেই আৰু আগতে হাতে হাতে ক’তনো মোবাইল আছিলে.. চিঠিৰ পৰা যেতিয়া বাৰ্তালাপ লৈকে প্ৰেম বাগৰিল তেতিয়া pco বোৰত প্ৰেমিক প্ৰেমিকাৰ লানি নিছিগা ভিৰ.. তুমি কালি দিনৰ বাৰত PCO লৈ আহিবা দেই মই ফোন কৰিম ন’হাকৈ নাথাকিবা কিন্তু দেই..... এতিয়াতো pco বোৰ নাইকিয়া হৈ আহিল সকলোৰে হাতে হাতে দামী দামী মোবাইল ... দিন হাজিৰা কৰি এসাঁজ লঘোণে থাকি হ’লেও মোবাইল কিনে এয়াই যে যুগ পৰিৱৰ্তনৰ খেলা ... ঘৰত লেন্ড ফোন হোৱাৰ পাছত মোবাইল নাম্বাৰ বিছাৰি হাহাকাৰ .. তোমাৰ ঘৰৰ ফোন নাম্বাৰ মোক দিয়া না ঘৰত কোনো নাথাকিলে তোমাক মিছকল দিম তুমি আহি যাবা আমাৰ ঘৰলৈ .... ডাইৰেক্ট যদি মোবাইল নাম্বাৰ বিছৰা যায় মা বাপেকক ধৰি গোটেই বংশই গালিও শুনিব লগা হ’ব পাৰে ...

মুঠ পঢ়ুৱৈ সংখ্যা: 1,262

ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ । আমি নানান জাতি ধৰ্ম বৰ্ণ লোক সকলে বসবাস কৰি আহিছোঁ । ধৰ্ম, জাতিৰ ভিন্নতাৰ বাবেই প্ৰতিটো জাতিৰ কলা সংস্কৃতি সাজ পাৰ মাত কথা খাদ্য সম্ভাৰ ভিন ভিন হোৱাটো ও স্বাভাৱিক কথা ।

মানৱতা আমাৰ মূল ধৰ্ম । আমি সেই ধৰ্ম সেই গুণ পাহৰিব লৈছোঁ ।

বৰ্তমানৰ আমাৰ দেশৰ প্ৰধান সমস্যা হৈছে বাংলাদেশী সমস্যা । এইয়া বৰ্তমানৰ গুৰুত্বপূৰ্ণ বিষয় হিচাপে সমালোচনা তথা পৰ্যালোচনা হৈ আছে ।

প্ৰকৃত বাংলাদেশী আচলতে কোন ? সিহঁতৰ উদ্দেশ্য কি ?

বাংলাদেশীক দেশৰ পৰা আঁতৰাই পঠাব লাগে মই ও সেই কথাত এশ শতাংশই সহমত কিন্তু বাংলাদেশী বুলি অনুমান কৰি সন্দেহৰ বলত উপযুক্ত প্ৰমাণ নোহোৱাকৈ কিছুমান নিৰ্দোষী মানুহক হত্যা কৰা কিমান দূৰ অৰ্থ পূৰ্ণ ???

সন্দেহ এটা বেমাৰ মাথোঁ । কিছুদিন আগতে উজনি নামনি অসমতে বহুত কিন্নৰ(হিজড়া) ৰ আতংকত সন্ধিয়া ঘৰৰ পৰা ওলোৱাই বাদ দিছিল । কিছুমান ঠাইত বাংলাদেশী বুলি মাৰপিট ও হৈছিল । আচলতে ইহঁত আছিল কোন ? কি উদ্দেশ্যৰে অসমত সোমাইছিল তাৰ উপযুক্ত প্ৰমাণ পোৱা হ’ল নে ?

অসম দেশ আমাৰ কুসংস্কাৰ, অন্ধবিশ্বাস, সংকীৰ্ণতা আৰু অস্পৃশ্যতাৰ ভঁৰাল বুলি নামান্তৰিত কৰিলে ভুল কোৱা নহ’ব ।

অসম চৰকাৰে বাংলাদেশী মুক্ত সমাজৰ সপোন ৰচিলেও যদি অসমীয়াই কুসংস্কাৰৰ ভেটি মজবুত কৰি ধৰি ৰাখে তেন্তে অসমৰ কেতিয়াও উন্নতি হ’ব নোৱাৰে । আমাৰ প্ৰধান কৰ্তব্য হ’ল আচল কথাবোৰৰ অনুসন্ধান কৰা । সমাজৰ পৰা বেয়া ভাব চিন্তা ভ্ৰষ্টাচাৰ বুলি আতৰাই নিকা সমাজ গঢ়ি তোলা । হিংসা হত্যা নানান অপৰাধ বোৰৰ জৰিয়তে আতংকৰ হে সৃষ্টি হয় সম্বনয়ৰ সাঁকো গঢ়ি তুলিব নোৱাৰি ।

মুঠ পঢ়ুৱৈ সংখ্যা: 1,502

লিখিবলৈ বহি ভাৱিলো আজি কি লিখো কৰ পৰা আৰম্ভ কৰোঁ । কিনো লিখো । মানৱ জীৱনৰ চৰম সত্য হ’ল মৃত্যু । এই মৃত্যুৰ যন্ত্ৰণা কেনে হ’ব পাৰে কোনোবা প্ৰেমিক তথা প্ৰেমিকাক ।

মৰমৰ পাহি

কুশলে আছাতো ?

তুমি হীনতাৰ জীৱন মই সহিব নোৱাৰা হৈছো । কান্দি কান্দি চকুৰ পানী ও নোহোৱা হ’ল । চকুলো বিহীন কান্দোন আৰু বেছি কষ্টকৰ পাহি ।

পাহি তোমাক কোনোদিনে নাপাহৰিম মই । চকুৰে দেখা এই সুন্দৰ পৃথিৱীৰ সিপিনে কি আছে নাজানোঁ যদি আছে অইন এখন পৃথিৱী তেতিয়া হ’লে তুমি তাত শান্তিৰে থাকিবা । শশৰীৰ তুমি কাষত নাই যদিও মনৰ চকুৰে সদায় তোমাক দেখা পাওঁ , সদায় কথা পাতো তোমাৰ লগত ।

লহপহকৈ বাঢ়ি থকা ফুলপাহ প্ৰকৃতিয়ে কোন সতে চিঙি লৈ যায় ভাবিলে আচৰিত লাগে সেয়ে মই প্ৰকৃতিৰ ফুলপাহ জোপাক চিঙি মোহাৰি নেপেলাওঁ । জানোচা তুমি দুখ পোৱা । মেঘৰ বৰষুণ টোপালৰ মাজত তোমাৰ উপস্থিতি অনুভৱ কৰোঁ সেয়ে বৰষুণ ভাল পাওঁ মই । তুমি উভতি নাহা মই জানো কিন্তু মই আজীৱন ৰৈ থাকিম তোমাৰ বাবে এজোপা গছ হৈ নাইবা কলীয়া ডাৱৰ হৈ ।

তোমাৰ প্ৰেমিক

মুঠ পঢ়ুৱৈ সংখ্যা: 1,162

এতিয়া যে সময় মোৰ হৈ থকা নাই

সময়ক প্ৰত্যাহ্বান জনাব পৰা মোৰ সেই মন ক’ত লুকাই গ’ল নাজানোঁ ।

সৰুৰে পৰাই মোৰ দৰে সকলোৱে এই প্ৰশ্নৰ মুখামুখি হয়" ডাঙৰ হ’লে তুমি কি হ’বা ?"

আজি অনুভৱ কৰোঁ সেই কথাষাৰৰ কিমান মূল্য আছিল । সময় নামৰ দ্ৰুত বেগি সম্পদ হাতৰ মুঠিৰ পৰা বালিৰ দৰে সৰকি নাইকিয়া হৈ ৰল ও ।

আজি মই কি হৈ ৰলো ? মাথোঁ এয়াই জানো মোৰ সপোন আছিল । সপোনবোৰক মই আপোন কৰিব নোৱাৰি আজি মই হতাশগ্ৰস্হ । সময় তুমি ঘুৰি আহাঁ ও । এইয়া চোৱা দুহাতেৰে তোমাক সাৱটি ল’বলৈ মই হাত মেলি ৰৈ আছোঁ । এইবাৰ তোমাক মই হাতৰ মুঠিৰ পৰা আতৰাই নিদিওঁ......সময় তুমি উভতি আহাঁ ।.....

মুঠ পঢ়ুৱৈ সংখ্যা: 2,035

বৰ্তমানৰ এই ব্যস্ততাৰ দিনত নীলা খামৰ চিঠিৰ মূল্যই বা কিমান !!!

প্ৰেম আৰু প্ৰেম পত্ৰৰ মাজত আজীৱন লুকুৱাই থাকিব এক নিবিড় সম্পৰ্ক ৷ যান্ত্ৰিকতাৰে ভৰা দিনত কাৰো আহৰি নাই চিঠি লিখাৰ সময় নাই চিঠি পঢ়ি চোৱাৰ ৷ কিন্তু নীলা খামৰ চিঠিৰ মাদকতা বুজা জনেহে বুজি পাব...॥

যৌৱনৰ বেলিকা প্ৰেম পত্ৰৰ যোগেদি প্ৰিয় জনলৈ দি পঠোৱা প্ৰেমৰ প্ৰথম উস্ম চুম্বন ....হৃদয়ত জাগিছিল তেতিয়া যৌৱনৰ শিহৰণ !

সেই উতনুৱা দিনবোৰলৈ মন কৰিলে মন প্ৰাণ ৰোমাঞ্ছিত হৈ পৰি যায় ...

প্ৰিয়তম মোৰ

কুশলে আছা নিশ্চয়

মৰমৰ বুলি কোৱাৰ অধিকাৰ নাই তথাপিও মৰম লবা..

তুমি মোৰ পৰা আতৰি অহাৰ দিনৰ পৰা মই প্ৰতিটো মূহুৰ্তত মৰি মৰি জীয়াই আছোঁ ! যদি উশাহ লোৱাটোক জীয়াই থকা বুলি কয় তেনেহ'লে প্ৰিয়তম মোৰ, মই জীয়াই আছোঁ মাথোঁ এটি জীৱন্ত লাচৰ দৰেই ...

তুমি মোৰ পৰা আতৰি আহিলা নে মই তোমাক এৰি থৈ আহিছিলো ...॥ আচলতে আমাক পৰিস্থিতিয়ে বাধ্য কৰাইছিল জানা ..

সময়ৰ এই দ্রুত গতিৰ নিষ্ঠুৰ গছকত আমাৰ সপোনৰ যন্ত্ৰণা ময় চিঞৰ তুমি নুশুনিলা কিয় প্ৰিয়তম ??

দুখৰ নিজৰা নাথাকিলে সুখৰ চৰাই জনীয়ে ক'ত আহি জিৰাব হি ...॥

দুখ আছে বাবেই তো সুখৰ উপলব্ধি কৰিব পাৰি ...

মোৰ বুকুৰ ৰক্ত জবা তোমাৰ অপমানৰ যন্ত্ৰণাত জহি সহি গৈছিল কিন্তু মই উস পৰ্যন্ত নকৰিছিলো ...

তুমি মোক পাহৰিলেও মই কেতিয়াও তোমাক পাহৰিব নোৱাৰিম..

মই আজীৱন তোমাৰ সপোনৰ ৰাজকুমাৰী হৈ জীয়াই থাকিব খুজিছোঁ অন্ততঃ তুমি মোৰ বিদায় বেলাৰ এই অন্তিম ইচ্ছাক বাধা নিদিবা ... তুমি মোৰ নোহোৱা মই কিন্তু আজিও তোমাৰেই হৈ আছোঁ !!!

তোমাক আজিও ভালপাওঁ মই... মই তোমাৰ প্ৰেয়সী ....

মুঠ পঢ়ুৱৈ সংখ্যা: 1,222

এই সময় বৰ মধুৰ

সময়ে আমাক দি ও যায় আমাৰ পৰা কাঢ়ি ও লৈ যায় !

নাৰীৰ পূৰ্ণতা ক'ত ?

পুস্পিতাত ? বিবাহত নে মাতৃত্বত ? মোৰ পূৰ্ণতা তোমাৰ আগমনীত । মনত অযুত সপোন , হৃদয়ত অলেখ কল্পনা কিছু ক্ষণ পিছতেই দিছিল প্ৰকৃতিয়ে তোমাৰ আগমনীৰ সূচনা

এক বুজাব নোৱাৰা আনন্দৰ লহৰ !! বুকুত বাজি উঠিছিল সাতসৰী সংগীত ।

তোমাক নিচেই কাষত পোৱাৰ হেঁপাহ ,তোমাৰ কোমল ওঠৰ প্ৰথম স্পৰ্শ মোৰ বুকুত, তোমাৰ সেই অসহায় দৃষ্টিৰে চোৱা চাৱনি " মা মোক তুমি কিয় ন মাহ দহ দিন নিজৰ গৰ্ভত লুকুৱাই ৰাখিছিলা মই বৰ কষ্ট পাইছিলো " |

মোৰ হিয়াৰ আমঠুক বুকুত মাজত ৰাখি কান্দিছিলো তুমিয়েই দিলা সোণ মোক পূৰ্ণতা আজি তোমাৰ আগমনীত সমাজত পালোঁ পূৰ্ণ নাৰীৰ স্বীকৃতি !!

আজি তোমাৰ প্ৰথম জন্ম দিন !!
তোমাৰ দীৰ্ঘায়ুৰ কামনা কৰোঁ মই!!

পৃথিৱীৰ সৰ্বস্ব সুখ তোমাৰ জীৱনলৈ বোৱাই আনিব খুজো |

মই আধুনিক নাৰী যদিও পুত্ৰ সন্তানৰ জন্ম দিনত মমবাতি জ্বলাই পুনৰাই ফু মাৰি জীৱনলৈ আন্ধাৰ নমাই নানো । মমবাতিৰ দৰেই উজ্জ্বল পোহৰৰ ভৱিষ্যত আজীৱন কামনা কৰোঁ মমবাতিক নুমাই যাব নিদিয়াকে বহুতো মৰম আৰু আৱেগেৰে

তোমাৰ মা
মন্জুষা দেৱী
২১/২/২০১৬

মুঠ পঢ়ুৱৈ সংখ্যা: 1,249

এদিন হৰ্ঠাত জৰুৰী কামত Gandhidham ৰ পৰা Ahmedabad লৈ আহিব লগা হ'ল ৷ চৰকাৰি বাছেৰে ৷ ( চৰকাৰি বাছ সেৱা(GSRTC) বৰ সুপৰিকল্পিত আৰু সুন্দৰ ৷ ৰাস্তা পদুলি যথেষ্ট উন্নত৷ সেয়েহে এদিন বাছেৰে গুজৰাতৰ পৰা পুনে লৈও যাত্ৰা কৰিছিলো ) সেই দিনাখন সহযাত্ৰী হিচাপে এজন ডেকালৰা পিছৰ চিটত বহিলহি ৷ লগত দুটা বেগ ৷ সম্ভব অগুজৰাতি আছিল নেকি ...? কিছুদুৰ যোৱাৰ পাচত সকলো যাত্ৰী আচৰিত,ইটোৱে সিটোৰ মুখলৈ চাইছে | বাছ খনত এটি কুকুৰা পোৱালী ৷চিক চিক শব্দ ৷ পৰিচালকে বছ খন ৰখাবলৈ নিৰ্দ্দেশ দিছে | মনতে ভাবিলো কি হ'ব এতিয়া ৷ কুকুৰা পোৱালিটো ধৰি পৰিচালকজনে খঙেৰে মাত লগালে "কুকুৰা পুৱালিটো কোনে আনিছে কব লগে আৰু ভদ্ৰ ভাবে বাছৰ পৰা নামি জাবলৈ অনুৰোধ কৰিলে আৰু ক’লে বন্যা জীব-জন্তু যেনেকৈ ধৰা বা হত্যা কৰা মানা আছে থিক তেনেকৈ গাড়ীৰে নিয়াও মানা আছে ৷ ল’ৰাজনক আকৌ ক’লে "যাবৰ মন আছে যদি কুকুৰা পোৱালিটো সৌ বননী ডৰাত মেলি দিব পাৰা | উপায় নাপায় ল’ৰা জনে পোৱালিটো মেলি দিবলৈ বাধ্য হ'ল ৷ তাৰ পাচতহে বাছ খনে যাত্ৰা আৰম্ভ কৰিছিল | এজন সাধাৰণ শ্ৰেণীৰ চাকৰীয়াল বা সাধাৰণ নাগৰীক হৈও ঘৰচিয়া ই হওক বা বনৰীয়াই হওক, জীব সংৰক্ষনত ইমান সচেতন | মনটোক লাজ বোধে আবৰি ধৰিছিল ৷ অসমত চলি থকা গঁড় হত্যাৰ ঘটনাবোৰ মনলৈ আহিছিল | পৰিচালক জনলৈ চায়ে গন্তব্য থলি পাইছিলোগৈ | কিবা এটা সুখানুভুতিৰে মনটো ভাল লগাইছিল | এঁওলোক কিমান সচেতন চাওক |

মুঠ পঢ়ুৱৈ সংখ্যা: 1,408

শব্দ ব্ৰহ্ম । শব্দত সৃষ্টিৰ সম্ভাৱনা । শব্দেৰে নিৰ্মাণ কৰিব পাৰি চিন্তাৰ ভাস্কৰ্য । আমি কথাবোৰ জানো । অথচ প্ৰতিদিনে ক্ষয় কৰি নি আছো বহু শব্দৰ ধাৰালউচ্চাৰণ । আমি পঢ়োঁ, পৰীক্ষা দিওঁ, পৰীক্ষা পাছ কৰোঁ বা ফেইল কৰোঁ । পুথিগত শিক্ষাৰে আমি গৰ্বিত, উচ্চাকাংক্ষিত ; কিন্তু নিজৰ মানসিক প্ৰয়োজনবোধৰ প্ৰতি আমি উদাসীন । আমি কি কৰিব পাৰোঁ ? আমি একো কৰিব নুখোজোঁ । পৰিৱেশ পৰিস্থিতিত কিবা এক তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলেও কোনোপধ্যেই আমাৰ সংযৌক্তিক চিন্তাৰ নিৰ্মিত কৰিব নোৱাৰোঁ বা নুখোজোঁ । কাক দাবী কৰিব পাৰে আপুনি কিবা এটা কৰক বুলি, যদিহে নিজেই একো কৰিব পৰা নাই !

মইও দাবী নকৰোঁ আপোনাক । মাথোঁ মোৰ চিন্তাৰ প্ৰকাশ কৰিব খুজিছোঁ আপোনাৰ সমুখত । মাধ্যম মূলতঃ কবিতা । মই এইয়াও দাবী নকৰোঁ যে কবিতা নামেৰে মই শব্দক শিল্পৰে সুষমামণ্ডিত কৰিব পাৰিছোঁ । মই কবি নহয় ৷ কবিতা মোৰ তেজৰ শিৰাই শিৰাই প্ৰৱাহিত নহয় ৷ কবিতা নামৰ এক শব্দৰ দৌল সাজিবলৈ মই প্ৰয়াস কৰোঁ ৷ দুহাত আকাশলৈ তুলি চিঞৰি উঠোঁ ' মই তোমাৰ ভালপাওঁ পৃথিৱী' ...

মুঠ পঢ়ুৱৈ সংখ্যা: 1,635

প্ৰতিশ্ৰুতিবোৰ থুনুকা বুইছে , ইয়াক কটকটীয়া কৰিব পাৰি বিশ্বাসৰ মজবুত শিকলিডালেৰে । সকলো সমন্ধৰ মাজতে প্ৰেম বিৰাজমান ,কিন্তু সমন্ধবোৰ খন্তেকীয়া ,প্ৰেম যুগমীয়া যদিও ইয়াক আমিহে যুগমীয়া কৰিব লাগিব সেয়াও প্ৰতিশ্ৰুতিবোৰ পালন কৰি । জীৱনটোও এজোপা ডাঙৰ গছ বুলি ধৰি ল'ব পাৰে তাত বিশ্বাস হৈছে শিপা,প্ৰেম হৈছে ডাল আৰু প্ৰতিশ্ৰুতি হৈছে চিৰসেউজ পাতবোৰ । প্ৰতিশ্ৰুতিবোৰ পালন কৰাৰ পাছতেই সৰি যায় তললৈ আকৌ ন -কুঁহি ওলায় প্ৰেমৰ ৰোমন্থনত ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: আমাৰ গাঁও
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা